এলবাৰ্ট আইনষ্টাইন
| এলবাৰ্ট আইনষ্টাইন | |
|---|---|
১৯২১ চনত আইনষ্টাইন
|
|
| জন্ম | ১৪ মাৰ্চ ১৮৭৯ ওল্ম, জাৰ্মানী |
| মৃত্যু | ১৮ এপ্ৰিল ১৯৫৫ প্ৰিন্সটন, নিউ জাৰ্ছি, মাৰ্কিন যুক্তৰাষ্ট্ৰ |
| বাসস্থান | জাৰ্মানী, ইটালী, চুইজাৰলেণ্ড, মাৰ্কিন যুক্তৰাষ্ট্ৰ |
| নাগৰিকত্ব |
|
| ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান |
| প্ৰতিষ্ঠান |
|
| শিক্ষানুষ্ঠান |
|
| জনা যায় |
|
| উল্লেখনীয় বঁটা |
|
| Signature |
|
এলবাৰ্ট আইনষ্টাইন (ইংৰাজী: Albert Einstein) (
/ˈælbərt ˈaɪnstaɪn/; German: [ˈalbɐt ˈaɪnʃtaɪn] (
শুনক); জাৰ্মানীৰ উইটেনবাৰ্গ অঞ্চলৰ উলম চহৰত ১৮৭৯ খৃষ্টাব্দৰ ১৮ মাৰ্চত| জন্মগ্ৰহন কৰা এজন তাত্ত্বিক পদাৰ্থ বিজ্ঞানী। তেখেতৰ আপেক্ষিকতাবাদ তত্ত্ব আধুনিক পদাৰ্থ বিজ্ঞানৰ ভেটি স্বৰুপ। তাত্বিক পদাৰ্থবিদ্যালৈ অৱদান বিশেষকৈ আলোক বিদ্যুত পৰিঘটনাৰ বাবে ১৯২১ চনত তেওঁক পদাৰ্থবিজ্ঞানৰ নোবেলেৰে পুৰস্কৃত কৰা হয়[1] । এই আলোক বিদ্যুত পৰিঘটনাই পাচলৈ কোৱান্টাম তত্ত্বৰ সুচনা কৰে[উদ্ধৃতিৰ প্ৰয়োজন] ।
আইনষ্টাইনে ভাবিচিল যে নিউটনীয় বলবিদ্যাই ধ্ৰুপদী পদাৰ্থবিদ্যা আৰু বিদ্যুত চুম্বকীয় সুত্ৰসমুহৰ মাজত যোগসুত্ৰ স্থাপন কৰিবলৈ সক্ষম হোৱা নাই। সেয়ে তেওঁ বিশেষ আপেক্ষিকতাবাদ তত্ত্ব গঢ় দিয়ে । পাচলৈ তেওঁ আপেক্ষিকতাবাদ সুত্ৰ মহাকৰ্ষণীয় ক্ষেত্ৰৰ বাবেও প্ৰয়োগ কৰে আৰু ১৯১৬ চনত সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ কৰে । কোৱান্টাম তত্ত্ব আৰু পাৰিসাংখ্যিক বলবিদ্যালৈ আইনষ্টাইনে আগবঢ়োৱা অৱদানৰ ভিতৰত কনিকা তত্ত্ব আৰু অনুৰ গতি উল্লেখযোগ্য।
১৯৩৩ চনত হিটলাৰে যেতিয়া জাৰ্মানীত ক্ষমতা দখল কৰে আইনষ্টাইনে যুক্তৰাষ্ট্ৰ ভ্ৰমন কৰি আছিল। সেই সময়ত বাৰ্লিন অকাদেমী অফ চাইন্সৰ অধ্যাপক আইনষ্টাইন আৰু জাৰ্মানীলৈ ঘুৰি ন গল। তেওঁ যুক্তৰাষ্ট্ৰতে বসবাস কৰে আৰু ১৯৪০ চনত যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব গ্ৰহন কৰে [2]। ২য় বিশ্বযুদ্ধৰ কালত আইনষ্টাইনৰ এখন চিঠিয়ে সেইসময়ৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ৰুজভেল্টক পৰমাণু অস্ত্ৰৰ প্ৰয়োজনীয়্তা সম্পৰ্কে সজাগ কৰে । আৰু এইদৰেই মানহাটান প্ৰকল্পৰ সুচনা হয় । পাচলৈ হিৰোচিমা আৰু নাগাচাকিত আনৱিক বোমাৰ ভয়াৱহতা দেখি অনুশোচনাত ভোগে । আনৱিক বোমাৰ ভয়াৱহতাৰ বিষয়ে বৰ্ননা কৰি লিখা ৰাচেল-আইনষ্টাইন ইস্তাহাৰত বাৰ্ট্ৰাণ্ড ৰাচেলৰ সৈতে তেওঁ স্বাক্ষৰ কৰে ।
আইনষ্টাইনে প্ৰায় ৩০০ বৈজ্ঞানিক প্ৰবন্ধ আৰু প্ৰায় ১৫০ সাধাৰণ প্ৰবন্ধ ৰচনা কৰে ।
সূচী |
[সম্পাদনা কৰক] চমু জীৱনী
[সম্পাদনা কৰক] ল'ৰালিকাল আৰু শিক্ষা
১৮৭৯ চনৰ ১৪ মাৰ্চত সেইসময়ৰ জাৰ্মান সাম্ৰাজ্যৰ ওল্ম চহৰত এই মহান বিজ্ঞানীজনৰ জন্ম হয়।[3] হাৰমেন আইনষ্টাইন আছিল এজন ব্যৱাসায়ী| তেওঁৰ দেউতাকৰ এজন ইঞ্জিনিয়াৰ ভায়েক আছিল| এলবাৰ্টৰ দেউতাক আৰু এই খুৰাকজনে মিলি বৈদ্যুতিক আহিলাপাতি তৈয়াৰ কাৰখানা এটা চলাইছিল| কাৰখানাৰ কামৰ বাহিৰৰ আজৰি সময়খিনি খুৰাকে এলবাৰ্টৰ লগতে কটাইছিল-অংকৰ নানান খেলা কৰি| বয়স অলপ বুজন হোৱাৰে পৰা এলবাৰ্টেও খুৰাকৰ লগত এই অংকৰ খেলাত সমানে অংশ ল’ব পৰা হ’ল| এনেকৈয়ে নিচেই কম সময়তে এলবাৰ্টৰ মনত অংকৰ প্ৰতি এক গভীৰ অনুৰাগৰ সৃষ্টি হয়|[3] ইহুদীধৰ্মী আইনষ্টাইনসকল গোড়া নাছিল। ৫ বছৰ বয়সৰ পৰা আইনষ্টাইনে এখন কেথেলিক প্ৰাথমিক বিদ্যালয়ত ৩ বছৰ শিক্ষাগ্ৰহন কৰে। ইয়াৰ পাচত তেওঁ লুইপ'ল্ড জিমনেচিয়ামত মাধ্যমিক শিক্ষাগ্ৰহণ কৰে। [4] এবাৰ দেউতাকে শিশু আইনষ্টাইনক এদাল চুম্বকশলা উপহাৰ দিছিল। তেওঁ এই কথা অনুভৱ কৰিব পাৰিছিল যে চৌদিশে শূন্য হ'লেও নিশ্চয় কিহবাই শলাদালক বান্ধি ৰাখিছে ।
[সম্পাদনা কৰক] মিলানলৈ যাত্ৰা
|
|
এই প্ৰবন্ধ অথবা অনুচ্ছেদৰ ব্যাকৰণ, লিখনশৈলী, ধাৰাবাহিকতা, সামঞ্জস্য অথবা বানানৰ শুদ্ধিৰ বাবে অনুলিপি সম্পাদনাৰ প্ৰয়োজন। আপুনি এইখন সম্পাদনা কৰি প্ৰবন্ধটো নিখুত হোৱাত সহায় আগবঢ়াব পাৰে। আপুনি কিদৰে সহায় কৰিব তাৰে দিকনিৰ্দেশনা ইয়াত দিয়া আছে। |
