সমললৈ যাওক

বকতা জাপিসজীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বকতা জাপিসজীয়া গাঁও (ইংৰাজী: Bokata Japihajia Village) হৈছে অসমৰ এখন গাঁও। গাঁওখন শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাঁও। গাঁওখন শিৱসাগৰ মহকুমাৰ অন্তৰ্গত। গাঁওখন নেমুগুৰি থানা, ডাকঘৰ হলগুৰি (চেপন) অধীনত অৱস্থিত। গাঁওখনৰ সীমা দুটা জানেৰে নিৰূপিত কৰিছে বালিজান আৰু বিনুৱাজান। গাঁওখনৰ পূৱৰ সীমা জৰিগুৰি আৰু পশ্চিমৰ সীমা ডগৰীগুৰি বুলি ধৰা হয়। মাংগলিক কাৰ্যত গোৱা বাইক বচনতো এই সীমা‌ৰ কথা উল্লেখ কৰা হয়। গাঁওখনত এটা নামঘৰ, জাপিসজীয়া প্ৰাথমিক বিদ্যালয় আৰু বিনুৱাজান প্ৰাথমিক বিদ্যালয় নামেৰে দুখন প্ৰাথমিক বিদ্যালয়, এটা বয়ন শিল্প কেন্দ্ৰ আছে। তদুপৰি, এখন ঐতিহ্যমণ্ডিত হাবিদেও হালো গাঁওখনত আছে। এই হাবিদেও হালত পাঁচ বছৰৰ মূৰে মূৰে হাবিদেও পূজা কৰা হয়।

জনগাঁথনি

[সম্পাদনা কৰক]

গাঁওখনত মূলতঃ টাই আহোম সকলৰ পূৰোহিত শ্ৰেণী মহন,দেউধাই আৰু আহোম ৰাজত্ব‌কালত কটকীৰ কাৰ্য সম্পাদন কৰা কটকী লোকে বসবাস কৰি আহিছে। বৰ্তমান গাঁওখনত খনামুখীয়া মহন, দিহিঙীয়া মহন, ৰাজঘৰীয়া মহন, চেঙেলীমুৰীয়া মহন, ডাঙডেঙ দেওধাই, ছাগলী দেওধাই, হাতীবৰুৱা দেওধাই, কুকচা দেওধাই, আখৈয়া দেওধাই, কটকী আৰু দিহিঙীয়া লোকে বসবাস কৰি আছে।

বুৰঞ্জী মতে, অনুসৰি স্বৰ্গদেউ চুহুঙম্যুঙ বা দিহিঙীয়া ৰজাই বকতা‌ত ৰাজধানী পতাৰ সময়ত বহু লোকে বকতা‌ত নকৈ হাবি ভাঙি বসবাসৰ উপযোগী কৰি লৈছিল। বকতা‌ৰ পূব প্ৰান্তত অৱস্থিত জাপিসজীয়া গাঁৱো হাবি ভাঙি সেইসময়ৰ লোকসকলে গঢ়ি তুলিছিল। বসবাসৰ উপযোগী হোৱাৰ পাছত বিভিন্ন ঠাইৰ পৰা মানুহ প্ৰব্ৰজন হৈ বাস কৰিবলৈ লৈছিল। এই গাঁৱত প্ৰচুৰ পৰিমাণে বাহ,বেত,টকৌ পাত আদি উপলব্ধ আছিল। সেই সময়ৰ লোকসকলো আছিল বাহ বেতৰ কামত অতি নিপুণ। তেওঁলোকে বাহ বেতেৰে ভিন্ন ধৰণৰ নিত্য প্ৰয়োজনীয় বস্তু নিৰ্মাণ কৰিছিল। তাৰ ভিতৰত অন্যতম আছিল জাপি। টকৌপাত প্ৰচুৰ পৰিমাণে উপলদ্ধ হোৱাৰ বাবেই তেওঁলোকে সকলো ধৰণৰ জাপি নিৰ্মাণত সিদ্ধহস্ত আছিল‌। উল্লেখযোগ্য যে, আহোম স্বৰ্গদেউ‌সকলৰ প্ৰয়োজনীয় জাপি এই গাঁৱৰ পৰাই যোগান ধৰা হৈছিল। পিছলৈ ব্ৰিটিছ অহাৰ পাছতো গাওঁ‌খনৰ ওচৰতে অৱস্থিত আমলাগুৰি চাহ বাগিচা, কৃষ্ণ‌বিহাৰী চাহ বাগিচা, মহখুটি চাহ বাগিচাত কৰ্মৰত শ্ৰমিকৰ বাবে জাপি তেওঁলোকে যোগান ধৰিছিল। এইদৰেই, জাপি সজাত পাকৈত মানুহ বাস কৰাৰ বাবেই গাওঁ‌খনৰ নাম জাপিসজীয়া হল বুলি জনা যায়।

