মীনা কান্দাচামি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মীনা কান্দাচামি

২০১৬ চনত মীনা
জন্ম ইলাভেনিল কান্দাচামি
১২ অক্টোবৰ, ১৯৮৪ (৩৯ বছৰ)[উদ্ধৃতিৰ প্ৰয়োজন]
ছদ্মনাম মীনা
পেচা লেখক, সমাজকৰ্মী, অনুবাদক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন আন্না ইউনিভাৰচিটি
সাহিত্যিক বিপ্লৱ দলিত সাহিত্য
উল্লেখনীয় কৰ্মৰাজি দ্য অৰ্ডাৰচ্‌ ৱেৰ টু ৰেপ য়্যু (২০২১)
উল্লেখযোগ্য বঁটা ২০২২, Hermann Kesten Prize

ইলাভেনিল মীনা কান্দাচামি (ইংৰাজী: Ilavenil Meena Kandasamy; জন্ম:১৯৮৪) তামিলনাডুৰ চেন্নাই নিবাসী এগৰাকী ভাৰতীয় কবি, কল্প কাহিনী লেখক, অনুবাদক আৰু সমাজকৰ্মী।[1]

২০০৬ আৰু ২০১০ চনত মীনাৰ ক্ৰমে টাচ আৰু মিচ মিলিটেন্সি শীৰ্ষক দুখন কবিতাৰ কিতাপ প্ৰকাশ পাইছে। ২০০১ চনৰপৰা ২০০২ চনলৈ তেওঁ দলিত মিডিয়া নেটৱৰ্কৰ দ্বি-মাহিলী বিকল্প ইংৰাজী আলোচনী দ্য দলিত সম্পাদনা কৰিছিল।[2]

তেওঁ আইৱা বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক লেখন কাৰ্যসূচীত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু যুক্তৰাজ্যৰ কেণ্ট বিশ্ববিদ্যালয়, কেণ্টাৰবাৰীত চাৰ্লছ ৱেলেছ ইণ্ডিয়া ট্ৰাষ্ট ফেলো আছিল। মীনাই আউটলুক ইণ্ডিয়া[3], দ্য হিন্দুকে ধৰি বিভিন্ন প্লেটফৰ্মৰ বাবে স্তম্ভলেখন কৰিছে।[4][5][6]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৮৪ চনত জন্মগ্ৰহণ কৰা মীনা আছিল তামিল পিতৃ-মাতৃৰ সন্তান। মাক-দেউতাক দুয়োগৰাকী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল।[1][7][8] সৰুৰেপৰা তেওঁৰ কবিতাৰ প্ৰতি এক বিশেষ অনুৰাগ আছিল। পিছলৈ তেওঁ মীনা নামটো গ্ৰহণ কৰে।[9] মীনা চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ পৰা সামাজিক-ভাষা বিজ্ঞানত পি এইচ ডি ডিগ্ৰীধাৰী।[1] ১৭ বছৰ বয়সতে কবিতাৰে লেখক জীৱন আৰম্ভ কৰা মীনাই[10] দলিত লেখক আৰু নেতাসকলৰ কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছে।[11]

কৰ্মজীৱন[সম্পাদনা কৰক]

২০১২ চনত মীনা

এগৰাকী লেখক হিচাপে, মীনাই মুখ্যতঃ জাতি ধ্বংস, নাৰীবাদ আৰু ভাষিক পৰিচয়ৰ ওপৰত গুৰুত্ব দিছিল।[12] তেওঁৰ ভাষাত কবিতাক তেওঁ সামাজিক কামৰ হকে ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে।[13] তেওঁৰ প্ৰথম সংকলন টাচৰ ২০০৬ চনৰ আগষ্ট মাহৰ সংস্কৰণটি কমলা দাসৰ পাতনিৰে সৈতে প্ৰকাশ হৈছিল।[1] পৰৱৰ্তী সময়ত মিচ মিলিটেন্সি প্ৰকাশ হয়।[1] এই গ্ৰন্থখনত মীনাই হিন্দু আৰু তামিল পৌৰাণিক কাহিনীবোৰৰ পুনৰ কথনৰ বাবে জাতি বিৰোধী আৰু নাৰীবাদী দৃষ্টিভংগী গ্ৰহণ কৰিছে।[13] মাস্কাৰা আৰু মাই লাভাৰ স্পিকচ অৱ ৰেপৰ দৰে অন্যান্য ৰচনাসমূহেৰে তেওঁ ভাৰতৰ বিভিন্ন কবিতা প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰিছিল।[14]

