শ্বিলং লাজং ফুটবল ক্লাব

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(শ্বিলং লাজং এফ চিৰ পৰা পুনঃনিৰ্দেশিত)
শ্বিলং লাজং ফুটবল ক্লাব
logo
সম্পূৰ্ণ নাম শ্বিলং লাজং ফুটবল ক্লাব
উপনাম ৰেডছ (Reds)
প্ৰতিষ্ঠা ১৯৮৩
খেলপথাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম, শ্বিলং
(আসন: ৩০,০০০)
গৰাকী শ্বিলং লাজং প্ৰাইভেট
এংলিয়ান হল্ডিংছ (Anglian Holdings)
সভাপতি P.D. Sawyan
পৰিচালক Des Bulpin
লীগ আই-লীগ (ইংৰাজী: I-League)
২০১১-১২ আই-লীগ, দশম
ৱেবছাইট Club home page
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং
তৃতীয় পক্ষৰ খেলসমূহত
পোচাকৰ ৰং

শ্বিলং লাজং ফুটবল ক্লাব (ইংৰাজী: Shillong Lajong Football Club) ভাৰতমেঘালয় ৰাজ্যৰ ৰাজধানী চহৰ শ্বিলঙৰ এটা পেছাদাৰী ফুটবল ক্লাব। ১৯৮৩ চনত জন্ম লাভ কৰা এই ফুটবল ক্লাবটোৰ মূল লক্ষ্য হৈছে স্থানীয় প্ৰতিভাৱান খেলুৱৈ সকলক চিনাক্ত কৰি আৰু তেওঁলোকক উপযুক্ত প্ৰশিক্ষণ দি ৰাজ্যখনত ফুটবল খেলৰ সামগ্ৰিক মানদণ্ড উন্নত কৰা। মেঘালয়ৰ খাচী ভাষাত 'লাজং' শব্দৰ অৰ্থ হৈছে 'আমাৰ নিজৰ'।[1] এই ক্লাবটো ভাৰতৰ প্ৰথমশাৰীৰ ফুটবল লীগ, আই-লীগৰ অন্তৰ্ভুক্ত।

ভাৰতৰ উত্তৰ পুৰ্বাঞ্চলত শ্বিলং লাজং ফুটবল ক্লাবৰ জনপ্ৰিয়তা বহুত বেছি। এই ক্লাবটোৱে পেছাদাৰী ফুটবল খেলে আৰু ইয়াৰ পৰিচালনাও আন যিকোনো পেছাদাৰী ফুটবল ক্লাবৰ দৰেই অনুশাসনমূলক ভাৱে কৰা হয়। এই ক্লাবটোৰ খেলসমূহত গড় হিচাপত ১৯০০০ দৰ্শকৰ উপস্থিতি থাকে।

বুৰঞ্জী[সম্পাদনা কৰক]

১৯৮২ চনৰ মেঘালয় নিমন্ত্ৰণীমূলক ফুটবল প্ৰতিযোগিতাত শ্বিলঙৰ স্থানীয় ফুটবল ক্লাববোৰৰ বিফলতা আৰু স্থানীয় ফুটবলৰ ক্ৰমান্বয়ে নিম্নগামী মানদণ্ড দেখি দুগৰাকী ফুটবলপ্ৰেমী, শ্ৰী কিটদৰ চিয়াম আৰু শ্ৰী পি. ডি. চাৱয়নে লগ হৈ এই পৰিস্থিতিৰ পৰিৱৰ্তন ঘটাবলৈ এটা নতুন ফুটবল ক্লাব গঠন কৰে। কেইজনমান বন্ধু আৰু সমৰ্থকক লগত লৈ গঠন কৰা এই অৰ্ধ-পেছাদাৰী ফুটবল ক্লাবটোৰ নামাকৰন কৰে লাজং ফুটবল ক্লাব, অৰ্থাৎ - 'আমাৰ নিজৰ ফুটবল ক্লাব' বা 'ৰাইজৰ ফুটবল ক্লাব'।

১৯৮৩ চনত এই ক্লাবটোৱে শ্বিলং ক্ৰীড়া সন্থাৰ ফুটবল লীগত তৃতীয় ডিভিজনৰ প্ৰতিযোগিতাত অংশ লয় আৰু বিজয়ী হৈ একে লীগৰ দ্বিতীয় ডিভিজনৰ প্ৰতিযোগিতাত খেলাৰ সুযোগ লাভ কৰে। ১৯৮৪ চনত লাজং ক্লাব সেই লীগৰ প্ৰথম ডিভিজনৰ প্ৰতিযোগিতালৈ উন্নীত হয়। সেইবাৰৰ প্ৰতিযোগিতাৰ ফাইনেল খেলত লাজং মুখামুখি হয় তেতিয়াৰ আন এক পেছাদাৰী ফুটবল ক্লাব ব্লু-মেক্স ফুটবল ক্লাবৰ। এই ব্লু-মেক্স ফুটবল ক্লাব এতিয়া লাংচ্‍-নিঙ স্প'ৰ্টচ ক্লাব নামেৰে জনাজাত। লাজং ফুটবল ক্লাবে শ্বিলং ক্ৰীড়া সন্থাৰ ফুটবল লীগ ১৯৮৯ চনত প্ৰথমবাৰৰ বাবে জয় কৰে।

