অসমৰ আৰ্দ্ৰভূমি
এই প্ৰবন্ধৰ আধিকাংশ বা সম্পৃৰ্ণ অংশ মাত্ৰ এটা উৎসৰ ওপৰত নিৰ্ভৰশীল। |
অসমৰ আৰ্দ্ৰভূমি (ইংৰাজী: Wetland of Assam): বিল, জলাশয়, পিটনি আদি আৰ্দ্ৰভূমিৰে সমগ্ৰ অসম ভৰি আছে। সমীক্ষা অনুসৰি অসমত ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। পঞ্জীয়ন নোহোৱা প্ৰায় ৭০ শতাংশ অঞ্চল খেতি কৰিব পৰা এলেকাৰ ভিতৰত পৰে। অসমত আৰ্দ্ৰভূমিয়ে আগুৰা মুঠ মাটিকালি প্ৰায় ১, ৩৪, ১৩৭ হেক্টৰ। এই অসংখ্য বিল, জলাশয় জৈৱবৈচিত্ৰ্যৰ প্ৰধান আধাৰ। তদুপৰি ইয়াত থকা জলজ উদ্ভিদ, যেনে মেটেকা, কচু, নলখাগৰি, তৰা, বেত, পাটিদৈ আৰু নানা বনৌষধি জলজ উদ্ভিদ আদিৰে ভৰপূৰ এই বিলবোৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৱাত অপৰিসীম গুৰুত্ব আছে। ইয়াত থকা ফাইটপ্লাবকবোৰে যি পৰিমাণৰ অক্সিজেন গেছ এৰি দিয়ে সি গছতকৈ কোনোগুণে কম নহয়। তদুপৰি এই জলজ উদ্ভিদবোৰে পানীত হোৱা প্ৰদূষণ ৰোধতো সহায় কৰে। অসমৰ থলুৱা মাছৰ ভঁৰালস্বৰূপ এই আৰ্দ্ৰভূমিৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু মৎসজীৱী পৰিয়াল বৰ্তি আছে।[1]
আৰ্দ্ৰভূমিৰ উপকাৰিতা
[সম্পাদনা কৰক]অক্টোবৰ মাহৰপৰা প্ৰব্ৰজন কৰা বহু প্ৰজাতিৰ চৰাইবোৰ এই বিলবোৰৰ প্ৰধান আকৰ্ষণ। উল্লেখযোগ্য যে অসমত থকা প্ৰায় ১৮৫ বিধ জলচৰ পক্ষীৰ ১০৭ বিধেই পৰিভ্ৰমী। ভাৰতবৰ্ষত পোৱা ১২৮৮ বিধমান প্ৰজাতিৰ ভিতৰত অসমত প্ৰায় ৮১৪ বিধ পক্ষী পোৱা যায়। পক্ষীৰ এই পৰিভ্ৰমণ ইহঁতৰ পাৰিপাৰ্শ্বিকতা আৰু প্ৰজননৰ লগত সম্বন্ধ আছে। উল্লেখযোগ্য যে ঋতু পৰিবৰ্তনৰ ফলত সৃষ্টি হোৱা শীত বা গৰমৰ বাবে আৰু খাদ্যবস্তুৰ সন্ধানত পক্ষীবোৰে সৰীসৃপ, পোক-পতঙ্গ আদি খায়; যদিও মাছ ইহঁতৰ প্ৰধান খাদ্য; সেয়েহে ইহঁতে বিল, পিটনিবোৰত ভিৰ কৰে আৰু প্ৰজননৰ কেন্দ্ৰৰূপে বাছি লয়। অক্টোবৰৰপৰা নানা বিধ পক্ষী এই জলাহ ভূমিবোৰলৈ আহি মধুৰ কলৰৱেৰে নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। যোৰহাটৰ ককিলামুখ, মালৌপথাৰ, মাজুলী, শিৱসাগৰৰ পানীদিহিং, জয়সাগৰ পুখুৰী, লখিমপুৰৰ খাৰলি, ডিব্ৰুগড়ৰ লেজাই, কলাখোৱা, কটহা, ঘোঁৰামৰা, কাজিৰঙাৰ মিহিমুখ, গুৱাহাটীৰ দিপৰ বিলকে ধৰি অসমৰ সকলোতে বিস্তীৰ্ণ হৈ থকা সৰু-বৰ জলাহ ভূমিবোৰ পক্ষীৰ কাকলিৰে মুখৰিত হৈ থাকে।
