প্ৰাকৃতিক সম্পদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰাকৃতিক সম্পদ (ইংৰাজী: Natural Resources) হৈছে প্ৰকৃতিৰ বুকুত পোৱা যিবোৰ পদাৰ্থ জীৱৰ জীৱন তথা জীৱনধাৰণৰ বাবে আৱশ্যক। মাটি,পানী,বায়ু,খনিজ পদাৰ্থ,উদ্ভিদ তথা প্ৰাণী আদি সকলো প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। প্ৰকৃতিবিদ ৰবাৰ্ট.ডি.হামৰিনৰ মতে প্ৰাকৃতিক সম্পদ হল “The ultimate supply factor – will act either as serious constraint or as a vibrant, sustaining contributor to growth. ”প্ৰাকৃতিক সম্পদবোৰ – জৈৱ ৰাসায়নিক আৰু ভৌগোলিক বিৱৰ্তনৰ মূল উৎস। ইয়াক কোনেও নিজ ইচ্ছাত পৰিচালিত কৰিব নোৱাৰে। অৱশ্যে এই সম্পদ সমূহ একমাত্ৰ মানুহৰ প্ৰতিভা আৰু প্ৰয়োজনীয় প্ৰযুক্তি বিদ্যাৰ বলতহে মূল্যবান হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰসংঘৰ মতে প্ৰাকৃতিক পৰিবেশত বিদ্যমান আৰু সমাজৰ উপকাৰৰ বাবে ব্যৱহাৰ যোগ্য যিকোনো সামগ্ৰীয়েই প্ৰাকৃতিক সম্পদ। এই হিচাপে ভুভাগ,জলজ সম্পদ,খনিজ সম্পদ,বনজ সম্পদ,জলবায়ু এই সকলোবোৰ প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত। [1]

প্ৰকাৰ[সম্পাদনা কৰক]

বেলজিয়ামৰ এটা শক্তি উৎপাদন কেন্দ্ৰ
  • ৰাসায়নিক গঠন,উৎস,ব্যৱহাৰ,প্ৰাচুৰ্য্যতা আদি বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক নানা ধৰণেৰে বিভক্ত কৰা হৈছে। উৎপত্তিৰ উৎস তথা ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক তিনিটা ভাগত ভগাব পাৰি। যেনে –
    • অজৈৱ সম্পদ (Inorganic resources) : উদাহৰণ – বায়ু, পানী, বিভিন্ন ধাতু ইত্যাদি।
    • জৈৱ সম্পদ (Organic resources) : উদাহৰণ – উদ্ভিদ, প্ৰাণী, বিয়োজক সমূহ, কয়লা, কাঠ, খনিজ তেল ইত্যাদি।
    • মিশ্ৰ সম্পদ (Mixed resources) : জৈৱ আৰু অজৈৱ সম্পদৰ মিশ্ৰণ। উদাহৰণ – মাটি।
  • অৱস্থান আৰু মালিকানাৰ ওপৰত ভিত্তি কৰি প্ৰাকৃতিক সম্পদক আকৌ তিনিটা ভাগত ভগাব পাৰি। যেনে –
    • দেশীয় (National) : দেশৰ চাৰিসীমাৰ মাজত আৱদ্ধ। উদাহৰণ – খনিজ পদাৰ্থ, মাটি ইত্যাদি।
    • বহুদেশীয় (Multinational) : বহুদেশে ভগাই ব্যৱহাৰ কৰা সম্পদ। উদাহৰণ – কিছুমান নদী, হ্ৰদ,পৰিভ্ৰমী চৰাই আদি।
    • আন্তৰ্জাতিক (International) : পৃথিৱীৰ সকলো দেশে ব্যৱহাৰ কৰা সম্পদ। উদাহৰণ – সাগৰ, বায়ু, সূৰ্যৰ পোহৰ ইত্যাদি।[1]
  • প্ৰাচুৰ্য্যতা আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদক দুটা ভাগত বিভক্ত কৰিব পাৰি।
    • অক্ষয় সম্পদ (Inexhaustible resources) : যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিলেও শেষ হোৱাৰ সম্ভাৱনা নাথাকে তেনেবোৰ সম্পদক অক্ষয় সম্পদ বোলে। উদাহৰণ – বায়ু, বালি, পানী, জোৱাৰৰ শক্তি (Tidal energy)ইত্যাদি।
    • ক্ষয়শীল সম্পদ (Exhaustible resources) : যিবোৰ প্ৰাকৃতিক সম্পদ অতিৰিক্ত ব্যৱহাৰৰ ফলত শেষ হোৱাৰ সম্ভাৱনা থাকে সেইবোৰ সম্পদক ক্ষয়শীল সম্পদ বোলে। উদাহৰণ – উদ্ভিদ, পানী, মাটি, বিভিন্ন ধাতু ইত্যাদি। ক্ষয়শীল সম্পদবোৰক পুনৰ দুটা ভাগত ভগাব পাৰি।
    • নৱীকৰণ সম্পদ (ইংৰাজী: Renewable resource) : যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ বুকুৰ পৰা পুনৰুদ্ধাৰ কৰা সম্ভৱ সেইবোৰক নৱীকৰণ সম্পদ বোলে। উদ্ভিদ, মাটি, পানী আৰু প্ৰাণীসমূহ ইয়াৰ অন্তৰ্ভুক্ত। নৱীকৰণ সম্পদবোৰ পুনৰুদ্ধাৰ কৰিব পাৰি যদিও এইবোৰক অক্ষয় সম্পদ বুলিব নোৱাৰি। কাৰণ প্ৰকৃতিয়ে নিজৰ ক্ষমতাৰ দ্বাৰা এই সম্পদবোৰ নৱীকৰণ কৰে। কোনো কোনো ক্ষেত্ৰত এই সম্পদ সমূহৰ সম্পূৰ্ণ নৱীকৰণ সম্ভৱ নহয় নাইবা ই অতি মন্থৰ গতিত হয়। নৱীকৰণ আৰু অনৱীকৰণ সম্পদসমূহ এটাই আনটোৰ ওপৰত নিৰ্ভৰশীল।
    • অনৱীকৰণ সম্পদ (ইংৰাজী: Non-renewable resource) : যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰৰ পিছত প্ৰকৃতিয়ে পুনৰ সৃষ্টি কৰিব নোৱাৰে নাইবা অতি মন্থৰ গতিত সৃষ্টি হয় সেইবোৰক অনৱীকৰণ সম্পদ বোলে। খনিজ তেল, কয়লা বিভিন্ন ধাতু ইয়াৰ অন্তৰ্ভুক্ত।[2]

