মণিপুৰ সংঘৰ্ষ ২০২৩
মণিপুৰ সংঘৰ্ষ ২০২৩ | ||||
---|---|---|---|---|
তাৰিখ | ৩ মে' ২০২৩ – ১৭ মে' ২০২৩ | |||
স্থান | 24°36′N 93°48′E / 24.6°N 93.8°E | |||
কাৰণ | মণিপুৰৰ মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ | |||
পদ্ধতি | অগ্নিসংযোগ, সংঘৰ্ষ | |||
জড়িত থকা গোটসমূহ | ||||
হতাহত | ||||
নিহত | ৯৮[2] (সেনা অভিযানত চৰকাৰী তথ্য মতে ৩৩)[3] | |||
আহত | ৩১০[1] |
মণিপুৰ সংঘৰ্ষ ২০২৩ (ইংৰাজী: 2023 Manipur violence) হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ। ইম্ফল উপত্যকাত বসবাস কৰা মেইতেই জনগোষ্ঠীৰ লোকসকল সংখ্যাগৰিষ্ঠভাবে হিন্দু ধৰ্মাৱলম্বী আৰু কাষৰীয়া পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি আৰু জ'সকল মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী।[4] এই সংঘৰ্ষৰ ফলত কমেও ৭০ গৰাকী ব্যক্তি নিহত আৰু কমেও ২৪০ গৰাকী ব্যক্তি আহত হয়।[5][6][7][8] মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে মনোনীত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ প্ৰতিবাদত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থায়ে আহ্বান জনোৱা "জনজাতি সংহতি যাত্ৰা"ৰ সময়ত চুড়াচান্দপুৰ জিলাত এই সংঘৰ্ষৰ সূচনা হৈছিল।[9] সংঘৰ্ষৰ পিছত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰায় ১০,০০০ সৈন্য আৰু অৰ্ধসামৰিক বাহিনী মণিপুৰত মোতায়ন কৰা হয়।[10] ৰাজ্যখনত ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হয় আৰু ভাৰতীয় দণ্ডবিধিৰ ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হয়। উত্তপ্ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সৈন্যক "চৰম ক্ষেত্ৰত" সান্ধ্য আইন বলবৎ কৰিবলৈ "শ্বুট অন চাইট"ৰ নিৰ্দেশ দিয়া হৈছিল।[11][4][12]
এই সংঘৰ্ষৰ তদন্ত কৰিবলৈ ভাৰত চৰকাৰে অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশৰ নেতৃত্বত এটা পেনেল গঠন কৰে। আনহাতে ৰাজ্যপাল আৰু নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙৰ অধীনত নাগৰিক সমাজৰ সদস্যসকলৰ সৈতে এখন শান্তি সমিতি গঠন কৰা হ’ব। কেন্দ্ৰীয় অনুসন্ধান সংস্থায়ে হিংসাত্মক কাৰ্যকলাপৰ ষড়যন্ত্ৰৰ সৈতে জড়িত ছটা গোচৰৰ তদন্ত কৰিব। ইয়াৰ ফলত সংঘৰ্ষৰ মূল কাৰণসমূহ উন্মোচন কৰিবলৈ নিৰপেক্ষ তদন্ত নিশ্চিত কৰা হ’ব।[13]
পটভূমি
[সম্পাদনা কৰক]মণিপুৰত বহুদশক ধৰি ভূমি আৰু জনগাঁথনিৰ ওপৰত ভিত্তি কৰি আন্তঃসাম্প্ৰদায়িক উত্তেজনা আৰু বিবাদ চলি আহিছে।[8] শেহতীয়া সময়ত মণিপুৰত সাম্প্ৰদায়িক হিংসাত্মক সংঘৰ্ষৰ অন্তিম নিদৰ্শন ১৯৯৩ চনত হিন্দু মেইতেইসকলে পাংগল (মুছলমান)ৰ সৈতে হিংসাত্মক সংঘৰ্ষত পোৱা যায়। এই সাম্প্ৰদায়িক সংঘৰ্ষয়ে জনজাতীয় নগা আৰু কুকিসকলকো প্ৰভাৱিত কৰিছিল।[14]
সংখ্যাগৰিষ্ঠভাবে হিন্দু আৰু জনসংখ্যাৰ ৫৩% গঠন কৰা মেইতেইসকলে মণিপুৰৰ ভূমি সংস্কাৰ আইন অনুসৰি ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত বসতি স্থাপন কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ ফলত তেওঁলোকে মণিপুৰৰ মাত্ৰ ১০% ভূমিৰে আৱৰা ইম্ফল উপত্যকাত বসবাস কৰিবলৈ সীমাবদ্ধ।[15] প্ৰধানকৈ খ্ৰীষ্টান কুকি আৰু নগা লোকেৰে গঠিত জনজাতীয় জনসংখ্যাই ৰাজ্যখনৰ ৩৫ লাখ জনসংখ্যাৰ প্ৰায় ৪০% গঠন কৰে। তেওঁলোকে ৰাজ্যখনৰ বাকী ৯০% সংৰক্ষিত পাহাৰীয়া অঞ্চলত বসবাস কৰে। উপত্যকা অঞ্চলত জনজাতীয় জনসাধাৰণে বসতি স্থাপন কৰাত কোনো আইনী বাধা নাই।[8][9][16][15][4]
জনজাতীয় গোটসমূহে ভূমিৰ মালিকীস্বত্বত আধিপত্য বিস্তাৰ কৰাৰ বিপৰীতে মণিপুৰ বিধানসভাত মেইতেইসকলে ৰাজনৈতিক ক্ষমতাত আধিপত্য বিস্তাৰ কৰে।[15] ইয়াৰ ফলত জনজাতীয় গোটসমূহে চৰকাৰী ব্যয় মেইতেই প্ৰধান ইম্ফল উপত্যকাত অযথা কেন্দ্ৰীভূত হয় বুলি দাবী কৰি আহিছে।[14] মণিপুৰ বিধানসভাৰ ৬০খন আসনৰ ভিতৰত মাত্ৰ ১৯খন আসন অনুসূচীত জনজাতিৰ বাবে অৰ্থাৎ নগা বা কুকিসকলৰ বাবে সংৰক্ষিত হোৱাৰ বিপৰীতে ৪০খন অসংৰক্ষিত। যোৱা বিধানসভা নিৰ্বাচনত ৪০খন অসংৰক্ষিত আসনৰ ৩৯খন আসন মেইতেই প্ৰাৰ্থীয়ে লাভ কৰিছিল।[17] উল্লেখযোগ্য যে বাকী এখন এখন অনুসূচীত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
