অন্তহীন প্ৰেৰণা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অন্তহীন প্ৰেৰণা  
লেখক হোমেন বৰগোহাঞি
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক,জীৱনী
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক বনলতা
প্ৰকাশ ডিচেম্বৰ, ২০০৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. 81-7339-472-5

অন্তহীন প্ৰেৰণা(ইংৰাজী: Antohin Prerona) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ জন ব্যক্তিৰ জীৱনক লৈ ১৬ টা প্ৰবন্ধ আছে। বনলতা প্ৰকাশনে ২০০৬ চনত প্ৰকাশ কৰা এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে তেখেতৰ ভগ্নীসম শ্ৰীমতী বিচিত্ৰা দলেলৈ উছৰ্গা কৰিছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত থকা প্ৰবন্ধসমূহ হৈছে, এৰিষ্টটল চক্ৰেটিছ ওনাচিছ;হো চি মিন;মাও জে দং; মহেন্দ্ৰ মৈহেংদাং ডেকাফুকন; জয়প্ৰকাশ নাৰায়ণ; মাইকেল এঞ্জেলো; টমাছ মান; লিওনাৰ্ডো ডা ভিন্সি; আৰ্নল্ড টয়ন্‌বী; কঠিন প্ৰহৰ; আঁদ্ৰে মাল্‌ৰো; গিবন; হেনৰি ডেভিদ থৰো; বিষ্ণুপ্ৰসাদ ৰাভা; সত্যনাথ বৰা আৰু অম্বিকাগিৰী ৰায়চৌধুৰী।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (আগষ্ট,২০০৯). অন্তহীন প্ৰেৰণা. শ্ৰী অনন্ত হাজৰিকা. ISBN 81-7339-472-5. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]