নবীন চন্দ্ৰ শৰ্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৱীন চন্দ্ৰ শৰ্মা
জন্ম অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

নবীন চন্দ্ৰ শৰ্মা (ইংৰাজী: Nabin Chandra Sarmah) অসমৰ এজন লোক - সাহিত্য আৰু সংস্কৃতিৰ গৱেষক আৰু গদ্য লেখক।

জন্ম[সম্পাদনা কৰক]

  • ১৯৩৮ চনত দৰং জিলাৰ ছিপাঝাৰৰ অঞ্চলৰ হাজৰিকাৰপাৰা গাঁৱত নবীন চন্দ্ৰ শৰ্মাৰ জন্ম হয়।[1]

শিক্ষা[সম্পাদনা কৰক]

  • দৰং জিলাৰ ছিপাঝাৰৰ অঞ্চলৰ হাজৰিকাৰপাৰা গাঁৱতে তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰি ছিপাঝাৰ হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[2]

কৰ্মজীৱন[সম্পাদনা কৰক]

  • তেওঁ গুৱাহাটীৰ বিশ্ববিদ্যালয়ত লোক-সংস্কৃতি বিভাগত কৰ্মজীৱনৰ পাতনি মেলে।[3]

সাহিত্যৰাজি[সম্পাদনা কৰক]

  • অসমীয়া সাহিত্যৰ আলোক ৰেখা
  • অসমীয়া ভাষা আৰু সাহিত্যৰ ৰূপৰেখা
  • পুৰণি অসমীয়া সাহিত্যৰ আলোক ৰেখা
  • অসমীয়া পাচালি সাহিত্য
  • অসমীয়া লোক-সংস্কৃতি আভাস
  • অসমৰ ওজাপালি
  • দৰং ৰাজবংশাৱলী
  • আদি দশম
  • শিৱপুৰাণ
  • কালিপুৰাণ
  • অসমীয়া মদ্ভাগৱত পুৰাণ[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • দুৰ্গাবৰ বৰকটকী বঁটা
  • সীতানাথ ব্ৰহ্ম চৌধুৰী বঁটা
  • ভাৰতীয় ভাষা সাহিত্য বঁটা
  • শ্ৰীমন্ত শংকৰদেৱ গৱেষণা বঁটা
  • শিল্পী বায়ন বঁটা[5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ, ২০১৯, পৃষ্ঠা নং ৬৭
  2. অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭
  3. অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ, ২০১৯, পৃষ্ঠা নং ৬৭
  4. অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ, ২০১৯, পৃষ্ঠা নং ৬৭
  5. অসমৰ লেখক পৰিচয়,ৰাবিব মচৰুৰ, (সম্পাদক)। ইণ্টাৰনেট সংস্কৰণ, প্ৰথম প্ৰকাশ,২০১৯, পৃষ্ঠা নং ৬৭