সাম্প্ৰদায়িক সংঘৰ্ষৰ বিশ্লেষক জয়দীপ শইকীয়াৰ মতে মণিপুৰৰ জনজাতিসমূহৰ দ্ৰুত খ্ৰীষ্টানীকৰণেও ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ মাজত আৰ্থ-সাংস্কৃতিক ব্যৱধানত অৰিহণা যোগাইছে।[15]
তাৎক্ষণিক কাৰণ
[সম্পাদনা কৰক]২০২৩ চনত মণিপুৰ চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ বসতিস্থলৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক আঁতৰোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰে। এই প্ৰচেষ্টাৰ সপক্ষে চৰকাৰী বিষয়াসকলৰ ম্যানমাৰৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীসকলে ১৯৭০ৰ দশকৰ পৰা মণিপুৰত বসতি স্থাপন কৰি আহিছে বুলি যুক্তি প্ৰদৰ্শন কৰে।[8] এই প্ৰচেষ্টাক জনজাতীয় গোটসমূহে তীব্ৰ বিৰোধিতা কৰে। তেওঁলোকৰ মতে অবৈধ অনুপ্ৰৱেশ হৈছে এক অজুহাত আৰু এই অজুহাতৰ সহায়ত সংখ্যাগৰিষ্ঠ মেইতেই সকলে জনজাতীয় লোকসকলক নিজৰ মাটিৰ পৰা খেদি পঠিয়াব বিচাৰে।[8] ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত মণিপুৰৰ বিজেপি চৰকাৰে চূড়াচান্দপুৰ, কাংপকপি আৰু টেংগনৌপাল জিলাত উচ্ছেদ অভিযান আৰম্ভ কৰে। এই উচ্ছেদ অভিযানত বনাঞ্চলত বসবাস কৰা জনজাতীয় লোকক বেদখলকাৰী বুলি ঘোষণা কৰা হয়। চৰকাৰৰ এই পদক্ষেপক জনজাতীয় বিৰোধী বুলি গণ্য কৰা হয়।[18][19]
মাৰ্চ মাহত মণিপুৰৰ কেবিনেটে কুকি ৰাষ্ট্ৰীয় সেনা আৰু জ'মি বিপ্লৱী সেনাৰ সৈতে হোৱা যুদ্ধবিৰতিৰ চুক্তিৰ সমাপ্ত কৰে।[19][18] পাহাৰীয়া অঞ্চলত জনসংখ্যাৰ অস্বাভাৱিক বৃদ্ধিৰ অভিযোগ কৰি ১৯৫১ চনক ভিত্তি বছৰ হিচাপে লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি) গঠনৰ বাবে হেঁচা প্ৰয়োগ কৰি নতুন দিল্লীতো কেইবাটাও মণিপুৰী সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে।[8] কাংপকপি জিলাত প্ৰতিবাদকাৰীসকলে "সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্যৰ নামত জনজাতীয় ভূমি বেদখল"ৰ বিৰুদ্ধে অনুষ্ঠিত কৰা সমাৱেশত পাঁচজন লোক আহত হোৱাৰ লগে লগে প্ৰথম হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।[18] আনহাতে ৰাজ্যিক কেবিনেটৰ পক্ষ অনুসৰি চৰকাৰে "ৰাজ্য চৰকাৰৰ বনজ সম্পদ সুৰক্ষা আৰু পপি খেতি নিৰ্মূলৰ বাবে গ্ৰহণ কৰা পদক্ষেপ"ৰ ক্ষেত্ৰত আপোচ নকৰে।[18] ১১ এপ্ৰিলত ইম্ফলৰ জনজাতীয় অধ্যুষিত অঞ্চলৰ তিনিটা গীৰ্জা চৰকাৰী মাটিত "অবৈধ নিৰ্মাণ" বুলি ভাঙি পেলোৱা হয়।[18]
২০২৩ চনৰ ২০ এপ্ৰিলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে "মেইতেই সম্প্ৰদায়ক অনুসূচিত জনজাতি তালিকাত অন্তৰ্ভুক্ত কৰাৰ অনুৰোধ বিবেচনা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়ে। মেইতেই সকলৰ অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে তেওঁলোকে বৰ্তমানৰ আইনীভাবে নিষিদ্ধ পাহাৰীয়া অঞ্চলত ভূমি অধিগ্ৰহণ কৰিব বুলি কুকিসকলে আশংকা কৰিছিল।[8]
সংঘৰ্ষৰ বিৱৰণ
[সম্পাদনা কৰক]২৮ এপ্ৰিল তাৰিখে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে চুড়াচান্দপুৰ ভ্ৰমণ কৰি এটা মুকলি জিম উদ্বোধন কৰাৰ কাৰ্যসূচী আছিল। উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হোৱাৰ আগতেই ২৭ এপ্ৰিলত প্ৰতিবাদকাৰীয়ে জিমটোত অগ্নি সংযোগ কৰে। তাৰপিছত চুড়াচান্দপুৰত ৫ দিনৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হয় আৰু ২৮ এপ্ৰিলত প্ৰতিবাদকাৰীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ সংঘটিত হয়।[20] মণিপুৰত অজনজাতি প্ৰধান ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম, আৰু বিষ্ণুপুৰ জিলাকে ধৰি আঠখন জিলাৰ লগতে জনজাতীয় প্ৰধান চুড়াচান্দপুৰ, কংপকপি, আৰু টেংগনৌপাল জিলাকে ধৰি আঠখন জিলাত সান্ধ্য আইন জাৰি কৰা হয়।
