অৰ্থনৈতিক একত্ৰীকৰণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অৰ্থনৈতিক একত্ৰিকৰণ (ইংৰাজীEconomic integration) হৈছে একাধিক ৰাষ্ট্ৰৰ অৰ্থনৈতিক নীতিসমূহৰ সমন্বিত বা একত্ৰিত ব্যৱস্থা। এই ব্যৱস্থাত একত্ৰিকৰণৰ পূৰ্বে অন্তৰ্ভুক্ত দেশসমূহে নিজৰ মাজত বিভিন্ন আমদানি শুল্ক আৰু অশুল্ক নিষেধসমূহ কিছু পৰিমাণে বা সম্পূৰ্ণভাৱে উঠাই লয়। ইয়াৰ দ্বাৰা বিতৰক আৰু উপভোক্তা উভয় পক্ষৰে সামূহিক কল্যাণ আৰু দেশসমূহৰ অৰ্থনৈতিক উৎপাদন ক্ষমতা বৃদ্ধিৰ লক্ষ্য বান্ধি লোৱা হয়।

অৰ্থনৈতিক একত্ৰিকৰণৰ যোগেদি আশা কৰা বাণিজ্যিক প্ৰভাৱ সমসাময়িক অৰ্থনৈতিক সূত্ৰ দ্বিতীয় শ্ৰেষ্ঠৰ সূত্ৰৰ এটা অংশ। দ্বিতীয় শ্ৰেষ্ঠৰ সূত্ৰ মতে শ্ৰেষ্ঠতম বিকল্প হৈছে বাণিজ্যিক বাধা-নিষেধৰ অবিহনে আৰু মুক্ত প্ৰতিযোগিতাৰ সৈতে থকা মুক্ত বেহা-বেপাৰৰ ব্যৱস্থা। মুক্ত বেহা-বেপাৰক আদৰ্শ বিকল্প হিচাপে গণ্য কৰাৰ বিপৰীতে সম্পূৰ্ণ মুক্ত বেহা-বেপাৰত বাধা-নিষেধ থকা গোলকীয় বাণিজ্যত অৰ্থনৈতিক একত্ৰিকৰণক দ্বিতীয় শ্ৰেষ্ঠ বিকল্প ৰূপে ধৰা হয়।

ইতিহাস[সম্পাদনা কৰক]

অৰ্থনীতিত একত্ৰিকৰণ শব্দটো প্ৰথমে ব্যৱসায়িক সংগঠনসমূহ বিভিন্ন বুজাবুজিৰ যোগেদি একগোট হোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল। প্ৰতিদ্বন্দ্বী সংগঠনসমূহৰ অৰ্থনৈতিক চুক্তি, অনানুষ্ঠানিক বুজাবুজি, সন্মিলিতকৰণ আদিক আনুভূমিক একত্ৰিকৰণ আৰু বিতৰকৰ সৈতে উপভোক্তাৰ সন্মিলিতকৰণক উলম্বিক একত্ৰিকৰণ বুলি অভিহিত কৰা হয়। বিংশ শতিকাৰ তৃতীয় আৰু চতুৰ্থ দশকত একাধিক দেশৰ অৰ্থনীতিৰ একত্ৰিকৰণৰ ধাৰণাৰ চিন পোৱা যায়।[1]

উদ্দেশ্য[সম্পাদনা কৰক]

দেশসমূহে অৰ্থনৈতিক একত্ৰিকৰণ কৰাৰ অন্তৰালত অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰণ আছে। অৰ্থনৈতিক একত্ৰিকৰণৰ ফলত উৎপাদন ক্ষমতা বৃদ্ধি পায়। উক্ত কাৰণত সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটতে অৰ্থনৈতিক একত্ৰিকৰণ জনপ্ৰিয় হৈছে। ইয়াৰ ফলস্বৰূপে এছিয়েন, নাফটা, ইউৰোপিয়ান ইউনিয়ন আদি বাণিজ্য বা অৰ্থনৈতিক খণ্ডই গঢ় লৈ উঠিছে।


