প্ৰহসন
প্ৰহসন (ইংৰাজী: Farce) হৈছে মঞ্চ বা চলচ্চিত্ৰৰ বাবে ৰচনা কৰা এক ধেমেলীয়া ৰচনা। যাৰ লক্ষ্য কেৱল দৰ্শকক বিমল মনোৰঞ্জন দিয়া। অসম্ভৱ পৰিবেশ, ভুল ভ্ৰান্তিৰে মিছা তৰ্কৰ জাল মেলি মানুহক আমোদ দিয়াই ইয়াৰ লক্ষ্য। ইয়াৰোপৰি শাৰীৰিক বিকৃতি, ইচ্ছাপূৰ্বক উদ্ভত চিন্তা আৰু সঙ্গতিহীন ভাষা-ছন্দৰ ব্যৱহাৰেৰে ইয়াৰ নাটকীয় পৰিবেশ প্ৰদৰ্শন কৰা হয়। চৰিত্ৰ আৰু সংলাপসমূহ প্ৰায়ে কাহিনীৰ অধীন হৈ থাকে আৰু এটা জটিল অৱস্থাৰ মাজত তাৰ ঘটনাটোৱে পথভ্ৰান্ত পথিকৰ দৰে ক্ষিপ্ৰভাৱে গতি কৰে।
ব্যঙ্গ ৰচনাৰ ইতিহাস
[সম্পাদনা কৰক]বিশুদ্ধ ব্যঙ্গ বা হাস্যৰসাত্মক সাহিত্যৰ জন্ম অসমীয়া সাহিত্যত নতুন। ধৰ্মীয় চিন্তা-চেতনাৰে প্ৰাক বৈষ্ণৱ যুগ বা বৈষ্ণৱ যুগৰ সাহিত্যক আৱদ্ধ কৰি ৰখাৰ বাবে সেই সাহিত্যৰ মাজত আমি বুদ্ধিনিষ্ঠ বা ব্যঙ্গাত্মক হাস্যৰস দেখা নাপাওঁ। যদিও সাহিত্যৰ নৱ ৰসৰ মাজত হাস্যৰস এটা উপাদান আছিল সেই হাস্যৰসক বৈষ্ণৱ কবিসকলে ধৰ্মীয় চেতনাৰে বান্ধি ৰাখিছিল। ভীমচৰিত, শিশুপাল বধ, ৰুক্মিণী হৰণ নাটৰ বেদনিধিৰ চৰিত্ৰ বা কীৰ্তনৰ ঠায়ে ঠায়ে হাস্যৰসৰ উপাদান বিচাৰি পালেও সি লঘুভাৱত আত্মপ্ৰকাশ কৰা নাছিল। অসমীয়া সাহিত্যত প্ৰকৃত হাস্যৰসৰ ঢল আৰম্ভ হয় গুণাভিৰাম বৰুৱা আৰু হেমচন্দ্ৰ বৰুৱাৰ (১৮৭০-১৮৯০) যুগত। “বাক-চাতুৰ্যপূৰ্ণ বুদ্ধিনিষ্ঠ হাস্যৰস (wit), সহানুভূতিপূৰ্ণ কৰুণা মিশ্ৰিত হাস্যৰস (humour) আৰু বিদ্ৰূপাত্মক হাস্যৰস (satire)”[1] এই তিনি শ্ৰেণীৰ হাস্যৰস এই যুগত ৰছিত হয়। অসমীয়া সমাজৰ ভণ্ডামি, গোড়ামি আদিক প্ৰতিফলিত কৰিবলৈ গুণাভিৰাম বৰুৱাই ‘কঠিন শব্দৰ ৰহস্য ব্যাখ্যা’ আৰু হেমচন্দ্ৰ বৰুৱাই ‘বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী’ ৰচনা কৰে। প্ৰথম হাস্যৰসাত্মক সাহিত্য হিচাপে ইয়াত অত্যধিক ব্যঙ্গভাৱে বিশুদ্ধ হাস্যৰসৰ সীমা পাৰ কৰি যোৱা দেখা যায়। ওপৰত উল্লেখ কৰা তিনি প্ৰকাৰৰ হাস্যৰসাত্মক ৰচনাৰ উপৰিও আন এক প্ৰকাৰৰ ৰচনা হ’ল 'প্ৰহসন' (farce)।
ব্যঙ্গ ৰচনা আৰু প্ৰহসনৰ মাজত পাৰ্থক্য
