পাঠক

অসমীয়া ৱিকিপিডিয়াৰ পৰা


পাঠক (ইংৰাজী: Pathak) হৈছে ব্ৰাহ্মণৰ এটা সম্প্ৰদায়। পাঠকসকলে ভাৰতৰ ন্যায়াধীশ আৰু উপ-ৰাষ্ট্ৰপতি ৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল। পাঠক শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে পঢ়ুৱৈ অথবা যি জানিবলৈ বা জ্ঞান লাভ কৰিবলৈ উৎসুক।

পুৰণি কালত ব্যৱহাৰ[সম্পাদনা কৰক]

হিন্দু ধৰ্মত, ধৰ্মৰ বাণী প্ৰচাৰ কৰা আৰু শিক্ষা প্ৰদান কৰা লোকসকল ব্ৰাহ্মণ সম্প্ৰদায় অন্তৰ্গত। হিন্দু ধৰ্মৰ মতে, পাঠকেই হৈছে আটাইতকৈ উচ্চ শ্ৰেণী। ৰামায়ণ আৰু মহাভাৰতত ব্ৰাহ্মণ লোকৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ আছে। বৈদিক সময়ত, ব্ৰাহ্মণ সকল অকলশৰীয়াকৈ বাস কৰি ভাল পাইছিল। সেই সময়ত তেওঁলোকে নিজৰ জীৱনটো জ্ঞান আৰু ধৰ্মৰ প্ৰসাৰত উৎসৰ্গা কৰিছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ[সম্পাদনা কৰক]

পাঠক উপাধিটো গুজৰাট, পঞ্জাব, মহাৰাষ্ট্ৰ, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, অসম, উত্তৰাখণ্ডৰ লোকসকলে ব্যৱহাৰ কৰে। ইয়াৰ উপৰিও নেপালকাঠমাণ্ডু, ঝাপা আদি ঠাইৰ লোকে এই উপাধি ব্যৱহাৰ কৰে।

পাঠক উপাধিৰ প্ৰসিদ্ধ ব্যক্তি[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]