এলবাৰ্টৰ বয়স যেতিয়া ১৫ বছৰ, সেই সময়তে মিউনিখত থকা তেওঁৰ দেউতাকৰ কাৰখানাটো বন্ধ হৈ যায়| নতুন ভাগ্যৰ সন্ধানত আইনষ্টাইন পৰিয়াল মিউনিখৰ পৰা মিলানলৈ যায়| এই সময়লৈকে এলবাৰ্টৰ স্কুলৰ পঢ়া শেষ হোৱা নাই| সেয়ে মিউনিখৰ স্কুল এৰি অহাৰ সময়ত তেওঁ কোনো চাৰ্টিফিকেট লগত আনিব পৰা নাছিল| এতিয়া নতুন ঠাইত আহি তাৰ স্কুলত ভৰ্তি হোৱাটো এটা সমস্যা হৈ দেখা দিলে| ইতিমধ্যে হাৰমেন আইনষ্টাইনৰ ব্যৱসায়ৰ অৱস্থা অধিক বেয়াৰ ফাললৈ যায়| হাৰমেনে এলবাৰ্টক পৰামৰ্শ দিলে কাৰিকৰী বিষয় এটাত উত্তীৰ্ণ হৈ তেওঁৰ ব্যৱসায়ত সহায় কৰিব লাগে| অনেক চেষ্টাত চুইজাৰলেণ্ডৰ জুৰিখত থকা এখন পলিটেকনিক স্কুলত এলবাৰ্টক ভৰ্ত্তি কৰাব পৰা গ’ল| এই স্কুলৰ কৰ্ত্তৃপক্ষই মিউনিখৰ স্কুলত বিজ্ঞান আৰু অংক বিষয়ত এলবাৰ্টে লাভ কৰা প্ৰশংসা পত্ৰ চায়েই তেওঁক স্কুলত ভৰ্তি কৰাৰ বাবে অনুমোদন জনায়| জুৰিখৰ এই পলিটেকনিক স্কুলখনৰ এটা আন্তৰ্জাতিক নাম আছিল| এই স্কুলত পঢ়িবলৈ দেশ বিদেশৰ ছাত্ৰ-ছাত্ৰী আহিছিল| এলবাৰ্টৰ শ্ৰেণীতে মিলেভা মাৰিটচ্ নামৰ এগৰাকী ছোৱালী আছিল| হাংগেৰীৰ পৰা অহা যুৱক এলবাৰ্টৰ পদাৰ্থ বিদ্যা আৰু অংকৰ প্ৰতি থকা গভীৰ অনুৰাগৰ বাবে মিলেভা লাহে লাহে এলবাৰ্টৰ প্ৰতি আকৃষ্ট হয়| স্কুলৰ শ্ৰেণীসমূহ শেষ হোৱাৰ পিছতো যথেষ্ট সময়লৈ এলবাৰ্ট আৰু মিলেভাই গৱেষণাগাৰত তেওঁলোকৰ পৰীক্ষা-নিৰীক্ষা চলাই গৈছিল|
[সম্পাদনা কৰক] বিবাহ
পলিটেকনিকৰ পৰা পাছ কৰি এলবাৰ্টে দেখিলে যে তেওঁৰ মনে বিচৰা চাকৰি এটা পোৱাটো বৰ সহজ কথা নহয়| অনেক চেষ্টাৰ মূৰত অৱশ্যে তেওঁ বাণ চহৰৰ এটা পেটেণ্ট অফিচত চাকৰি এটা পলে| এই চাকৰিত যোগ দিয়েই তেওঁ তেওঁৰ একালৰ স্কুলৰ লগৰী মিলেভাক বিয়া কৰায়| পিছে গৱেষণাগাৰৰ চাৰিবেৰৰ বাহিৰত যে তেওঁলোকৰ কোনো কথাতে মিল নাই সেইটো অতি সোনকালেই প্ৰকাশ পালে|
[সম্পাদনা কৰক] কৰ্মজীৱন আৰু গৱেষণা
