বীণা বাৰুৱতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বীণা বাৰুৱতী

গঙা চিলনীৰ পাখিৰ এটা দৃশ্যত বীণা বাৰুৱতী
জন্ম টীয়ক, যোৰহাট
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা অভিনয় শিল্পী
উল্লেখযোগ্য কৰ্ম গঙা চিলনীৰ পাখি
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী মণি মেধি
পিতৃ-মাতৃ বিৰিঞ্চি কুমাৰ বাৰুৱতী
নীৰবালা বাৰুৱতী
সন্তান প্ৰজ্ঞা পাৰমিতা

বীণা বাৰুৱতী (ইংৰাজী: Bina Baruwati) এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী। দূৰদৰ্শন ধাৰাবাহিক আৰু মঞ্চত অভিনয় কৰাৰ উপৰিও তেওঁ আকাশবাণীৰ নাট্ বিভাগৰ এগৰাকী শিল্পী। পদুম বৰুৱা পৰিচালিত গঙা চিলনীৰ পাখি ছবিখনৰ কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ ভূমিকাত অভিনয়ৰ বাবে তেওঁক বিশেষভাবে জনা যায়।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

বীণা বাৰুৱতীৰ জন্ম হয় যোৰহাট জিলাটীয়কত। টীয়ক হাইস্কুল আৰু টীয়ক কলেজৰ পৰা তেওঁ স্কুলীয়া আৰু কলেজীয়া শিক্ষা আহৰণ কৰে। মুঠ পাঁচজন ল’ৰা-ছোৱালীৰ ভিতৰত বাৰুৱতী মাক-দেউতাকৰ দ্বিতীয় সন্তান আছিল। দেউতাক বিৰিঞ্চি কুমাৰ বাৰুৱতী এজন বৈষ্ণৱ পণ্ডিত আছিল আৰু তেওঁ শ্ৰীমন্ত শংকৰ সংঘৰ পদাধিকাৰৰ আসনত অধিস্থিত হৈছিল। মাক নীৰবালা বাৰুৱতী এগৰাকী সহজ-সৰল গৃহিণী। ঘৰখনত এটা সাংস্কৃতিক পৰিবেশ বিৰাজ কৰিছিল আৰু তাৰ প্ৰভাৱ বাৰুৱতীৰ জীৱনতো পৰিছিল। দেউতাকে বিচাৰিছিল জীয়েকে গীত গাওক। কিন্তু বাৰুৱতীৰ সংগীতত সিমান পাৰদৰ্শিতা নাছিল আৰু তেওঁ আগ্ৰহ অভিনয়ৰ প্ৰতিহে আছিল। টীয়ক কলেজত পঢ়ি থাকোঁতে কলেজ সপ্তাহত একাংকিকা নাটকত অভিনয় কৰি একেৰাহে চাৰিবছৰ তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ খিতাপ পায়।[1]

চলচ্চিত্ৰত অভিনয়[সম্পাদনা কৰক]

বাৰুৱতীয়ে টিয়ক কলেজত পঢ়ি থকা অৱস্থাতে পদুম বৰুৱা আৰু লক্ষ্মীনন্দন বৰাগঙা চিলনীৰ পাখি ছবিখনৰ বাবে কেন্দ্ৰীয় চৰিত্ৰ বাসন্তীৰ বাবে এগৰাকী অভিনেত্ৰীৰ অনুসন্ধান কৰি আছিল। তেনেতে বাৰুৱতীহঁতৰ ঘৰৰ লগত ভাল সম্পৰ্ক থকা, যোৰহাট জিলাৰ চেলেংহাট নামৰ এখন ঠাইৰ ব্যক্তি এজনে বীণা বাৰুৱতীৰ বিষয়ে পদুম বৰুৱাহঁতক জনায়। এদিন পৰিচালকগৰাকী তেওঁলোকৰ ঘৰ ওলাল আৰু দেউতাকৰ সন্মতি আদায় কৰিলে। তথাপি চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে মানুহে বা কি কয়, এনে কথাত বাৰুৱতী দোধোৰ-মোধোৰত পৰাত দেউতাকে কয় যে ‘যদি মানুহৰ কথা তুমি ভাবা, কোনোবাই মোৰ বদনাম গাব, তেতিয়া তুমি কেতিয়াও জীৱনত আগবাঢ়িব নোৱাৰা।’ ১৯৭০ চনত গঙা চিলনীৰ পাখিৰ শ্বুটিং আৰম্ভ হয়; কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে ছবিখন ১৯৭৬ চনতহে মুক্তি ভাল ব্যৱসায় কৰিব নোৱাৰা এই ছবিখনক পৰৱৰ্তী সময়ত ক্লাচিক চলচ্চিত্ৰ ৰূপে গণ্য কৰা হৈছিল।পায়।[1]

