হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
হৰে ৰাম হৰে কৃষ্ণ
পৰিচালক দেৱ আনন্দ
ৰচনা দেৱ আনন্দ
প্ৰযোজক দেৱ আনন্দ
অভিনয়ত দেৱ আনন্দ
জীনত আমান
মুমতাজ
চিত্ৰগ্ৰহণকাৰী ফলি মিস্ত্ৰী
সম্পাদনা বাবু শ্বেখ
সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মন
মুক্তি
১৪ জানুৱাৰী ১৯৭১ (1971-01-14)
দৈৰ্ঘ্য
১৪৯ মিনিট
দেশ ভাৰত
ভাষা হিন্দী

হৰে ৰাম হৰে কৃষ্ণ (ইংৰাজী: Hare Rama Hare Krishna) ১৯৭১ চনত দেৱ আনন্দৰ পৰিচালনাত নিৰ্মিত এখন সংগীত প্ৰধান ড্ৰামা ছবি, য'ত মুমতাজ আৰু জীনত আমানে অভিনয় কৰাৰ উপৰিও মূল পূৰুষ চৰিত্ৰত তেওঁ নিজে অভিনয় কৰিছে। পশ্চিমীয়া হিপ্পীৰ চৰিত্ৰত অভিনয় কৰা জিনত আমানৰ বাবে এই চুপাৰহিট ছবিখন[1] তাৰকা নিৰ্মাণৰ বাহনস্বৰূপ আছিল আৰু শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা[2] আৰু লগতে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বিএফজেএ বঁটাও তেওঁ লাভ কৰিছিল।[3] ছবিখনৰ আলোচ্য বিষয় হিপ্পী সংস্কৃতিৰ অৱক্ষয়। ইয়াত এক ড্ৰাগছ বিৰোধী বাৰ্তা দিয়া হৈছে। লগতে পশ্চিমীয়াকৰণৰ সৈতে জড়িত বিবাহ বিচ্ছেদ আদি কিছুমান সমস্যাৰ বিষয়েও চিত্ৰায়ন কৰা হৈছে। ১৯৬৮ চনৰ আমেৰিকান চাইকেডেলিক চলচ্চিত্ৰ চাইক-আউটৰ দ্বাৰা ই প্ৰভাৱিত হৈছিল।[4]

নেপালকাঠমাণ্ডু ভ্ৰমণ কৰাৰ সময়ত তাত বাস কৰি থকা হিপ্পীসকলৰ সম্পৰ্কত অহাৰ পিছত আচলতে দেৱ আনন্দৰ মনলৈ হৰে ৰাম হৰে কৃষ্ণৰ ধাৰণাটো আহিছিল। তেওঁৰ পূৰ্বৰ ছবি প্ৰেম পূজাৰীৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে মন বেয়া হৈ থকা বাবে তেওঁ নেপাল ভ্ৰমণলৈ গৈছিল। প্ৰতিবাদকাৰীসকলে ছবিখনৰ পোষ্টাৰ জ্বলাই দিছিল।[5]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • দেৱ আনন্দ- প্ৰশান্ত
  • জীনত আমান – জছবীৰ
  • মুমতাজ – শান্তি
  • বেবী গুড্ডী- সৰু যশবীৰ
  • সত্যজিত- সৰু প্ৰশান্ত
  • প্ৰেম চোপ্ৰা- দ্ৰোণাচাৰ্য
  • ৰাজেন্দ্ৰ নাথ- তুফান
  • মেহমুদ জুনিয়ৰ- মাচিনা
  • সুধীৰ- মাইকেল
  • কিশোৰ চাহু -জয়ছোৱাল
  • অচলা সচদেৱ- মিচেছ জয়ছোৱাল
  • মুমতাজ বেগম- শান্তিৰ মাক
  • ইফটিকাৰ
  • ৰাজ কিশোৰ
  • গৌতম ছেৰিন
  • ইন্দ্ৰানী মুখাৰ্জী মিচেছ জয়ছোৱাল ২য়
  • য়শোদ্ৰা কাটজু

বঁটা[সম্পাদনা কৰক]

সংগীত[সম্পাদনা কৰক]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "হৰে ৰাম হৰে কৃষ্ণ (মহিলা সংস্কৰণ)"   আশা ভোঁচলে, ঊষা উথুপ ৩:৪৭
2. "দেখো অ’ দিৱানা"   কিশোৰ কুমাৰ ৪:৩১
3. "দম মাৰো দম"   আশা ভোঁচলে ২:৩৬
4. "কাঞ্চি ৰে কাঞ্চি (পুনৰুজ্জীৱিত)"   কিশোৰ কুমাৰ, লতা মংগেশকাৰ ৫:০৪
5. "হৰে ৰাম হৰে কৃষ্ণ খণ্ড-১ (নৃত্য সংস্কৰণ)"   ঊষা উথুপ ২:১৭
6. "হৰে ৰাম হৰে কৃষ্ণ খণ্ড-২ (নৃত্য সংস্কৰণ)"   ঊষা উথুপ ১:৩২
7. "ও ঘুংগুৰু কা বোলে"   লতা মংগেশকাৰ ৫:০২
8. "ফুলো কা তাঁৰো কা (নাৰী কণ্ঠ)"   লতা মংগেশকাৰ ৩:৩০
9. "ফুলো কা তাঁৰো কা (পুৰুষ কণ্ঠ)"   কিশোৰ কুমাৰ ৬:০০
10. "কাঞ্চি ৰে কাঞ্চি"   কিশোৰ কুমাৰ, লতা মংগেশকাৰ ৪:৫৭

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]