পেটেণ্ট অফিচত আইনষ্টাইনৰ বিশেষ ব্যস্ততা নাছিল| তেওঁৰ কামৰ ভিতৰত পৰিছিল কেৱল নতুন নতুন আৱিষ্কাৰ সমূহৰ তালিকা একোখন প্ৰস্তুত কৰি ৰখা| এই কাম কৰি তেওঁ অনেক আজৰি সময় পাইছিল| এই আজৰি সময়ত তেওঁ আত্মনিয়োগ কৰিছিল নিজৰ বৈজ্ঞানিক গৱেষণাত| ১৯০৫ চনত এলবাৰ্ট আইনষ্টাইনে পোহৰৰ উত্স আৰু পৰিবৰ্তন সম্পৰ্কে এটি প্ৰবন্ধ প্ৰকাশ কৰে| এই নতুন তথ্য সম্বলিত প্ৰবন্ধটো প্ৰকাশ হোৱাৰ লগে লগে শিক্ষা জগতত এই বিষয়ে গভীৰ চিন্তা চৰ্চা হ’বলৈ ধৰে আৰু আইনষ্টাইনক জুৰিখ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিবৰ বাবে আমন্ত্ৰণ জনোৱা হয়| জুৰিখ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰ চাকৰিত অতি কম দৰ্মহাৰে তেওঁ বৰ কষ্টত চলিবলগীয়া হয়| আইনষ্টাইনে পিছৰ জীৱনত এইকেইটা দিনৰ কথা মনত পেলাই ৰসিকতা কৰি কৈছিল,-’মই আপেক্ষিকতাবাদৰ গৱেষণা কালত অন্তৰীক্ষৰ প্ৰতিটো চুকতে একোটাকৈ ঘড়ী ওলোমাই লৈছিলোঁ; কিন্তু প্ৰকৃতপক্ষে মোৰ কোঠাটোৰ বাবে ঘড়ী এটা মই যোগাৰ কৰিব নোৱাৰিছিলোঁ|’
১৯১১ চনত তেওঁ অধিক দৰ্মহাত প্ৰাগ বিশ্ববিদ্যালয়ত এটি চাকৰি পায়; কিন্তু ইয়াতো তেওঁ বেছি দিন থাকিব নোৱাৰিলে; কিয়নো ইতিমধ্যে ইহুদীসকলৰ প্ৰতি জাৰ্মান সকলৰ মনত ক্ৰোধ আৰু ঘৃণাৰ ভাৱ ক্ৰমাত্ বৃদ্ধি পাই আহিছিল| তাৰ ৩০ বছৰৰ পিছত জাৰ্মানিত হ’বলগীয়া ইহুদী নিধনযজ্ঞৰ সূত্ৰপাত ইতিমধ্যেই হৈছিল| এলবাৰ্টলৈ এনে সময়তে আমন্ত্ৰণ আহে চুইজাৰলেণ্ডৰ জুৰিখত থকা সেই পলিটেকনিকৰ পৰা য’ত তেওঁ এসময়ত ছাত্ৰ আছিল| মিলেভাইও এই কথাত মনে মনে বৰ ভাল পালে|
এই পলিটেকনিকত কাম কৰি থকা অৱস্থাতেই তেওঁ আৰু কেইটামান আলোড়নকাৰী বৈজ্ঞানিক তথ্য আবিষ্কাৰ কৰে আৰু এইবোৰ প্ৰবন্ধ আকাৰে প্ৰকাশ পায়| এইবাৰ তেওঁলৈ প্ৰুচীয় ৰাজকীয় বিজ্ঞান একাডেমীৰ সদস্য পদৰ লগতে বাৰ্লিনত নতুনকৈ আৰম্ভ হোৱা কেইজাৰ উইলহেম ইনষ্টিটিউটৰ পৰিচালকৰ পদ আগবঢ়োৱা হ্য়| কোনো বিজ্ঞানীৰ পক্ষেই এই ধৰণৰ সুবিধা দলিয়াই পেলোৱাটো সম্ভৱ নহয়| এই চাকৰিৰ পৰা তেওঁৰ অৰ্থাভাৱ দূৰ হোৱাৰ লগতে গৱেষণাৰ কাৰণেও পৰ্যাপ্ত সময় ওলাব| গতিকে তেওঁ এই চাকৰি গ্ৰহণ কৰিলে; কিন্তু তেওঁ পত্নী মিলেভা বাৰ্লিনলৈ যাবলৈ ৰাজী নহ’ল| আইনষ্টাইনে তেওঁৰ দুই পুত্ৰ আৰু পত্নী মিলেভাক জুৰিখতে এৰি বাৰ্লিনলৈ যাত্ৰা কৰিলে|