প্ৰধান প্ৰাকৃতিক সম্পদ[সম্পাদনা কৰক]

অৰণ্য সম্পদ[সম্পাদনা কৰক]

বনাঞ্চল

অৰণ্য সম্পদ বুলিলে অৰণ্যৰ গছ-গছনি,হাবি-বন আদিৰ কথাহে ধৰা হয়। এখন দেশৰ প্ৰাকৃতিক পৰিবেশ সুস্থ কৰি ৰাখিবৰ বাবে শতকৰা ৩৩ভাগ ঠাই অৰণ্যই আৱৰা হব লাগে।

অৰ্থনৈতিক ব্যৱহাৰ

অৰণ্যৰপৰা আমি বিভিন্ন ধৰণৰ অৰ্থনৈতিক সামগ্ৰী যেনে - কাঠ,খৰি,কাগজ,খাদ্য সামগ্ৰী,আঠা,ৰেচিন,তেল,ৰবৰ সূতা,লা,বাঁহ-বেত,সুগন্ধি দ্ৰব্য,ঔষধ,ড্ৰাগ ইত্যাদি পাওঁ। অৰণ্যৰ প্ৰধান উৎপাদন হ’ল কাঠ। এই কাঠ ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও আন বহুতো কামত প্ৰয়োজন হয়। আমাৰ দেশৰ অৰণ্যত প্ৰায় ২৫,০০০ বিধ মূল্যৱান ঔষধি গছ আছে। এই গছ সমূহৰপৰা বিভিন্ন ৰোগ নিৰাময়ৰ উপাদানবোৰ সংগ্ৰহ কৰা হয়। জিৰনি আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ স্থল হিচাপেও অৰণ্যসমূহ ব্যৱহাৰ কৰা হয়।

পৰিস্থিতিক ব্যৱহাৰ

অৰণ্যত উৎপাদিত গছসমূহে অৰ্থনৈতিক দিশত অৰিহনা যোগোৱাৰ লগতে পৰিবেশৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান যোগায়।

  • অক্সিজেন উৎপাদন-সালোক সংশ্লেষণ প্ৰক্ৰিয়াত গছসমূহে বায়ুমণ্ডলৰপৰা কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰি অক্সিজেনক উপজাত দ্ৰব্য হিচাপে নিষ্কাষণ কৰে। এনেদৰে উদ্ভিদে বায়ুমণ্ডল বিশুদ্ধ কৰাৰ উপৰিও কাৰ্বন চক্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। তদুপৰি সালোক সংশ্লেষণৰ ফলত উৎপন্ন হোৱা অক্সিজেন পৃথিৱীত জীৱ বৰ্তি থকাৰ বাবে অতি উপযোগী। সেয়েহে গছক “পৃথিৱীৰ হাওঁফাওঁ”(Earth’s lungs)বুলি কোৱা হয়।
  • গোলকীয় উত্তাপ কমোৱা : উদ্ভিদসমূহে সালোক সংশ্লেষণৰ বাবে বায়ুমণ্ডলৰ পৰা CO2 গ্ৰহণ কৰি বায়ুমণ্ডলত CO2 ৰ পৰিমাণ কমাই ৰাখে। ফলত গোলকীয় উত্তাপ বৃদ্ধিৰ সমস্যাৰ পৰা কিছু পৰিমাণে ৰক্ষা পৰিব পৰা যায়।
  • বন্য প্ৰাণীৰ আশ্ৰয়স্থল : অৰণ্যসমূহ হৈছে পৃথিৱীৰ সৰ্বাধিক জৈৱ বৈচিত্ৰ্যময় অঞ্চল। কেৱল ক্ৰান্তীয় বনাঞ্চল সমূহতেই প্ৰায় ৭ মিলিয়ন প্ৰজাতি বাস কৰে।
  • জলীয় চক্ৰৰ নিয়ন্ত্ৰণ : বৰষুণৰ পিছত অৰণ্যৰ গছ-গছনি সমূহে অতি সোনকালে স্পঞ্জৰ নিচিনাকৈ মাটিৰ পৰা পানীভাগ শিপাৰে শোষণ কৰি লয়। আনহাতে ক্ৰান্তীয় বনাঞ্চলৰ ওপৰত থকা ৫০-৮০ শতাংশ আদ্ৰতা এই উদ্ভিদসমূহৰ বাষ্পীভৱনৰ ফলত হয় আৰু এই আদ্ৰতাই পুনৰ বৰষুণৰ সৃষ্টি কৰাত সহায়ক হয়।
  • ভূমি সংৰক্ষণ : বনাঞ্চলসমূহ ভূমিস্খলন,গৰাখহনীয়া আদি ৰোধ কৰাৰ বাবে অপৰিহাৰ্য্য।
  • প্ৰদূষণ নিয়ন্ত্ৰণ : অৰণ্যসমূহে নানা ধৰণৰ বিষাক্ত গেছ শোষণ কৰি লৈ বায়ুমণ্ডলক বিশুদ্ধ কৰি ৰাখে। বনাঞ্চলে শব্দ প্ৰদুষণ ৰোধ কৰাতো সহায় কৰে।[1]

জল সম্পদ[সম্পাদনা কৰক]

মহাসাগৰ হৈছে নৱীকৰণ সম্পদৰ উদাহৰণ

পানী প্ৰকৃতিৰ এক মূল্যবান নবীকৰণ সম্পদ। পৃথিৱীৰ বায়ুমণ্ডলত মুঠ ১.৪ বিলিয়ন কিউবিক কিলোমিটাৰ পানী আছে। ইয়াৰে ৯৭ শতাংশ সাগৰীয় পানী আৰু মাত্ৰ ৩ শতাংশ নিৰ্মল পানী। এই তিনি শতাংশ নিৰ্মল পানীৰ ৭৭.২ শতাংশ বৰফ আকাৰে হিমবাহত জমা হৈ আছে,২২.৪ শতাংশ ভূ্গৰ্ভত থকা পানী আৰু মাত্ৰ ০.৩৬ শতাংশ নদী,খাল,বিল,হ্ৰদ আদিত থকা পানী। সাগৰে জলীয় চক্ৰ (ইংৰাজী: Hydrological cycle) ৰ দ্বাৰা পৃথিৱীত নিৰ্মল পানী যোগান ধৰে। প্ৰতি বছৰে সাগৰৰ পৰা ১.৪ ইঞ্চি ডাঠ স্তৰৰ পানী বাষ্পীভৱন হয়। তাৰে ৯০ শতাংশ পানী জলীয় চক্ৰৰ দ্বাৰা পুনৰ সাগৰলৈ ঘূৰি আহে। সৌৰশক্তিয়ে ভূপৃষ্ঠৰ ওপৰত থকা বিভিন্ন জল উৎসৰ পৰা পানীৰ বাষ্পীভৱন ঘটায় আৰু বৰষুণৰ পানী নাইবা বৰফ আকাৰেৰে পুনৰ ই ভূ-পৃষ্ঠলৈ উভতি আহে।

