বেল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বেল
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
উপপৰিয়াল: Aurantioideae
গোত্ৰ: Clauseneae
গণ: Aegle
Corrêa
প্ৰজাতি: A. marmelos
বৈজ্ঞানিক নাম
Aegle marmelos
(L.) Corr.Serr.

বেল (ইংৰাজী: Wood apple,Bael, বৈজ্ঞানিক নাম - Aegle Marmetos) এবিধ ফল ৷ বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়৷ সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়৷ এবিধ পুষ্টিকৰ ফল৷ হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে৷

ভাৰতত এবিধ পকা বেলৰ ফল
বেলৰ ফল

আকাৰ[সম্পাদনা কৰক]

বেল এবিধ ঘূৰণীয়া আকৃতিৰ ফল৷ কেঁচা অৱস্থাত সেউজীয়া বৰণৰ হয় আৰু পকিলে হালধীয়া বৰণ ধৰে৷ গছজোপা জোপোহা আৰু কিছু ওখ হয়৷

খাদ্যপ্ৰাণ[সম্পাদনা কৰক]

প্ৰতি ১০০ গ্ৰামৰ খাদ্যগুণ -

পানী ৬৯.৫ গ্ৰাম
প্ৰটিন ৭.৩ গ্ৰাম
চৰ্বী ০.৬ গ্ৰাম
আঁহ ৫.২ গ্ৰাম
শৰ্কৰা ১৫.৫ গ্ৰাম
কেলছিয়াম ০.১১ গ্ৰাম
ফছফৰাছ ০.১৩ গ্ৰাম
লৌহ পদাৰ্থ ০.৬ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'খ' ০.৮ মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'গ' ৩মিলিগ্ৰাম
খাদ্যপ্ৰাণ 'ক' ৬১ মাইক্ৰগ্ৰাম
শক্তি (কেলৰি) ৯৭ কেল

[1]

ঔষধি গুণ[সম্পাদনা কৰক]

  1. বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি৷ ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে৷
  2. Peptic Ulcer,Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে৷
  3. পায়খানা খোলোচা ৰাখে৷
  4. বেল পাতৰ ৰস আৰু জালুক মিহলাই খাই চৰ্দি লগা কমাব পাৰি৷
  5. আধা পকা বেল গ্ৰহণী বা পুৰণা (cronic) গ্ৰহণীৰ (dysentary) পৰম ঔষধ৷[1]

স্থানীয় নাম[সম্পাদনা কৰক]

  • ভাৰতবৰ্ষ
    • অসমীয়া ভাষা: বেল
    • হিন্দী ভাষা: बेल (Sirphal)
    • গুজৰাটী ভাষা: બીલી
    • উৰ্দূ: (Bael)بیل, (Sirphal) سری پھل
    • ওড়িয়া:Baela ବେଲ
    • বঙালী: বেল
    • কানাড়া: ಬೇಲದ ಹಣ್ಣು (edible variety)
    • কানাড়া: bilva (sacred variety)
    • কংকনী: gorakamli
    • মালায়ালম: കൂവളം (koo-valam)
    • মাৰাঠী: बेल or कवीठ (Kaveeth)
    • পাঞ্জাবী: Beel
    • সংস্কৃত: बिल्व
    • সিন্ধী: ڪاٺ گدرو
    • সিংহলা: බෙලි (Beli)
    • তামিল: வில்வம் (Vilvam)
    • টেলেগু: మారేడు (maredu)


ঔষধি গুণ[সম্পাদনা কৰক]

  1. বেলৰ চৰবত এক শীতলীকৰণ পানীয়ৰূপে ব্যৱহাৰ কৰিব পাৰি৷ ফলত ই শৰীৰ শীতল কৰি ৰাখে আৰু প্ৰস্ৰাৱৰ জ্বলন দূৰ কৰে৷
  2. Peptic Ulcer,Acidity থকা ৰোগীয়ে বেলৰ চৰবত খাব পাৰে৷
  3. পায়খানা খোলোচা ৰাখে৷
  4. বেল পাতৰ ৰস আৰু জালুক মিহলাই খাই চৰ্দি লগা কমাব পাৰি৷
  5. আধা পকা বেল গ্ৰহণী বা পুৰণা (cronic) গ্ৰহণীৰ (dysentary) পৰম ঔষধ৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 ডা:চাহজাহান বৰবৰা (জুন-জুলাই ২০০৬). "অসমীয়া ফল". বিজ্ঞান জেউতি খণ্ড ৪১ (১ম সংখ্যা): পৃষ্ঠা ২১-২২.