সুখ-দুখ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুখ-দুখ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী পূৰ্ণেন্দু পত্ৰী
দেশ ভাৰত
ভাষা অসমীয়া
বিষয় শিক্ষামূলক,নৈতিক,সামাজিক, স্বাস্থ্য-বিধান
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ২০০৮
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১১২
আই.এচ.বি.এন. 81-7665-113-3

সুখ-দুখ (ইংৰাজী: Hukh-Dukh) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্ট'ৰচ প্ৰকাশনে। ১৯৯২ চনৰ আগষ্ট মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৫ চনলৈকে মুঠ সাতটা সংস্কৰণ লাভ কৰিছে।[1]

বিৱৰণ[সম্পাদনা কৰক]

কিতাপখনত 'নতুন বছৰৰ সংকল্পঃ নমৰালৈকে জীয়াই থাকিম', 'মই গোটেই জীৱন ত্ৰিশবছৰীয়া হৈ থাকিম','সুখ','পৰিশ্ৰম, অৱসাদ আৰু বিশ্ৰাম','জবৰ উপাখ্যান','ভূমিকম্প','সাহিত্য আৰু জীৱন','জৰ্জ লুই বৰহাছৰ 'শ্বেকছপীয়েৰ' ,'ইতিহাস চেতনা','লুই আলথুছাৰৰ দ্বিতীয় মৃত্যু','যি শিশুৰ শৈশৱ নাই', 'এজন বিপ্লৱীৰ কথা' ,'যত জীৱ তত শিৱ','কুকুৰৰ ঈশ্বৰ','বন্দী' আৰু 'সুখ-দুখ' এই ১৬ টা ভিন্নস্বাদৰ প্ৰবন্ধ আছে। লগতে সূচীত ওপৰঞ্চি বুলি দি সংযোজন কৰা আছে ৯ টা অধ্যায়। সেইকেইটা হ'ল ,'নতুন জীৱন', 'জীৱনৰ অৰ্থ', 'ভলতেয়ৰ' ,'ইউলিছিছ আৰু ফাউষ্ট', 'চৰাইৰ কাৰণে অকণমান সময়' ,'চৰাইৰ বিষয়ে ড° ছালিম আলি' ,'চৰাইঃঅন্তহীন আনন্দৰ উৎস' ,'চৰাইৰ মৃত্যু' আৰু 'মানুহৰ মৃত্যু'। [1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।[3]

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 হোমেন বৰগোহাঞি (মে',২০১৫). সুখ-দুখ. শ্ৰী অজয় কুমাৰ দত্ত. ISBN 81-7665-113-3. 
  2. Sahitya Akademi Official website.
  3. Desk, Digital (12 May 2021). "Breaking: Eminent litterateur, journalist Homen Borgohain no more » News Live TV » Assam" (en-US ভাষাত). News Live TV. https://newslivetv.com/breaking-eminent-litterateur-journalist-homen-borgohain-no-more/। আহৰণ কৰা হৈছে: 12 May 2021. 

লগতে চাওক[সম্পাদনা কৰক]