জল সম্পদৰ ব্যৱহাৰ

এজন পূৰ্ণাঙ্গ ব্যক্তিক দৈনিক তৃষ্ণা নিবাৰণৰ বাবে তিনি লিটাৰ পানীৰ প্ৰয়োজন। তেনেদৰে দৈনিক বিশ্বত প্ৰায় ৫বিলিয়ন ঘনলিটাৰ বিশুদ্ধ পানীৰ প্ৰয়োজন হয়। বিশ্বত শতকৰা ৭০ ভাগ পানী জলসিঞ্চনৰ কামত ব্যৱহাৰ হয়। ভাৰতবৰ্ষত ৯৩ শতাংশ পানী কৃষিকাৰ্য্যত ব্যৱহাৰ হয়। বিশ্বত শতকৰা ২৫ ভাগ পানী উদ্যোগ সমূহত প্ৰয়োজন হয়।

খনিজ সম্পদ[সম্পাদনা কৰক]

অনৱীকৰণ সম্পদৰ উদাহৰণ

খনিজ সম্পদ সমূহ অনৱীকৰণ সম্পদ। ১৯৯০-৯১ চনৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বত খনিজ তেলৰ ব্যৱহাৰ ৩.১ শতাংশ বৃদ্ধি পাইছে। আমেৰিকা,যুক্তৰাষ্ট্ৰ,কানাডা,দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াত পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ পদাৰ্থ পোৱা যায়। Geological Survey of India ৰ জৰিপ মতে ভাৰতবৰ্ষত ৮৪ বিধতকৈও অধিক খনিজ সম্পদ ইতিমধ্যে আহৰণ কৰা হৈছে।

খনিজ সম্পদৰ ব্যৱহাৰ[সম্পাদনা কৰক]

খনিজ সম্পদ বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা যায়। তাৰ ভিতৰত:

  1. শক্তি উৎপাদনৰ ক্ষেত্ৰত
  2. উদ্যোগ সমূহত
  3. যুদ্ধৰ অস্ত্ৰ নিৰ্মাণত
  4. নানা ধৰণৰ দৈনিক ব্যৱহাৰ হোৱা বাচন বৰ্ত্তন নিৰ্মাণত
  5. ঔষধ প্ৰস্তুতিকৰণত
  6. ইলেকক্ট্ৰনিক সামগ্ৰী নিৰ্মাণত
  7. অলঙ্কাৰ নিৰ্মাণত
  8. কৃষি কাৰ্য্যত
  9. ফটোগ্ৰাফী তৈয়াৰ কৰাত
  10. যানবাহন নিৰ্মাণত
  11. বিভিন্ন যন্ত্ৰ-পাতি, মেচিন নিৰ্মাণত
  12. ঘৰ-দুৱাৰ নিৰ্মাণত[1] Techdian Deb

ভাৰতৰ খনিজ সম্পদ[সম্পাদনা কৰক]

খনিজ সম্পদ অৱস্থান
কয়লা পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, অসম, মধ্যপ্ৰদেশ
প্ৰাকৃতিক গেছ অসম, গুজৰাট
পেট্ৰ’লিয়াম অসম, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ
থৰিয়াম তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰালা
ইউৰেনিয়াম বিহাৰ, কেৰালা, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মেঘালয়
জিপচাম ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, গুজৰাট
বক্সাইট বিহাৰ,মধ্যপ্ৰদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ
চূণশিল মধ্যপ্ৰদেশ, তামিলনাডু, অসম

[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 দীপালী দাস (২য় সংস্কৰণ ২০১২). পৰিবেশ অধ্যয়ন. ISBN 81-85-916-100-4. 
  2. "Peak Everything?". Reason.com. April 27, 2010. http://reason.com/archives/2010/04/27/peak-everything.