বিলবোৰত মাছ হৈছে মুখ্য আবাসিক প্ৰাণী; নানা ধৰণৰ আৰু বৰণৰ থলুৱা মাছেৰে এই আৰ্দ্ৰভূমিবোৰ ভৰি আছে, স্থানীয় বায়ুশ্বাসী মাছৰ লগতে আলংকৰিক মাছেৰে পূৰ্ণ এই বিলবোৰত পলুভক্ষী আৰু ঔষধি গুণসম্পন্ন মাছৰো অভাৱ নাই।
এই আৰ্দ্ৰভূমিবোৰে বানপানী প্ৰতিৰোধ কৰাত বিশেষ সহায় কৰে। ই অতিৰিক্ত পানী ভাগ ধৰি ৰাখে আৰু আশে-পাশে থকা ঠাইবোৰ প্লাৱিত হোৱাৰপৰা ৰক্ষা কৰে। তদুপৰি ইয়াত থকা বিভিন্ন জলজ উদ্ভিদে পানীৰ সোঁত প্ৰতিৰোধ কৰে আৰু বানপানীৰ ভয়াবহতা কম কৰাত, গৰাখহনীয়া ৰোধ কৰাত সহায় কৰে।[1]
জলাশয়ৰ শ্ৰেণীবিভাগ
[সম্পাদনা কৰক]আৰ্দ্ৰভূমিৰ অন্তৰ্গত বিল বা জলাশয়বোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি।
গৰু খুৰা সদৃশ গঠনৰ বিল
[সম্পাদনা কৰক]এইবোৰ ঠেক, দীঘলীয়া, বেঁকা বা কেতিয়াবা পোন আকৃতিৰ হ'ব পাৰে। সাধাৰণতে নদীৰ গতিপথ সলনি হ'লে নদীয়ে এৰি যোৱা দ পানীভাগ বিল বা জলাশয় হিচাপে পৰিগণিত হয়। এনেবোৰ বিলৰ কিছুমানৰ মাতৃ নদীৰ সৈতে এটা নলা বা সুঁতিৰদ্বাৰা সম্পৰ্ক থাকি যায়, এই সম্পৰ্ক কিছুৰ ক্ষেত্ৰত স্থায়ীভাৱে আৰু কিছুৰ ক্ষেত্ৰত অস্থায়ী বা মাত্ৰ বাৰিষাৰ সময়তহে হোৱা দেখা যায়, আৰু কোনো বিলৰ মাতৃ নদীৰ সৈতে সম্পৰ্ক সম্পূৰ্ণ বিচ্ছিন্ন হোৱাও দেখা যায়। বহুক্ষেত্ৰত মানুহেও বিল আৰু নদীৰ সৈতে থকা সুঁতি বা নলা বন্ধ কৰি দিয়া দেখা যায়।
- নদীৰ লগত সম্পৰ্ক থকা বিলবোৰক মুক্ত বা Open beel বোলা হয়। ইয়াত জৈৱবৈচিত্ৰ্যৰ প্ৰাচুৰ্য দেখা যায়।
- নদীৰ সৈতে সম্পৰ্ক ছিন্ন হোৱা বিলবোৰক Closed বা বন্ধ জলাশয় বুলিব পাৰি। এই গৰু খুৰা সদৃশ বিলেৰে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভৰি আছে। সৰু সৰু আকৃতিৰ অগণন বিল অসমৰ সকলোতে দেখা যায়।
হ্ৰদৰ দৰে জলাশয়
[সম্পাদনা কৰক]এইবোৰ জলাশয় কোনো অঞ্চলৰ দ ঠাইত অৱস্থিত। ই বহল আৰু বাম হয়। এইবোৰ নানা আকৃতিৰ হ'ব পাৰে। বাৰিষা বৰষুণৰ পানী অথবা কাষৰ নদীৰ পানীৰে এনে জলাশয়বোৰ প্লাৱিত হয়।
শৈলস্তৰ স্থানচ্যুত হোৱাৰ ফলত সৃষ্টি হোৱা বিল
