অজ’ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Ozone.png


অজ’ন হৈছে অক্সিজেনৰ এটা অৱৰূপ; নীলাভ ৰঙৰ এবিধ অতি সক্ৰিয় গেছ । ই জাৰক । বায়ুৰ মাজেৰে শব্দহীন বৈদ্যুতিক ডিছচাৰ্জ পঠিয়াই উৎপন্ন কৰিব পৰা এইবিধ গেছৰ অণু একোটা তিনিটা অক্সিজেন পৰমাণুৰে গঠিত । ১৫ৰ পৰা ৩০ কিল’মিটাৰ উচ্চতাত থকা বায়ুমণ্ডলতহে কিছু অজ’ন থাকে । সূৰ্যৰপৰা অহা অতিবেঙুণী ৰশ্মি শুহি লৈ এই অজ’নে জীৱজগতক ৰক্ষা কৰে ।