ৰেখা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি লৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়।
ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত ত্ৰিভূজ, চতুৰ্ভূজ, আয়তক্ষেত্ৰ, ৰম্বাছ, সামান্তৰিক, পঞ্চভূজ ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত বৃত্ত, উপবৃত্ত, অধিবৃত্ত ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।
চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকণ কৰে।
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- Faber, Richard L. (1983). Foundations of Euclidean and Non-Euclidean Geometry. New York, United States: Marcel Dekker. ISBN 0-8247-1748-1.