ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
Rajabala HS School
অৱস্থান
ৰাজাবালা, পশ্চিম গাৰো পাহাৰ
25.7545945°N 89.9793738°E
মেঘালয়, ৭৯৪০১৪
ভাৰত
প্ৰাথমিক তথ্যসমূহ
বিদ্যালয় সমিতি ব্যক্তিগত মালিকানাধীন
শ্ৰেণী উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক, মাধ্যমিক
শ্ৰেণী ষষ্ঠম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ
ভাষা ইংৰাজী
অন্তৰ্ভূক্তিসমূহ মেঘালয় স্কুল শিক্ষা পৰিষদ

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Rajabala Higher Secondary School) খন হৈছে মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানখন ১৯৫২ চনত স্থাপিত হৈছিল। ই মেঘালয় স্কুল শিক্ষা পৰিষদৰ লগত যুক্ত আৰু ব্যক্তিগত স[1]

ইতিহাস[সম্পাদনা কৰক]

প্ৰতিষ্ঠানখন ১৯৫২ চনত স্থাপিত হৈছিল ঠিকেই কিন্তু সেই সময়ত কেৱল মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰম পঢ়ুৱা হৈছিল। শেষত স্থানীয় শিক্ষা অনুৰাগিসকলৰ ইচ্ছাত ২০০৩ চনত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হয়।[1]

বিদ্যালয়ৰ ঠিকনা[সম্পাদনা কৰক]

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণী ঘৰ

মেঘালয় ৰাজ্যৰ পশ্চিম প্ৰান্তত অৱস্থিত এই বিদ্যালয়খন মেঘালয়ৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ ৰাজাবালা সমষ্টিৰ অন্তৰ্গত শেলশেলা শিক্ষাখণ্ডৰ অন্তৰ্গত। ৰাজ্যখনৰ ৰাজধানী শ্বিলংৰ পৰা প্ৰায় ৩২০ কিলোমিটাৰ দূৰত অৱস্থিত। ফুলবাৰী আৰক্ষী চকীৰ প্ৰায় ২৫ কিলোমিটাৰ দক্ষিণত, শেলশেলাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ পশ্চিমত অৱস্থিত। ইয়াৰে প্ৰায় ২৫-৩০ কিলোমিটাৰ দক্ষিণত আছে অসমদক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙীমাৰি বজাৰ।[2][3]

সুবিধাসমূহ[সম্পাদনা কৰক]

ৰাজাবালা উচ্চতৰ মধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদাৰ

ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে, শিক্ষাবিদ, পাঠ্যক্ৰমৰ বাহিৰৰ কাৰ্যকলাপ, চৌহদৰ ভিতৰত কলা আন্তঃ গাঁ‌থনিৰ অৱস্থাত ক্ৰীড়াৰ ভাৰসাম্য ৰক্ষা কৰি শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশত বিশ্বাস কৰে।

নিম্নলিখিত সুবিধাসমূহ প্ৰদান কাৰেঃ

  • খেল-ধেমালিৰ বাবে এখন খেল পথাৰ।
  • খোৱা পানীৰ ব্যৱস্থা।
  • বৈদ্যুতিক লাইনৰ সংযোগ।
  • শিক্ষক আৰু অধ্যক্ষ মহাদয়ৰ বাবে সুকীয়া কোঠা।
  • ছোৱালীসকলৰ বাবে জিৰণী কোঠা।
  • ল'ৰা আৰু ছোৱালীসকলৰ বাবে সুকীয়া শৌচালয়।
  • আৰু অন্যান্য।

তথ্য উৎস[সম্পাদনা কৰক]