[সম্পাদনা কৰক]ব্ৰহ্মপুত্ৰ আৰু গংগা নদীৰ উপত্যকাত এনে বিল দেখা যায়। পানী ধৰি ৰখা আৰু উৎপাদন ক্ষমতাৰ ওপৰত ভিত্তি কৰি এনে বিলৰ গুৰুত্ব নিৰ্ভৰ কৰিছে। এনে কিছুমান বিল গোটেই বছৰ ধৰি পানীৰে (Perennial) পূৰ্ণ হৈ থাকে। আকৌ কিছুমান বিল বাৰিষাৰ বৰষুণে বা কাষৰীয়া নদীৰ পানীয়েহে (Seasonal) প্লাৱিত কৰে। ১৮৯৭ আৰু ১৯৫০ চনৰ ভূমিকম্পৰ পৰিণতিতো এনে ধৰণৰ বহু বিল গংগা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত সৃষ্টি হৈছিল বুলি ভূবিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে।[1]
প্ৰাকৃতিক বিলৰ ব্যৱস্থাপনা
[সম্পাদনা কৰক]যোৱা ৫০ বছৰত ভাৰতৰ আৰু অসমৰ ৭০ শতাংশ পানী ঔদ্যোগিক আৰু আবৰ্জনাজনিত প্ৰদূষণৰ বাবে দূষিত হৈছে। 'ৱাশ্বিংটনৰ ৱৰ্ল্ড ৱাচ্চ ইনষ্টিটিউট'ৰ মতে ২০২০ চনৰ পাছৰপৰা ভাৰতবৰ্ষ পানীৰ অতিশয় অভাৱগ্ৰস্থ দেশ হিচাপে পৰিগণিত হ'ব। এতিয়াও কোনো কোনো ঠাইত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিল, পিটনি আৰু জলাশয়বোৰৰ ৰক্ষণাবেক্ষণৰ বাবে লগা প্ৰয়োজনীয় ব্যৱস্থাপনাবোৰ -
- বিলবোৰত প্ৰাকৃতিকভাৱে থকা মাছবোৰ নিধন কৰাৰ পৰিবৰ্তে ইয়াক মাছৰ উৎপাদনৰ কামতো ব্যৱহাৰ কৰা উচিত।
- পানীৰ এই উৎসবোৰৰ কাষত বাস কৰা গাঁওবাসীয়ে মাজে-সময়ে সমূহীয়াকৈ পাৰবোৰ বান্ধি জলজ উদ্ভিদবোৰ চাফা কৰিলে সূৰ্যৰ কিৰণ পানীৰ গভীৰলৈ যাব আৰু তাৰ জৰিয়তে বিল-জলাশয়বোৰক আৰু উৎপাদনক্ষম কৰিব পাৰি।
- মুক্ত পানীত মাছ উৎপাদন কৰাৰ উপৰিও আবদ্ধ পানীতো মাছ উৎপাদনৰ জৰিয়তে প্ৰাকৃতিক উৎসবোৰৰ উচিত ব্যৱহাৰৰদ্বাৰা মাছৰ উৎপাদন বঢ়াই আৰ্থিক সচ্ছলতা পাব পাৰি।
- সকলো পানীৰ উৎসকে আজিকালি আবৰ্জনা পেলাবলৈ বাছি লোৱা দেখা যায়। ইয়েই নদী-বিল, জলাশয়বোৰ দূষিত হোৱাৰ প্ৰধান কাৰণ।
- অকল মাছই নহয়, অন্যান্য জীৱ প্ৰজাতিৰ লগতে পক্ষীকূলো আৰ্দ্ৰভূমিৰ অবিচ্ছেদ্য অংগ। খাদ্য শৃংখলাৰ পিৰামিডত এটা আনটোৰ পৰিপূৰক। পক্ষীকূলৰ উপস্থিতিয়ে ফছফৰাছ, নাইট্ৰ'জেন আদি মৌলৰ বঢ়াটুটা কৰি বিৰল পৰিবেশতন্ত্ৰৰ ৰক্ষণাবেক্ষণ কৰে। সেয়েহে আৰ্দ্ৰভূমিৰ পক্ষীকূল নিধন যজ্ঞ যিকোনো প্ৰকাৰে গাঁওবাসীয়ে প্ৰতিহত কৰা উচিত। ইয়াৰ বাবে চৰকাৰেও প্ৰয়োজনীয় পদক্ষেপ ল'ব লাগে।
- বিলৰ কাষৰ পথাৰ বা চাহ বাগিচাবোৰত ব্যৱহাৰ কৰা কীট-পতংগ নাশক, ৰাসায়নিক সাৰ দ্ৰব্য পানীৰ লগত মিহলি হৈ বিলৰ পানী, নদীৰ পানী দূষিত কৰে আৰু মাছ-কাছ আদিৰ নিধন যজ্ঞ আৰম্ভ হয়। এই ক্ষেত্ৰত চৰকাৰৰ সাহায্য অবিহনে ইয়াৰ প্ৰতিকাৰ সম্ভৱ হৈ নুঠিব।[1]