কমলেশ্বৰ চলিহা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলেশ্বৰ চলিহা
জন্ম ১৯০৪
অসম
মৃত্যু ১৯৮৪
ডিব্ৰুগড়
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

কমলেশ্বৰ চলিহা (ইংৰাজী: Kamaleswar Chaliha) এগৰাকী কবি,ঔপন্যাসিক হিচাপে সুপৰিচিত। তেখেত যোৰহাটৰ গীতাৰ্থী সমাজ আৰু গুৱাহাটী সবিতা সভাৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। কমলেশ্বৰ চলিহা 'কচ' স্বপ্ন নামেৰে পৰিচিত।[1]তেখেতে ছাত্ৰাবস্থাতে 'সংসাৰী' নামৰ কবিতা পুথিখন ৰচনা কৰিছিল। কমলেশ্বৰ চলিহাই অসম সাহিত্য সভাৰ মাকুম অধিবেশনৰ কবি সন্মিলনত সভাপতিত্ব কৰিছিল।[2]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

কমলেশ্বৰ চলিহাৰ জন্ম হৈছিল ১৯০৪ চনৰ ২৯ অক্টোবৰত ডিব্ৰুগড়ত।[2] পিতৃৰ নাম খৰ্গেশ্বৰ চলিহা। মাতৃৰ নাম ডিম্বেশ্বৰী।

শিক্ষা[সম্পাদনা কৰক]

১৯২২ চনত যোৰহাটৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

চাকৰি জীৱন[সম্পাদনা কৰক]

কমলেশ্বৰ চলিহাই যোৰহাটত গড়কাপ্তানী বিভাগত সহকাৰীৰূপে কৰ্মজীৱনৰ পাতনি মেলে। ১৯২৬ চনত যোৰহাটৰ স্কুল পৰিদৰ্শক অফিচত সহকাৰীৰূপে চাকৰি কৰিছিল। ১৯৬১ চনত অসম প্ৰকাশন পৰিষদত সহকাৰি যোগদান কৰিছিল।[2]

সাহিত্যৰাজি[সম্পাদনা কৰক]

কবিতা পুথি[সম্পাদনা কৰক]

  • সংসাৰী (১৯২২)
  • মুকুতি (১৯২৭)
  • কণ-মৌ
  • গুণ-গুণ (১৯৩০)
  • ছন্দিকা (১৯৪১)

[3]অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮ চন, পৃষ্ঠা নং ৩২২

নাট[সম্পাদনা কৰক]

  • চাঁদ-সদাগৰ(১৯৩০)
  • ধূলি(১৯৩০)
  • বৰলা(১৯৩১)

মৃত্যু[সম্পাদনা কৰক]

১৯৮৪ চনত কমলেশ্বৰ চলিহাৰ মৃত্যু হয়।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা:সত্যেন্দ্ৰনাথ শৰ্মা,সপ্তম সংস্কৰণ ১৯৯৬,পৃষ্ঠা নং ৩২৭
  2. 2.0 2.1 2.2 অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ৩৪
  3. অসমীয়া জীৱনী অভিধান,সম্পা:শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯ চন,পৃষ্ঠা নং ৩৪
  4. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা:সত্যেন্দ্ৰনাথ শৰ্মা,সপ্তম সংস্কৰণ ১৯৯৬,পৃষ্ঠা নং ৩২৭