শৰৎ বৰকটকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শৰৎ বৰকটকী
শিক্ষা, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ মন্ত্ৰী
কাৰ্যকাল
২৩ জানুৱাৰী ২০১৫ – ১৯ মে’ ২০১৬
মুখ্যমন্ত্ৰী তৰুণ গগৈ
লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী
কাৰ্যকাল
১৭ মে’ ২০০১ – ২১ মে’ ২০০৬
মুখ্যমন্ত্ৰী তৰুণ গগৈ
ৰাজ্য মন্ত্ৰী, অসম চৰকাৰ
কাৰ্যকাল
৩০ জুন ১৯৯১ – ১৫ মে’ ১৯৯৬
মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া
ভূমিধৰ বৰ্মন
অসম বিধানসভা ৰ সদস্য।
কাৰ্যকাল
১৯৯১ – ১৯ মে’ ২০১৬
পূৰ্বসূৰী ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই
উত্তৰসূৰী তপন কুমাৰ গগৈ
সমষ্টি সোণাৰী
ব্যক্তিগত তথ্য
জন্ম ১ মাৰ্চ, ১৯৩৫
মথুৰাপুৰ, সোণাৰি, অসম, ব্ৰিটিছ ভাৰত
মৃত্যু ৩০ অক্টোবৰ, ২০২৩ (৮৮ বছৰ)
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী বিনা বৰকটকী (বি. ১৯৬৫)
সন্তান 3
পিতৃ-মাতৃ হেম চন্দ্ৰ বৰকটকী (পিতৃ)
চন্দ্ৰ প্ৰভা বৰকটকী (মাতৃ)

শৰৎ বৰকটকী (ইংৰাজী: Sarat Barkotoky; ১ মাৰ্চ ১৯৩৫- ৩০ অক্টোবৰ ২০২৩)[1] অসম ৰাজ্যৰ এজন ভাৰতীয় ৰাজনীতিবিদ। যোৰহাট জিলাৰ সোণাৰি অসম বিধানসভা সমষ্টিৰ তেওঁ প্ৰাক্তন বিধায়ক তথা অসমৰ এগৰাকী শিক্ষামন্ত্ৰী আছিল। হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।[2]

প্ৰাথমিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৩৫ চনৰ ১ মাৰ্চত সোণাৰিৰ মথুৰাপুৰত প্ৰয়াত হেম চন্দ্ৰ বৰকটকী আৰু প্ৰয়াত চন্দ্ৰ প্ৰভা বৰকটকীৰ ঘৰত শৰৎ বৰকটকীয়ে জন্মগ্ৰহণ কৰিছিল।[1] তেওঁ ১৯৭০ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি.টি. পৰীক্ষাত উৰ্ত্তীণ হয়।[3]ইয়াৰোপৰি তেওঁ কলা শাখাৰ স্নাতক আছিল।[1]

ৰাজনৈতিক কেৰিয়াৰ[সম্পাদনা কৰক]

১৯৯১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত সোণাৰি সমষ্টিৰ বাবে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী আছিল। মুঠ ভোটৰ ৫৭.৯৬%, ৩৮৮৭৭টা ভোট লাভ কৰি তেখেত সোণাৰিৰ নতুন বিধায়ক হয়। এই নিৰ্বাচনত তেওঁ তেওঁৰ প্ৰতিদ্বন্দ্বীক ২৩৪৯১টা ভোটত পৰাস্ত কৰে।[4] হিতেশ্বৰ শইকীয়া মন্ত্ৰীসভাত তেওঁক ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল।[2]

১৯৯৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বৰকটকীয়ে পুনৰ নিৰ্বাচন প্ৰতিদ্বন্দ্বীতা আগবঢ়াই ৫২০৫২টা ভোট লাভ কৰে, মুঠ ভোটৰ ৬১.৮% আৰু নিকটতম প্ৰতিদ্বন্দ্বীক ৩১৪৬৪টা ভোটত পৰাস্ত কৰে।[4]

২০০১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ ৫৯৫৫৪টা ভোট লাভ কৰে অৰ্থাৎ ৬৭.২৫%। তেওঁ নিজৰ প্ৰতিদ্বন্দ্বীক ৩৪৯৪১টা ভোটত পৰাস্ত কৰে।[4] ২০০১ চনৰ তৰুণ গগৈৰ মন্ত্ৰীসভাত তেওঁক লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছিল। পি ডব্লিউ ডি মন্ত্ৰী হিচাপে বৰকোটকিয়ে অসমৰ পথ আৰু নিষ্কাশনৰ উন্নয়নৰ বাবে মেগা প্ৰকল্প ৰূপায়ণ কৰি ৫০ কোটি অৰ্থ ব্যয় কৰিছিল।[5]

