সমললৈ যাওক

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আই চি চি বিশ্ব টুৱেণ্টি২০ৰ পৰা পুনঃনিৰ্দেশিত)
আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ

টি২০ বিশ্বকাপৰ ট্ৰফী
প্ৰসাশক আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল
ধৰণ টি২০ আন্তৰ্জাতিক
প্ৰতিযোগিতাৰ ধৰণ প্ৰথম পৰ্যায়ত ৰাউণ্ড ৰ’বিন পদ্ধতি, তাৰ পাছত ন’ক আউট পদ্ধতি
দল সংখ্যা ২০[1]
বৰ্তমানৰ চেম্পিয়ন  ভাৰত
সৰ্বাধিক সফল
সৰ্বাধিক ৰাণ শ্ৰীলংকা মাহেলা জয়াবৰ্দ্ধনে
সৰ্বাধিক ৱিকেট শ্ৰীলংকা লাচিথ মালিংগা
২০২৪

আই চি চি পুৰুষ টুৱেণ্টি২০ বিশ্বকাপ (ইংৰাজী: :ICC Men's T20 World Cup) (আই চি চি পুৰুষ বিশ্ব টি২০ আৰু পুৰুষ টি২০ বিশ্বকাপ হিচাপেও জনাজাত) হৈছে পুৰুষৰ টি২০ ক্ৰিকেটৰ আন্তৰ্জাতিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ আয়োজক আন্তৰ্জাতিক ক্ৰিকেটৰ তদাৰককাৰী সংস্থা আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল (ICC)। প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২খন দেশৰ জাতীয় ক্ৰিকেট দলে, ভাগ লয় তাৰ দহটা দল হৈছে আই চি চি ৰ পূৰ্ণ সদস্য ৰাষ্ট্ৰৰ দল আৰু আন দুটা আই চি চি টি২০ কোৱালিফায়াৰ ৰাউণ্ডৰ যোগেদি নিৰ্বাচিত কৰা দল। এই প্ৰতিযোগিতা প্ৰতি ২ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়।

প্ৰথম আই চি চি বিশ্ব টুৱেণ্টি২০, ২০০৭ চনৰ ১১-২৪ ছেপ্টেম্বৰলৈকে দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হয়। ভাৰতে চূড়ান্ত খেলত পাকিস্তানক পৰাস্ত কৰি প্ৰথম আই চি চি বিশ্ব টুৱেণ্টি২০ৰ চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰে। জোহান্সবাৰ্গত হোৱা চুড়ানত খেলখনত ভাৰতে ৫ ৰাণত বিজয় সাব্যস্ত কৰে। এইখন আই চি চি বিশ্ব টুৱেণ্টি২০ৰ ৰাণাৰ্চ আপ পাকিস্তানে ইংলেণ্ডত অনুষ্ঠিত দ্বিতীয়খন আই চি চি বিশ্ব টুৱেণ্টি২০ৰ চূড়ান্ত খেলত লণ্ডনৰ লৰ্ডচ খেলপথাৰত শ্ৰী লংকাক ৮ ৱিকেটত পৰাস্ত কৰি চেম্পিয়ন হয়।[2][3] তৃতীয়খন প্ৰতিযোগিতা অনুষ্ঠিত হয় ২০১০চনত (৩০এপ্ৰিলৰ পৰা ১৬ মে’লৈ) ৱেষ্ট ইণ্ডিজত। ইংলেণ্ড দলে কিংগষ্টন অ’ভেলত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলত অষ্ট্ৰেলিয়াক সাত ৱিকেটত পৰাস্ত কৰি আই চি চি বিশ্ব টুৱেণ্টি২০ৰ তৃতীয় চেম্পিয়ন হয়। ইংলেণ্ড দলে দখল কৰা এইটো আছিল প্ৰথম আই চি চিৰ কোনো প্ৰতিযোগিতাৰ খিতাপ। ২০১২ত অনুষ্ঠিত চতুৰ্থখন আই চি চি বিশ্ব টুৱেণ্টি২০ত ৱেষ্ট ইণ্ডিজে ঘৰুৱা দল শ্ৰী লংকাক পৰাস্ত কৰি চেম্পিয়ন হয়। পঞ্চমখন প্ৰতিযোগিতাত বাংলাদেশে আয়োজন কৰা আইচিচি ৱৰ্ল্ড টি-২০ত ভাৰতক পৰাস্ত কৰি শ্ৰীলংকাই জয়লাভ কৰে, শ্ৰীলংকাই তিনিখন ফাইনেলত খেলা প্ৰথমটো দল।

নিয়মাৱলী

[সম্পাদনা কৰক]

প্ৰথম পৰ্যায় আৰু চুপাৰ এইট (আঠ) পৰ্যায়ত প্ৰতিযোগিতাখনত তলত দিয়াৰ দৰে দলসমূহে নম্বৰ অৰ্জন কৰে,

ফলাফল নম্বৰ
জয়২ নম্বৰ
অমীমাংসিত১ নম্বৰ
পৰাজয়০ নম্বৰ

যদি কোনো এখন খেল টাই (খেলৰ শেষত দুয়োদলৰ ৰাণসংখ্যা সমান) হয় তেনেহ’লে তেনে খেলৰ পৰিণাম নিৰ্ণয় কৰিবৰ বাবে দুয়োটা দলকে একোটাকৈ 'চুপাৰ অ’ভাৰ' খেলিবলৈ দিয়া হয় চুপাৰ অ’ভাৰত বেছি ৰাণ সংগ্ৰহ কৰা দলক বিজয়ী ঘোষণা কৰা হয়। চুপাৰ অ’ভাৰতো দুয়ো দলৰ ৰাণ সমান হ’লে গোটেই খেলখনত সৰ্বাধিক সংখ্যাক ছয় কোবোৱা দলক বিজয়ী ঘোষণা কৰা হয়। এই নিয়ম প্ৰথম ২০০৯ চনৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে, অৱশ্যে ২০০৭ চনৰ প্ৰতিযোগিতাত টাইৰ পাছত বিজয়ী নিৰ্বাচন কৰিবলৈ বল-আউট নামৰ অন্য এক পদ্ধতি ব্যৱহাৰ কৰা হৈছিল।[4]