এন্থলজি অৱ কনটেম্পৰেৰী ইণ্ডিয়ান পয়েট্ৰি[15], দ্য লিটল মেগাজিন, কাব্য ভাৰতী, ইণ্ডিয়ান লিটাৰেচাৰ, পয়েট্ৰি ইণ্টাৰনেচনেল ৱেব, মিউজ ইণ্ডিয়া, কোৱাৰ্টাৰলি লিটাৰেৰী ৰিভিউ, আউটলুক, টেহেলকা আৰু দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ দৰে বিভিন্ন কবিতা সংকলন আৰু আলোচনীত মীনাৰ সৃষ্টিৰাজি প্ৰকাশ হৈছে।[16] তেওঁক ২০০৯ চনত আইৱা বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈও আমন্ত্ৰণ জনোৱা হৈছিল।[12][1] দুবছৰ পিছত মীনাক কেণ্ট বিশ্ববিদ্যালয়ৰ চাৰ্লছ ৱেলেছ ইণ্ডিয়া ট্ৰাষ্ট ফেলো ৰূপে নিৰ্বাচন কৰা হয়।[12] তেওঁ পিটছবাৰ্গত অনুষ্ঠিত চিটি অৱ এছাইলাম জেজ পয়েট্ৰি কনচাৰ্ট, দ্য ফৰ্টিণ্টথ আফ্ৰিকা ইণ্টাৰনেচনেল ফেষ্টিভেল (২০১০), ডাৰ্বান আৰু ডিএছচি জয়পুৰ সাহিত্য মহোৎসৱ (২০১১)ত এগৰাকী বিশিষ্ট কবি ৰূপে অংশগ্ৰহণ কৰিছিল।[17]

সমাজকৰ্মী হিচাপে[সম্পাদনা কৰক]

মীনা জাতি আৰু লিংগ বিষয়ক কামৰ সৈতে জড়িত। লগতে সমাজে কেনেকৈ মানুহক এই শ্ৰেণীবোৰৰ আধাৰত ভাগ কৰে; সেই বিষয়তো তেওঁ কাম কৰে।[18] হিন্দু সমাজ বিষয়ত দাঙি ধৰা নিৰ্ভীক সমালোচনাৰ বাবে তেওঁ ভাবুকিৰ সন্মুখীন হৈছে, এই ভাবুকি সম্পৰ্কে তেওঁ কৈছে;

"এনে হিংসাজনক ভাবুকিয়ে আপুনি কি লিখিব সেইবিষয়ত আপোনাক শ্ৰুতলিপি দিয়া বা আপোনাক যিকোনো ধৰণে বাধা দিয়া উচিত নহয়।"[19]

২০১২ চনত, হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ দলিত শিক্ষাৰ্থীৰ এটা দলে হোষ্টেলত ‘খাদ্য ফেচিবাদ’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এটা গোমাংস খোৱা উৎসৱৰ আয়োজন কৰিছিল। সোঁপন্থী ছাত্ৰ গোট অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে (এবিভিপি) অনুষ্ঠানটো আৰু আয়োজকসকলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।[20]মীনাই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সপক্ষে মাত মাতিছিল। ফলশ্ৰুতিত তেওঁ সামাজিক মাধ্যমত নিৰন্তৰ অপব্যৱহাৰৰ সন্মুখীন হৈছিল।[19][21] দ্য নেটৱৰ্ক অৱ ৱুমেন ইন মিডিয়া ইণ্ডিয়াই (ডব্লিউএমএনআই) তেওঁৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দি এটি প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল।[22][23]

অনুবাদক ৰূপে[সম্পাদনা কৰক]

মীনাই তামিলৰ পৰা গদ্য আৰু কবিতা অনুবাদ কৰিছে।[24] তেওঁ পেৰিয়াৰ ই ভি ৰামাস্বামী, থল থিৰুমাভালভান আৰু তামিল ইলাম লেখক, যেনে, কাচি আনন্দন, চেৰণ আৰু ভি আই এছ জয়পালনৰ লেখা ইংৰাজীলৈ অনুবাদ কৰিছে।[17] অনুবাদক হিচাপে নিজৰ ভূমিকা সম্পৰ্কে তেওঁ কৈছে;

"মই জানো যে কবিতাৰ কোনো সীমা নাই, কোনো বেৰা নাই, কোনো নিৰ্দিষ্ট শৈলীৰ নিৰ্দেশনা নাই- ইয়াত আপুনি পৰীক্ষা কৰিবলৈ মুক্ত, আপুনি আপোনাৰ নিজৰ কণ্ঠস্বৰ বিচাৰিবলৈ মুক্ত, আপুনি ভুল কৰিবলৈ মুক্ত আৰু লগতে বিফল হ’বলৈও মুক্ত- কিয়নো অনুবাদৰ সময়ত সকলো সময়তে প্ৰায়ে এনে ঘটে।"[9]

