ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০২৩

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দ্বাদশ বৰ্ষ | জুলাই | ২০২৩ | সপ্তম সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

ৱিকিসন্মিলনী ভাৰত ২০২৩ ত 'ৱিকিপত্ৰিকা'

হাইদৰাবাদত হৈ যোৱা ৱিকিসন্মিলনখনৰ বাবে ফৰ্ম পুৰাবলৈ বাৰ্তা আহোঁতেই এদিন মই মোৰ সপোনৰ ৰাজ্যত ভ্ৰমিবলৈ আৰম্ভ কৰিছিলোঁ, কিবা বোলেনে 'গছত কঁ‌ঠাল ওঁ‌ঠত তেল, নৌ খাওঁতেই চেল-বেল'। পিছত বাবুল বৈশ্যদাৰ সৈতে দুই-এবাৰ এই লৈ ফোনতে আলোচনা কৰিছিলোঁ। বহুদিনৰ পিছত মোক নিৰাশ কৰি সন্মিলনৰ জলপানিৰ তালিকাত মোৰ নামটো নাহিল। সেয়ে হ'লেও সন্মিলনৰ বাবে দিয়া মোৰ উপস্থাপনৰ বিষয়টো নিৰ্বাচিত হোৱা বুলি মেইলত এটা বাৰ্তা আহিল, যিটো মই অনলাইন পৰিৱেশন কৰিব লাগিব। পিছত নিৰ্বাচিত ৰাইজৰ কথা-বাৰ্তাত মই কিছুদিনলৈ নীৰৱ দৰ্শক হৈ ৰ'লোঁ। জোঁৰ পুৰি হাত পোৱাৰ বেলাত মোক আচৰিত কৰি কৰ্মকৰ্তাসকলৰ এগৰাকীয়ে মোলৈ ফোন কৰে আৰু ময়ো এই কৰ্মশালা খনত সোশৰীৰে অংশগ্ৰহণৰ সুযোগ পাওঁ‌।

এই দিনকেইটাত এক অনন্য অনুভৱ আৰু ভিনৰঙী অভিজ্ঞতাই মনটো ভৰাই ৰাখিছিল। ভাৰতৰ ভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ নেপাল, বাংলাদেশ, শ্ৰীলংকা আদিৰ পৰা আমাৰ দেশলৈ বাটকুৰি বাই অহা ৱিকিমিডিয়ানসকলৰ মাজত বিভিন্ন ৱিকিপ্ৰকল্পসমূহত কৰি থকা কামসমূহৰ অভিজ্ঞতাৰ যি আদানপ্ৰদান হ'ল, সেয়া সঁচাকৈয়ে অনুপ্ৰেৰণাৰ এক অনন্য অন্তহীন স্ৰোত। এনে অভিজ্ঞতা প্ৰতিগৰাকী ৱিকিমিডিয়ানৰ হোৱা উচিত বুলি ভাবোঁ।

ৱিকি সন্মিলনৰ বাবে নিৰ্বাচিত হোৱা মোৰ উপস্থাপনৰ বিষয়টো আছিল ‘ৱিকিপত্ৰিকা’। নিৰ্দিষ্ট দিনত এই বিষয়টো সকলোৰে মাজত উপস্থাপন কৰাৰ অনুভৱেই আছিল সুকীয়া! সেইদিনা উপস্থিত থকা সকলোৰে বাবে এই বিষয়টো আছিল একেবাৰেই নতুন। আমাৰ সহযোগীসকলে ভাল হোৱা বুলি কলত খুবেই ভাল লাগিছিল। বয়সৰ সীমা পাহৰি আইৰ মুখৰ ভাষাটোৰ প্ৰতি থকা টানৰ বাবেই কেৱল একোগৰাকী ৱিকিমিডিয়ান হৈ থকাৰ এক সুস্থ পৰিৱেশত আমি সকলো বিলীন হৈ পৰিছিলোঁ।

অৱশেষত আমি অনিচ্ছাসত্ত্বেও নিজৰ নিজৰ ঠাইলৈ উলটি আহিলোঁ‌। সেই অভিনৱ অভিজ্ঞতাৰ সোৱাদৰ ভাগ দিয়াত কেইবাগৰাকী সদস্যই আমাক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিছিল। এইচেগতে বিষয়বস্তুৰ প্ৰস্তাৱ তথা পিপিটি প্ৰস্তুতকৰণত সহায় কৰি দিয়া অগ্ৰজ ৱিকিমিডিয়ান জলি বা আৰু চন্দনলৈ মোৰ কৃতজ্ঞতা। লেপটপ এটা লগত লৈ যাব পৰাকৈ সুবিধা কৰি দিয়া অনুজ ৰাজদ্বীপলৈকো ধন্যবাদ আৰু মৰম। _Nayan j Nath (বাৰ্তা) 14:03, 30 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

