নৰনাৰায়ণ সেতু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নৰনাৰায়ণ সেতু

নৰনাৰায়ণ সেতু
নৰনাৰায়ণ সেতুখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
স্থানীয় যোগীঘোপা
তদাৰক সংস্থা অসম চৰকাৰ
ডিজাইনাৰ ট্ৰাছ ব্ৰিজ
মুঠ দৈৰ্ঘ্য ২.৫ কিঃমিঃ (১.৬ মাইল)
প্ৰস্থ ১১.৫০ মিটাৰ
নিৰ্মাণ আৰম্ভ হয় ১৯৮৭ চনৰ ডিচেম্বৰ মাহ
নিৰ্মাণ ব্যয় ৩৬৮ কোটি টকা
মুকলি ১৯৯৮
উদ্ঘাটন ১৯৯৮ চনৰ ১৫ এপ্ৰিল

নৰনাৰায়ণ সেতু অসমবঙাইগাঁও জিলাযোগীঘোপাত অৱস্থিত এখন ৰে'লপথ সংযোগী দলং৷ ১৬শ শতিকাৰ কোঁচ ৰজা নৰনাৰায়ণৰ নামত এই সেতুখন নিৰ্মাণ কৰা হৈছে৷


যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগ কৰাৰ উদ্দেশ্যে ১৯৮৩ চনৰ ১১ নৱেম্বৰত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে নৰনাৰায়ণ সেতুৰ আধাৰশিলা স্থাপন কৰিছিল৷ এই সেতুৰ দ্বাৰা অসম আৰু মেঘালয়ৰ মাজত দ্ৰুত যোগাযোগ ব্যৱস্থা গঢ়ি উঠিছে৷ ৰে'লপথে যোগীঘোপা ষ্টেছনৰ পৰা কামাখ্যা জংছনলৈ সংযোগ কৰিছে৷ এই সেতু নিৰ্মানৰ বাবে প্ৰথম সন্মতি প্ৰদান কৰিছিল ১৯৮৭ চনৰ ডিচেম্বৰ মাহত৷ ইয়াৰ ১৫ বছৰৰ পিছত ১৯৯৮ চনৰ ১৫ এপ্ৰিলত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আনুষ্ঠানিকভাৱে নৰনাৰায়ণ সেতু উদ্বোধন কৰে৷


নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য ২.২৮৪ কিলোমিটাৰ৷ বহল ১১.৫০ মিটাৰ আৰু গভীৰতা ১৮.৫০ মিটাৰ৷ এই সেতু নিৰ্মানত মুঠ ৩৬৮ কোটি টকা ব্যয় কৰা হয়৷[1]


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. [1] Archived 2014-03-16 at the Wayback Machine ঐতিহাসিক যোগীঘোপা আৰু নৰনাৰায়ণ সেতু, প্ৰণৱ কুমাৰ ডেকা, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২

বৰ্হি সংযোগ[সম্পাদনা কৰক]