[সম্পাদনা কৰক] দ্বিতীয় বিবাহ আৰু গৱেষণা
বাৰ্লিনলৈ যোৱাৰ এবছৰ পাছত আইনষ্টাইনে এলছা আইনষ্টাইন নামৰ তেওঁ এগৰাকী দূৰ সম্পৰ্কীয় মহিলাক বিয়া কৰায়| ইয়াৰ পিছত ১৯১৩ চনৰ পৰা ১৯৩৩ চনলৈ প্ৰায় কুৰি বছৰ কাল তেওঁ বাৰ্লিনত কটায় আৰু ইয়াতেই তেওঁ গৱেষণাৰ কাম শেষ কৰি পৃথিৱীৰ বিজ্ঞানী মহলৰ আগত ডাঙি ধৰে তেওঁৰ আলোড়নকাৰী আবিষ্কাৰ আপেক্ষিকতাবাদ সূত্ৰৰ| প্ৰায় ২৫ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ মাজেৰে কৰা তেওঁৰ সাধনাৰ ফল তেওঁ লাভ কৰে আৰু সমগ্ৰ বিশ্বৰ বিজ্ঞানী মহলত এক আলোড়নৰ সৃষ্টি কৰাৰ লগতে নিউটনৰ সূত্ৰ সমূহৰ খুতি-নাটিৰ ওপৰত এক নতুন চিন্তাৰ জোৱাৰ আনি দিয়ে| সেইটো আছিল যুদ্ধোত্তৰ কাল| প্ৰথম বিশ্বযুদ্ধ ইতিমধ্যে শেষ হৈছে| পৃথিৱী জুৰি তেতিয়া কেৱল সদ্যসমাপ্ত হোৱা যুদ্ধখনৰে চৰ্চা; কিন্তু এই সকলোবোৰ চিন্তা তল পেলাই ১৯১৯ চনৰ ৭ নৱেম্বৰ তাৰিখে ইংল্যণ্ডৰ ’দি টাইমচ’ কাকতে লিখিলে,-’It is the discovery of a whole continent of new scientific ideas. It is the greatest discovery in connection with gravitation since Newton enumerated his principles.”
আইনষ্টাইনৰ গৱেষণাৰ বিষয় কেৱল এটা নাছিল| তেওঁ পোহৰ, গতি, সময়, শক্তি আৰু পদাৰ্থ আদিৰ ওপৰত একে সময়তে গৱেষণা চলাইছিল| আইনষ্টাইনে প্ৰতিষ্ঠা কৰা সত্য সমূহৰ এটা হ’ল ’পদাৰ্থ মাত্ৰেই শক্তি|’ এটাক আনটোলৈ ৰূপান্তৰিত কৰিব পৰা যায়| ইয়াৰ আগতে মানুহে বিশ্বাস কৰিছিল যে পদাৰ্থ আৰু শক্তি দুটা সম্পুৰ্ণ বেলেগ বস্তু| ইটা এটুকুৰা পদাৰ্থ| উত্তাপ শক্তি| এই ইটা আৰু উত্তাপ দুটা ভিন্ন বস্তু, কিন্তু আইনষ্টাইনে এই ধাৰণা ভুল বুলি প্ৰমাণিত কৰে| সমসাময়িক পদাৰ্থবিদ সকলে চিন্তা কৰিলে যে আইনষ্টাইনৰ এই তথ্য সত্য হ’লে বহুতো অসম্ভৱ কথা সম্ভৱ হ’ব|