বৈচিত্ৰ্যৰ মাজত ঐক্য

অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মই প্ৰবীণ খেলুৱৈ হ'লেও ৰাষ্ট্ৰীয় স্তৰৰ সন্মিলনৰ ক্ষেত্ৰত মই তেনেই নবীন। পূৰ্বে ২০১৮ চনত কলকাতাত অনুষ্ঠিত সৰ্বভাৰতীয় ৱিকিউৎস কৰ্মশালা এখনত যোগদান কৰিছিলোঁ। সেই অভিজ্ঞতাৰেই অসমীয়া ৱিকিউৎসকো আগলৈ টানিবলৈ চেষ্টা কৰিছিলোঁ আৰু কিছু দিশত সফলো হৈছিলোঁ। সেইখনৰ বাহিৰে যিবোৰ সন্মিলন বা সেই পৰ্যায়ৰ অনুষ্ঠান হৈছিল, সেইবোৰলৈ যাবলৈ আহৰি পোৱা নাছিলোঁ বা কিছুমানৰ কথা বহুবছৰ পূৰ্বে জনাই নাছিলোঁ। এইবাৰ হায়দৰাবাদৰ সন্মিলনৰ কথা গম পাই ঠেং দাঙিলোঁ। আশা কৰা মতে জলপানিৰ বাবে নিৰ্বাচিত হ'লোঁ। বহু কথাত সন্মিলনৰ বিষয়ববীয়াসকলে নানা কাৰণত গোপনীয়তা অৱলম্বন কৰিছিল আৰু সন্মিলনৰ গোটছেৰেক দিন আগতেহে ক'ত হ'ব, কেনেকৈ হ'ব আদি কথা কেৱল যাবলগীয়া ৰাইজৰ আগত খোলোচা কৰিছিল। নিৰ্দিষ্ট দিনটোত অসমীয়া দলটোৱে নিজামৰ নগৰত ভৰি দিলোঁ।

কি শিকিলোঁ সেয়া পাছলৈ থোৱা যাওক! পঞ্চতাৰকা হোটেলৰ থকা আৰু খোৱা যে বিশ্বমানৰ আছিল সেয়া নক'লে পাপে চুব। সন্মিলনৰ শেষৰদিনা দুআষাৰমান ক'বলৈ সুযোগ পাওঁতে মই এই কথা কলোঁ যে ভাল মানুহেৰে পৰিবেষ্টিত হৈ ভাল ঠাইত কেইদিনমানৰ পেইড ভেকেচন্‌ লাগে যদি ৱিকিমিডিয়া প্ৰকল্পত কাম কৰক! আৰু যিখিনি মানুহ দেখিলোঁ, লগ পালোঁ, সকলোবোৰেইতো মুক্ত উৎস জ্ঞানৰ সেনানী। চাৰিটা থীমৰ সন্মিলনখনৰ মূল বিষয়বস্তু আছিল "বান্ধোন শক্তিশালী কৰা।" তাৰ চৌপাশে আছে সহযোগিতা, বিচিত্ৰতা আৰু শক্তি। সন্মিলনখনৰ বিভিন্ন উপস্থাপন, কৰ্মশালা, কথা-বতৰাই এই চাৰিওটা বিষয়কে স্পৰ্শ কৰিলে আৰু ভাৰতৰ লগতে চুবুৰীয়া দেশৰপৰাও অহা স্বেচ্ছাসেৱকসকলৰ মাজত বান্ধোন শক্তিশালী কৰিলে। ২০১৮ চনত লগতে পোৱা কেইগৰাকীমান স্বেচ্ছাসেৱী আৰু ফাউণ্ডেচনৰ লোকক লগ পাই মন হৰষিত হ'ল। নিজা ঠাইৰ লোকসকলে মিলি কৰা হাঁহি-স্ফূৰ্তিৰ কথা নক'লোঁৱেইবা।

