শৰপহু

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
শৰপহু
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পর্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
উপবৰ্গ: Ruminantia
পৰিয়াল: Cervidae
উপপৰিয়াল: Cervinae
গণ: Rusa
প্ৰজাতি: R. unicolor
বৈজ্ঞানিক নাম
Rusa unicolor
(Kerr, 1792)
সমাৰ্থক
  • Cervus unicolor

শৰপহু (ইংৰাজী: Sambar) দক্ষিণ এছিয়া তথা দক্ষিণ-পূব এছিয়া ত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ ভাৰতবৰ্ষতো এই প্ৰাণীবিধ বহুল ভাৱে বিস্তৃত হৈ আছে ৷ পহুৰ প্ৰজাতি সমূহৰ ভিতৰত শৰপহু অন্যতম বৃহৎ প্ৰজাতি ৷ শৰপহু বাঘৰ এবিধ প্ৰিয় চিকাৰ বুলি জনা যায় [1]

সূচী

[সম্পাদনা কৰক] ক্ৰমবিৱৰ্তন

কৰ্ণাটকৰ বিলিগিৰিৰংগা পাহাৰ (Biligiriranga Hills) ত শৰপহু

প্লিষ্টচিন যুগৰ শৰপহুৰ জীৱাশ্ম উদ্ধাৰে এই জীৱ বিধ দক্ষিণ এছিয়াত প্ৰথম উৎপত্তি হৈছিল বুলি প্ৰমাণ কৰিছে৷ তাৰ পিছত ক্ৰমান্বয়ে ই হয়তো অন্যান্য বসতিস্হল সমূহলৈ বিস্তাৰিত হ’ল[2]

[সম্পাদনা কৰক] শ্ৰেণীবিভাজন

বৰ্তমানলৈকে শৰপহুৰ সাতবিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে [2][3] -

উপ-প্ৰজাতি সাধাৰণ নাম বিতৰণ
R. u. boninensis বনিন শৰপহু (Bonin Sambar Deer) বনিন দ্বীপ (লুপ্তপ্ৰায়)
R. u. brookei বৰ্ণিয়’
R. u. cambojensis ইণ্ডোনেছিয়া আৰু মালয়েছিয়া
R. u. dejeani দক্ষিণ চীনৰ শৰপহু দক্ষিণ তথা দক্ষিণ-পশ্চিম চীন
R. u. equina মালয়ান শৰপহু (Malayan Sambar Deer) সুমাত্ৰা
R. u. hainana হায়নান শৰপহু (Hainan Sambar Deer) হায়নান দ্বীপ, চীন
R. u. swinhoii ফৰমছান শৰপহু (Formosan Sambar Deer) টাইৱান
R. u. unicolor শ্ৰীলংকাৰ শৰপহু ভাৰতবৰ্ষ, বাংলাদেশ, শ্ৰীলংকা

[সম্পাদনা কৰক] বিৱৰণ

শৰপহুৰ দৈহিক গঠন ঠাই বিশেষে ভিন্ন হোৱা দেখা যায়৷ সাধাৰণতে ইয়াৰ কান্ধলৈকে উচ্চতা প্ৰায় ১০২-১৬০ ছে: মি: আৰু ওজন প্ৰায় ২২৫-৩২০ কি: গ্ৰা:[4]৷ পশ্চিমৰ উপ-প্ৰজাতি সমূহৰ দেহৰ আকাৰ পূব দিশত বিস্তৃত জন্তুতকৈ ডাঙৰ হোৱা দেখা যায় [2]

দেহৰ বৰণ হালধীয়া-মটীয়া বা ডাঠ মটীয়া হয়৷ শৰপহুৰ সৰু কিন্তু ঘন কেশৰো থাকে৷ তুলনামূলক ভাৱে দীঘল, ক’লা নেজ এডাল থাকে৷ [2] মতা শৰপহুৰ মূৰত শিং (antler) থাকে৷

চৰি থকা শৰপহু

[সম্পাদনা কৰক] বিতৰণ

শৰপহু প্ৰধানত: ভাৰতবৰ্ষ, বাৰ্মা, থাইলেণ্ড, ইণ্ডোনেছিয়া, চীন আৰু সুমাত্ৰা তথা বৰ্ণিয়’ ত পোৱা যায় [1]

শৰপহুয়ে পৰ্ণপাতী অৰণ্যৰ ডাঠ জোপোহা তথা ঘাঁহনিত থাকি ভাল পায় [5]৷ এই প্ৰাণীবিধে ঘাঁহ, পাত, ফল-মূল আদি খাদ্য হিচাপে গ্ৰহণ কৰে [5]

[সম্পাদনা কৰক] আচৰণ

শৰপহু সাধাৰণতে নিশাচৰ৷ মতা প্ৰাণীবোৰে জীৱনৰ সৰহভাগ সময় অকলশৰেই কটায় ৷ মাইকী শৰপহু সৰু সৰু দলত বাস কৰে৷ পানীৰ উৎসৰ কাষত থাকে৷ শৰপহু সাঁতোৰাত পাকৈত বুলি জনা যায় [2]৷ আনবোৰ পহুৰ দৰেই শৰপহু স্বভাৱত শান্ত প্ৰাণী৷

ই সমগ্ৰ বছৰ ধৰি প্ৰজনন কৰে৷ মাইকী প্ৰাণীয়ে আঠ মাহলৈকে গৰ্ভধাৰণ কৰে৷ সাধাৰণতে এবাৰত এটাকৈ পোৱালি জন্ম হয়৷ পোৱালিয়ে জন্মৰ ৫-১৪ দিনৰ ভিতৰত কঠিন আহাৰ খাবলৈ আৰম্ভ কৰে [6]

সাধাৰণতে আয়ুস প্ৰায় ১২ বছৰমান হয় [2]

[সম্পাদনা কৰক] চিত্ৰসম্ভাৰ

[সম্পাদনা কৰক] তথ্যসুত্ৰ

  1. 1.0 1.1 1.2 Timmins, R.J., Steinmetz, R., Sagar Baral, H., Samba Kumar, N., Duckworth, J.W., Anwarul Islam, Md., Giman, B., Hedges, S., Lynam, A.J., Fellowes, J., Chan, B.P.L. & Evans. (2008). Rusa unicolor. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 12 December 2010.
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Leslie, D.M. (2011). "Rusa unicolor (Artiodactyla: Cervidae)". Mammalian Species 43 (1): 1–30. doi:10.1644/871.1. http://www.asmjournals.org/doi/full/10.1644/871.1. 
  3. Wilson, D.E., Reeder, D.M. (eds.) (2005) Mammal Species of the World. A Taxonomic and Geographic Reference (3rd ed), Johns Hopkins University Press online
  4. Boitani, Luigi, Simon & Schuster's Guide to Mammals. Simon & Schuster/Touchstone Books (1984), ISBN 978-0671428051
  5. 5.0 5.1 Deer of the world: their evolution, behaviour, and ecology. Valerius Geist. Stackpole Books. 1998. Pg. 73-77.
  6. Semiadi, G. et al. (1993). "Growth, milk intake, and behaviour of artificially reared sambar deer (Cervus unicolor) and red deer (Cervus elaphus)". Journal of Agricultural Science 121 (2): 273–281. doi:10.1017/S0021859600077157. http://journals.cambridge.org/action/displayAbstract?fromPage=online&aid=4819680&fulltextType=RA&fileId=S0021859600077157. 

[সম্পাদনা কৰক] বহি:সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত