মুদ্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অৰ্থব্যৱস্থাত মুদ্ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যিকোনো বস্তু বা সামগ্ৰীৰ দাম মুদ্ৰাৰ মানত প্ৰকাশ কৰা হয়। সকলো বাণিজ্যিক লেনদেন মুদ্ৰাৰ মাধ্যমৰে সাধিত হয়।[1][2][3]

মুদ্ৰাৰ সংজ্ঞা[সম্পাদনা কৰক]

মুদ্ৰাক ইংৰাজীত Money বোলা হয়। Money শব্দটো লেটিন শব্দ 'Moneta'ৰ পৰা আহিছে। বিভিন্ন অৰ্থনীতিবিদে মুদ্ৰাৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে। জিয়ফ্ৰি ক্ৰাউথাৰ(Geoffrey Crowther)ৰ মতে, সাধাৰণ গ্ৰহণযোগ্যতা থকা, মূল্যৰ মাপকাঠি আৰু সঞ্চয়ৰ ভাণ্ডাৰ হিছাবে কাম কৰা বিনিময়ৰ মাধ্যমকে মুদ্ৰা বোলে। (Anything that is generally acceptable as a means of exchang and at the same time acts as a measure and store of value[4]বিনিময়ৰ মাধ্যম হিছাবে মুদ্ৰাই সাধাৰণ গ্ৰহণযোগ্যতা দুই ধৰণে লাভ কৰে। প্ৰথম, এখন সমাজত এটা বস্তু মুদ্ৰা হিছাবে সকলোৱে গ্ৰহণ কৰাৰ ফলত। আনহাতে আইনৰ দ্বাৰা বাধ্য কৰাৰ ফলত।

এটি পুৰণি ভাৰতীয় মুদ্ৰা
মুদ্ৰাৰ আইনগত সংজ্ঞা(Legal Definition of Money): এই সজ্ঞা অনুসৰি চৰকাৰে যি বস্তুকে মুদ্ৰা বুলি আইনৰ দ্বাৰা ঘোষণা কৰে, সিয়েই মুদ্ৰা। আইনৰ দ্বাৰা স্বীকৃত বাবে ইয়াক বিহিত মুদ্ৰা (Legal Tender money) বুলিও কোৱা হয়। বিহিত মুদ্ৰা দুই প্ৰকাৰৰ।
  1. অসীম বিহিত মুদ্ৰা(Unlimited Legal Tender Money)এইবিধ মুদ্ৰাৰ দ্বাৰা যিকোনো পৰিমাণৰ মুল্য পৰিশোধ কৰিব পৰা যা্য়। উদাহৰণ হিছাবে, ভাৰত বৰ্ষত প্ৰচলিত ৫০ পইচা, এটকাৰ ওপৰৰ সকলো মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে।
  2. সসীম বিহিত মুদ্ৰা(Limited Legal Tender Money)এই বিধ মুদ্ৰাৰে এক নিৰ্দিষ্ট পৰিমাণলৈকে মুল্য পৰিষোধ কৰিব পাৰে। উদাহৰণ স্বৰূপে ভাৰতবৰ্ষত প্ৰচলিত ৫,১০,২০ আৰু ২৫ পইচাৰ মুদ্ৰা বিলাকক সসীম বিহিত মুদ্ৰা বোলে। ইয়াৰ দ্বাৰা সৰ্বাধিক ২৫টকালৈকেহে মুল্য পৰিশোধ কৰিব পাৰে বা কাৰোবাক গ্ৰহণ কৰিবলৈ বাধ্য কৰিব পাৰে।
মুদ্ৰাৰ কাৰ্য্যগত সংজ্ঞা(Functional Definition of Money)এই সংজ্ঞা মতে মুদ্ৰাৰ কাৰ্য্যৰ ওপৰত ভিত্তিকৰি মুদ্ৰাৰ সংজ্ঞা দিয়া হয়। সাধাৰণ গ্ৰহণযোগ্যতা থকা যি বস্তু বিনিময়ৰ মাধ্যম হিছাবে আৰু ঋণ পৰিশোধৰ বাবে ব্যৱহাৰ কৰা হয়, সিয়ে মুদ্ৰা। এই ক্ষেত্ৰত ক্ৰাউথাৰ(Crowther)ৰ সংজ্ঞা আতাইতকৈ গ্ৰহণযোগ্য বুলি বিবেচনা কৰা হয়।[5]
মুদ্ৰাৰ সংকীৰ্ণ আৰু ব্যাপক সংজ্ঞা(Narrow and Broad Definition of Money)এই সংজ্ঞা মতে মুদ্ৰাৰ সংকীৰ্ণ অৰ্থত মানুহৰ হাতত থকা সকলোপ্ৰচলিত মুদ্ৰা (চলাৰ্থ) আৰু বেংকচাহিদা আমানতক বুজায়। আনহাতে ব্যাপক অৰ্থত প্ৰচলিত মুদ্ৰা (চলাৰ্থ)আৰু খুচুৰা পইচাৰ উপৰিও আৰু কিছুমান উচ্চ তাৰল্য গুণ সম্পন্ন সম্পদকো সামৰি লোৱা হয়।[6]

