আমলখি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আমলখি (Phyllanthus emblica)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malpighiales
পৰিয়াল: Phyllanthaceae
গোত্ৰ: Phyllantheae
Subtribe: Flueggeinae
গণ: Phyllanthus
প্ৰজাতি: P. emblica
বৈজ্ঞানিক নাম
Phyllanthus emblica
L.[1]
সমাৰ্থক

Cicca emblica Kurz
Emblica officinalis Gaertn.
Mirobalanus embilica Burm.
Phyllanthus mairei Lév.

আমলখি (ইংৰাজী: Amla, বৈজ্ঞানিক নাম- Emblica officinalis) ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি৷ এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়৷ ভাৰতবৰ্ষৰ সকলো অঞ্চলতে,১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে৷ আমলখি ভিটামিন 'চি' সমৃদ্ধ৷ [2]

বিৱৰণ[সম্পাদনা কৰক]

আমলখি গছৰ আকাৰ সৰুৰ পৰা মজলীয়া আৰু উচ্চতা প্ৰায় ৮-১৮ মিটাৰ পৰ্যন্ত হয়৷ এই গছৰ ডালবোৰ ফনা মেলা ধৰণৰ হয়৷ আমলখিৰ পাতবোৰ সৰু আৰু ঘন হয়৷ পাতবোৰ ১০ মিলিমিটাৰমান দীঘল আৰু ২ মিলিমিটাৰমান বহল হয়৷ ঠাৰিৰ দুয়োকাষে ঘন ঘনকৈ পাত লাগে৷ একেজোপা গছতে পুং আৰু স্ত্ৰী পুষ্প ফুলে৷ আমলখিৰ ফুলৰ ৰং সেউজ-হালধীয়া আৰু পাতৰ তলে তলে থূপ পাতি ফুলে৷ পুং পুষ্প স্ত্ৰীপুষ্পতকৈ সংখ্যাত অধিক৷ ইয়াৰ ফলটো প্ৰায় ঘুৰণীয়া, পাতল হালধীয়া বৰণৰ আৰু মিহি হয়৷ ফল ১.৫ - ২.৫ চেণ্টিমিটাৰলৈকে ডাঙৰ হয়৷ ফল মাংসল আৰু বহিৰ্ভাগ ছটা খণ্ডত স্পষ্ট৷ বীজ ছটালৈকে থাকে৷[2]

স্থানীয় নাম[সম্পাদনা কৰক]

সংস্কৃত ভাষাত amalika (अमलिक)
মৈথিলী ভাষাতDhatric (धात्रिक)
হিন্দী ভাষাত āmlā (आमला]]
গুজৰাটী ভাষাত āmla (આમળાં)
উৰ্দূ ভাষাত aavnlaa (awla)
মাৰাঠী ভাষাত āvaḷā (आवळा)
গাৰো ভাষাত ambare (अमबरे)
কন্ংকনী ভাষাত āvāḷo (आवाळो)
মিজো ভাষাত sunhlu
নেপালী ভাষাত amalā (अमला)
বাংলা ভাষাত amloki (আমলকী)
উড়িয়া ভাষাত anlaa (ଅଁଳା) in Oriya
পাঞ্জাবী ভাষাত Aula (ਔਲਾ) in Punjabi
মালায়ালম ভাষাত nellikka (നെല്ലിക്ക) in Malayalam
মণিপুৰী ভাষাত heikru in Manipuri
আৰবী ভাষাত halïlaj or ihlïlaj (اهليلج هليلج) in Arabic
খাচী ভাষাত sohmylleng in Khasi
তেলেগু ভাষাত rasi usiri ( రాశి ఉసిరి కాయ)
তামিল আৰু কানাড়া ভাষাত nellikkaai or nellikaayi
থাই ভাষাত ma kham pom (มะขามป้อม)
চীনা ভাষাত anmole (庵摩勒)

ঔষধি গুণ[সম্পাদনা কৰক]

পৰম্পৰাগতভাৱে আৰু আয়ুৰ্বেদিক চিকিৎসাত আমলখিৰ বহুল ব্যৱহাৰ হোৱা দেখা যায়৷ এই উদ্ভিদৰ প্ৰায় সকলোবোৰ অংশই যেনে ফল, গুটি, পাত, শিপা আৰু বাকলি বিভিন্ন ৰোগত ব্যৱহাৰ হয়৷[3] আমলখিয়ে পিত্তদোষ নিৰাময়ত সহায় কৰে৷ [4][5]

আমলখিৰ আচাৰ

ভিটামিন 'চি'ৰ অভাৱত হোৱা খহুলা (Scurvy) ৰোগ নিৰাময়ত আমলখি খাবলৈ দিয়া হয়৷ হাঁওফাঁওযক্ষ্মা ৰোগত ভোগা ৰোগীৰ ওপৰত কৰা পৰীক্ষাৰ পৰা জনা গৈছে যে,সংশ্লেষিত ভিটামিন 'চি'ৰ উপকাৰিতা অধিক৷ তুৰষ্কত আমলখি হাঁওফাঁওৰ পোৰণিত ব্যৱহাৰ কৰে৷ পাৰস্যত পেলুনাশক হিচাপে আমলখিৰ ৰস খুৱায়৷ আমলখিৰ বীজত ফছফেটাইড পোৱা যায়৷ কেঁচা আমলখি শীতলকাৰক,শক্তিকাৰক,চৰ্মৰোগনাশক আৰু ৰোধক ,মূত্ৰকাৰক ,জুলাপ ,জ্বৰনাশক,বমনৰোধী,অজীৰ্ণতা,কোষ্ঠকাঠিন্য,কৃমি,পেটৰ বিষ,গ্ৰহণী,ৰক্তক্ষৰণ আদি অনেক ৰোগ আৰু স্বাস্থ্য ৰক্ষাত উপকাৰী৷[2]