অভিনেত্ৰী ৰূপে[সম্পাদনা কৰক]

অভিনেত্ৰী ৰূপে মীনাই প্ৰথমবাৰৰ বাবে মালয়ালম চিনেমা, Oraalppokkamত ভূমুকি মাৰিছিল।[25]এই চিনেমাখন আছিল অনলাইনৰ যোগেদি সমজুৱা ধন সংগ্ৰহ কৰি নিৰ্মাণ কৰা প্ৰথমখন মালয়ালম চিনেমা।[26]

সন্মান[সম্পাদনা কৰক]

  • Hermann Kesten Prize (২০২২); PEN Centre Germany.[27]

উল্লেখযোগ্য কাম[সম্পাদনা কৰক]

জীৱনী[সম্পাদনা কৰক]

  • আয়্যানকলি: আ দলিত লিডাৰ অৱ অৰ্গেনিক প্ৰটেষ্ট; এম নিচাৰৰ সৈতে; জানুৱাৰী, ২০০৮

কবিতা[সম্পাদনা কৰক]

  • মিচ মিলিটেন্সি,[28] ২০১০, প্ৰকাশক: নৱায়ন; এই গ্ৰন্থৰ শীৰ্ষক কবিতা "মিচ মিলিটেন্সি", তামিল ক্লাছিকৰ চিলাপতিকৰমৰ নায়িকা কন্নাকীৰ ওপৰত আধাৰিত। এই কবিতাটো নাৰীসকলকৰ প্ৰতি নায়িকাগৰাকীৰ দৰে বিপ্লৱী আৰু সাহসী হোৱাৰ এক আহ্বান।
  • টাচ.[28] প্ৰকাশক: পিকক বুকচ্‌, মুম্বাই, আগষ্ট, ২০০৬, আই.এচ.বি.এন. 81-88811-87-4.
  • দ্য এইটথ ডে অৱ ক্ৰিয়েচন কবিতাৰ ৱেবচাইট শ্ল’ ট্ৰেইনচত থকা ১৬টি কবিতাৰ ই-চেপবুক
  • #ThisPoemWillProvokeYou & Other Poems, চেপবুক, হাৰপাৰ কলিনচ্‌, ২০১৫
  • উই আৰ নট দ্য চিটিজেনচ্‌, সীমিত সংখ্যাৰ হেণ্ডমেইড চেপবুক (৫৩ কপি), Tangerine Press, লণ্ডন, ২০১৮

উপন্যাস[সম্পাদনা কৰক]

  • দ্য জিপচি গডেছ, আটলাণ্টিক বুকচ্‌, এপ্ৰিল, ২০১৪[29]
  • হোৱেন আই হিট য়্যু: অ’ৰ, আ পৰ্ট্ৰেইট অৱ দ্য ৰাইটাৰ অজ আ য়ং ৱাইফ,আটলাণ্টিক বুকচ্‌, মে’, ২০১৭. কিতাপখনে ২০১৮ চনৰ ৱুমেনচ প্ৰাইজৰ বাবে নিৰ্বাচিত হৈছিল।[30]
  • Exquisite Cadavers, আটলাণ্টিক বুকচ, ২০১৯

অনুবাদ[সম্পাদনা কৰক]