তুলনাত্মক সুবিধা লাভ অৰ্থনৈতিক একত্ৰিকৰণৰ অন্য এক প্ৰধান কাৰণ। তুলনাত্মক সুবিধা হৈছে কোনো ব্যক্তি অথবা দেশে অন্যৰ তুলনাত কম অধিমূল্যত (Cost) কোনো এক সামগ্ৰী উৎপাদন কৰাৰ সুবিধা বা ক্ষমতা। উৎপাদনৰ পৰিমাণৰ বিস্তাৰ ঘটালে উৎপাদৰ প্ৰতিটো এককত অভিমূল্য কমি যায় আৰু ইয়াৰ ফলত প্ৰতিষ্ঠান এটাই বা দেশ এখনে আৰ্থিক সমতুলতা বা Economies of scale লাভ কৰে।[2] এই উদ্দেশ্য আগত ৰাখিও দেশসমূহে অৰ্থনৈতিক একত্ৰিকৰণৰ বাবে আগবাঢ়ে। একত্ৰিকৰণৰ ফলত এখন দেশত উৎপাদিত সামগ্ৰীৰ বাবে কেইবাখনো দেশৰ এখন বিস্তৃত বজাৰ লাভ কৰাটো সহজ হৈ পৰে।

পৰ্যায়সমূহ[সম্পাদনা কৰক]

অৰ্থনৈতিক একত্ৰিকৰণৰ মাত্ৰাক সাতটা ভাগত ভগাব পাৰি:[3]

  1. বিশেষাধিকাৰযুক্ত বাণিজ্য অঞ্চল
  2. মুক্ত বাণিজ্য অঞ্চল
  3. শুল্ক সন্থা
  4. উমৈহতীয়া বজাৰ
  5. অৰ্থনৈতিক সন্থা
  6. অৰ্থনৈতিক আৰু মুদ্ৰা সন্থা
  7. পূৰ্ণাংগ অৰ্থনৈতিক একত্ৰিকৰণ

অৰ্থনৈতিক নীতিসমূহৰ সমন্বয়ৰ মাত্ৰাৰ ভিত্তিত এই একত্ৰিকৰণৰ মাত্ৰা নিৰ্ধাৰণ কৰা হয়। ইয়াৰে উচ্চতম বা অধিকতম একত্ৰিকৰণত একাধিক দেশৰ ৰাজনৈতিক একত্ৰিকৰণকো অন্তৰ্ভুক্ত কৰা হয়।

যেতিয়া দুখন দেশে নিজৰ আভ্যন্তৰীণ সীমাৰেখাৰ মাজত আমদানি শুল্ক আংশিকভাৱে বা সম্পূৰ্ণৰূপে উঠাই লয় তেতিয়াই ই এটা মুক্ত বাণিজ্য অঞ্চলৰ ৰূপ লাভ কৰে। শুল্কমুক্ত ব্যৱস্থাৰ ফলত উক্ত ক্ষেত্ৰখনত অঞ্চলভিত্তিক খেলিমেলিৰ সৃষ্টি নহ’বৰ বাবে মুক্ত বাণিজ্য অঞ্চলটোৰ সদস্য ৰাষ্ট্ৰ এখনৰ ৰ্নিৰ্দিষ্ট উৎপাদসমূহৰ বিপৰীতে একোখন প্ৰমাণপত্ৰৰ (certificate of origin) ব্যৱস্থা থাকে।

একোটা শুল্ক সন্থাত বহিৰাগত ৰাষ্ট্ৰৰ বাবে উমৈহতীয়া আমদানি শুল্কৰ ব্যৱস্থা কৰা হয়। অৰ্থাৎ সদস্য ৰাষ্ট্ৰসমূহৰ বাহিৰে আন ৰাষ্ট্ৰই শুল্ক সন্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ সৈতে বেহা-বেপাৰ কৰোঁতে নিৰ্দিষ্ট পৰিমাণৰ আমদানি শুল্ক প্ৰদান কৰিব লাগে। একোটা মুদ্ৰা সন্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ এক উমৈহতীয়া মুদ্ৰা ব্যৱস্থা থাকে। আনহাতে উমৈহতীয়া বজাৰ এখনত মুক্ত বাণিজ্য অঞ্চল এটাৰ বৈশিষ্ট্যসমূহ থকাৰ লগতে সেৱা, পুঁজি আৰু শ্ৰম বা বনুৱাৰ আমদানি বা ৰপ্তানি বিনামূলীয়া হয়।