সাম্প্ৰদায়িক সংঘৰ্ষ
[সম্পাদনা কৰক]মেইতেই আৰু কুকি জনগোষ্ঠীৰ মাজত দীৰ্ঘদিনীয়া উত্তেজনাৰ মাজতে মণিপুৰ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি সদৌ জনজাতি ছাত্ৰ সন্থা মণিপুৰ (ATSUM) নামৰ এটা জনজাতীয় সংগঠনে "জনজাতীয় সংহতি যাত্ৰা" নামেৰে এক সমদলৰ আহ্বান জনাইছিল। ৩ মে'ত চুড়াচান্দপুৰ জিলাত এই সমদলে হিংসাত্মক ৰূপ ধাৰণ কৰে। স্থানীয় বাতৰি অনুসৰি এই পদযাত্ৰাত ৬০,০০০ তকৈ অধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰিছিল।[21]
৩ মে'ত সংঘটিত হোৱা হিংসাৰ সময়ত অজনজাতীয় অঞ্চলত বেছিভাগ কুকি জনজাতীয় লোকৰ বাসস্থান আৰু গীৰ্জাসমূহ আক্ৰমণ কৰা হয়। আৰক্ষীৰ তথ্য অনুসৰি ইম্ফলত জনজাতীয় জনসাধাৰণৰ বহু বাসস্থানত আক্ৰমণ কৰাৰ লগতে ৫০০ গৰাকী বাসিন্দা গৃহহীন হৈ লেম্পেলপাটৰ আশ্ৰয় ল’বলগীয়া হয়। হিংসাত্মক পৰিস্থিতিত ক্ষতিগ্ৰস্ত প্ৰায় ১০০০ মেইতেই সম্প্ৰদায়ৰ লোকসকলেও অঞ্চলটোৰ পৰা পলাই বিষ্ণুপুৰত আশ্ৰয় ল’বলগীয়া হৈছিল। কাংপকপি চহৰত প্ৰায় বিশটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। চুড়াচান্দপুৰা, কাকচিং, কাঞ্চিপুৰ, সোইবাম লেইকাই, টেনুগোপাল, লেংগোল, কাংপকপি আৰু মৰেহত সাম্প্ৰদায়িক হিংসাৰ সূত্ৰপাত হৈছিল যদিও সংঘৰ্ষ মূলতঃ বেছিভাগেই ইম্ফল উপত্যকাত কেন্দ্ৰীভূত আছিল। এই সময়ছোৱাত কেইবাটাও ঘৰ, উপাসনাস্থলী আৰু অন্যান্য সম্পত্তি জ্বলাই ধ্বংস কৰা হয়।[22]
৪ মে’ তাৰিখে নতুনকৈ হিংসাত্মক ঘটনা সংঘটিত হয়। হিংসাত্মক কাৰ্যৰ লগত জড়িত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী বাহিনীয়ে কেইবাটাও ৰাউণ্ড কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হৈছিল। চুড়াচান্দপুৰৰ জনজাতীয় মুখ্য কাৰ্যালয়ৰ প্ৰতিনিধি কুকি জনগোষ্ঠীৰ বিধায়ক ৱুনজজাগিন ভাল্টে ৰাজ্যিক সচিবালয়ৰ পৰা উভতি অহাৰ সময়তে হিংসাত্মক পৰিস্থিতিৰ সময়ত আক্ৰমণৰ বলি হয়। ৫ মে'ত তেওঁৰ অৱস্থা সংকটজনক বুলি বাতৰি প্ৰচাৰিত হয় আনহাতে তেওঁৰ লগত থকা এজন ব্যক্তিৰ মৃত্যু হয়।[23][24] চৰকাৰী তথ্যমতে এই হিংসাত্মক ঘটনাৰ সময়ত প্ৰায় ১৭০০টা ঘৰ আৰু অসংখ্য যান-বাহনত অগ্নিসংযোগ কৰা হৈছিল।[25][26]
সেনাৰ মোতায়ন
[সম্পাদনা কৰক]পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ মণিপুৰ চৰকাৰে ৪ মে'ত শ্বুট এট চাইট অৰ্ডাৰ জাৰি কৰে। ৩ মে'ৰ শেষলৈকে হিংসা অধ্যুষিত অঞ্চলত অসম ৰাইফলছ আৰু ভাৰতীয় সেনাৰ ৫৫টা বাহিনী নিয়োগ কৰা হয় আৰু ৪ মে'ৰ ভিতৰত ৯,০০০ৰো অধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।[12][27][28] ৫ মে'ৰ ভিতৰত প্ৰায় ২০,০০০ আৰু ৬ মে'লৈকে ২৩,০০০ লোকক সামৰিক তত্ত্বাৱধানত নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়।[4][29] কেন্দ্ৰীয় চৰকাৰে ৰেপিড একচন ফৰ্চৰ ৫টা কোম্পানীক এই অঞ্চললৈ বিমানেৰে লৈ আনে। মণিপুৰত প্ৰায় ১০,০০০ সেনা, অৰ্ধসামৰিক আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল।[30] ৪ মে'ত কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় সংবিধানৰ নিৰাপত্তা ব্যৱস্থা ৩৫৫ নং অনুচ্ছেদৰ প্ৰয়োগ কৰি মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ দায়িত্ব নিজ হাতলৈ হস্তান্তৰ কৰে।[31][32][33] ১৪ মে’লৈকে মণিপুৰত ১২৬টা সেনা বাহিনী আৰু ৬২টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী নিয়োজিত আছিল।
সৈন্য সন্নিৱিষ্ট কৰাৰ ফলত পাহাৰীয়া উগ্ৰপন্থী আৰু ইণ্ডিয়ান ৰিজাৰ্ভ বেটেলিয়নৰ মাজত কেইবাবাৰো সংঘৰ্ষ হয়। ইয়াৰ ফলত কমেও পাঁচজন উগ্ৰপন্থীৰ মৃত্যু হয়। এক সুকীয়া এনকাউণ্টাৰত চাৰিজন উগ্ৰপন্থী নিহত হয়। ৬ মে'ৰ ভিতৰত পৰিস্থিতি কিছু পৰিমাণে শান্ত হৈ পৰিছিল।[34] সাংবাদিক মোজেছ লিয়ানজাচিনৰ মতে, হিংসাৰ সময়ত কমেও সাতাইশটা গীৰ্জা ধ্বংস বা জ্বলাই দিয়া হৈছিল। ৯ মে'লৈকে মণিপুৰ চৰকাৰৰ মতে, মৃত্যুৰ সংখ্যা ৬০ জনতকৈ অধিক হয়। ১০ মে'ত পৰিস্থিতি "আপেক্ষিকভাৱে শান্তিপূৰ্ণ" হোৱাৰ বাবে ঠায়ে ঠায়ে সান্ধ্য আইন শিথিল কৰা হৈছিল।[35] যদিও মণিপুৰৰ ইম্ফল পূব জিলাত সংঘটিত এক কাণ্ডত অজ্ঞাত উগ্ৰপন্থীয়ে ভাৰতীয় সৈন্যৰ ওপৰত গুলীচালনা কৰিছিল আৰু এই গুলিচালানাত এজন লোক আহত হৈছিল।[36] ১২ মে'ত সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে বিষ্ণুপুৰ জিলাত আৰক্ষীক আক্ৰমণ কৰি এজন বিষয়াক হত্যা কৰাৰ লগতে আন পাঁচজন আহত কৰে৷[37] এটা পৃথক কাণ্ডত চুড়াচান্দপুৰ জিলাৰ টৰবুঙত এজন সৈনিকক ছুৰীৰে আঘাত কৰা হয় আৰু তিনিজন মেইতেই সম্প্ৰদায়ৰ লোকক অপহৰণ কৰা হয়। ইয়াৰ এদিন পিছতে মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে হিংসাত্মক ঘটনাৰ পৰা মুঠ মৃত্যুৰ সংখ্যা ৭০জনতকৈও অধিকলৈ বৃদ্ধি হোৱাৰ তথ্য আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই ৰিপোৰ্টত চুড়াচাণ্ডপুৰৰ এখন বাহনত অজ্ঞাত কাৰণত মৃত অৱস্থাত উদ্ধাৰ হোৱা লোকনিৰ্মাণ বিভাগৰ তিনিজন শ্ৰমিকক আৱিষ্কাৰ কৰাও আছিল।[38] তেওঁ লগতে কয় যে শিবিৰত বাস কৰা অভ্যন্তৰীণভাৱে নিজ স্থানৰ পৰা পলাই অহা লোকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে আৰু প্ৰায় ৪৫,০০০ লোকক অন্য অঞ্চললৈ স্থানান্তৰ কৰা হৈছে।
১৪ মে’ত টৰবুং অঞ্চলত সতেজ হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয়। টৰবুঙত অচিনাক্ত অগ্নিসংযোগকাৰীয়ে ঘৰ আৰু ট্ৰাককে আন বাহন জ্বলাই দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সীমান্ত সুৰক্ষা বাহিনীৰ ৫টা কোম্পানী নিয়োগ কৰা হয়। এক সুকীয়া ঘটনাত অসম ৰাইফলছৰ দুজন জোৱান আহত হয়। সেইদিনা মণিপুৰৰ মুখ্যমন্ত্ৰী বিৰেন সিঙৰ নেতৃত্বত ৰাজ্যিক মন্ত্ৰীসভাৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ নতুন দিল্লীলৈ ৰাওনা হয়। চৰকাৰী তথ্য মতে এই পৰ্যন্ত হিংসাৰ ফলত হোৱা হতাহত আৰু সম্পত্তিৰ ক্ষতিৰ ৰিপৰ্ট অনুসৰি ৭৩জন নিহত, ২৪৩জন আহত, ১৮০৯টা বাসগৃহ ভস্মীভূত, ৪৬,১৪৫জন লোকক উদ্ধাৰ, ২৬,৩৫৮জন লোকক ১৭৮টা সাহায্য শিবিৰলৈ স্থানান্তৰ, ৩,১২৪জন লোকক বিমানৰ সহায়ত উদ্ধাৰ আৰু ৩৮৫টা অপৰাধমূলক গোচৰ পঞ্জীয়ন কৰা হৈছে।
১৬ মে' তাৰিখলৈকে মণিপুৰত ইণ্টাৰনেট সেৱা ব্যাহত থাকে আৰু সান্ধ্য আইন প্ৰযোজ্য হৈ থাকে।[1] ইয়াৰ লগতে মণিপুৰত ভীষণ খাদ্য সংকটে দেখা দিয়ে। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ, বিদ্যালয় আৰু কাৰ্যালয় বন্ধৰ লগতে হাজাৰ হাজাৰ লোক শৰণাৰ্থী শিবিৰত আবদ্ধ অৱস্থাত আছে। সপ্তাহৰ শেষৰ ফালে নতুনকৈ সতেজ হিংসাত্মক সংঘৰ্ষৰ ফলত বহুলোকে নিৰাপদ স্থানলৈ পলায়ন কৰে।[39] ১৭ মে' তাৰিখে ইণ্টাৰনেট সেৱা বন্ধৰ ম্যাদ আৰু পাঁচ দিনৰ বাবে বৃদ্ধি কৰা হয়।[40] সেইদিনা সেনাই বুংবাল খুল্লেন গাঁৱত বিস্ফোৰক আৰু আই ই ডি উদ্ধাৰ কৰে আৰু নতুনকৈ হিংসাত্মক ঘটনাৰ পৰিকল্পনা বিফল কৰে।[41]২৯ মে'ত আকৌ হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয় আৰু এজন আৰক্ষীকে ধৰি কমেও পাঁচজন লোকৰ মৃত্যু হয়।[42]
২৬ মে'ত আৰম্বাই টেংগোলে যোৱা কেইদিনমানত সংঘটিত হোৱা কিছুমান "অবাঞ্চিত পৰিঘটনা"ৰ উদাহৰণ দি নিজকে ভংগ কৰা বুলি ঘোষণা কৰে।[43] ২৮ মে'ত আৰম্বাই টেংগোল বেনাৰত চলি থকা আত্মসমৰ্পণ কৰা উপত্যকা ভিত্তিক বিদ্ৰোহী গোট (ভিবিআইজি)ৰ উগ্ৰপন্থী আৰু অসম ৰাইফলছৰ এটা ইউনিটৰ মাজত তীব্ৰ গুলিয়া-গুলিৰ বাতৰি পোৱা গৈছিল।[44]
প্ৰতিক্ৰিয়া