মুদ্ৰাৰ ক্ৰমবিকাশৰ ইতিহাস[সম্পাদনা কৰক]

মুদ্ৰাৰ ক্ৰমবিকাশৰ ৫টা প্ৰধান স্তৰ পোৱা যায়। এই পাঁচটা স্তৰ অতিক্ৰম কৰি মুদ্ৰাই আজিৰ ৰূপ পাইছে। বেলেগ বেলেগ স্তৰত বেলেগ বেলেগ বস্তু মুদ্ৰা হিছাবে ব্যৱহৃত হৈছিল। মুদ্ৰাৰ ক্ৰমবিকাশৰ স্তৰ কেইটা হ'ল-

  1. বিনিময় প্ৰথা(Barter System)
  2. জন্তুমান(Animal Standard)
  3. অমুদ্ৰিত ধাতুমান(Bullion Standard)
  4. ধাতু মুদ্ৰা(Coinage)
  5. কাগজী মুদ্ৰা(Paper Money)

বিনিময় প্ৰথাত বস্তুৰ সলনি বস্তুৰ বিনিময় চলিছিল। এই ব্যৱস্থাত সামগ্ৰীয়েই হিচাপ-নিকাচৰ মুদ্ৰা আৰু প্ৰকৃতমুদ্ৰা আছিল। কিন্তু বিনিময় প্ৰথাৰ কিছুমান অসুবিধা আছিল। প্ৰধানকৈ অভাবৰ সংঙ্গতি বিহীনতা আৰু সামগ্ৰী কিছুমানৰ অবিভাজ্যতা সমস্যা। পৰৱৰ্তী স্তৰত জন্তুক বিনিময়ৰ মাধ্যম হিছাবে ব্যৱহৃত হয়। এই স্তৰত প্ৰধান অসুবিধা হৈছিল মুদ্ৰাৰ যোগানৰ দ্ৰুত পৰিৱৰ্তন। কোনো সময়ত জন্তুৰ উচ্চ জন্ম-হাৰ বা মহামাৰীৰ সময়ত উচ্চ মৃত্যুৰ হাৰে জন্তুক মুদ্ৰা হিছাবে চলি থকাত বাধাৰ সৃষ্টি কৰিলে। জন্তুমানৰ অৱসানৰ পাছত সোন,ৰূপ আদি ধাতুক মুদ্ৰা হিচাবে ব্যৱহাৰ কৰিছিল। এই ধাতুবোৰ কালক্ৰমত নিৰ্দিষ্ট সাঁচত মুদ্ৰিত কৰি ধাতুমুদ্ৰা(Coin) হিচাবে চলিবলৈ ধৰিলে। ধাতু মুদ্ৰাৰ প্ৰধান অসুবিধা হ'ল কঢ়িয়াই ফুৰিবলৈ অসুবিধা। মুদ্ৰিত ধাতু মানৰ পাছত কাগজী মুদ্ৰাৰ সৃষ্টি হ'ল।

মুদ্ৰাৰ প্ৰকাৰ[সম্পাদনা কৰক]

মুদ্ৰা প্ৰধানকৈ দুই প্ৰকাৰৰ

  1. হিচাপ-নিকাচৰ মুদ্ৰা(Money of account)
  2. প্ৰকৃত মুদ্ৰা(’Money Proper)

(১) হিচাপ-নিকাচৰ মুদ্ৰা(Money of account) যি মুদ্ৰাৰ যোগেদি দেশৰ সকলো কিনা-বেচা, লেন-দেনৰ হিচাপ প্ৰকাশ কৰা হয় তাক হিচাপ নিকাচৰ মুদ্ৰা বুলি কোৱা হয়। চৰকাৰী ঋণৰ হিচাপ, দ্ৰব্যমূল্য স্তৰৰ পৰিমাপ, মুদ্ৰাৰ ক্ৰয়ক্ষমতা নিৰ্ধাৰণ আৰু আন্তৰ্জাতিক ক্ষেত্ৰত বৈদেশিক মূল্যমান হিচাপ নিকাচৰ মুদ্ৰাৰ জৰিয়তে কৰা হয়। ভাৰতৰ বাবে টকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে ডলাৰ হৈছে হিচাপৰ মুদ্ৰা।

(২) প্ৰকৃত মুদ্ৰা(’Money Proper) প্ৰকৃত মুদ্ৰা কেইবা প্ৰকাৰৰ হব পাৰে। প্ৰকৃত মুদ্ৰাৰ ভাগ সমূহ হ'ল

  1. সামগ্ৰী মুদ্ৰা(Commodity money),
  2. জন্তু মুদ্ৰা(Animal standard),
  3. ধাতু মুদ্ৰা(Metallic money),
  4. কাগজী মুদ্ৰা(Paper money),
  5. বিহিত মুদ্ৰা(Legal tender money),
  6. অবিহিত মুদ্ৰা(Non-legal tender money),
  7. আদেশী মুদ্ৰা(Fiat money),
  8. প্ৰতীকি মুদ্ৰা (Token money,
  9. চেক মুদ্ৰা(Cheque money),
  10. মান মুদ্ৰা(Standard money),আৰু
  11. ক'লা মুদ্ৰা(Black money)।[7]


কাগজী মুদ্ৰা[সম্পাদনা কৰক]

এখন ভাৰতীয় কাগজী মুদ্ৰা

মুদ্ৰাৰ ক্ৰমবিকাশৰ ৫ম স্তৰটো হ'ল কাগজী মুদ্ৰাৰ ব্যৱহাৰ। কাগজী মুদ্ৰাৰ ভিতৰত সকলোবোৰ বেংক নোট আৰু চৰকাৰী নোটক ধৰা হয় ,যি বোৰ কোনো অসুবিধা নোহোৱাকৈ এখন অৰ্থনীতিত প্ৰচলিত হয়।[8]কাগজী মুদ্ৰা দুই ধৰণৰ হ'ব পাৰে।

  1. পৰিৱৰ্তনীয় বা প্ৰতিনিধিত্বমূলক(Convertible or Representative)
  2. অপৰিৱৰ্তনীয় বা অপ্ৰতিনিধিত্বমূলক(Inconvertible or non-representative)

প্ৰথম অৱস্থাত কাগজী মুদ্ৰা পৰিৱৰ্তনীয় বা ৰূপান্তৰশীল আছিল। সেই সময়ত কাগজী মুদ্ৰাক সোণ বা ৰূপলৈ সলনি কৰিব পাৰিছিল। অৰ্থাৎ সেই সময়ৰ কাগজী মুদ্ৰাই সম পৰিমাণৰ সোণ বা ৰূপৰ প্ৰতিনিধিত্ব কৰিছিল। মানুহে ধাতু সমূহ কঢ়িয়াই ফুৰিবলৈ অসুবিধা পাইছিল। সেই বাবে ধাতুৰ সলনি ধাতু(সাধাৰণতে সোণ বা ৰূপ)ৰ গৰাকীয়ে লিখি দিয়া কাগজ বা ৰচিদ এখনহে কঢ়িয়াই নিছিল। য'ত লিখা আছিল--"মই পত্ৰবাহকক....টকা আদায় দিবলৈ প্ৰতিজ্ঞা কৰিলো। "কালক্ৰমত সেই কাগজখনেই মুদ্ৰালৈ ৰূপান্তৰ হ'ল।

বৰ্তমান যিবোৰ কাগজী মুদ্ৰাৰ প্ৰচলন হৈ আছে, সেইবোৰ কিন্তু পৰিৱৰ্তনীয় নহয়। ইয়াক সোণ বা ৰূপলৈ পৰিৱৰ্তন কৰিব নোৱাৰি। সেয়েহে এইবোৰক অপৰিৱৰ্তনীয় বা অপ্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে। ই সোণ বা ৰূপৰ ওপৰত এটা দাবিহে। ই নিজেই মুদ্ৰা হ'ল।


বিহিত আৰু অবিহিত মুদ্ৰা(Legal Tender & Non-Legal Tender Money)[সম্পাদনা কৰক]

যি মুদ্ৰা বিধিগত ভাবে গ্ৰহণযোগ্য সিয়েই বিহিত মুদ্ৰা। বিনিময়ৰ মাধ্যম হিছাবে এই মুদ্ৰাক কোনোবাই লবলৈ অস্বিকাৰ কৰিলে আইন মতে দণ্ডনীয়। আনহাতে অবিহিত মুদ্ৰা লবলৈ অস্বিকাৰ কৰিব পাৰে। বিহিত মুদ্ৰা আকৌ দুই প্ৰকাৰৰ:-

  1. অসীম বিহিত মুদ্ৰা(Unlimited Legal tender money)
  2. সসীম বিহিত মুদ্ৰা(Limited Legal Tender Money)
যি বিহিত মুদ্ৰাৰ সহায়ত যিকোনো পৰিমাণৰ মুল্য প্ৰদান কৰিব পাৰি তাকে "অসীম বিহিত মুদ্ৰা" বোলে। অন্যহাতে সসীম বিহিত মুদ্ৰাৰ দ্বাৰা সীমিত পৰিমাণৰ মুল্য বিনিময় কৰিব পাৰি তাকে "সসীম বিহিত মুদ্ৰা" বোলে।

আদেশী মুদ্ৰা(Fiat Money)[সম্পাদনা কৰক]

যি মুদ্ৰাক চৰকাৰে আইনৰ দ্বাৰা গ্ৰহণ কৰিবলৈ বাধ্য কৰাই, তাকে আদেশী মুদ্ৰা(Fiat Money) বোলে। ইংৰাজী Fiat শব্দৰ অৰ্থ হৈছে ক্ষমতা। আদেশী মুদ্ৰাই চৰকাৰী ক্ষমতাৰ বলত সাধাৰণ গ্ৰহণযোগ্যতা লাভ কৰে।[9]

প্ৰতীক মুদ্ৰা(Token Money)[সম্পাদনা কৰক]

মুদ্ৰাৰ বাহ্যিক আৰু অন্তৰ্নিহিত মুল্য থাকে। বাহ্যিক মুল্য মানে মুদ্ৰাৰ প্ৰদৰ্শিত(face value) মূল্য। অন্তৰ্নিহিত মুল্য মানে হ'ল, যি পৰিমাণৰ ধাতুৰে মুদ্ৰাটো তৈয়াৰ কৰা হৈছে সেই পৰিমাণৰ ধাতুৰ মূল্য। যি মুদ্ৰাৰ অন্তৰ্নিহিত মুল্যতকৈ বাহ্যিক বা প্ৰদৰ্শিত মূল্য বেছি সেই মুদ্ৰাই হৈছে প্ৰতীক মুদ্ৰা। আজিকালি সকলোবোৰ মুদ্ৰাই প্ৰতীক মুদ্ৰা। যি সময়ত পৰিৱৰ্তনশীল বা ৰূপান্তৰশীল মুদ্ৰা প্ৰচলন আছিল তেতিয়াহে মুদ্ৰাৰ বাহ্যিক আৰু অন্তৰ্নিহিত মূল্য একে আছিল।

এখন চেকৰ চিত্ৰ


চেক মুদ্ৰা[সম্পাদনা কৰক]