নীতি-পৰম্পৰা, উৎসৱ-পাৰ্বণ

[সম্পাদনা কৰক]
গাঁওখনৰ বয়জ্যেষ্ঠ ব্যক্তিসকল

পৰম্পৰা‌ৰ ক্ষেত্ৰটো গাঁওখন অন্য ঠাইৰ তুলনাত পৃথক। টাই আহোম সকলৰ নিজস্ব সকলো পৰম্পৰা অতি নিভাঁজ‌কৈ গাওঁ‌খনত সংৰক্ষিত হৈ আছে। গাওঁ খনত আহোমসকলৰ পৰম্পৰা অনুসৰি ডামক দিয়া, ফুৰালুং আদি সমাপন কৰা হয়। তদুপৰি আইসকলে নামঘৰত ভাদ নাম লয়। গাঁওখনৰ মৃতকৰ সৎকাৰ টাই আহোম পৰম্পৰা‌ৰে মৈদাম দি কৰা হয়। টাই আহোমৰ পুৰণি বহু সাঁচিপতীয়া পুথি গাঁৱখনত সংৰক্ষিত হৈ আছে। টাই আহোম‌সকলৰ মলুঙ শ্ৰেণীটোৱে অতি আটোম টোকাৰী‌কৈ এই পুথিসমূহৰ লগতে বহু পুৰণি বস্তু সুন্দৰকৈ সংৰক্ষণ কৰি ৰাখিছে। বিহুৰ বতৰত আটায়ে লগ লাগি স্ফূৰ্তি কৰে। ডেকা গাভৰু, বুঢ়া মেথা আটায়ে সুন্দৰ‌কৈ ঘৰে ঘৰে বিহু মাৰে। ঘৰৰ গৃহস্থই বিহুৱা ৰাইজৰ ওচৰত সেৱা লয়। এইদৰেই বছৰটোলৈ সকলোৱে একলগে থকাৰ পণ লয়। আইসকলে‌ও গছতলত সুকীয়া‌কৈ বিহু মাৰি পুৰণি পৰম্পৰা ধৰি ৰাখিছে। বিহুৰ অন্তত গাঁৱৰ আটায়ে মিলি ভোজভাত খায়। বহাগ বিহুৰ উপৰি গাঁওখনত অতি উলহ মালহেৰে চ্যুকাফা দিৱস, কাতি বিহু, মাঘ বিহু আদিও পালন কৰা হয়। চাকি- বন্তি জ্বলাই ব্যাপক কাৰ্যসূচিৰে মহান পুৰুষ চ্যাওল্যুঙ ছ্যুকাফা দিৱস উদযাপন কৰা হয়। মাঘবিহু‌ত পৰম্পৰাগত খেল ধেমালি কৰি ভোজভাত খাই আনন্দ স্ফূৰ্তি কৰে গাঁওবাসীয়ে। খেতিৰ বতৰত ইঘৰে সিঘৰক সহায় কৰা পৰম্পৰা গাঁওখনত বিদ্যমান। একোঘৰ মানুহ‌ত গাঁৱখনৰ কৰ্মঠ ডেকাসকলে লগ হৈ সহায় কৰি দিয়ে। গৃহস্থই‌ও মাছে-মঙহে, লাৱে-ভাতে ফুৰ্তি-আনন্দৰে সৈতে এসাঁজ খুৱায়। এইদৰেই গাঁওখনৰ সম্প্ৰীতিৰ এনাজৰী ডাল কটকটীয়া কৰি ৰাখিছে গাঁও‌বাসীয়ে।

বকতা জাপিসজীয়া গাঁওখন কৃষিজীৱী গাঁও। একশতাধিক পৰিয়ালে বসবাস কৰা গাওঁ খনৰ সৰহসংখ্যক লোকেই কৃষিজীৱী। মাত্ৰ ৬% লোকেহে চৰকাৰী চাকৰিত নিয়োজিত হৈ আছে। ১২% লোকে চাহখেতি কৰি জীৱিকা নিৰ্বাহ কৰিছে। বহু লোকে মুগাখেতিও কৰে।