[সম্পাদনা কৰক]মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ ভাষ্য অনুসৰি এই হিংসাত্মক সংঘৰ্ষ “দুই সম্প্ৰদায়ৰ মাজত প্ৰচলিত ভুল বুজাবুজি”ৰ দ্বাৰা উচটনি দিয়া হৈছিল আৰু লগতে তেওঁ ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা পুনৰ ঘূৰাই অনাৰ বাবে ৰাইজলৈ আহ্বান জনায়।[45] সাংসদ শশী থাৰুৰে মণিপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰক দোষাৰোপ কৰি ৰাজ্যখন শাসন কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে আৰু ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনায়।[46] বাংগালুৰুৰ মেট্ৰ’পলিটানৰ আৰ্কবিচপ পিটাৰ মাচাডোৱে খ্ৰীষ্টান সম্প্ৰদায়ক নিৰাপত্তাহীনতা অনুভৱ কৰাইছে বুলি উদ্বেগ প্ৰকাশ কৰি কয় যে মণিপুৰত “সোতৰটা গীৰ্জা ভাঙি পেলোৱা হৈছে বা অপবিত্ৰ কৰা হৈছে বা অশুচি কৰা হৈছে”।[47] মণিপুৰৰ বাসিন্দা অলিম্পিক পদক বিজয়ী মেৰী কমে টুইট কৰি নিজৰ গৃহ ৰাজ্যৰ বাবে সহায় বিচাৰি আহ্বান জনাইছিল।[48] কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী বাতিল কৰাৰ লগতে বীৰেণ সিঙৰ সৈতে বৈঠকত মিলিত হৈ মণিপুৰৰ পৰিস্থিতি নিৰীক্ষণ কৰে।[49]
বিজেপিৰ এজন বিধায়ক ডিংগাংলুং গাংমেইয়ে উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক মেইতেই সকলক অনুসূচীত জনজাতিৰ তালিকাত যোগ কৰাৰ পৰামৰ্শৰ বিৰুদ্ধে ভাৰতৰ উচ্চতম ন্যায়ালয়ত আবেদন জনায়।[50][51][52] ২০২৩ চনৰ ১২ মে' তাৰিখে ভাৰতীয় জনতা পাৰ্টিৰ আঠজনকে ধৰি ১০জন কুকি বিধায়কে এক বিবৃতি প্ৰকাশ কৰি হিংসাত্মক জাতিগত সংঘৰ্ষৰ পিছত ভাৰতৰ সংবিধান অনুসৰি নিজৰ সম্প্ৰদায়ক প্ৰশাসনৰ বাবে এটা সুকীয়া সংস্থা গঠন কৰাৰ দাবী জনায়।[53] তেওঁলোকে অভিযোগ কৰে যে এই হিংসাক বিজেপি পৰিচালিত ৰাজ্য চৰকাৰে “মৌনভাৱে সমৰ্থন” জনাইছে আৰু হিংসাৰ পিছত মেইতেই সংখ্যাগৰিষ্ঠ প্ৰশাসনৰ অধীনত জীয়াই থকাটো তেওঁলোকৰ সম্প্ৰদায়ৰ বাবে “মৃত্যুৰ সমতুল্য” হ’ব বুলি জনায়।[53] নতুন দিল্লীৰ মণিপুৰৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ পাঁচটা সংগঠনেও এই হিংসাৰ সৈতে জড়িত দুটা উগ্ৰ মেইতেই গোট আৰম্বাই টেংগোল আৰু মেইটেই লিপুনৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়।[54]
ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত ভলকাৰ তুৰ্কে এক বিবৃতিত কয় যে মণিপুৰত হোৱা হিংসাই “বিভিন্ন জাতি আৰু খিলঞ্জীয়া গোটৰ মাজত থকা অন্তৰ্নিহিত উত্তেজনা উন্মোচন কৰিছে”। তেওঁ চাৰ্জাৰী কৰ্তৃপক্ষক "নিজৰ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰৰ বাধ্যবাধকতাৰ সৈতে সংগতি ৰাখি হিংসাৰ মূল কাৰণসমূহৰ তদন্ত আৰু সমাধানকে ধৰি পৰিস্থিতিৰ প্ৰতি দ্ৰুত সঁহাৰি জনাওক" বুলি আহ্বান জনায়।[55]
মণিপুৰৰ সাম্প্ৰদায়িক উত্তেজনাৰ অন্ত পেলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপৰ দাবীত নতুন দিল্লীৰ জন্তৰ মন্তৰত মাৰ, কুকি, মিজো আৰু জোমি জনজাতীয় মহিলাসকলে প্ৰতিবাদ সাব্যস্ত কৰে। জনজাতীয় মহিলাসকলে ৰাষ্ট্ৰীয় পতাকা হাতত লৈ নিজকে অনুপ্ৰৱেশকাৰী নহয়, ভাৰতীয় বুলি ঘোষণা কৰা পোষ্টাৰ প্ৰদৰ্শন কৰিছিল। আনহাতে সংৰক্ষিত বনাঞ্চলৰ পৰা কুকি গাঁৱৰ লোকক উচ্ছেদ কৰি উত্তেজনা জগাই তোলা ৰাজ্য চৰকাৰক তেওঁলোকে তীব্ৰ সমালোচনা কৰিছিল।[56]
২০২৩ চনৰ ৩০ মে’ তাৰিখে মণিপুৰৰ এঘাৰজন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বঁটা বিজয়ী ক্ৰীড়াবিদসকলে কয় যে ৰাষ্ট্ৰৰ ভূখণ্ডৰ অখণ্ডতাৰ লগত আপোচ হ’লে তেওঁলোকে নিজৰ বঁটা ঘূৰাই দিব। যদিহে চৰকাৰে তেওঁলোকৰ দাবী পূৰণ নকৰে তেন্তে তেওঁলোকে ভাৰতক প্ৰতিনিধিত্ব নকৰে আৰু নতুন প্ৰতিভাক প্ৰশিক্ষণ দিয়াৰ ক্ষেত্ৰতো চৰকাৰক সহায় নকৰে বুলিও মন্তব্য কৰে।[57]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Manipur unrest: CM Biren Singh visits Delhi to meet Shah; fresh violence surfaces". Hindustan Times. https://www.hindustantimes.com/india-news/manipur-chief-minister-meets-amit-shah-to-discuss-violence-situation-cabinet-ministers-accompany-on-special-flight-to-new-delhi-101684077598881.html.