গঙা চিলনীৰ পাখি যদিও তেওঁৰ প্ৰথম চলচ্চিত্ৰ, মুক্তিৰ দিশৰ পৰা বিবেচনা কৰিলে তেওঁৰ প্ৰথম চলচ্চিত্ৰ ১৯৭১ চনত মুক্তি পোৱা সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত অৰণ্য, য’ত তেওঁ এগৰাকী সহযোগী অভিনেত্ৰী ৰূপে এজনী নেপালী ছোৱালীৰ ভূমিকাত অভিনয় কৰিছিল। তেওঁ প্ৰায় একুৰি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁৰ কেইখনমান ছবি হ’ল- বৰুৱাৰ সংসাৰ, নিষিদ্ধ নদী (পৰিচালক- বিদ্যুৎ চক্ৰৱৰ্তী), মৎস্যগন্ধা (পৰিচালক- সঞ্জীৱ হাজৰিকা), সপোন (পৰিচালক- ৰাজেন ৰাজখোৱ) আদি।[1][2]

অন্যান্য মাধ্যমত[সম্পাদনা কৰক]

বাৰুৱতীয়ে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকায়ৰ নাট্ বিভাগত এগৰাকী অভিনয়-শিল্পী ৰূপে চাকৰিত যোগদান কৰে। প্ৰথমে তেওঁৰ চাকৰিটো অস্থায়ী আছিল যদিও পিছলৈ চাকৰিটো নিয়মীয়া কৰা হয়। ইয়াতে তেওঁ দুলাল ৰয়ৰ পৰিচালনাত বহু কেইখন উচ্চ মানৰ নাটকত অভিনয় কৰে। তেওঁ আকাশবাণী গুৱাহাটীৰ নাট বিভাগৰ এগৰাকী অনুমোদিত শিল্পী আছিল। তাৰোপৰি তেওঁ বহু কেইখন দূৰদৰ্শন ধাৰাবাহিকতো অভিনয় কৰিছে।[3]

পাৰিবাৰিক জীৱন[সম্পাদনা কৰক]

বীণা বাৰুৱতীৰ বিবাহ হয় মণি মেধিৰ সৈতে। মেধিক বাৰুৱতীয়ে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতে লগ পাইছিল। ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হোৱা ভোটাই ডেকা নামৰ নাটক এখনত পৰিচালক দুলাল ৰয়ে মেধিক কাষ্টিং কৰে, য’ত বাৰুৱতীয়েও অভিনয় কৰিছিল। দম্পতীহালৰ এজনী কন্যা সন্তান আছে, নাম প্ৰজ্ঞা পাৰমিতা।[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 সাক্ষাৎকাৰ লওতা-ইন্দ্ৰজিৎ দাস. "সাধক সুন্দৰৰ, খণ্ড-১, বীণা বাৰুৱতীৰ সৈতে সাক্ষাৎকাৰ". আকাশবাণী গুৱাহাটী. https://www.youtube.com/watch?v=AYSQl4ZieVA। আহৰণ কৰা হৈছে: 11 February 2023. 
  2. অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  3. 3.0 3.1 সাক্ষাৎকাৰ লওতা-ইন্দ্ৰজিৎ দাস. "সাধক সুন্দৰৰ, খণ্ড-২, বীণা বাৰুৱতীৰ সৈতে সাক্ষাৎকাৰ". আকাশবাণী গুৱাহাটী. https://www.youtube.com/watch?v=jKb_JO3fSEk। আহৰণ কৰা হৈছে: 11 February 2023. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বীণা বাৰুৱতী সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।