সন্মিলনৰ এটা মুখ্য দিশ আছিল আয়োজকৰ সময়ানুৱৰ্তিতা। এক মিনিটৰো ইফাল-সিফাল নোহোৱাকৈ পুৱাৰে পৰা সন্ধিয়ালৈ অনুষ্ঠানবোৰ যিদৰে পৰিচালিত হ'ল সেয়া মোৰ বাবে কিছু আশ্চৰ্যকৰ আছিল। শ্ৰোতা-দৰ্শকৰ আমনি নলগাকৈ অনুষ্ঠানবোৰ যথাসম্ভৱ আকৰ্ষণীয় আৰু চুটিকৈ ৰখা হৈছিল। অসমীয়া সমাজৰ ৰুমি বাইদেউ, ভাস্কৰ আৰু নয়নে ত্ৰুটীবিহীন পৰিৱেশন কৰিলে আৰু খুব হাত-চাপৰি গোটালে। প্ৰথম দিনাই ইতিমধ্যে অসমীয়া মেখেলা-চাদৰ আৰু গামোচাই অনা-অসমীয়া ৰাইজৰ চকু টানিছিল। শেষৰ দিনালৈ ৱিকিমিডিয়া ফাউণ্ডেচনৰ ভিনৰঙী আটাইকেইগৰাকী বিদেশী বিষয়ববীয়াৰ ডিঙিত গামোচা জিলিকিল। বৈচিত্ৰ্যৰ মাজত ঐক্য!

ৰং-ৰহইচ অনেক হ'ল। এতিয়া কিছু কাম কৰাৰ সময়। সন্মিলনৰ শেষ সন্ধিয়াই অসমীয়া স্বেচ্ছাসেৱকসকলে অনলাইন সভাত মত বিনিময় কৰি অহা কেইমাহমানৰ বাবে কেইটামান নতুন প্ৰস্তাৱ আগবঢ়ায়। তাৰ ইফাল-সিফাল হোৱাটো স্বাভাৱিক, স্বেচ্ছাসেৱকসকলেও অনবৰতে সময় দিব নোৱাৰাটোও স্বাভাৱিক, কিন্তু সন্মিলনৰ স্মৃতি বুকুত বান্ধি লৈ মাহ-বছৰ ধৰি হাত সাৱটি বহি থকাটোহে হ'ব অস্বাভাৱিক। প্ৰেৰণা যোগাবলৈ আছে অইন ভাষাৰ উত্তৰণৰ বাবে দেহেকেহ খাটি থকা অতিমানৱ যেন লগা লোকবোৰ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 19:04, 1 July 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]


ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ওড়িশা ৰে'ল দুৰ্ঘটনাৰ সৰলীকৃত চিত্ৰ
ওড়িশা ৰে'ল দুৰ্ঘটনাৰ সৰলীকৃত চিত্ৰ

ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩ হৈছে ২০২৩ চনৰ ২ জুন তাৰিখে পূব ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ চহৰৰ সমীপত সংঘটিত তিনিখন ৰে’লৰ এক সংঘৰ্ষ। বাহানগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপত এখন মালবাহী ৰে’লৰ প্ৰাৰম্ভিক দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে দুখন যাত্ৰীবাহী ৰে’ল ১২৮৪১ ক’ৰ’মণ্ডল এক্সপ্ৰেছ আৰু ১২৮৬৪ এছএমভিটি বেংগালুৰু–হাওৰা এছএফ এক্সপ্ৰেছৰ সংঘৰ্ষ হয়। বাহানাগা বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপৰ মূল লাইনৰ পৰিৱৰ্তে পাছিং লুপত পূৰ্ণ গতিৰে প্ৰৱেশ কৰি ক’ৰ’মণ্ডল এক্সপ্ৰেছ গাড়ীখনে এখন মালবাহী ট্ৰেইনৰ সৈতে খুন্দা মাৰে। এই দুৰ্ঘটনাত ২৯২ জন লোক নিহত হোৱাৰ লগতে ১১৭৫তকৈ অধিক লোক আহত হয়। এই দুৰ্ঘটনা একবিংশ শতিকাৰ চতুৰ্থ মাৰাত্মক ৰে'ল দুৰ্ঘটনা আৰু ১৯৯৫ চনত ফিৰোজাবাদ ৰে'ল দুৰ্ঘটনাৰ পিছত ভাৰতৰ আটাইতকৈ ভয়াৱহ ৰে'ল দুৰ্ঘটনা। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ মণিপুৰ সংঘৰ্ষ ২০২৩ৰ বিষয়ে ইয়াত পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
জুন-২০২৩ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৬৫

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. আলেকজেণ্ডাৰ ফ্লেমিং
  2. হাৰুকি মুৰাকামি