এই তত্বৰ কেইবছৰমানৰ ভিতৰতে তৈয়াৰ কৰা হৈছিল পৰমাণু বোমা আৰু বৰ্তমান যুগৰ পৃথিৱীত পৰমাণু শক্তিৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ আছে| আইনষ্টাইনৰ এই তথ্য তেওঁৰ আপেক্ষিকতাবাদৰ এটা অংশহে মথোন| আইনষ্টাইনৰ আবিষ্কাৰ সমূহৰ বাবে তেওঁলৈ আগবঢ়োৱা হয় ১৯২২ চনৰ পদাৰ্থ বিদ্যাত নোবেল পুৰস্কাৰ|
ইতিমধ্যে ইউৰোপ আৰু আমেৰিকাৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা বক্তৃতা দিবৰ বাবে আইনষ্টাইনক অনেকবাৰ আমন্ত্ৰণ জনোৱা হয়| ১৯৩২ চনত আমেৰিকাত আন্তৰ্জাতিক উচ্চ বিজ্ঞান পৰিষদৰ পৰা এনে এক আমন্ত্ৰণ পাই তেওঁ আমেৰিকালৈ যায়| এই যাত্ৰাত আমেৰিকাৰ পৰা ঘূৰি অহাৰ পিছত তেওঁ জাৰ্মানিৰ প্ৰৱেশ কৰিব নোৱাৰিলে, কাৰণ এই সময়ছোৱাৰ ভিতৰত জাৰ্মানিত আৰম্ভ হৈছিল ইহুদী নিধন পৰ্ব|
[সম্পাদনা কৰক] অন্তিম জীৱন কাল
আইনষ্টাইনে ইয়াৰ পিছত বেলজিয়ামত থাকিবলৈ লয়| এখন সমুদ্ৰবৰ্তী গাঁৱত তেওঁ স্বেচ্ছাই নিৰ্বাসিত জীৱন গ্ৰহণ কৰে; কিন্তু আমেৰিকাৰ প্ৰিন্সটন কলেজত অধ্যাপনাৰ বাবে পোৱ আমন্ত্ৰণ গ্ৰহণ কৰি তেওঁ আমেৰিকালৈ যায় আৰু তাতেই থাকিবলৈ লয়| ১৯৩৬ চনৰ ১৫ জানুৱাৰীত তেওঁ আমেৰিকাৰ নাগৰিকত্ব গ্ৰহণ কৰে| জীৱনৰ শেষ কালছোৱাত তেওঁ আন এটা বৈজ্ঞানিক সত্য উদঘাটন কৰি নাম দিয়ে-’The unified Field Theory’| এই তত্বত তেওঁ দেখুৱায় যে গ্ৰহ, তৰা, অণু-পৰমাণু তড়িত্ এই সকলোবোৰ একেটা প্ৰাকৃতিক নিয়মৰেই অধীন|
আইনষ্টাইনৰ গৱেষণাৰ আহিলা আছিল এডাল পেঞ্চিল আৰু কাগজ আৰু সত্যবোৰ উদঘাটন কৰিছিল সেই কাগজত পেঞ্চিল টুকুৰাৰে অংক কৰি| আন কোনো যন্ত্ৰপাতিয়েই তেওঁৰ নাছিল|
[সম্পাদনা কৰক] মৃত্যু
১৯৫৫ খ্ৰী:ৰ ১৮ এপ্ৰিল তাৰিখে এই বিৰাট প্ৰতিভা সম্পন্ন ব্যক্তি, বিজ্ঞানীসকলৰো বিস্ময় এলবাৰ্ট আইনষ্টাইনৰ ইহলীলাৰ অন্ত পৰে|
[সম্পাদনা কৰক] তথ্য সংগ্ৰহ
- ↑ ১৯২১ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল (২৩ ডিচেম্বৰ ২০১১). "১৯২১ চনৰ পদাৰ্থবিজ্ঞানৰ নোবেল". আইনষ্টাইন. নোবেল ফাউণ্ডেচন. pp. ১. http://www.nobelprize.org/nobel_prizes/physics/laureates/1921/. Retrieved ২৩ ডিচেম্বৰ ২০১১.