চেক এক ধৰণৰ অবিহিত মুদ্ৰা। চেকৰ সৰ্বজনীন গ্ৰহণযোগ্যতা নাই। অৰ্থাৎ চেক লবলৈ কোনোবাই অস্বিকাৰ কৰিলে আইনৰ দৃষ্টিত অপৰাধ নহয়। চেক আচলতে বেংকৰ পৰা মুদ্ৰা উলিয়াবলৈ দিয়া এক প্ৰকাৰ আদেশ-পত্ৰহে। অৱশ্যে চেক অন্য সম্পদতকৈ অধিক তৰল। মূদ্ৰাৰ সমান তাৰল্য গুণ নাথাকিলেও ইয়াক সহজে নগদ ৰূপ(Cash) দিব পৰা যায়। সেই বাবে চেকক 'প্ৰায় মুদ্ৰা'(Near money) বুলি কোৱা হয়। অৰ্থনীতিবিদ সকলে মুদ্ৰাৰ ক্ৰমবিকাশৰ ৬ষ্ঠ পৰ্যায় হিছাবে 'চেক'ক অভিহিত কৰিছে। অনুন্নত দেশ সমূহতকৈ উন্নত দেশ সমূহত 'চেক'ৰ প্ৰচলন বেছি। এই উন্নত দেশ সমূহত 'চেক' প্ৰায় বিহিত মুদ্ৰাৰ স্তৰলৈ উঠিছে।

মান মুদ্ৰা[সম্পাদনা কৰক]

মান মুদ্ৰা এখন দেশৰ মুদ্ৰাৰ এটা একক। উদাহৰণ হিছাবে, ভাৰতবৰ্ষৰ মান মুদ্ৰা হ'ল এটকা। এক পইচা হ'ল এটকাৰ ১০০ ভাগৰ এভাগ।

ক'লা মুদ্ৰা (Black Money)[সম্পাদনা কৰক]

আচলতে ক'লা মুদ্ৰা বুলি বেলেগ মুদ্ৰা নাই। যি কোনো মুদ্ৰাই ক'লা মুদ্ৰা হ'ব পাৰে। অৰ্থনৈতিক অপৰাধৰ ফলতে 'ক'লা মুদ্ৰা'ৰ সৃষ্টি হয়। কৰ ফাঁকি(Tax Evasion)ৰ জৰিয়তে বহুলোকে নিজৰ আয়ৰ বহু অংশ চৰকাৰক নিদিয়াকৈ থাকে। ইয়াৰ ফলত চৰকাৰে পাবলগা আয়ৰ অংশটো কৰদাতাৰ হাতত থাকি যায়। এই অংশটোৱেই হিছাপবিহীন মুদ্ৰা বা ক'লা মুদ্ৰা। ক'লা মুদ্ৰাই দেশত এক সমান্তৰাল অৰ্থনীতি(Parallel Economy) বা ক'লা বজাৰৰ সৃষ্টি কৰে।

মুদ্ৰাৰ কাৰ্যাৱলী(Functions of money)[সম্পাদনা কৰক]

মুদ্ৰাই প্ৰধানকৈ চাৰিবিধ কাৰ্য্য কৰে।

  1. বিনিময়ৰ মাধ্যম
  2. মূল্যৰ মাপকাঠী
  3. স্থগিত দেনা পাওনাৰ মানদণ্ড আৰু
  4. মূল্যৰ ভাণ্ডাৰ

ইংৰাজীত সেয়ে কোৱা হয় "'Money is a matter of functions four-a medium, a measure, a standard and a store.'"[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ^ Mishkin, Frederic S. (2007). The Economics of Money, Banking, and Financial Markets (Alternate Edition). Boston: Addison Wesley. p. 8. ISBN 0-321-42177-9.
  2. What Is Money? By John N. Smithin [1]. Retrieved July-17-09.
  3. "money : The New Palgrave Dictionary of Economics". The New Palgrave Dictionary of Economics. Retrieved 18 December 2010.
  4. An outline of Money-G.Crowther
  5. প্ৰাৰম্ভিক অৰ্থবিজ্ঞান/লিখক-জে.পি.গোৱেল আৰু ড॰ এইছ. গোস্বামী/পৃষ্ঠা-৩৭৬
  6. প্ৰাৰম্ভিক অৰ্থবিজ্ঞান/লিখক-জে.পি.গোৱেল আৰু ড॰ এইছ. গোস্বামী/পৃষ্ঠা-৩৭৬
  7. উ:মা: :অৰ্থবিজ্ঞান/দিলীপ কুমাৰ বৰুৱা/পৃষ্ঠা-১৫২
  8. A TRACT ON MONEY- R.N.MITRA & H.ROY/Page No. 6/Published by : THE WORLD PRESS PVT.LTD-1965
  9. http://en.wikipedia.org/wiki/Fiat_money
  10. T.H. Greco. Money: Understanding and Creating Alternatives to Legal Tender, White River Junction, Vt: Chelsea Green Publishing (2001). ISBN 1-890132-37-3