  • তালিচমান: এক্সট্ৰিম ইমচনচ অৱ দলিত লিবাৰেচন, সম্য প্ৰকাশন, কলিকতা, ২০০৩
  • আপৰুট হিন্দুত্ব: দ্য ফায়াৰি ভইচ অৱ দ্য লিবাৰেচন পেন্থাৰচ্‌, সম্য প্ৰকাশন, কলিকতা, ২০০৪
  • হোৱাই ৱেৰ ৱুমেন ইনশ্লেইভড, দ্য পেৰিয়াৰ চেল্ফ ৰেচপেক্ট প্ৰপাগাণ্ডা ইনষ্টিটিউচন (চেন্নাই), ২০০৭
  • ৱাকিং ইজ আনাডাৰ ড্ৰিম: পয়েমচ্‌ অন দ্য জেন’চাইড ইন তামিল এলেম, ড° ৰবিকুমাৰ (সম্পাদক), ৰবিশংকৰ (সহ-অনুবাদক) নৱায়ন প্ৰকাশন (নতুন দিল্লী), ২০১০
  • (সম্পাদক/অনুবাদক): ডিজায়াৰচ বিকাম ডিমনচ্‌: পয়েমচ্‌ অৱ ফ’ৰ তামিল ৱুমেন পয়েটচ্‌: মালতী মৈত্ৰী, চলমা, কুট্টি ৰেৱতী, সুকিৰ্তাৰাণী; টাইটলড অক্সিচ প্ৰেছ, ২০১৮
  • তিৰুকুড়াল: দ্য বুক অৱ ডিজায়াৰ', পেংগুইন ৰেণ্ডম হাউচ, ভাৰত (নতুন দিল্লী), ২০২৩[31]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "INDIA Being Untouchable (press release)". Christian Solidarity Worldwide. 27 September 2010. Archived from the original on 18 October 2014. https://web.archive.org/web/20141018092508/http://www.cswusa.org/files/Documents/News/India/20100927%20INDIA%20%20%20CSW%20announces%20speakers%20for%20photography%20exhibition%20private%20viewings.pdf। আহৰণ কৰা হৈছে: 2 March 2013. 
  2. "Poetry International Rotterdam". Archived from the original on 25 March 2019. https://web.archive.org/web/20190325042631/https://www.poetryinternationalweb.net/pi/site/poet/item/9972/Meena-Kandasamy. 
  3. "Outlook India". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009175150/http://www.outlookindia.com/people/meena-kandasamy/13868. 
  4. Kandasamy, Meena (18 January 2016). "The Hindu". Archived from the original on 18 January 2016. https://web.archive.org/web/20160118223637/http://www.thehindu.com/opinion/op-ed/rohith-vemula-left-us-with-only-his-words-writes-meena-kandasamy/article8120922.ece. 
  5. "Porterfolio". Archived from the original on 10 October 2016. https://web.archive.org/web/20161010000048/http://www.porterfolio.net/meenakandasamy। আহৰণ কৰা হৈছে: 8 October 2016. 
  6. "Osmania University Beef Festival Leads To Violence". HuffPost. 17 April 2012. http://www.huffingtonpost.in/entry/beef-festival-osmania-university_n_1432303. 
  7. Warrier, Shobha (21 May 2012). "They don't like women who are flamboyant about sexuality". Rediff.com. http://www.rediff.com/news/report/they-dont-like-women-who-are-flamboyant-about-sexuality/20120521.htm। আহৰণ কৰা হৈছে: 9 March 2013. 
  8. Jeyan, Subash (6 March 2011). "In a language darkly...". The Hindu. Archived from the original on 6 November 2012. https://web.archive.org/web/20121106040052/http://www.hindu.com/lr/2011/03/06/stories/2011030650050200.htm। আহৰণ কৰা হৈছে: 2 March 2013. 
  9. 9.0 9.1 Singh, Pallavi (8 March 2010). "Dalits look upon English as the language of emancipation". Mint (HT Media Ltd). Archived from the original on 3 August 2015. https://web.archive.org/web/20150803000743/http://www.livemint.com/Politics/ItCo2HSpKjf98VvW8X4yAO/Dalits-look-upon-English-as-the-language-of-emancipation.html। আহৰণ কৰা হৈছে: 8 March 2013. 
  10. Rangan, Baradwaj (29 April 2011). "The Politics of Poetry". The Hindu. Archived from the original on 16 October 2013. https://web.archive.org/web/20131016085222/http://www.hindu.com/mp/2011/04/29/stories/2011042950920800.htm। আহৰণ কৰা হৈছে: 2 March 2013. 
  11. "Independent". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009193254/http://www.independent.co.uk/arts-entertainment/books/features/meena-kandasamy-interview-i-don-t-know-if-i-m-idiotic-or-courageous-9238644.html. 
  12. 12.0 12.1 12.2 "Meena Kandasamy". The Hindu. 28 January 2013. http://www.thehindu.com/books/meena-kandasamy/article4344176.ece। আহৰণ কৰা হৈছে: 8 March 2013. 
  13. 13.0 13.1 "Sampsonia Way". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009185312/http://www.sampsoniaway.org/literary-voices/2010/09/22/meena-kandasamy-angry-young-women-are-labelled-hysterics/। আহৰণ কৰা হৈছে: 8 October 2016. 
  14. "Poetry collection". The Hindu. 19 February 2007. http://www.hindu.com/mp/2007/02/19/stories/2007021901330300.htm। আহৰণ কৰা হৈছে: 3 March 2013. 