অন্যান্য

  1. নাৰিকলৰ গাখীৰ
  2. গৰম মছলা
  3. ২০২৩ চনৰ বাংলাদেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচন
  4. গুগল প্লে
  5. নাজী নিৰ্যাতন শিবিৰ
  6. অশউইৎজ নিৰ্যাতন শিবিৰ
  7. ‎মিল এণ্ডছ পাৰ্ক
  8. ব্লু হোৱেল চেলেঞ্জ
  9. দ্য চিম্পছনছ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. অজয় বংগা
  2. মানিক সাহা

পৌৰাণিক ভাৰতীয় আখ্যান

  1. পাখাংবা

অন্যান্য

  1. ‎চেংগোল
  2. নতুন সংসদ ভৱন
  3. নেহৰু জেকেট
  4. ওড়িশা ৰে'ল দুৰ্ঘটনা ২০২৩
  5. ব্ৰহ্মপুত্ৰ: দ্য আহোম ছন ৰাইজেছ - ১
  6. ‎মিছামাছৰ মালাই কাৰি
  7. ভাৰতীয় দহটকীয়া মুদ্ৰা
  8. ‎হিন্দু জ্যোতিষবিদ্যা
  9. ‎ভাৰতীয় ২০০০ টকাৰ নোট
  10. হোম
  11. গৰ্ভধান
  12. সেৱা (ভাৰতীয় দৰ্শন)
  13. ‎জাতকৰ্ম
  14. ‎হৰে ৰাম হৰে কৃষ্ণ (চলচ্চিত্ৰ)
  15. বসুধৈৱ কুটুম্বকম্‌
  16. ‎পাৰ্চী
  17. কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
  18. প্ৰতিৰক্ষা মন্ত্ৰালয়
  19. ভাৰতৰ চৰকাৰী ভাষাসমূহ
  20. ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. বীৰপাল
  2. খৰ্গেশ্বৰ ভূঞা
  3. দেৱানন্দ হাজৰিকা
  4. জয়ন্ত মল্ল বৰুৱা

গ্ৰন্থ বিষয়ক

  1. ‎দাঁতিপাৰৰ মানুহ
  2. প্ৰাচীন কামৰূপৰ ইতিহাস
  3. চাৰিশাল গোসাঁনীৰ তেজ

চলচ্চিত্ৰ বিষয়ক

  1. শ্ৰী ৰঘুপতি

ঠাই বিষয়ক

  1. কমলাবাৰী বনভোজস্থলী, গেলেকী
  2. ‎মিছা (গাঁও)

অন্যান্য

  1. ভূঞাসকল
  2. হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  3. বিষ্ণু ৰাভা দিৱস
  4. চুকাফা বঁটা
  5. শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ

সানমিহলি

  1. গাঁ‌ঠিয়ন
  2. যখিনী মোনা
  3. পাৰমাণৱিক প্ৰযুক্তি
  4. প্ৰাইড মাহ
  5. ডেণ্ড্ৰবিয়াম মস্কেটাম
  6. তালমূলি
  7. বিহঙ্গম দৃষ্টিৰ দৃশ্য
  8. ‎সমমিতীয় উপস্থাপন
  9. অপাৰ্থিৱ গোলক
  10. টিলিকি কপৌ
  11. ডেণ্ড্ৰ'বিয়াম ফুগাক্স
  12. ভগ্নমনস্কতা
  13. বাই-কিউৰিয়াছ
  14. ভাতৃবৎ জন্মৰ ক্ৰম আৰু পুৰুষৰ যৌন অভিমুখিতা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
টিলিকি কপৌ বা শালিকী কপৌ (বৈজ্ঞানিক নাম: Micropera rostrata)
চিত্ৰ শিল্পী: প্ৰান্তৰ ভাগৱতী
উল্লেখনীয় ৱিকিমিডিয়ান

