প্ৰযুক্তি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিংশ শতিকাৰ মাজভাগমানত মানুহে পৃথিৱীৰ বায়ুমণ্ডল এৰি প্ৰথমবাৰৰ বাবে মহাকাশলৈ যাবলৈ জোখাৰ প্ৰযুক্তিগত জ্ঞান লাভ কৰিলে

প্ৰযুক্তি হৈছে কোনো সমস্যা সমাধানৰ বাবে নাইবা কোনো কামত লগাবৰ বাবে সঁজুলি, কৌশল, শিল্প, প্ৰণালী বা সজোৱাৰ পদ্ধতিৰ সৃষ্টি কৰা, ব্যৱহাৰ কৰা আৰু জ্ঞান লাভ কৰা। প্ৰযুক্তি শব্দৰ ইংৰাজী প্ৰতিশব্দ ‘technology’ আহিছে গ্ৰীক τεχνολογία (technología) (মূল τέχνη অৰ্থাৎ téchnē) শব্দৰ পৰা আহিছে যাৰ অৰ্থ হ’ল কলা, দক্ষতা বা শিল্প।[1] শব্দটো সাধাৰণভাৱে নাইবা কোনো বিশেষ ক্ষেত্ৰত যেনে: "নিৰ্মান প্ৰযুক্তি", "স্বাস্থ্য প্ৰযুক্তি", "তথ্য প্ৰযুক্তি" আদিত প্ৰয়োগ কৰিব পাৰি।

মানৱ আৰু আন জীৱ-জন্তুক চৌপাশৰ পৰিবেশক নিয়ন্ত্ৰণ কৰিবলৈ বা খাপ খুৱাই লোৱাত প্ৰভূত সহায় কৰে। প্ৰাকৃতিক সম্পদক সাধাৰণ সঁজুলিলৈ ৰূপান্তৰ কৰি লোৱাৰে পৰা মানৱ প্ৰজাতিয়ে প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰে। জুই নিয়ন্ত্ৰণৰ ক্ষমতাৰ প্ৰাক্‌-ঐতিহাসিক আৱিষ্কাৰে মানুহক খাদ্যৰ উৎস বঢ়োৱাত সহায় কৰিলে; আৰু চকাৰ উদ্ভাৱনে যাত্ৰা কৰাত আৰু চৌপাশৰ পৰিবেশৰ জ্ঞান আয়ত্ব কৰাত সহায় কৰিলে। শেহতীয়া প্ৰযুক্তিগত উন্নয়ন যেনে- চপাশাল, টেলিফোন আৰু ইণ্টাৰনেটে যোগাযোগৰ বাধা আঁতৰ কৰিছে আৰু গোলকীয় মাপত আদান-প্ৰদানৰ সুযোগ দিছে। কিন্তু সকলো প্ৰযুক্তিয়েই শান্তিৰ কামত ব্যৱহৃত হোৱা নাই। ধ্বংসাত্মক অস্ত্ৰৰ উদ্ভাৱন আৰু ব্যৱহাৰ সহায়েই চলি আহিছে, লাগিলে সি সাধাৰণ মুদ্গৰৰেই হওক বা পাৰমাণৱিক অস্ত্ৰই হওক।

প্ৰযুক্তিয়ে সমাজক নানাধৰণেৰে প্ৰভাৱিত কৰিছে। বহুতো সমাজে প্ৰযুক্তিৰ সহায়ত উচ্চতৰ অৰ্থনীতি গঢ়ি তুলিছে (আজিকালিৰ গোলকীয় অৰ্থনীতিকে ধৰি) আৰু সামাজিক শ্ৰেণীক অৱকাশৰ সুযোগ দিছে। পৃথিৱী আৰু ইয়াৰ প্ৰাকৃতিক পৰিবেশ বিনষ্ট কৰা প্ৰদূষণ আৰু হ্ৰাসিত প্ৰাকৃতিক সম্পদৰ সমস্যাও প্ৰযুক্তিৰে দান। নতুন প্ৰযুক্তিয়ে সমাজৰ মূল্যবোধক প্ৰভাৱিত কৰাৰ উপৰিও ন-ন নৈতিক প্ৰশ্নৰ জন্ম দিয়ে। উদাহৰণস্বৰূপে মানৱ উৎপাদনশীলতাত দক্ষতাৰ বৰ্ধমান ধাৰণা যিটো আগতে কেৱল যন্ত্ৰৰ বাবেহে প্ৰয়োগ কৰা হৈছিল আৰু আন আন পৰম্পৰাগত ৰীতিৰ প্ৰত্যাহ্বান।