- ↑ Hans-Josef Küpper (২০১০). "einstein". einstein. einstein-website.de. http://www.einstein-website.de/z_information/variousthings.html. Retrieved December 24, 2011.
- ↑ 3.0 3.1 নোবেল ফাউণ্ডেচন (December 24, 2011). "আইনষ্টাইন্-জীৱনী". নোবেল ফাউণ্ডেচন. http://www.nobelprize.org/nobel_prizes/physics/laureates/1921/einstein-bio.html. Retrieved December 24, 2011.
- ↑ John J. Stachel (2002), Einstein from "B" to "Z", Springer, pp. 59–61, ISBN 9780817641436, http://books.google.com/books?id=OAsQ_hFjhrAC&pg=PA59, retrieved ২৪ ডিচেম্বৰ ২০১১
[সম্পাদনা কৰক] গ্ৰন্থ সংযোগ
- Fölsing, Albrecht (1997): Albert Einstein: A Biography. New York: Penguin Viking. (Translated and abridged from the German by Ewald Osers.)
- Highfield, Roger; Carter, Paul (1993). The Private Lives of Albert Einstein. London: Faber and Faber. ISBN 978-0571167449.
- Hoffmann, Banesh, with the collaboration of Helen Dukas (1972): Albert Einstein: Creator and Rebel. London: Hart-Davis, MacGibbon Ltd.
- Isaacson, Walter (2007): Einstein: His Life and Universe. Simon & Schuster Paperbacks, New York. ISBN 9780743264730
- Moring, Gary (2004): The complete idiot's guide to understanding Einstein ( 1st ed. 2000). Indianapolis IN: Alpha books (Macmillan USA). ISBN 0028631803
- Pais, Abraham (1982): Subtle is the Lord: The science and the life of Albert Einstein. Oxford University Press. The definitive biography to date.
- Pais, Abraham (1994): Einstein Lived Here. Oxford University Press.
- Parker, Barry (2000): Einstein's Brainchild. Prometheus Books. A review of Einstein's career and accomplishments, written for the lay public.
- Schweber, Sylvan S. (2008): Einstein and Oppenheimer: The Meaning of Genius. Harvard University Press. ISBN 978-0674028289.
- Oppenheimer, J.R. (1971): "On Albert Einstein," p. 8–12 in Science and synthesis: an international colloquium organized by Unesco on the tenth anniversary of the death of Albert Einstein and Teilhard de Chardin, Springer-Verlag, 1971, 208 pp. (Lecture delivered at the UNESCO House in Paris on 13 December 1965.) Also published in The New York Review of Books, 17 March 1966, On Albert Einstein by Robert Oppenheimer
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
| Albert Einstein প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত |
|
| চিত্ৰ আৰু মিডিয়া কমন্সত |
|
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত |
|
| বা-বাতৰি ৱিকিসংবাদত |
|
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত |
|
| কিতাপ, লিখনি আদি ৱিকিউৎসত |
|
| পাঠ্যপুথি ৱিকিগ্ৰন্থত |
|
- Works by Albert Einstein (public domain in Canada)
- The MacTutor History of Mathematics archive, School of Mathematics and Statistics, University of St Andrews, Scotland, April 1997, http://www-history.mcs.st-andrews.ac.uk/Biographies/Einstein.html, retrieved 14 June 2009
- Why Socialism? by Albert Einstein, Monthly Review, May 1949
- Einstein's Personal Correspondence: Religion, Politics, The Holocaust, and Philosophy Shapell Manuscript Foundation
- FBI file on Albert Einstein
- Nobelprize.org Biography:Albert Einstein
- The Einstein You Never Knew — slideshow by Life magazine
- Albert Einstein — videos
- Science Odyssey People And Discoveries
- MIT OpenCourseWare STS.042J/8.225J: Einstein, Oppenheimer, Feynman: Physics in the 20th century — free study course that explores the changing roles of physics and physicists during the 20th century
- List of publications from Google Scholar.