মনবৰ নাথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মনবৰ নাথ
জন্ম ১৯২৪ চন
জামুগুৰি,নগাঁও, অসম
মৃত্যু ২০ ছেপ্তেম্বৰ, ১৯৪২ চন
ঢেকিয়াজুলি
সংস্থা ভাৰতীয় জাতীয় কংগ্ৰেছ
ৰাজনৈতিক আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলন

মনবৰ নাথ(ইংৰাজী: Monbor Nath) ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সংগ্ৰামী বীৰ৷ তেওঁ অসমৰ ঢেকিয়াজুলি থানাত ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ হয়৷ তেওঁৰ জন্ম নগাঁও জিলাৰ হাতীচোং মৌজাৰ জামুগুৰিত৷[1] তেওঁৰ জন্ম হৈছিল ১৯২৪ চনত আৰু মৃত্যূ হৈছিল ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত৷[2] ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰৰ দিনা অসমৰ গহপুৰ ঢেকিয়াজুলি আদি থানাত সংগ্ৰামী জনতাই ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ সংকল্প লৈছিল৷ সেই উদ্দেশ্যে ঢেকিয়াজুলিত বৰগাঁও, মিছামাৰী, নাহৰবাৰী, ঢেকিয়াজুলি আৰু বৰছলা, এই ঠাইসমূহৰ পৰা হাজাৰ হাজাৰ জনতা সমদল কৰি থানা অভিমুখে আগবাঢ়িছিল৷ সমদলক প্ৰতিহত কৰিবলৈ পুলিচে লাঠিচালনা আৰু গুলীচালনা কৰিছিল৷ সেইদিনা ঘটনাস্থলীত মুঠ এঘাৰজন মানুহ শ্বহীদ হৈছিল৷ তাৰ ভিতৰত মনবৰ নাথো আছিল৷ মৃত্যু পূৰ্বে পুলিচৰ গুলীকো কেৰেপ নকৰি আন এজন সতীৰ্থ গোলোক নেওগৰ লগত আগবঢ়ি গৈ দুয়ো দুখন পতাকা থানাৰ মূধচত উত্তোলন কৰাৰ পিছত গুলীৰ আঘাতত মনবৰ নাথৰ মৃত্যু হয়৷[3] তেওঁ কংগ্ৰেছৰ মৃত্যু বাহিনীৰ সদস্য আছিল৷[2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. কলিতা, ৰমেশচন্দ্ৰ (২০০৮). স্বাধীনতা আন্দোলন আৰু অসম. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১৭৯. 
  2. 2.0 2.1 বৰ্মন, শিৱনাথ (২০১৮). জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ১৮১. ISBN 978-81-7339-428-7. 
  3. কলিতা, ড° ৰমেশ চন্দ্ৰ (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃষ্ঠা. ১০২.