কুটুম চৰাই
কুটুম চৰাই (Watercock) | |
---|---|
গুৰহাঁও, হাৰিয়ানাৰ ওচৰৰ বাচাই জলাহ অঞ্চলত এটা মতা কুটুম চৰাই | |
সংৰক্ষণ স্থিতি | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Gruiformes |
পৰিয়াল: | Rallidae |
গণ: | Gallicrex Blyth, 1852 |
প্ৰজাতি: | G. cinerea |
বৈজ্ঞানিক নাম | |
Gallicrex cinerea (Gmelin, 1789) |
কুটুম চৰাই (ইংৰাজী: Watercock, বৈজ্ঞানিক নাম: Gallicrex cinerea) 'Rallidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলচৰ চৰাইৰ প্ৰজাতি। ই সমগ্ৰ দক্ষিণ-পূব এছিয়াতে বহুলভাৱে বিস্তৃত হৈ আছে।
বিৱৰণ
[সম্পাদনা কৰক]পূৰ্ণবয়স্ক মতা কুটুম চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ৪৩ চে:মি: আৰু ওজন প্ৰায় ৪৭৬-৬৫০ গ্ৰাম হোৱা দেখা যায়। ইয়াৰ দেহৰ বৰণ ক'লা-মটিয়া আৰু ঠেংদুখন ৰঙা, ঠোঁট ক'লাবৰণীয়া। পোৱালি কুটুম চৰাইৰ ৰং বগা-চানেকীয়া আৰু ঠোঁট হালধীয়া তথা ঠেংদুখন সেউজীয়া। মাইকী কুটুম চৰাইৰ আকাৰ মতাটোতকৈ সৰু। ইয়াৰ দেহ প্ৰায় ৩৬ চে:মি: দীঘল আৰু ২৯৮-৪৩৪ গ্ৰাম ওজনৰ হোৱা দেখা যায়।
বিতৰণ
[সম্পাদনা কৰক]কুটুম চৰায়ে সাধাৰণতে দক্ষিণ এছিয়াৰ ভাৰত, পাকিস্তান, শ্ৰীলংকা, চীন, জাপান,ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াত প্ৰজনন কৰে বুলি জনা যায়। ই এই অঞ্চলসমূহৰ স্থানীয় চৰাই আৰু সমগ্ৰ বছৰ তাতে অতিবাহিত কৰে।
আচৰণ
[সম্পাদনা কৰক]কুটুম চৰাই সাধাৰণতে মানুহৰ সমাগমৰ পৰা আঁতৰি থাকে, ইহঁতক কাচিৎহে মুকলি অঞ্চলত দেখা পোৱা যায়। ৰাতিপুৱা আৰু গধূলি সময়ত ইহঁতে ডাঙৰকৈ মতা শুনা যায়।
খাদ্য
[সম্পাদনা কৰক]কুটুম চৰায়ে পোক-পতংগ, সৰু মাছ, গুটি আদি খাই জীয়াই থাকে। ই ঠোঁটেৰে অগভীৰ পানী বা বোকাময় অঞ্চলত খাদ্য বিচাৰি ফুৰে।
প্ৰজনন
[সম্পাদনা কৰক]ই সাধাৰণতে বিল বা কোনো জলাশয়ৰ পাৰৰ শুকান ঠাইত বাহ সাজে। এবাৰত কুটুম চৰায়ে ৩-৬টাকৈ কণী পাৰে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2012). "Gallicrex cinerea". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002926। আহৰণ কৰা হৈছে: 16 July 2012.
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6