কি ৰোগত কেনেদৰে ব্যৱহাৰ হয়[সম্পাদনা কৰক]

  1. অম্লপিত্ত ৰোগত আমলখিৰ ৰস চেনিৰ সৈতে নিয়মিত খালে ৰোগ উপশম হয়৷
  2. এঁৱা ভঙা অৰ্থাৎ নাকৰপৰা তেজ ওলোৱা বেমাৰত আমলখি ঘিঁউত ভাজি বাহি পানীত বাতি তালুত ভৰণ দিয়া হয়৷
  3. নেমুৰ ৰস আৰু আমলখিৰ ৰস মিহলাই খালে তেজ গ্ৰহণী আৰোগ্য হয়৷
  4. চকু ৰঙাপৰা ৰোগত আমলখিৰ ৰস ১/২ টোপাল চকুত দিয়ে৷
  5. একেৰাহে জ্বৰ উঠি থাকিলে আমলখিৰ ৰস ঘিঁউত মিহলাই খালে উপকাৰ পোৱা যায়৷
  6. আমলখিৰ ৰস ২/৩ চাহ চামোচ,এচামোচ মৌজোলত মিহলাই নিয়মিত পুৱা খালে দৃষ্টিশক্তি অটুট থাকে৷
  7. আমলখিৰ কিম্বন কৰা ৰস পাণ্ডুৰোগ,অজীৰ্ণতা আৰু কাহত ব্যৱহৃত হয়৷
  8. আমলখি ফলৰ তেল ঘঁহিলে চুলি পকা বন্ধ হয়৷
  9. শুকান আমলখি পানীত তিয়াই তাৰ ৰস খালে পিত্তৰোগ আৰু পিত্তশূল উপশম হয়৷
  10. বহুমূত্ৰ ৰোগত ২/৩ টা আমলখি দৈনিক খালে সুফল পোৱা যায়৷
  11. লৌহ ধাতু আৰু আমলখি ৰক্তাল্পতাৰ (পাণ্ডুৰোগৰ) মহৌষধ৷
  12. শ্বাস কষ্টত আমলখিৰ ৰস,মৌজোল আৰু পিপলিৰ সৈতে খালে উপশম পোৱা যায়৷
  13. আমলখিৰ ৰসে বমি আৰু হেঁকটি অহা ৰোধ কৰে৷
  14. আমলখিৰ কুঁহিপাতৰ ৰস খালে অজীৰ্ণতা আৰু বদহজম দূৰ হয়৷
  15. আমলখিৰ ছালৰ ৰস,মৌজোল আৰু হালধিৰ লগত প্ৰমেহ ৰোগত খায়৷
  16. বীজ হাঁপানি আৰু ব্ৰংকাইটিছ ৰোগত আমলখি ব্যৱহাৰ কৰা হয়৷
  17. আমলখিত পোৱা মিথানল দ্ৰব্য HIV (RT) ৰ দমনকাৰী ঔষধ৷[2]

অন্যান্য ব্যৱহাৰ[সম্পাদনা কৰক]

চিঞাঁহী, চেম্পু, চুলিত ঘঁহা তেল আদি প্ৰস্তুত কৰাত আমলখি ব্যৱহাৰ কৰা হয়৷[উদ্ধৃতিৰ প্ৰয়োজন]

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. "Phyllanthus emblica information from NPGS/GRIN". US Department of Agriculture. http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?28119। আহৰণ কৰা হৈছে: 2008-03-06. 
  2. 2.0 2.1 2.2 2.3 "বনৌষধি-মহৌষধি". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ৩১. ডিছেম্বৰ ২০১৩. 
  3. Caldecott T. Amalaki
  4. Samhita C. Ed., translation by the Shree Gulabkunverba Society, Volume 4. Chikitsa Sthana, Jamnagar, India: 1949
  5. Indian Ministry of Health and Family Planning. The Ayurvedic Formulary of India. Part I. 1st ed. Delhi, 1978.

লগতে চাওক[সম্পাদনা কৰক]

  • Winston, David; Maimes, Steven (2007). Adaptogens: Herbs for Strength, Stamina, and Stress Relief. Healing Arts Press. ISBN 1-59477-158-8.  Contains a detailed monograph on Emblica officinalis (Amla; Indian gooseberry; Amalaki) as well as a discussion of health benefits.
  • Puri, Harsharnjit Singh (2002). "Amalaki (Phyllanthus emblica)". Rasayana: Ayurvedic Herbs for Longevity and Rejuvenation. Traditional Herbal Medicines for Modern Times, Vol. 2. প্ৰকাশক Boca Raton: CRC. পৃষ্ঠা. 22–42. ISBN 0-415-28489-9. 
  • Caldecott, Todd (2006). Ayurveda: The Divine Science of Life. Elsevier/Mosby. ISBN 0-7234-3410-7.  Contains a detailed monograph on Phyllanthus emblica (Amla; Indian gooseberry; Amalaki) as well as a discussion of health benefits and usage in clinical practice. Available online at http://www.toddcaldecott.com/index.php/herbs/learning-herbs/397-amalaki