অৰ্থনৈতিক সন্থা একোটাত শুল্ক সন্থা আৰু উমৈহতীয়া বজাৰৰ সমন্বিত ৰূপ এটা দেখা যায়। একো একোটা অৰ্থনৈতিক সন্থাই পৰ্যায়ক্ৰমে অৰ্থনৈতিক নীতি যেনে কৰ, সামাজিক কল্যাণ নীতি আদিৰ পৰস্পৰ চামিলকৰণৰ যোগেদি ৰাজনৈতিক সন্থা এটা গঠনৰ দৰে একত্ৰিকৰণৰ চূড়ান্ত পৰ্যায় লাভ কৰিব পাৰে।

টোকা[সম্পাদনা কৰক]

  1. Machlup 1977, পৃষ্ঠা 3.
  2. Sullivan, arthur; Steven M. Sheffrin (2003). Economics: Principles in action. প্ৰকাশক Upper Saddle River, New Jersey 07458: Pearson Prentice Hall. পৃষ্ঠা. 157. ISBN 0-13-063085-3. http://www.pearsonschool.com/index.cfm?locator=PSZ3R9&PMDbSiteId=2781&PMDbSolutionId=6724&PMDbCategoryId=&PMDbProgramId=12881&level=4. 
  3. Page 2, Balassa, Bela. The Theory of Economic Integration (Routledge Revivals). Routledge, 2013.

সহায়ক গ্ৰন্থ[সম্পাদনা কৰক]

  • Balassa, В. Trade Creation and Trade Diversion in the European Common Market. The Economic Journal, vol. 77, 1967, pp. 1–21.
  • Dalimov R.T. Modelling international economic integration: an oscillation theory approach. Trafford, Victoria 2008, 234 p.
  • Dalimov R.T. The dynamics of the trade creation and diversion effects under international economic integration, Current Research Journal of Economic Theory, 2009, vol. 1, issue 1; www.maxwellsci.com
  • Dalimov R.T. Dynamics of international economic integration: non-linear analysis. Lambert Academic Publishing, 2011, 276 p.; ISBN 978-3-8433-6106-4, ISBN 3-8433-6106-1.
  • Johnson, H. An Economic Theory of Protection, Tariff Bargaining and the Formation of Customs Unions. Journal of Political Economy, 1965, vol. 73, pp. 256–283.
  • Johnson, H. Optimal Trade Intervention in the Presence of Domestic Distortions, in Baldwin et al., Trade Growth and the Balance of Payments, Chicago, Rand McNally, 1965, pp. 3–34.
  • Jovanovich, М. International Economic Integration. Limits and Prospects. Second edition, 1998, Routledge.
  • Lipsey, R.G. The Theory of Customs Union: Trade Diversion and Welfare. Economica, 1957, vol. 24, рр.40-46.
  • Meade, J.E. The Theory of Customs Union.” North Holland Publishing Company, 1956, pp. 29–43.
  • Machlup, Fritz (1977). A History of Thought on Economic Integration. প্ৰকাশক New York: Columbia University Press. ISBN 0-231-04298-1. 
  • Negishi, T. Customs Unions and the Theory of the Second Best. International Economic Review, 1969, vol. 10, pp. 391–398
  • Porter M. On Competition. Harvard Business School Press; 1998; 485 pgs.
  • Riezman, R. A Theory of Customs Unions: The Three Country–Two Goods Case. Weltwirtschaftliches Archiv, 1979, vol. 115, pp. 701–715.
  • Ruiz Estrada, M. Global Dimension of Regional Integration Model (GDRI-Model). Faculty of Economics and Administration, University of Malaya. FEA-Working Paper, № 2004-7
  • Tinbergen, J. International Economic Integration. Amsterdam: Elsevier, 1954.
  • Tovias, A. The Theory of Economic Integration: Past and Future. 2d ECSA-World conference “Federalism, Subsidiarity and Democracy in the European Union”, Brussels, May 5–6, 1994, 10 p.
  • Viner, J. The Customs Union Issue. Carnegie Endowment for International Peace, 1950, pp. 41–55.
  • INTAL; http://www.iadb.org/intal/index.asp?idioma=ENG