জোনালী বৰুৱা: ২০২০ চনৰ পৰা ৱিকিমিডিয়াৰ সৈতে জড়িত এগৰাকী দক্ষ আৰু কৌশলী ৱিকিমিডিয়ান। এই ৱিকিমিডিয়ানগৰাকীয়ে এতিয়ালৈকে অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহত মুঠ ২,২৫৯ টা সম্পাদনা কৰিছে। অসমীয়া ৱিকিপিডিয়াত তেওঁ শতাধিক প্ৰবন্ধৰ সৃষ্টি কৰিছে। ইয়াৰ লগতে তেওঁ ৱিকিমিডিয়াৰ কৰ্মশালাসমূহতো সহযোগিতা আগবঢ়াইছে। অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁক “নাৰী গৌৰৱ পদক”, “সহযোগিতা পদক”, “শ্ৰেষ্ঠ নৱাগত প্ৰবন্ধকাৰ পদক”, “কৰ্মশালাৰ সোণালী পদক” আদি পদকেৰে সন্মানিত কৰিছে। অসমীয়া ৱিকিমিডিয়া সমাজে তেওঁৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছে।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
জ্যোতি চিৰিং
ৱিকিউৎসৰ গৌৰৱ পদক
অনামিকা বড়া, কুলধৰ ৰাভা, গীতাৰ্থ বৰদলৈ, দিব্য দত্ত, প্ৰাণজ্যোতি নাথ, ৰুমী বৰা
বিশেষ বঁ‌টা
অজয় দাস
কৰ্মশালাৰ সোণালী পদক
গীতাৰ্থ বৰদলৈ, জলি ৰুমী বৰা, জোনালী বৰুৱা, চন্দন চিৰিং ফুকন
সহযোগিতা পদক
দিব্য দত্ত, নয়ন জ্যোতি নাথ
ৱিকিপিডিয়াৰ গৌৰৱ পদক
অজয় দাস‎, ঈশান জোতি বৰা, বাবুল বৈশ্য, নয়ন জ্যোতি নাথ, চন্দন চিৰিং ফুকন
শততম প্ৰবন্ধ পদক
সৌৰভ সাহা





বিশেষ অভিলেখ
জুন-২০২৩ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ১১,৮৭৩ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৪৯৫ খনলৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউদ্ধৃতিত লেখাৰ সংখ্যা ৪১৮ টালৈ বৃদ্ধি পালে।

  • জুন মাহৰ ১৮ তাৰিখে গ্ৰীন হাবৰ সভ্যসকলৰ সৈতে অসমীয়া ৱিকিপিডিয়াৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়।

  • জুন মাহৰ ২৪ তাৰিখে অসম সাহিত্য সভাৰ সহযোগত অসমীয়া ৱিকিপ্ৰকল্পসমূহৰ এখন অনলাইন কৰ্মশালা অনুষ্ঠিত হয়।
নিৰ্বাচিত উদ্ধৃতি
নিৰ্বাচিত উদ্ধৃতি সম্পাদনা কৰক

(আগৰ দিনত প্ৰতিসাজ ভাতৰ চাউল ঢেঁকীত ধান বানি উলিয়াব লাগিছিল। ঘৰৰ সদস্য যিমান বেছি হয় সিমান বেছি চাউলৰ প্ৰয়োজন হয়। সেয়ে, বেছি সংখ্যাৰ মানুহ থকা ঘৰত ছোৱালী দিলে ঢেঁকীত ধান বানি বানি সোনকালে স্বাস্থ্য ক্ষয় নিয়াব বুলি কোৱা হয়।)


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰ.
নং
সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য
অজয় দাস ১০৮ - ১৭
অনামিকা বড়া - - ৩০ - -
অংশুমান দত্ত ৫০ - - - -
কন্দৰ্পজিৎ কল্লোল ৩০ - - - -
কুলধৰ ৰাভা ১৯ ১১০ ২৭
গীতাৰ্থ বৰদলৈ ৪০ ২৯ - -
চন্দন চিৰিং ফুকন ৪১২ ১৪০ ২৩৪ ১৬৮ ৮০
জলী ৰুমী বৰা ৩০ - -
জোনালী বৰুৱা ১৯ ৪৫ - -
১০ জ্যোতি চিৰিং - ১৮১ - -
১১ দিব্য দত্ত ৩০৮ - ৩৬
১২ দীপকজ্যোতি মহন্ত ১৫ - ২৩ - -
১৩ নয়ন জ্যোতি নাথ ১৪০ - ১১ ২১
১৪ পল্লৱী দত্ত বৰুৱা - ১৭২ - - -
১৫ প্ৰণামিকা অধিকাৰী ২৮ ৪৬ ১১৩ - -
১৬ প্ৰাণজ্যোতি নাথ ১৮০ - - -
১৭ ভাস্কৰজ্যোতি ভূঞা ৩০ - - - -
১৮ মৃদুল কুমাৰ শৰ্মা - ১২৮ - -
১৯ ৰুমী বৰা - ২৭৮ ৬৩ - -
২১ সৌৰভ সাহা ৫০৪ - ৫৩৭ ৬৯ -


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: আৰ্যকল্প ভট্টাচাৰ্য, ঈশান জ্যোতি বৰা, খিলঞ্জীত, বাবুল বৈশ্য, বিষ্ণু শইকীয়া, সাদমান ছাকিব, ৰণোজ বৰুৱা, ৰাজদ্বীপ ৰাজবংশী, Chetiat900, Jadab2018,

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।