প্ৰযুক্তিয়ে মানুহৰ অৱস্থা উন্নত কৰেনে অনুন্নত কৰে আৰু ইয়াৰ ভৱিষ্যত সম্পৰ্কে দাৰ্শনিক তৰ্ক-বিতৰ্ক বহুকালৰে পৰা চলি আহিছে। নব্য-লুডিবাদ(Neo-Luddism),। নৈৰাজ্য-আদিবাদ(anarcho-primitivism) আৰু তেনে বিপ্লৱবোৰে আধুনিক জগতত প্ৰযুক্তিৰ বহুল প্ৰসাৰে পৰিবেশ আৰু মানৱতা বিনষ্ট কৰা বুলি সমালোচনা কৰি আহিছে। আনহাতে প্ৰযুক্তি-প্ৰগতিবাদৰ দৰে ধাৰণাই প্ৰযুক্তিক সমাজ আৰু মানুহৰ অৱস্থাৰ উন্নতিৰ বাবে লাভদায়ক বুলি যুক্তি দৰ্শায়। কিছুবছৰৰ আগলৈকে প্ৰযুক্তিৰ বিকাশ কেৱল মানুহৰ মাজত সীমাবদ্ধ বুলি ভবা হৈছিল, কিন্তু শেহতীয়া বৈজ্ঞানিক তথ্যৰ পৰা জানিব পৰা গৈছে যে আন প্ৰাইমেট আৰু কোনো কোনো ডলফিন প্ৰজাতিয়ে সাধাৰণ সঁজুলিৰ জ্ঞান বিকাশ কৰি সেয়া পিছৰ প্ৰজন্মলৈ পঠিয়াবলৈ শিকিছে।

সংজ্ঞা আৰু ব্যৱহাৰ[সম্পাদনা কৰক]

ছপাশালৰ উদ্ভাৱনে বিজ্ঞানী আৰু ৰাজনীতিবিদসকলক সহজে ভাৱৰ আদান-প্ৰদান কৰাত সহায় কৰিলে

"প্ৰযুক্তি" শব্দটোৰ ব্যৱহাৰ যোৱা ২০০ বছৰত ভালেখিনি সলনি হৈছে। বিংশ শতিকাৰ আগলৈকে ইংৰাজী ভাষাত "technology" শব্দটোৱে ঘাইকৈ ব্যৱহাৰিক কলাৰ অধ্যয়ন বা বিৱৰণহে বুজাইছিল।[2] মাছাচুচেট্‌ছ প্ৰযুক্তি প্ৰতিষ্ঠানৰ(Massachusetts Institute of Technology ) দৰে প্ৰযুক্তিগত শিক্ষাৰ ক্ষেত্ৰতো শব্দটোৰ ব্যৱহাৰ হৈছিল।[3] বিংশ শতিকাৰ দ্বিতীয় ঔদ্যোগিক বিপ্লৱৰ সময়তে শব্দটোৰ প্ৰচলন বাঢ়ি আহে। থৰষ্টেইন ভেবলিন(Thorstein Veblen)কে আদি কৰি আমেৰিকান সমাজবিজ্ঞানীসকলে জাৰ্মান "Technik" শব্দৰ ভাৱানুবাদ ইংৰাজীত "technology" হিছাপে কৰে। ১৯৩০ চন মানৰে পৰা "প্ৰযুক্তি"য়ে ঔদ্যোগিক কলাৰ অধ্যয়নৰ সলনি ঔদ্যোগিক কলাকে বুজাবলৈ ধৰে।[4]

