অণু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিমাত্ৰিক (বাওঁ ফালে আৰু মাজত) আৰু দ্বিমাত্ৰিক (সোঁফালে) ৰূপত টাৰপিনয়ড অণু

অণু (pron.: /ˈmɒlɪkjuːl/) হৈছে বৈদ্যুতিক ভাবে উদাসীন আৰু আয়নিক, সহযোজী ৰাসায়নিক বান্ধনী বা তেনে বান্ধনীৰে বান্ধি ৰখা দুটা বা ততোধিক পৰমাণুৰ সমষ্টি।[1][2][3][4][5][6] অণুবোৰক বৈদ্যুতিক আধানৰ ভিত্তিত আয়নতকৈ পৃথক বুলি দেখুৱাব পাৰি। অৱশ্যে কোৱান্টাম বলবিজ্ঞান, জৈৱ ৰসায়ন, বায়’ ৰসায়নত এই নিয়মৰ কিছু শিথিলতা দেখা যায় আৰু যিকোনো দুটা বা ততোধিক পৰমাণুৰ সমষ্টিকেই অণু বোলা হয়।

গেছৰ গতি বিজ্ঞানত অণু শব্দটো প্ৰায়েই যিকোনো গেছীয় কণাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই মতে সম্ভ্ৰান্ত গেছৰ পৰমাণু সমূহ একক আৰু কোনো বান্ধনীৰ দ্বাৰা বান্ধ খায় নথকাৰ পাছতো ইহঁতক অণু বুলি ধৰা হয়।[7]

এটা অণুত একেবিধ ৰাসায়ণিক উপাদান থাকিব পাৰে বা যেনে অক্সিজেন (O2), বা ভিন্ন ভিন্ন উপাদান থাকিব পাৰে যেনে পানী (H2O) । অ-সহযোজী বান্ধনী যেনে হাইড্ৰজেন বান্ধনী বা আয়নিক বান্ধনীৰে বান্ধ সংযুক্ত পৰমাণু বা সংকুলক সাধাৰণতে অণু বোলা নহয়।[8]


পদাৰ্থ গঠনকাৰী অংশ হিচাপে স্বাভাবিকতে সকলো জৈৱিক বস্তুতে অণুৰ অৱস্থিতি দেখা যায়। বায়ুমণ্ডল আৰু পৃথিৱীৰ জলভাগৰো অধিকাংশ অণুৱে অধিকাৰ কৰি আছে। পৃথিৱীত থকা আমাৰ চিনাকী সৰহ অংশক গোটা বস্তু পৃথিৱীৰ উপৰিভাগ, মেন্টেল অংশ, আৰু উষ্ণ ক’ৰ অংশ (সকলোতকৈ ভিতৰ ভাগ)ত বহুতো ৰাসায়নিক বান্ধনি দেখিবলৈ পোৱা যায়, কিন্তু ইয়াৰে সকলোবোৰ চিনাক্ত কৰণ কৰিব পৰা অণুৰে গঠিত নহয়। তাৰোপৰি যদিও একক কোষদ্বিমাত্ৰিক সমতলত (যেনে: গ্ৰাফিন) বা ত্ৰিমাত্ৰিক অৱস্থানত ( যেনে: হীৰা,কোৱাৰ্টজ,ছডিয়াম ক্লৰাইড) হোৱা পুনৰাবৃতিৰ ফলতেই আয়নিক স্ফটিক (লৱণ (ৰসায়ন বিজ্ঞান) । লৱণ) আৰু সহযোজী স্ফটিক (জালিকৃত গোটা দ্ৰব্য)ৰ সৃষ্টি হয় ইহঁতৰ ক্ষেত্ৰতো কিন্তু নিৰ্দিষ্ট অণুৰ বৰ্ণনা কৰিব নোৱাৰি। একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা সৰহ সংখ্যক ধাতবীয় বান্ধনীযুক্ত গোটা দ্ৰব্যত দেখিবলৈ পোৱা যায়, যি এইটো প্ৰমাণ কৰে যে সৰহ সংখ্যক গোটা দ্ৰব্য অণুৰে গঠিত নহয়। চিচা(গ্লাচ)ত কোনো নিৰ্দিষ্ট অণুৰ অৱ্স্থিতি নথকাকৈয়ে পৰমাণু সমূহ ৰাসায়নিক বান্ধোনেৰে বান্ধ খায় থাকে, য’ত স্ফটিকৰ দৰে কোনো একক কোষীয় গঠনৰ পুনৰাবৃতিৰ পৰিঘটনা দেখা নাযায়।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. International Union of Pure and Applied Chemistry (IUPAC), Compendium of Chemical Terminology, 2nd ed. (the "Gold Book") (1997). Online corrected version:  (1994) "molecule".
  2. Pauling, Linus (1970). General Chemistry. প্ৰকাশক New York: Dover Publications, Inc.. ISBN 0-486-65622-5. 
  3. Ebbin, Darrell, D. (1990). General Chemistry, 3rd Ed.. প্ৰকাশক Boston: Houghton Mifflin Co.. ISBN 0-395-43302-9. 
  4. Brown, T.L. (2003). Chemistry – the Central Science, 9th Ed.. প্ৰকাশক New Jersey: Prentice Hall. ISBN 0-13-066997-0. 
  5. Chang, Raymond (1998). Chemistry, 6th Ed.. প্ৰকাশক New York: McGraw Hill. ISBN 0-07-115221-0. 
  6. Zumdahl, Steven S. (1997). Chemistry, 4th ed.. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-669-41794-7. 
  7. Chandra, Sulekh. Comprehensive Inorganic Chemistry. New Age Publishers. ISBN 8122415121. 
  8. Molecule, Encyclopaedia Britannica on-line

বাহ্যিক সংযোগ[সম্পাদনা কৰক]