বিভিন্ন নৰক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিভিন্ন নৰক  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী ৰত্ন ওজা
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক
প্ৰকাৰ প্ৰবন্ধ সংকলন, ৰচনা
প্ৰকাশক মিত্ৰ এজেঞ্চি এণ্ড কোম্পানী
প্ৰকাশ জুলাই,১৯৬৬
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৯৮

বিভিন্ন নৰক (ইংৰাজী: Bivinno Norok) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। দাৰিদ্ৰৰ বিষয়ে কেইখনমান ৰচনা সন্নিৱিষ্ট সংকলনখন প্ৰথম ১৯৬৬ চনৰ জুলাই মাহত মিত্ৰ এজেঞ্চি এণ্ড কোম্পানীয়ে তিনিচুকীয়াৰ পৰা প্ৰকাশ কৰে। কিতাপখনৰ মূল্য আছিল তেতিয়া তিনি টকা পঁচিশ পইচা। এই সংকলনটি লেখক হোমেন বৰগোহাঞিয়ে নিজ দেউতাকলৈ উছৰ্গা কৰিছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত মুঠ ৮ খন ৰচনা আছে। সেইকেইখন যথাক্ৰমে, ‘এজনী তিৰোতা’, ‘চোৰ’, ‘ৰাইজৰ সেৱক’, ‘পাৰ্টি’, ‘ভাৰতবৰ্ষঃ ১৯৪৭-৬৫’, ‘এটা নতুন ভিক্ষাৰী’, ‘অহিংসা’ আৰু ‘ককাদেউতা আৰু নাতি ল’ৰা’। [1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (জুলাই,১৯৬৬). বিভিন্ন নৰক. শ্ৰীনৰেন্দ্ৰ নাথ দাস. 
  2. Sahitya Akademi Official website Archived 2008-05-13 at the Wayback Machine.
  3. Homen Borgohain

লগতে চাওক[সম্পাদনা কৰক]