কেশৱ কায়স্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেশৱ কায়স্থ
জন্ম - , -
অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

কেশৱ কায়স্থ (ইংৰাজী: Keshav kayastha) হৈছে এগৰাকী অসমীয়া সাহিত্যিক।

বংশ আৰু পৰিচয়[সম্পাদনা কৰক]

কেশৱ কায়স্থ আছিল শংকৰদেৱৰ ভায়েক বনগঞাগিৰি অথবা ৰামৰায়ৰ নাতি।

সাহিত্যৰাজি[সম্পাদনা কৰক]

কেশৱ কায়স্থই ভাগৱতৰ সপ্তম স্কন্ধ আৰু নৱম স্কন্ধ অনুবাদ কৰে। নৱম স্কন্ধত সুকন্যাৰ আখ্যান,দুৰ্বাসা অম্বৰীশৰ কথা, ইক্ষাকু বংশৰ কাহিনী, কাৰ্তবীৰ্যাঅৰ্জুনৰ কীৰ্তিকলাপ,যযাতি দেৱযানীৰ আখ্যান আদি ভালেখিনি কথা-কাহিনী পোৱা যায়।[1] কেশৱ কায়স্থ পাণ্ডিত্য আৰু দুয়োটা গুণেৰে অধিকাৰি আছিল।

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

কেশৱ কায়স্থই অষ্টম স্কন্ধৰ 'গ্ৰাহগজেন্দ্ৰ উপাখ্যান' ৰচনা কৰাৰ উল্লেখ পোৱা যায়। এওঁ খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ শেষাৰ্ধত উক্ত পুথিকেইখন ৰচনা কৰে।[2]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত,সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং: ১৭৯,১৮০
  2. অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সম্পা: ড° সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং: ১৮০