২০০৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বৰকটকীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক ৩৪৯৯০টা ভোটত পৰাস্ত কৰি ৫৬২০৬টা ভোট লাভ কৰে।[4][2]

২০১১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত তেওঁ সোণাৰিত পুনৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। তেওঁ ৫৬৬৫৫টা ভোট লাভ কৰে, এয়া মুঠ ভোটৰ ৫৩.৩৮%। তেওঁ নিকটতম প্ৰতিদ্বন্দ্বীক ২৮৯০৪টা ভোটত পৰাস্ত কৰে।[4] তৰুণ গগৈ মন্ত্ৰালয়ৰ কেবিনেট সালসলনিৰ পিছত ২০১৫ চনৰ ২৩ জানুৱাৰীত বৰকটকীক অসমৰ শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[6] বিশ্ববিদ্যালয়ৰ ৰাজ্যিক অনুদানৰ বাবে তেওঁ স্মৃতি ইৰাণীক অনুৰোধ জনাইছিল।[7]

২০১৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত বৰকটকীয়ে সোণাৰিৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াই ৪৯২১০টা ভোট (৩৭.৪৭%) লাভ কৰি বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হাতত ২৪১১৭ ভোটত পৰাস্ত হয়।[8]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৬৫ চনৰ ৫ জুনত তেওঁ বিনা বৰকটকীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ ৩টা সন্তান, দুজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান জন্ম হয়। তেওঁ টেবুল টেনিছ, বেডমিণ্টন, কেৰম আদি খেলৰ প্ৰতি আগ্ৰহী আছিল। বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক সংগঠনৰ লগত জড়িত আছিল। ২০০৬ চনৰ পৰা তেওঁ ৰাজ্যিক পৰিকল্পনা ব'ৰ্ডৰ উপ-সভাপতি আৰু ২০১০ চনৰ পৰা এ এল এৰ অনুমান সমিতিৰ অধ্যক্ষও আছিল।[1]

মৃত্যু[সম্পাদনা কৰক]

শৰৎ বৰকটকীৰ ৮৬ বছৰ বয়সত মৃত্যু হয়।

১৬ অক্টোবৰৰ পৰা জি এম চি এইচত চিকিৎসাধীন হৈ থকা তেখেতৰ মৃত্যু হয় ৩০ অক্টোবৰৰ নিশা ১.৩৬ বজাত।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Who's Who". 2016-08-01. http://assamassembly.gov.in/sarat-barkotoky-2011.html। আহৰণ কৰা হৈছে: 2022-03-19. 
  2. 2.0 2.1 2.2 "Sarat Barkotoky Ministership". shodhganga.inflibnet.ac.in/. http://shodhganga.inflibnet.ac.in/bitstream/10603/50847/10/10_chapter%201.pdf। আহৰণ কৰা হৈছে: 2018-11-05. 
  3. "Sarat Borkotoky(Indian National Congress(INC)):Constituency- SONARI(CHARAIDEO) - Affidavit Information of Candidate:". myneta.info. https://myneta.info/assam2011/candidate.php?candidate_id=165। আহৰণ কৰা হৈছে: 2022-03-19. 
  4. 4.0 4.1 4.2 4.3 4.4 "Sonari Assembly Constituency Election Result - Legislative Assembly Constituency". resultuniversity.com. https://resultuniversity.com/election/sonari-assam-assembly-constituency#1985। আহৰণ কৰা হৈছে: 2022-03-19. 
  5. "Mega project for development of road and drainage of Assam" (en ভাষাত). Zee News. 2002-05-02. https://zeenews.india.com/home/mega-project-for-development-of-road-and-drainage-of-assam_40656.html। আহৰণ কৰা হৈছে: 2022-03-19. 
  6. "Portfolios allocated to new Assam ministers". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/portfolios-allocated-to-new-assam-ministers/articleshow/46021304.cms?from=mdr. 
  7. "Assam Education Minister seeks grants from MHRD" (en-US ভাষাত). CFO India. https://www.cfo-india.in/cmsarticle/assam-education-minister-seeks-grants-from-mhrd/। আহৰণ কৰা হৈছে: 2022-03-19. [সংযোগবিহীন উৎস]
  8. "10 Gogoi cabinet ministers bite the dust". www.telegraphindia.com. https://www.telegraphindia.com/north-east/10-gogoi-cabinet-ministers-bite-the-dust/cid/1411566। আহৰণ কৰা হৈছে: 2022-03-19. 
  9. "Assam: Former minister, retired teacher Sarat Barkotoky passes away". India Today NE. 30 October 2023. https://www.indiatodayne.in/assam/story/assam-former-minister-retired-teacher-sarat-barkotoky-passes-away-702520-2023-10-30.