  15. "Anthology of Contemporary Indian Poetry". BigBridge.Org. http://bigbridge.org/BB17/poetry/indianpoetryanthology/Meena_Kandasamy.html। আহৰণ কৰা হৈছে: 9 June 2016. 
  16. International Writing Program (IWP). "Meena Kandasamy – 2009 Resident". University of Iowa. Archived from the original on 6 January 2013. https://web.archive.org/web/20130106161758/http://iwp.uiowa.edu/writers/meena-kandasamy। আহৰণ কৰা হৈছে: 3 March 2013. 
  17. 17.0 17.1 "Poetry Connections feat. K. Satchidanandan". Arts Council England. 1 July 2011. http://sustainedtheatre.org.uk/domains/sustainedtheatre.org.uk/local/media/images/medium/poetry_connections_feat_ks___profiles.pdf। আহৰণ কৰা হৈছে: 8 March 2013. [সংযোগবিহীন উৎস]
  18. "A Female Dalit Poet Fights Back in Verse". The Wall Street Journal. Archived from the original on 2 October 2016. https://web.archive.org/web/20161002184615/https://blogs.wsj.com/indiarealtime/2011/01/23/a-female-dalit-poet-fights-back-in-verse/. 
  19. 19.0 19.1 "Meena Kandasamy interview: 'I don't know if I'm idiotic – or courageous'". The Independent. Archived from the original on 9 October 2016. https://web.archive.org/web/20161009193254/http://www.independent.co.uk/arts-entertainment/books/features/meena-kandasamy-interview-i-don-t-know-if-i-m-idiotic-or-courageous-9238644.html. 
  20. "NDTV". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009184415/http://www.ndtv.com/south/osmania-university-tense-after-beef-festival-clashes-476849. 
  21. "Storyful". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009235708/https://storyful.com/stories/26719-indian-poet-s-abuse-condemned-after-beef-controversy. 
  22. "Feminists India". http://feministsindia.com/right-wing-men-bash-woman-writer-on-twitter/. 
  23. "Outlook". Archived from the original on 9 October 2016. https://web.archive.org/web/20161009174553/http://www.outlookindia.com/magazine/story/a-cowed-down-nation/280608. 
  24. Nair, Supriya (9 August 2012). "In verse proportion". Mint (HT Media Ltd). Archived from the original on 4 March 2016. https://web.archive.org/web/20160304075239/http://www.livemint.com/Leisure/TIaTuVIgjWGkEcimBbfumM/In-verse-proportion.html?facet=print। আহৰণ কৰা হৈছে: 8 March 2013. 
  25. "Moving the Masses". The New Indian Express. 14 November 2013. Archived from the original on 8 January 2014. https://web.archive.org/web/20140108045402/http://www.newindianexpress.com/entertainment/malayalam/Moving-the-Masses/2013/11/14/article1885376.ece। আহৰণ কৰা হৈছে: 15 April 2014. 
  26. "Crowd-funded movie in the making". The Hindu. 12 November 2013. Archived from the original on 7 January 2014. https://web.archive.org/web/20140107201403/http://www.thehindu.com/news/cities/Kochi/crowdfunded-movie-in-the-making/article5340148.ece। আহৰণ কৰা হৈছে: 15 April 2014. 
  27. "Indian author Meena Kandasamy to receive PEN Germany prize". Deutsche Welle. 19 September 2022. https://www.dw.com/en/indian-author-meena-kandasamy-to-receive-pen-germany-prize/a-63171611. 
  28. 28.0 28.1 Tellis, Ashley (30 January 2011). "Poems of an outdated, designer feminism". The New Indian Express. Archived from the original on 23 October 2013. https://web.archive.org/web/20131023133808/http://newindianexpress.com/lifestyle/books/article412416.ece। আহৰণ কৰা হৈছে: 8 March 2013. 
  29. Maranovna, Tuppence (9 May 2014). "The Gypsy Goddess by Meena Kandasamy". tuppencemagazine.co.uk. http://tuppencemagazine.co.uk/entertainment-news/the-gypsy-goddess-meena-kandasamy/। আহৰণ কৰা হৈছে: 9 May 2014. 
  30. Faleiro, Sonia (19 May 2017). "When I Hit You by Meena Kandasamy — murder on the mind". Financial Times. Archived from the original on 21 May 2017. https://web.archive.org/web/20170521063033/https://www.ft.com/content/d34732ee-3654-11e7-99bd-13beb0903fa3। আহৰণ কৰা হৈছে: 19 May 2017. 
  31. Narang, Gaurvi (15 February 2023). "'Only thing you read to your lover in bed'—Meena Kandasamy's modern book on ancient Tamil text". The Print (New Delhi). https://theprint.in/features/only-thing-you-read-to-your-lover-in-bed-meena-kandasamys-modern-book-on-ancient-tamil-text/1372536/.