- ↑ Indrajit Kundu, Jtendra Bahadur Singh, 98 killed, 310 injured since violence broke out in Manipur,
- ↑ "Around 33 tribal militants killed in clashes in India's Manipur -minister". Reuters. 28 May 2023. https://www.reuters.com/world/india/around-33-tribal-militants-killed-clashes-indias-manipur-minister-2023-05-28/.
- ↑ 4.0 4.1 4.2 4.3 Dhillon, Amrit (5 May 2023). "Indian troops ordered to 'shoot on sight' amid violence in Manipur". The Guardian. https://www.theguardian.com/world/2023/may/05/indian-troops-ordered-to-shoot-on-sight-amid-violence-in-manipur.
- ↑ Baruah, Sukrita; Leivon, Jimmy; Gopalakrishnan, Ananthakrishnan (2023-05-09). "Manipur Govt puts toll at 60, Supreme Court says concerned over lives lost" (en ভাষাত). The Indian Express. https://indianexpress.com/article/india/manipur-violence-death-toll-supreme-court-says-concerned-over-lives-lost-8598842/। আহৰণ কৰা হৈছে: 2023-05-10.
- ↑ "60 killed, 231 injured, 1,700 houses burnt in Manipur ethnic violence". Canindia. 8 May 2023. https://www.canindia.com/60-killed-231-injured-1700-houses-burnt-in-manipur-violence-chief-minister/। আহৰণ কৰা হৈছে: 8 May 2023.
- ↑ Karmakar, Rahul (4 May 2023). "Fifty-five Army columns deployed in violence-hit Manipur, 9,000 people shifted to safer places" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/army-deployed-in-violence-hit-manipur-4000-people-shifted/article66810943.ece.
- ↑ 8.0 8.1 8.2 8.3 8.4 8.5 8.6 Das, Yudhajit Shankar (4 May 2023). "Manipur violence: State is burning, but what is the decades-old fuel behind the fire" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/manipur-violence-clashes-nrc-meitei-kuki-naga-imphal-valley-illegal-immigration-myanmar-reserve-forests-biren-singh-2368476-2023-05-04। আহৰণ কৰা হৈছে: 4 May 2023.
- ↑ 9.0 9.1 "Manipur: Curfew in Indian state after protests turn violent" (en-GB ভাষাত). BBC News. 4 May 2023. https://www.bbc.com/news/world-asia-india-65478547.
- ↑ Travelli, Alex; Raj, Suhasini (May 6, 2023). "Dozens Killed in Ethnic Clashes in India’s Manipur State". New York Times. https://www.nytimes.com/2023/05/06/world/asia/ethnic-clashes-indias-manipur-state.html.
- ↑ Mishra, Anupam; Singh, Jitendra Bahadur (May 4, 2023). "In violence-hit Manipur, Army rescues 9,000 people; Amit Shah dials CM Biren Singh" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/army-assam-rifles-called-manipur-fresh-violence-churachandpur-n-biren-singh-2368312-2023-05-04। আহৰণ কৰা হৈছে: 4 May 2023.
- ↑ 12.0 12.1 Karmakar, Rahul (May 4, 2023). "Many killed in Manipur riots; State government issues shoot-at-sight order" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/manipur-violence-government-issues-shoot-at-sight-orders-in-extreme-cases/article66812131.ece.
- ↑ "Panel To Probe Manipur Violence, Amit Shah's Big Warning On Arms: 10 Facts". NDTV.com. https://www.ndtv.com/india-news/panel-led-by-retired-judge-to-probe-manipur-violence-peace-committee-to-be-formed-says-amit-shah-4084313। আহৰণ কৰা হৈছে: 2023-06-02.
- ↑ 14.0 14.1 "Manipur’s ethnic faultlines: Kuki-Meitei divide & recent unrest". The Indian Express. https://indianexpress.com/article/explained/explained-politics/manipurs-ethnic-faultlines-violent-protests-kukis-and-nagas-8594147/.
- ↑ 15.0 15.1 15.2 15.3 Saikia, Jaideep (5 May 2023). "Manipur violence: How Christianisation widened socio-cultural gap between Meiteis of Valley and Hill tribes" (en ভাষাত). Firstpost. https://www.firstpost.com/opinion/manipur-violence-how-christianisation-widened-socio-cultural-gap-between-meiteis-of-valley-and-hill-tribes-12550522.html। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ Parashar, Utpal (5 May 2023). "Manipur clashes: Genesis of the decades-old Meitei-Kuki divide" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/india-news/clashes-between-kukis-and-meiteis-in-manipur-over-st-status-proposal-for-meitei-community-violence-and-damage-reported-101683225905138.html। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ "Members - Manipur Legislative Assembly". www.assembly.mn.gov.in. https://www.assembly.mn.gov.in/members। আহৰণ কৰা হৈছে: 2023-05-16.