১৯৩৭ চনত আমেৰিকান সমাজবিদ ৰিড বেইনে কয় যে "সকলো সঁজুলি, বাচন, অস্ত্ৰ, ঘৰ, যন্ত্ৰ, বস্ত্ৰ, যোগাযোগ তথা যাতায়তৰ সামগ্ৰী আৰু সেইবোৰ তৈয়াৰ বা ব্যৱহাৰ কৰা আমাৰ সমগ্ৰ কৌশল প্ৰযুক্তিৰ অন্তৰ্গত"।[5] বেইনৰ এই সংজ্ঞা সমাজবিদসকলৰ মাজত জনপ্ৰিয়। কিন্তু সমাজবিদসকলে নাকচ কৰা প্ৰযুক্তিৰ ব্যৱহাৰিক বিজ্ঞান সংক্ৰান্তীয় সংজ্ঞাটোহে বিজ্ঞানী আৰু অভিযন্তাসকলৰ মাজত জনপ্ৰিয়।[6]

অভিধান আৰু পণ্ডিতসকলে প্ৰযুক্তিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। মেৰিয়াম ৱেবষ্টাৰ অভিধানৰ মতে ই হ’ল-"কোনো বিশেষ ক্ষেত্ৰত জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগ" আৰু "জ্ঞানৰ ব্যৱহাৰিক প্ৰয়োগৰ পৰা উপজা দক্ষতা""।[1] উৰ্চুলা ফ্ৰেংকলিনএ আন এটা সংজ্ঞা দিছিল এই বুলি যে-"ই এক অভ্যাস, আমি কামবোৰ যিদৰে কৰোঁ (practice, the way we do things around here)।[7] আজিকালি শব্দটোক প্ৰযুক্তিৰ কোনো বিশেষ ক্ষেত্ৰ যেনে উচ্চ প্ৰযুক্তি বা উপভোক্তা ইলেকট্ৰনিক্‌চ বুজাবলৈও ব্যৱহাৰ কৰা হয়।[8] বাৰ্নাড ষ্টিগলাৰ(Bernard Stiegler)এ "Technics and Time, 1 গ্ৰন্থত প্ৰযুক্তিৰ সংজ্ঞা দুই ধৰণে দিছে: "জীৱনৰ বাদে অন্য উপায়েৰে জীৱনৰ সন্ধান"(the pursuit of life by means other than life) আৰু "সংগঠিত অজৈৱ পদাৰ্থ"(organized inorganic matter)।[9] ষ্টিগলাৰে শেহতীয়াকৈ কৈছে যে জৈৱপ্ৰযুক্তিক "সংগঠিত অজৈৱ পদাৰ্থ" বুলি ক’ব পৰা নাযাব আৰু "জৈৱ পদাৰ্থৰ পুনৰ্সংগঠন"হে ইয়াৰ বাবে উপযোগী।[10]

‘প্ৰযুক্তি’ শব্দটোক বিভিন্ন কৌশলৰ সমষ্টি বুজাবলৈও ব্যৱহাৰ কৰিব পাৰি। এই দিশত ই হৈছে সামগ্ৰী উৎপাদনৰ বাবে সম্পদৰ প্ৰয়োগ, সমস্যা সমাধান, প্ৰয়োজন পূৰা কৰা বা সন্তুষ্টিৰ বাবে মানৱ জ্ঞানৰ অৱস্থা। বিভিন্ন প্ৰণালী, দক্ষতা, কৌশল, সঁজুলি আৰু কেঁচামাল ইয়াত সন্নিৱিষ্ট। আন শব্দৰ লগত একেলগে ব্যৱহাৰ কৰিলে, যেনে-"ভেষজ প্ৰযুক্তি" বা "মহাকাশ প্ৰযুক্তি"য়ে সেই ক্ষেত্ৰৰ জ্ঞান আৰু সঁজুলিৰ অৱস্থা বুজায়। "ষ্টেট-অৱ-দা-আৰ্ট" প্ৰযুক্তিয়ে যিকোনো ক্ষেত্ৰত উপলব্ধ উচ্চ প্ৰযুক্তিক বুজায়।

