মঙ্গলযান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাৰ্ছ অৰবিটাৰ মিছ'ন
অভিযানৰ প্ৰকাৰ মঙ্গল কক্ষক
নিয়ন্ত্ৰক ইছৰো
COSPAR ID 2013-060A
SATCAT no. 39370
ৱেবছাইট www.isro.org/mars/home.aspx
অভিযানৰ সময় ৩০০ দিন
মহাকাশযানৰ বৈশিষ্টসমূহ
বাছ I-1K[1]
নিৰ্মাতা ইছৰো উপগ্ৰহ কেন্দ্ৰ (ISAC)
উত্‍ক্ষেপিত ভৰ ১,৩৩৭ কেজি (২,৯৫০ পাউণ্ড)[2]
শুস্ক ভৰ ৫০০ কেজি (১,১০০ পাউণ্ড)[3]
পেলোড ভৰ ১৫ কেজি (৩৩ পাউণ্ড)[4]
মাত্ৰা ১.৫ মিটাৰ (U=ft}}) cube
ক্ষমতা ৮৪০ ৱাট[1]
অভিযানৰ আৰম্ভণি
উৎক্ষেপণৰ তাৰিখ 5 November 2013, 09:08 (2013-11-05UTC09:08Z)  UTC[5]
ৰকেট PSLV-XL C25[6]
উৎক্ষেপণ স্থলী সতীশ ধৱন প্ৰথম নিক্ষেপণ মঞ্চ
Contractor ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
কক্ষীয় পৰিমাপসমূহ
প্ৰসংগ  প্ৰণালী এৰিঅ'কেন্দ্ৰিক
Periএৰিয়ন altitude 365.3 km (227.0 মাইল)
Apoএৰিয়ন altitude 80,000 km (50,000 মাইল)
Inclination ১৫০.০[7]
পৰ্যায়কাল ৭৬.৭২ ঘণ্টা
Epoch পৰিকল্পিত
Invalid value for parameter "type"
Invalid parameter ২৪ ছেপ্তেম্বৰ, ২০১৪[8]
(পৰিকল্পিত)
 

মঙ্গলযান (ইংৰাজী: Mars Orbiter Mission বা চমুকৈ MOM, সংস্কৃত: मंगलयान, "Mars-craft") হৈছে পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ কৰা এক মহাকাশ অভিযান। ২০১৩ চনৰ ৫ নৱেম্বৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা ইয়াক সফলতাৰে পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়।[9][10][11] আন্তঃগ্ৰহীয় অভিযানৰ পৰিকল্পনা, পৰিচালনা, ৰূপাঙ্কণ আদিত ব্যৱহৃত প্ৰযুক্তিৰ বিকাশৰ লক্ষ্যয়েই এই অভিযানৰ মুখ্য উদ্দেশ্য।[12]

আন্তঃৰাষ্ট্ৰীয় মান সময় অনুসৰি মঙ্গলযানক ২০১৩ চনৰ ৫ নৱেম্বৰৰ আবেলি ঠিক ২.৩৮ মিনিটত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এক PSLV C25 ৰকেটৰ সহায়ত উৎক্ষেপণ কৰা হয়।[13] ইয়াৰ উৎক্ষেপণ সময়সূচী প্ৰায় ২০ দিনীয়া আছিল আৰু ২০১৩ চনৰ ২৮ অক্টোবৰত আৰম্ভ হৈছিল। ই ভাৰতৰ প্ৰথম আন্তঃগ্ৰহীয় অভিযান আৰু ইয়াৰ সফলতাৰ পাছত ছোভিয়েট মহাকাশ কাৰ্যসূচী, নাছা আৰু ইউৰোপীয়ান ইউনিয়'নৰ পাছতেই মঙ্গল গ্ৰহলৈ যোৱা ভাৰতৰ ইছৰো হ'ব পৃথিৱীৰ চতুৰ্থটো মহাকাশ সংস্থা।[14]

ইতিহাস[সম্পাদনা কৰক]