- ↑ 18.0 18.1 18.2 18.3 18.4 "The genesis of the Manipur problem: All you need to know about the recent crisis" (en ভাষাত). Telegraph India. 6 May 2023. https://www.telegraphindia.com/north-east/the-genesis-of-the-manipur-problem-all-you-need-to-know-about-the-recent-crisis/cid/1934665.
- ↑ 19.0 19.1 Tiwary, Deeptiman (5 May 2023). "Rising protests, spurts of violence, late police reaction – what went wrong in Manipur" (en ভাষাত). The Indian Express. https://indianexpress.com/article/political-pulse/rising-protests-violence-late-police-reaction-what-went-wrong-manipur-8593988/.
- ↑ Hussain, Afrida (May 4, 2023). "How Manipur violence unfolded: A timeline of events". India Today. https://www.indiatoday.in/india/story/manipur-violence-tribals-protest-meiteis-kukis-clash-timeline-of-events-2368651-2023-05-04.
- ↑ @theindpanorama (2023-05-05). "‘Shoot at sight’ orders in Manipur, more troops to restore peace" (en-US ভাষাত). The Indian Panorama. https://www.theindianpanorama.news/india/shoot-at-sight-orders-in-manipur-more-troops-to-restore-peace/। আহৰণ কৰা হৈছে: 2023-05-16.
- ↑ "Curfew in eight districts of Manipur, mobile internet services suspended over tribal stir" (en-IN ভাষাত). The Hindu. 3 May 2023. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/curfew-in-eight-districts-of-manipur-mobile-internet-services-suspended-over-tribal-stir/article66809376.ece.
- ↑ Yaqut Ali (5 May 2023). "At Least 13 Killed as Violence Grips Manipur". https://thewire.in/politics/manipur-violence-deaths। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ Kundu, Indrajit (May 4, 2023). "Manipur violence: BJP MLA attacked by mob in Imphal, critical" (en ভাষাত). India Today. https://www.indiatoday.in/india/story/manipur-violence-bjp-mla-vungzagin-valte-attacked-by-mob-in-imphal-2368705-2023-05-04। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ Sharma, Sumit (2023-05-08). "Manipur Violence: Death Toll Rises To 60, 1700 Houses Burnt; CM N Biren Singh Appeals To Bring Peace To The State" (en ভাষাত). TimesNow. https://www.timesnownews.com/india/manipur-violence-death-toll-rises-to-60-1700-houses-burnt-cm-n-biren-singh-appeals-to-bring-peace-to-the-state-article-100079845। আহৰণ কৰা হৈছে: 2023-05-16.
- ↑ "Ethnic clashes continue in India's Manipur despite army presence". Al Jazeera. 6 May 2023. https://www.aljazeera.com/news/2023/5/6/ethnic-clashes-continue-in-indias-manipur-despite-army-presence। আহৰণ কৰা হৈছে: 7 May 2023.
- ↑ "Army deployed in violence-hit Manipur, 9,000 people shifted to safer places" (en ভাষাত). www.telegraphindia.com. https://www.telegraphindia.com/north-east/army-deployed-in-violence-hit-manipur-9000-people-shifted-to-safer-places/cid/1934307। আহৰণ কৰা হৈছে: 6 May 2023.
- ↑ "9,000 evacuated as clashes, arson rock Manipur" (en ভাষাত). Hindustan Times. 5 May 2023. https://www.hindustantimes.com/india-news/violence-escalates-in-manipur-as-indian-army-and-assam-rifles-called-in-to-control-clashes-between-tribal-and-meitei-communities-101683226207221.html। আহৰণ কৰা হৈছে: 6 May 2023.
- ↑ "Life limps back to normalcy in Manipur, curfew relaxed" (en-IN ভাষাত). The Hindu. 7 May 2023. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/manipur-relaxes-curfew-in-churachandpur-for-few-hours-to-allow-people-buy-essentials/article66822730.ece.
- ↑ "Manipur violence | At least 54 people dead, Imphal Valley returning to normalcy" (en-IN ভাষাত). The Hindu. 6 May 2023. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/manipur-violence-at-least-54-people-dead-imphal-valley-returning-to-normalcy/article66819781.ece.
- ↑ Parashar, Utpal (4 May 2023). "Union govt takes reins of Manipur security" (en ভাষাত). mint. https://www.livemint.com/news/india/guwahati-invokes-article-355-as-violence-rages-in-manipur-shoot-at-sight-orders-issued-internet-shut-down-11683221825780.html। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ "Centre invokes Article 355 as situation worsens" (en ভাষাত). www.thesangaiexpress.com. https://www.thesangaiexpress.com/Encyc/2023/5/5/Guwahati-May-4The-Centre-has-reportedly-invoked-Article-355-of-the-Constitution-in-Manipur-as-the.html। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ "Manipur: Centre Invokes Article 355, Takes Over Security in Violence-Hit State" (en ভাষাত). TheQuint. 5 May 2023. https://www.thequint.com/news/india/manipur-violence-centre-takes-control-article-355। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ Sharma, Saroj Kumar (2023-05-10). "Manipur ‘relatively peaceful’, curfew relaxed; 217 FIRs filed". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/india/manipur-relatively-peaceful-curfew-relaxed-217-firs-filed/articleshow/100112229.cms.
- ↑ Sharma, Saroj Kumar (2023-05-10). "Manipur ‘relatively peaceful’, curfew relaxed; 217 FIRs filed". The Times of India. ISSN 0971-8257. https://timesofindia.indiatimes.com/india/manipur-relatively-peaceful-curfew-relaxed-217-firs-filed/articleshow/100112229.cms.
- ↑ "Manipur violence: Soldiers fired on in Imphal East; life improving elsewhere". https://indianexpress.com/article/north-east-india/manipur/manipur-violence-soldiers-fired-imphal-east-life-improving-elsewhere-8602672/.