শিক্ষা‌ৰ ক্ষেত্ৰতো গাঁওখন অতি চহকী। গাওঁ‌খনৰ পৰা বহুকেইজন গণ্য-মান্য লোক শিক্ষা দিক্ষাৰে চহকী হৈ জিলিকি উঠিছে। গাঁওখনৰ পৰা প্ৰথম উচ্চ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শ্ৰী যুত শৰৎ‌চন্দ্ৰ বৰুৱা‌দেৱ বৰ্তমান এজন প্ৰতিষ্ঠিত ব্যৱসায়ী। ২০১২ চনৰ পৰা গাওঁ‌খনত মহেন্দ্ৰ‌নাথ বৰুৱা‌ৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰি অহা হৈছে। উচ্চ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ দৰিদ্ৰ মেধাৱী ছাত্ৰ‌ক এই বঁটা দিয়া হয়। ছাত্ৰ প্ৰাঞ্জল মহন বৰুৱা‌ক এই বঁটা প্ৰথম‌বাৰৰ বাবে দিয়া হৈছিল।

সাহিত্য

[সম্পাদনা কৰক]
মইনাজ্যোতি মইনামেলৰ সদস্যসকল

সাহিত্যৰ ক্ষেত্ৰতো গাঁও‌বাসী পিছপৰা নহয়। বহু‌কেইজন যুৱক সাহিত্য ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। গল্প, কবিতা, প্ৰবন্ধ আদি বিভিন্ন বাতৰি কাকত, আলোচনী, ৰেডিঅ আদিত প্ৰচাৰ হৈছে। তদুপৰি সাহিত্য দিশটোৰ উন্নতি‌ৰ বাবে গাঁওখনত সময়ে সময়ে বহু‌কেইখন হাতে লিখা আলোচনী প্ৰকাশিত হয়। ২০১৪ চনৰ ৬ জুলাই তাৰিখে ম‌ইনাজ্যোতি ম‌ইনামেল নামৰ এটি অনুষ্ঠান গাঁওখনত জন্ম হয়। নৱপ্ৰজন্ম‌ক সাহিত্য, কলা, সংস্কৃতি সকলো দিশতে আগবঢ়াই নিয়াৰ উদ্দেশ্য এই অনুষ্ঠানটি জন্ম দিয়া হয়। এই অনুষ্ঠান‌ৰ পৰা বহু ঠাইত ভ্ৰাম্যমাণ অনুষ্ঠানো পৰিবেশন কৰা হৈছে। আকাশবাণী ডিব্ৰুগড়‌তো এই অনুষ্ঠান‌ৰ সদস্য সদস্যাই অনুষ্ঠান পৰিবেশন কৰি‌ছে।

গাঁও উন্নয়ন

[সম্পাদনা কৰক]

গাওঁখনৰ উন্নয়ন‌ৰ বাবে এখন উন্নয়ন সমিতি আছে। ২০১২ চনত চিত্ৰ ফুকনক সভাপতি আৰু দিলীপ ফুকনক সম্পাদক হিচাবে লৈ "বকতা জাপিসজীয়া উন্নয়ন সমিতি" নামেৰে গঠন কৰা হৈছিল। গাওঁ‌ৰ উন্নয়ন‌ৰ বাবে প্ৰয়োজনীয় পুজিৰ বাবে গাওঁ‌খনত এটা অতি সুন্দৰ ব্যৱস্থা প্ৰচলিত আছে। গাওঁ‌খনত থকা উন্নয়ন কমিটিৰ পৰা এটা জমা বাকচ প্ৰতিটো পৰিয়াল‌কে যোগান ধৰা হয়। বাকচৰ তলাৰ চাবি কমিটিৰ ওচৰত থাকে। সেই বাকচ নিদিষ্ট সময়ত খোলা হয়। আৰু কমিটিয়ে নিৰ্ধাৰণ কৰা নিদিষ্ট ধন লৈ বাকীখিনি ধন গৃহস্থক ঘূৰাই দিয়া হয়। গাওঁ‌বাসীৰ মনত সঞ্চয়ী মনোভাৱ এই ব্যৱস্থা‌ই বৃদ্ধি কৰিছে।