প্ৰতিষ্ঠাৰ সাত বছৰৰ পিছত, ১৯৯০ চনত লাজং ফুটবল ক্লাবে মেঘালয় নিমন্ত্ৰণীমূলক ফুটবল কাপ জয় কৰে। ফাইনেলত তেওঁলোকে গুৱাহাটীৰ নৱজ্যোতি ফুটবল ক্লাবক হৰুৱাই।

২০০৯ চনত শ্বিলং লাজং ফুটবল ক্লাবে প্ৰথমবাৰৰ বাবে দ্বিতীয় ডিভিজনৰ আই-লীগ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই লীগ হৈছে ভাৰতৰ ফুটবল লীগ সমূহৰ দ্বিতীয় শাৰীৰ লীগ। ইয়াৰ পৰৱৰ্তী ক্ৰীড়াবৰ্ষত (২০০৯-১০) লাজং ক্লাবে ভাৰতৰ সৰ্বোচ্চ ফুটবল লীগ আই-লীগত খেলাৰ যোগ্যতা লাভ কৰে। এই ক্ৰীড়াবৰ্ষতেই লাজং ক্লাবে প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে প্ৰাক্তন ছালগাওঁকাৰ আৰু ইষ্ট বেংগল ফুটবল ক্লাবৰ প্ৰশিক্ষক ষ্টেনলী ৰ'জাৰিঅ'ক।[2]

লাজং ক্লাবে খেলা আই-লীগৰ প্ৰথমখন খেলত তেওঁলোক পঞ্জাবজে. ছি. টি. ফুটবল ক্লাবৰ হাতত পৰাজিত হয়। আই-লীগৰ প্ৰথমখন ঘৰুৱা খেলত লাজঙে ৩০০০০ হেজাৰ দৰ্শকৰ উপস্থিতিত ৩-০ গ'লত পৰাজিত কৰে এয়াৰ-ইণ্ডিয়াক। দ্বিতীয়খন ঘৰুৱা খেলত মোহন বাগান ফুটবল ক্লাবৰ হাতত লাজং পৰাজিত হয়।

আই-লীগৰ সেই ক্ৰীড়াবৰ্ষৰ শেষত লাজং ক্লাব আকৌ আই-লীগ দ্বিতীয় ডিভিজনলৈ অৱনমিত হয়। লাজং ফুটবল ক্লাবে ২০১০-১১ ক্ৰীড়াবৰ্ষত আই-লীগ দ্বিতীয় ডিভিজনৰ আয়োজক হোৱা স্বত্বে প্ৰাৰম্ভিক খেলসমূহ নেখেলাকৈয়ে মুখ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ যোগ্যতা লাভ কৰে। ১৩ মে', ২০১১ তাৰিখত লাজঙে আই-লীগৰ দ্বিতীয় ডিভিজনৰ প্ৰতিযোগিতাত মহামেদান ফুটবল ক্লাবক ১-০ গ'লত হৰুৱাই আৰু আকৌ আই-লীগ প্ৰথম ডিভিজনত খেলাৰ বাবে উন্নীত হয়। ২০১১-১২ ক্ৰীড়াবৰ্ষত লাজং ফুটবল ক্লাবে আই-লীগ প্ৰথম ডিভিজনত খেলিছে।

ক্লাবৰ প্ৰতিকী ৰঙ আৰু অন্যান্য তথ্য[সম্পাদনা কৰক]

লাজং ফুটবল ক্লাবৰ প্ৰতিকী ৰঙ হৈছে ৰঙা আৰু বগা। ঘৰুৱা খেলসমূহত ক্লাবৰ খেলুৱৈ সকলে ৰঙা ৰঙৰ পোচাক পৰিধান কৰে। বিপক্ষৰ খেলপথাৰত খেলা খেলসমূহত লাজঙৰ খেলুৱৈয়ে বগা ৰঙৰ পোচাক পৰিধান কৰে।

শ্বিলং লাজং ফুটবল ক্লাবৰ চোলা বিলাক স্প'নছ'ৰ কৰে এয়াৰচে'ল কোম্পেনীয়ে আৰু খেলৰ সামগ্ৰী যোগান ধৰে এ'ডিডাচ কোম্পেনীয়ে।

খেলপথাৰ[সম্পাদনা কৰক]

২০১১-১২ ক্ৰীড়াবৰ্ষৰ বাবে শ্বিলং লাজং ফুটবল ক্লাবৰ ঘৰুৱা খেলপথাৰ হৈছে শ্বিলঙৰ নেহেৰু ষ্টেডিয়াম

ক্লাবে লাভ কৰা সন্মান[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]