২০০৮ চনৰ চন্দ্ৰযান ১ ৰ সফলতাৰ পাছত ২০১০ চনত মাৰ্ছ অৰবিটাৰ মিছন অভিযানৰ গবেষণা আৰম্ভ হয়।[15] আঁচনিৰ সমগ্ৰ ধনৰ ১২৫ কোটি টকা খৰচ কৰি ভাৰতীয় মহাকাশ গবেষণা সংস্থাই প্ৰতিবেদন দিয়াৰ[16] পাছত ভাৰত চৰকাৰে ২০১৩ চনৰ আগষ্ট মাহৰ ৩ তাৰিখে এই অভিযানৰ বাবে যাৱতীয় অনুমোদন জনায়।[17]

সাম্প্ৰতিক স্থিতি[সম্পাদনা কৰক]

ইছৰ'ৰ অধ্যক্ষ কে ৰাধাকৃষ্ণনে ২০১৩ চনৰ ১৯ অক্টোবৰৰ দিনা মঙ্গলযানৰ উৎক্ষেপন এসপ্তাহ পিছুৱাই দিয়া বুলি ঘোষণা কৰে। উৎক্ষেপনৰ সময় ২০১৩ চনৰ নবেম্বৰৰ ৫ তাৰিখ বুলি ঘোষণা কৰা হয়। [18] আন্ত:ৰাস্ত্ৰীয় মান সময় অনুসৰি ০৯:০৮ বজাত PSLV ৰকেটখনক উৎক্ষেপন কৰা হয় (ভাৰতীয় সময় আবেলি ২:৩৮), আৰু ০৯:৫০ বজাত পৃথিৱীৰ কক্ষপথত স্থাপন কৰা হয়,[19] যাৰ perigee 264.1 কি.মি, apogee 23,903.6 কি.মি, আৰু inclination 19.20 degrees,[20] তিনিশাৰী সৌৰ পেনেল আৰু দুটা এণ্টেনাৰ সৈতে।[21]


২০১৪ চনৰ ২৪ চেপ্তেম্বৰত মঙ্গল গ্ৰহৰ কক্ষপথত মঙ্গলযানক সফলভাবে স্থাপন কৰা হয়। [22] LAM ইঞ্জিন ৰাতিপুৱা ৭:১৭ বজাত (২০ চেকেণ্ড পলমকৈ) আৰম্ভ কৰা হয়। আন্ত:ৰাস্ত্ৰীয় মান সময় ২৪ মিনিট ১৭ চেকেণ্ড। জ্বলন ৰাতিপুৱা ৭:৪১ বজাত আৰম্ভ হয় আৰু ৭:৫৫ বজাত নিশ্চিত কৰা হয়।

মঙ্গলযানৰ পৰিভ্ৰমণ কক্ষ

উদ্দেশ্য[সম্পাদনা কৰক]

মঙ্গলযানৰ মৌলিক উদ্দেশ্য হ'ল ভাৰতৰ ৰকেট প্ৰক্ষেপণ, মহাকাশযান নিৰ্মাণ আদিৰ পৰিচালন ক্ষমতাৰ প্ৰদৰ্শন। মঙ্গলযানৰ দ্বিতীয়টো উদ্দেশ্য হ'ল দেশীয় বৈজ্ঞানিক আহিলা ব্যৱহাৰ কৰি মঙ্গলগ্ৰহৰ পৃষ্ঠভাগৰ সংৰচনা, গ্ৰহটোৰ গঠন, অবয়ব ইত্যাদি আৰু খনিজ পদাৰ্থ আদিৰ অধ্যয়ন কৰা।[23]

মহাকাশ যান[সম্পাদনা কৰক]

ভাৰতৰ PSLV উত্‍ক্ষেপন যান

মঙলযান মহাকাশ যানখন ভাৰতৰ প্ৰথম সফল ৰব'টচালিত চন্দ্ৰ অভিযানত ব্যৱহৃত চন্দ্ৰযান ১ৰ দৰেই কেৱল মঙল গ্ৰহলৈ অভিযান চলাব পৰাকৈ নিৰ্মাণ কৰা হৈছে।[23]