- ↑ Sharma, Sarojkumar (May 12, 2023). "Militants kidnap 3 Meiteis, kill a cop in violence-hit Manipur". Times of India. https://timesofindia.indiatimes.com/city/imphal/militants-kidnap-3-meiteis-kill-a-cop-in-manipur/articleshow/100169870.cms?from=mdr.
- ↑ Mani, Sudarsanan, ed (2023-05-13). "Manipur Violence: Death toll rises to 71, says Security Advisor" (en ভাষাত). cnbctv18.com. https://www.cnbctv18.com/india/manipur-violence-death-toll-rises-to-71-says-security-advisor-16655001.htm। আহৰণ কৰা হৈছে: 2023-05-16.
- ↑ Dhillon, Amrit (16 May 2023). "‘Separation is the only answer’: Manipur violence fuels calls for separate state in India". The Guardian. https://www.theguardian.com/world/2023/may/16/separation-is-the-only-answer-manipur-violence-fuels-calls-for-separate-state-in-india.
- ↑ "Manipur violence: Internet ban extended for 5 more days; Assam Rifles jawan succumbs to injuries". The Indian Express. https://indianexpress.com/article/north-east-india/manipur/manipur-violence-internet-ban-extended-for-5-more-days-8615023/.
- ↑ https://zeenews.india.com/india/army-foils-sinister-plot-in-manipur-recovers-explosives-detonators-2610144.html
- ↑ "Cop Among 5 Dead In Fresh Manipur Violence Hours Ahead Of Amit Shah Visit". NDTV.com. https://www.ndtv.com/india-news/cop-among-5-killed-as-fresh-violence-hits-manipur-4074750.
- ↑ Arambai Tenggol dissolved, Imphal Free Press, 26 May 2023.
- ↑ Gunfight erupts between Arambai Tenggol militants and 37 Assam Rifles in Manipur, India Today NE, 30 May 2023.
- ↑ "Manipur violence: 'Misunderstanding, communication gap between two communities,' says CM N Biren Singh" (en ভাষাত). The Indian Express. 4 May 2023. https://indianexpress.com/article/north-east-india/manipur/manipur-violence-cm-biren-singh-8590694/। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ "Shashi Tharoor slams BJP over Manipur situation, calls for imposition of President's rule" (en-IN ভাষাত). The Hindu. 7 May 2023. ISSN 0971-751X. https://www.thehindu.com/news/cities/Delhi/shashi-tharoor-slams-bjp-over-manipur-situation-calls-for-imposition-of-presidents-rule/article66822864.ece.
- ↑ Salam, Ziya Us (5 May 2023). "Christian groups, alarmed by church attacks in Manipur, urge Centre to start talks" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/christian-groups-alarmed-by-church-attacks-in-manipur-urge-centre-to-start-talks/article66817700.ece.
- ↑ "'My state Manipur is burning, kindly help': Boxer Mary Kom asks PM Modi, Shah" (en ভাষাত). Hindustan Times. 4 May 2023. https://www.hindustantimes.com/india-news/manipur-violence-meitei-community-mary-kom-why-cant-we-live-in-peace-boxer-unhappy-101683183086314.html। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ "Amit Shah Cancels Karnataka Poll Campaign Amid Manipur Violence: Report". NDTV.com. https://www.ndtv.com/india-news/amit-shah-cancels-karnataka-poll-campaign-to-monitor-manipur-situation-4007337। আহৰণ কৰা হৈছে: 5 May 2023.
- ↑ "Manipur MLA moves SC against HC order on ST status for Meitei: 'Community not a tribe'" (en ভাষাত). The Indian Express. 7 May 2023. https://indianexpress.com/article/india/manipur-mla-moves-sc-against-hc-order-on-st-status-for-meitei-community-not-a-tribe-8595694/। আহৰণ কৰা হৈছে: 7 May 2023.
- ↑ "BJP MLA Petitions SC Against HC Order on Recommending ST Status for Meiteis". The Wire. https://thewire.in/law/bjp-mla-petitions-sc-against-hc-order-on-recommending-st-status-for-meiteis। আহৰণ কৰা হৈছে: 7 May 2023.
- ↑ "Manipur BJP MLA approaches Supreme Court against HC order on ST status for Meiteis" (en-US ভাষাত). Scroll.in. https://scroll.in/latest/1048672/manipur-bjp-mla-approaches-supreme-court-against-hc-order-on-st-status-for-meiteis। আহৰণ কৰা হৈছে: 7 May 2023.
- ↑ 53.0 53.1 "Manipur violence: All 10 Kuki MLAs demand separate administration for their community". https://scroll.in/latest/1049014/manipur-violence-all-10-kuki-mlas-demand-separate-administration-for-their-community.
- ↑ "Probe involvement of 2 radical Meitei groups in Manipur pogrom: tribal student bodies". The Hindu. 19 May 2023. https://www.thehindu.com/news/national/other-states/probe-involvement-of-2-radical-meitei-groups-in-manipur-pogrom-tribal-student-bodies/article66868875.ece.
- ↑ "Manipur clashes find mention in UN human rights commissioner Volker Turk’s statement" (en ভাষাত). The Indian Express. 25 May 2023. https://indianexpress.com/article/india/manipur-clashes-find-mention-in-un-human-rights-commissioner-volker-turks-statement-8628381/.
- ↑ "‘We are Indians, not illegal immigrants’ Kuki, Mizo, and other Manipur tribes protest at Jantar Mantar, Delhi". Live Mint. https://www.livemint.com/news/india/manipur-violence-indians-not-illegal-immigrants-amit-shah-kuki-mizo-zomi-hmar-mizo-protest-jantar-mantar-delhi-11685375776515.html.
- ↑ "Will return awards to govt if Manipur's territorial integrity is compromised: Sportspersons". The Telegraph. PTI. 2023-05-30. https://www.telegraphindia.com/north-east/will-return-awards-to-govt-if-manipurs-territorial-integrity-is-compromised-sportspersons/cid/1940832.