জিজ্ঞাসা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিজ্ঞাসা  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী বিষ্ণু তামুলী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮৭
আই.এচ.বি.এন. 81-7665-271-7

জিজ্ঞাসা(ইংৰাজী: Jigyasha) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। সংকলনখনত মুঠ ১৬ টা প্ৰবন্ধ আছে। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে পুত্ৰ অনিন্দ্য বৰগোহাঞি(মিঠু) আৰু প্ৰদীপ্ত বৰগোহাঞি(মিকু)ৰ হাতত দেউতাকৰ মৰমৰ উপহাৰ হিচাপে আগবঢ়াইছে। ২০০৬ চনৰ নৱেম্বৰ মাহত ষ্টুডেণ্টচ্ ষ্ট’ৰচ্ প্ৰকাশনৰ জিজ্ঞাসাৰ পৰা নতুন সংস্কৰণ প্ৰকাশ পায়।[1]

বিৱৰণ[সম্পাদনা কৰক]

জিজ্ঞাসাত সন্নিৱিষ্ট প্ৰবন্ধকেইটা হৈছে, 'অম্বিকাগিৰী ৰায়চৌধুৰীৰ চিঠি', 'এজন লেখকৰ স্বীকাৰোক্তি', 'দেহোপজীৱিনী', 'মৃত্যুৱে যাক মাৰিব নোৱাৰে', 'নেপোলিয়ন আৰুব মাডাম দ্য ষ্টেল', 'বৈজ্ঞানিক দৃষ্টিভংগী', 'ধৰ্মৰ ব্যৱসায়', 'পেট্ৰলিয়াম সভ্যতা', 'মেৰুদণ্ড পোন কৰি ৰখাৰ প্ৰয়োজন', 'আনাতোল ফ্ৰাঁ', 'মতাঁই', 'কিতাপৰ দোকানত', 'আজিৰ দিনটোৰ কাৰণে', 'গ্যেটেৰ এ'পিগ্ৰাম', 'হামিদা খাতুনলৈ এখন চিঠি' আৰু 'লা মাঞ্চাৰ মানুহজন'।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (ছেপ্তেম্বৰ, ২০১১). জিজ্ঞাসা. শ্ৰী অজয় কুমাৰ দত্ত. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]