ভৰ
উৰণৰ সময়ত ৮৫২ কিলোগ্ৰাম প্ৰ'পেলাৰৰ ভৰৰ সৈতে যানখনৰ মূঠ ভৰ ১৩৫০ কিলোগ্ৰাম।
পৰিসৰ
প্ৰায় ১.৫ মিটাৰ।
শক্তি
তিনিখন ১.৮ × ১.৪ মিটাৰ (৫ ফুট ১০ ইন্সি × ৪ ফুট ৭ ইন্সি) বহল সৌৰফলিৰ সহায়ত ৮৪০ ৱাট বিদ্যুত উৎপন্ন হয় আৰু এটা ৩৬ এম্পিয়েৰ-ঘণ্টা ক্ষমতাৰ লিথিয়াম-আয়ন বেটেৰীত জমা হয়।[1]

পেল'ড[সম্পাদনা কৰক]

১৫ কেজি ওজনৰ মূল অংশটো পাঁচটা বৈজ্ঞানিক আহিলাৰে গঠিত।[4][24][25] সেইবোৰ হ'ল:

বায়ুমণ্ডলৰ অধ্যয়ন (Atmospheric studies)
  • লেইমেন আলফা ফ'ট'মিটাৰ (Lyman-Alpha Photometer (LAP)) — ই বায়ুমণ্ডলৰ ওপৰভাগত থকা লেইমেন আলফা লাইনৰ (ইংৰাজী: Lyman-alpha emissions) পৰা ডিউটেৰিয়াম আৰু হাইড্ৰ'জেন ৰ আপেক্ষিক পৰ্যাপ্ততা গণনা কৰে। ডিউটেৰিয়াম আৰু হাইড্ৰ'জেনৰ অনুপাতৰ গণনাৰ সহায়ত গ্ৰহটোৰ পৰা মাহাকাশলৈ নিষ্কাশিত পানীৰ এটা আনুঅমাণিক হিচাপ পাব পাৰি।
  • মঙ্গলৰ মিথেন সংবেদক (Methane Sensor For Mars (MSM)) — ই মঙ্গল গ্ৰহৰ বায়ুমণ্ডলত থকা মিথেন গেছৰ (ইংৰাজী: Atmosphere of Mars#Methane) অধ্যয়ন কৰিব আৰু তাৰ উত্‍সৰ সন্ধান কৰিব।[4]
পৰিবেশৰ ব্যৱহাৰিক অধ্যয়ন
  • Mars Exospheric Neutral Composition Analyzer (MENCA) — is a quadrupole mass analyzer capable of analyzing the neutral composition of particles in the exosphere.
চিত্ৰ্ৰ্ৰৰ সহায়ত পৃষ্ঠভাগৰ অধ্যয়ন
  • Thermal Infrared Imaging Spectrometer (TIS) — will measure the temperature and emissivity of the Martian surface, allowing for the mapping of surface composition and mineralogy of Mars.
  • Mars Color Camera (MCC) — will provide images in the visual spectrum, providing context for the other instruments.