[সম্পাদনা কৰক]ব্যঙ্গ ৰচনা (comedy) আৰু প্ৰহসন (farce)ৰ মাজত এটা চৰিত্ৰ আৰু কাৰ্যগত পাৰ্থক্যও লক্ষ্য কৰা দেখা যায়। "A comedy is a humorous play in which to a actor dominate the action, a farce is a humorous play is which the action dominates the actors." ‘কমেডি’ লিখক এজনৰ সাধাৰণ সমাজ এখনৰ প্ৰতি যি ধৰণৰ দায়িত্ব থাকে ‘প্ৰহসন’ লিখক এজনৰ সেই দায়িত্ব নাথাকে। ইয়াৰ কাহিনী নিজস্ব গতিৰে ধাৱমান হয় আৰু ইয়াৰ নাটকীয়তাই প্ৰধানকৈ দুটা দিশৰ ওপৰত পূৰ্ণতা লাভ কৰে:
- ই নিশ্চিতভাৱে কৌতুকপূৰ্ণ (funny) হ’ব লাগিব আৰু
- ই প্ৰদৰ্শন হৈ থকাৰ সময়ত নাটকীয় ঘ্টনাসমূহ গ্ৰহণ কৰিব পৰাকৈ দৰ্শকক প্ৰৰোচিত কৰিব পাৰিব লাগিব।
অসমীয়া সাহিত্যত প্ৰহসনৰ স্থান
[সম্পাদনা কৰক]অসমীয়া সাহিত্যত বিশুদ্ধ হাস্যৰসৰ জন্ম হয় ‘ৰসৰাজ’ লক্ষ্মীনাথ বেজবৰুৱাৰ হাতত। ইংৰাজী সাহিত্যৰ আদৰ্শৰে তেওঁ ন ন চিন্তা-চৰ্চ্চাৰে অসমীয়া সাহিত্যলৈ হাস্যৰসৰ আমদানি কৰে। বেজবৰুৱাই অসমীয়া সাহিত্যলৈ হাস্যৰসৰ প্ৰথম ঢল বোৱাই আনে প্ৰহসন (farce) ৰচনাৰ মাধ্যমেৰে। ইয়াৰ জৰিয়তেই তেওঁ অসমীয়া সাহিত্যত বিশুদ্ধ হাস্যৰসৰো জন্ম দিয়ে। বেজবৰুৱাই জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাতে (১৮৮৯ চন) ‘লিতিকাই’ প্ৰকাশ কৰে। মুঠ বাৰটা সংখ্যাৰে লিতিকাই এবছৰ ধৰি জোনাকীত প্ৰকাশিত হৈছিল। লিতিকাইৰ পিচতে তেওঁৰ অন্যান্য তিনিখন প্ৰহসন হ’ল পাচনি (১৯১৩), নোমল (১৯১৩) আৰু চিকৰপতি নিকৰপতি (১৯১৩)। বেজবৰুৱাই অসমীয়া লোকসাহিত্যৰ মাজত প্ৰচলিত চাৰিটা সাধুকথাক ইয়াত নিজস্ব শৈলীৰে নাট্যৰূপ দিছে। চাৰিওখন প্ৰহসন আলোচনা কৰিলে এটা কথা লক্ষ্য কৰা যায় যে, জীৱনৰ প্ৰথম সৃষ্টি হিচাপে ‘লিতিকাই’ৰ মাজত যি ধৰণৰ প্ৰহসনৰ বৈশিষ্ট্যসমূহ দেখা যায় আন তিনিখন প্ৰহসনৰ মাজত দেখা নাযায়। পাচনি, নোমল, চিকৰপতি নিকৰপতি ৰচনাৰীতিৰ ফালৰ পৰা উৎকৃষ্ট প্ৰহসন হৈ উঠিব পৰা নাই। ধেমেলীয়া আৰু ব্যঙ্গাত্মক নাটৰ সংমিশ্ৰণত ইয়াক ৰচনা কৰা হৈছে।[2]