নতুন সংসদ ভৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


সংসদ ভৱন
Sansad Bhavan

ভাৰতীয় সংসদ ভৱন, ২০২৩ চনৰ ২৭ মে’ত মুকলি হোৱাৰ তাৰিখত ছবিখনত দেখা গৈছে
সাধাৰণ তথ্য
প্ৰকাৰ সংসদ
ঠিকনা ১১৮, ৰফি মাৰ্গ, নতুন দিল্লী, দিল্লী
চহৰ নতুন দিল্লী
দেশ  ভাৰত
স্থানাংক 28°37′02″N 77°12′36″E / 28.61722°N 77.21°E / 28.61722; 77.21স্থানাংক: 28°37′02″N 77°12′36″E / 28.61722°N 77.21°E / 28.61722; 77.21
Groundbreaking ১ অক্টোবৰ ২০২০
সম্পূৰ্ণ ২৮ মে’ ২০২৩
নক্সা আৰু নিৰ্মাণ
স্থাপত্যবিদ বিমল পেটেল
Architecture firm এইচ চি পি ডিজাইন, প্লেনিং এণ্ড মেনেজমেণ্ট প্ৰাইভেট লিমিটেড। লিমিটেড।
মুখ্য ঠিকাদাৰ টাটা প্ৰজেক্টছ লিমিটেড
অন্য তথ্য
আসন ক্ষমতা ১,২৭২
(লোকসভা : ৮৮৮
ৰাজ্যসভা : ৩৮৪)
Website
sansad.in

সংসদ ভৱন (IAST: Sansad Bhavan) হৈছে ভাৰতৰ সাংসদৰ সভা। ই দেশৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত। ইয়াত লোকসভা আৰু ৰাজ্যসভা আছে, যিবোৰ ভাৰতৰ দ্বি-সদস্যীয় সংসদত ক্ৰমে নিম্ন আৰু উচ্চ সদন।

ভাৰতৰ "চেন্ট্ৰেল ভিষ্ট্ৰা" প্ৰকল্পৰ অংশ হিচাপে নতুন দিল্লীত এই নতুন সংসদ ভৱনটো নিৰ্মাণ কৰা হয়। ২০২৩ চনৰ ২৮ মে' তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক উদ্বোধন কৰে।[1]

"চেণ্ট্ৰেল ভিষ্ট্ৰা" ৰফি মাৰ্গত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে পুৰণি সংসদ ভৱন, বিজয় চʼক, ইণ্ডিয়া গেট, ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, উপ-ৰাষ্ট্ৰপতিৰ গৃহ, হায়দৰাবাদ হাউচ, সচিবালয় ভৱন, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু বাসগৃহ, মন্ত্ৰী ভৱন আদিয়ে আগুৰি আছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]