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "Mars Orbiter Spacecraft". ISRO. November 2013. http://www.isro.org/mars/spacecraft.aspx। আহৰণ কৰা হৈছে: 2013-11-06. 
  2. ISRO: Mars Orbiter Mission - Spacecraft
  3. 's+Mars+Orbiter+Mission.jpg Aero India 2013 Expo
  4. 4.0 4.1 4.2 "Mars Orbiter MIssion - Payloads" (PDF). Indian Space Research Organisation (ISRO). ISRO. October 2013. http://www.isro.org/pslv-c25/pdf/mom-payloads.pdf। আহৰণ কৰা হৈছে: 2013-10-08. 
  5. "India to launch Mars Orbiter Mission on November 5". NDTV. 22 October 2013. http://timesofindia.indiatimes.com/india/India-to-launch-Mars-Orbiter-Mission-on-November-5/articleshow/24548060.cms। আহৰণ কৰা হৈছে: 19 October 2013. 
  6. ISRO: Mars Orbiter Mission - Launch Vehicle
  7. "ISRO: Mars Orbiter Mission". Archived from the original on 2013-12-03. https://web.archive.org/web/20131203235451/http://isro.org/mars/mission-profile.aspx। আহৰণ কৰা হৈছে: 2013-11-12. 
  8. "NASA findings won't affect Mars mission, say ISRO officials". Express News Service. 4 October 2013. http://www.indianexpress.com/news/nasa-findings-won-t-affect-mars-mission-say-isro-officials/1178170/0। আহৰণ কৰা হৈছে: 4 October 2013. 
  9. Walton, Zach (15 August 2012). "India Announces Mars Mission One Week After Landing". Web Pro News. Archived from the original on 14 June 2017. https://web.archive.org/web/20170614071520/http://www.webpronews.com/india-announces-mars-mission-one-week-after-curiosity-landing-2012-08/। আহৰণ কৰা হৈছে: 8 September 2013. 
  10. Staff (15 August 2012). "Manmohan Singh formally announces India's Mars mission". The Hindu. http://www.thehindu.com/sci-tech/science/article3775271.ece। আহৰণ কৰা হৈছে: 31 August 2012. 
  11. Bal, Hartosh Singh (30 August 2012). "BRICS in Space". New York Times. http://latitude.blogs.nytimes.com/2012/08/30/india-and-china-race-to-send-a-mission-to-mars/। আহৰণ কৰা হৈছে: 31 August 2012. 
  12. Staff (September 2012). "Mangalyaan -Mission Objectives". Indian Space Science Data Centre. http://www.isro.org/pslv-c25/mission-objective.aspx। আহৰণ কৰা হৈছে: 8 October 2013. 
  13. "India’s Mars Mission Mangalyaan to be launched on November 5". http://news.biharprabha.com/2013/10/indias-mars-mission-mangalyaan-to-be-launched-on-november-5/। আহৰণ কৰা হৈছে: 22 October 2013. 
  14. "India Launches Mars Orbiter Mission". http://abcnews.go.com/Technology/india-launches-mars-orbiter-mission/story?id=20793860। আহৰণ কৰা হৈছে: 6 November 2013. 
  15. "India Might Just Get A Spaceship To Mars". CarbonatedTV. November 5, 2013. Archived from the original on 2013-11-09. https://web.archive.org/web/20131109151933/http://www.carbonated.tv/news/india-launches-mangalyaan-spaceship-might-get-it-to-mars। আহৰণ কৰা হৈছে: 2013-11-08. 
  16. India's Mars mission gets Rs.125 crore (19 March 2012)
  17. "Cabinet clears Mars mission". The Hindu. 4 August 2012. http://www.thehindu.com/news/national/article3723817.ece। আহৰণ কৰা হৈছে: 10 August 2012. 
  18. "India to launch Mars Orbiter Mission on November 5". The Times of India. 22 October 2013. http://timesofindia.indiatimes.com/india/India-to-launch-Mars-Orbiter-Mission-on-November-5/articleshow/24548060.cms। আহৰণ কৰা হৈছে: 22 October 2013. 
  19. Isro launched its first mission to Mars today. Times of India. 5 November 2013.
  20. Mars Mission on track; orbit to be raised on Thursday Economic Times 6 November 2013
  21. Mars mission: Scientists start raising Mangalyaan's orbit The Times of India 7 November 2013
  22. "Mars Orbiter Mission - Updates". ISRO. 22 September 2014. Archived from the original on 2014-09-24. https://web.archive.org/web/20140924044216/http://www.isro.org/pressrelease/scripts/pressreleasein.aspx?Sep22_2014। আহৰণ কৰা হৈছে: 2014-09-22. 
  23. 23.0 23.1 "India's First Mission to Mars to Launch This Month". Space.com. 16 October 2013. http://www.space.com/23204-india-mars-orbiter-mission.html। আহৰণ কৰা হৈছে: 2013-10-16. 
  24. Chellappan, Kumar (11January 2013). "Amangal to budget from Mangalyaan, say experts". Daily Pioneer. http://www.dailypioneer.com/home/online-channel/360-todays-newspaper/121404-amangal-to-budget-from-mangalyaan-say-experts.html। আহৰণ কৰা হৈছে: 11 January 2013. 
  25. "Mars mission gets October, 2013 launch date deadline as India reaches out to the stars". The Indian Express. 4 January 2013. http://www.indianexpress.com/news/mars-mission-gets-october-2013-launch-date-deadline-as-india-reaches-out-to-the-stars/1054576/0। আহৰণ কৰা হৈছে: 5 January 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]