প্ৰযুক্তিক সংস্কৃতি নিৰ্মাণ বা সলনি কৰা কাৰ্য্য বুলিও ক’ব পাৰি।[11] তাৰ উপৰিও জীৱনৰ উন্নতিৰ বাবে গণিত, বিজ্ঞান আৰু কলাৰ প্ৰয়োগো প্ৰযুক্তি। উদাহৰণস্বৰূপে যোগাযোগ প্ৰযুক্তিয়ে মানুহৰ ভাৱ আদান-প্ৰদানৰ বাধা আঁতৰাই নতুন উপ-সংস্কৃতি গঢ় দিয়াত সহায় কৰিছে; তেনেকৈ চাইবাৰ সংস্কৃতিৰ অন্তৰালত আছে ইণ্টাৰনেট আৰু কম্পিউটাৰৰ বিকাশ।[12] সকলো প্ৰযুক্তিয়ে সংস্কৃতিৰ সৃষ্টিমূলক বিকাশ নকৰে; ইয়াক বন্দুকৰ দৰে সঁজুলিৰ জৰিয়তে ৰাজনৈতিক উৎপীড়ন আৰু যুদ্ধৰ কামতো ব্যৱহাৰ কৰা হয়।

References[সম্পাদনা কৰক]

  1. 1.0 1.1 "Definition of technology". Merriam-Webster. http://mw1.merriam-webster.com/dictionary/technology। আহৰণ কৰা হৈছে: 2007-02-16. 
  2. For ex., George Crabb, Universal Technological Dictionary, or Familiar Explanation of the Terms Used in All Arts and Sciences, Containing Definitions Drawn From the Original Writers, (London: Baldwin, Cradock and Joy, 1823), s.v. "technology."
  3. Julius Adams Stratton and Loretta H. Mannix, Mind and Hand: The Birth of MIT (Cambridge: MIT Press, 2005), 190-92. ISBN 0262195240.
  4. Eric Schatzberg, "Technik Comes to America: Changing Meanings of Technology Before 1930," Technology and Culture 47 (July 2006): 486-512.
  5. Read Bain, "Technology and State Government," American Sociological Review 2 (December 1937): 860.
  6. Donald A. MacKenzie and Judy Wajcman, "Introductory Essay" in The Social Shaping of Technology, 2nd ed. (Buckingham, England : Open University Press, 1999) ISBN 0-335-19913-5.
  7. Franklin, Ursula. "Real World of Technology". House of Anansi Press. http://www.anansi.ca/titles.cfm?series_id=4&pub_id=58। আহৰণ কৰা হৈছে: 2007-02-13. 
  8. "Technology news". BBC News. http://news.bbc.co.uk/1/hi/technology/default.stm। আহৰণ কৰা হৈছে: 2006-02-17. 
  9. Stiegler।first=Bernard। title=Technics and Time, 1: The Fault of Epimetheus (1998). Stanford University Press. পৃষ্ঠা. 17, 82. ISBN 0-8047-3041-3. 
  10. Stiegler, Bernard (2008।publisher=La Découverte). L'avenir du passé: Modernité de l'archéologie. পৃষ্ঠা. 23. ISBN 2-7071-5495-4. 
  11. Borgmann। first=Albert (2006). format=fee required। accessdate=2007-02-16। doi=10.1353/cjs.2006.0050 "Technology as a Cultural Force: For Alena and Griffin". The Canadian Journal of Sociology খণ্ড 31 (3): 351–360. http://muse.jhu.edu/login?uri=/journals/canadian_journal_of_sociology/v031/31.3borgmann.html। format=fee required। accessdate=2007-02-16। doi=10.1353/cjs.2006.0050. 
  12. "Defining Cyberculture". http://macek.czechian.net/defining_cyberculture.htm। আহৰণ কৰা হৈছে: 2007-05-25। author=Macek, Jakub. 

বহিঃসংযোগ[সম্পাদনা কৰক]