প্ৰথম পৰ্যায় আৰু চুপাৰ আঠ (Super Eight) পৰ্যায়ত দলসমূহত কিছুমান গোটত বিভক্ত কৰা হয়, এটা গোটৰ দলসমূহক তলত দিয়া সমূহৰ ভিত্তিত স্থান দিয়া হয়।[5]

  1. লাভ কৰা মুঠ পইণ্ট
  2. যদি ২খন দেশৰ পইণ্ট সমান তেনেহ’লে মুঠ বিজয়ৰ সংখ্যা
  3. যদি মুঠ বিজয়ৰ সংখ্যাও সমান তেনেহ’লে মুঠ ৰাণ সংগ্ৰহৰ হাৰ (net run rate)
  4. যদি ৰাণ সংগ্ৰহৰ হাৰো সমান হয়, তেনেহ’লে বলিং ষ্ট্ৰাইক ৰেট (নিম্নতম)
  5. তাৰ পাছতো সমান হ’লে দুয়ো দলৰ পূৰ্বৰ মুখামুখি প্ৰতিদ্বন্দ্ব্বিতাত ভাল ফল দেখুওৱা দলক অগ্ৰাধিকাৰ দিয়া হয়
  6. তাৰ পাছতো সমান হ’লে দুয়ো দলকে এক এক প‍ইণ্ট দিয়া হয়

যোগ্যতা

[সম্পাদনা কৰক]

সকলো টেষ্ট ক্ৰিকেট খেলা দলে স্বয়ংক্ৰিয় ভাবে আই চি চি বিশ্ব টুৱেণ্টি২০লৈ যোগ্যতা অৰ্জন কৰে, বাকী সমূহ দলক আই চি চিৰ আন সদস্য সমূহৰ মাজৰ এলানি প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন কৰা হয়। ২০০৭ চনৰ বাবে আন সমূহ দলৰ নিৰ্বাচন টেষ্ট ক্ৰিকেট নেখেলা দেশসমূহৰ মাজত অনুষ্ঠিত হোৱা ৱৰ্ল্ড ক্ৰিকেট লীগ নামৰ প্ৰতিযোগিতাৰ পৰা নিৰ্বাচন কৰা হৈছিল। আই চি চিৰ ৱৰ্ল্ড ক্ৰিকেট লিগ ডিভিজন ৱানৰ ফাইনেলিষ্ট কেনিয়া আৰু স্ক’টলেণ্ড এই প্ৰতিযোগিতালৈ যোগ্যাতা অৰ্জন কৰিছিল। ২০০৯ চনৰ পাছৰ প্ৰতিযোগিতা সমূহত আই চি চি বিশ্ব টুৱেণ্টি২০ কোৱালিফায়াৰৰ যোগেদি আই চি চি বিশ্ব টুৱেণ্টি২০লৈ টেষ্ট নেখেলা আন দল সমূহৰ নিৰ্বাচন হৈ আহিছে। এই পদ্ধতিৰ দ্বাৰা আফগানিস্তানে ২ বাৰ (২০১০ আৰু ২০১২), আয়াৰলেণ্ডে তিনিবাৰ (২০০৯, ২০১০ আৰু ২০১২) নেডাৰলেণ্ড (২০০৯) আৰু স্ক’টলেণ্ডে (২০০৯) এবাৰকৈ যোগেদি বিশ্ব টুৱেণ্টি২০ খেলাৰ যোগ্যতা অৰ্জন কৰিছে।

আয়োজক সমূহ

[সম্পাদনা কৰক]

আয়োজন কৰিব বিচৰা দেশসমূহে আবেদন কৰাৰ পাচত আই চি চিৰ কাৰ্যকৰী সমিতিৰ সদস্যসকলৰ ভোটৰ জৰিয়তে আয়োজক দেশক নিৰ্বাচন কৰা হয়। ২০০৭ চনত দক্ষিণ আফ্ৰিকাই আয়োজন কৰাৰ পাচত ২০০৯, ২০১০ আৰু ২০১২ চনত ক্ৰমে ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ আৰু শ্ৰী লংকাই আই চি চি বিশ্ব টুৱেণ্টি২০ আয়োজন কৰে। দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডত পোন প্ৰথমে ক্ৰিকেটৰ এই বিশেষ ধৰণৰ খেলবিধৰ প্ৰচলন হোৱাৰ বাবে আই চি চিয়ে প্ৰথমে এই দুখন দেশক প্ৰথ্ম দুখন বিশ্ব টুৱেণ্টি২০ৰ আয়োজক হিচাপে নিৰ্বাচিত কৰে[6]বাংলাদেশ আৰু ভাৰতে ক্ৰমে ২০১৪ আৰু ২০১৬ৰ আই চি চি বিশ্ব টুৱেণ্টি২০ আয়োজন কৰিব।[7][8]

ফলাফলসমূহ

[সম্পাদনা কৰক]
বৰ্ষ আয়োজক দেশ(সমূহ) চূড়ান্ত খেলৰ স্থান চূড়ান্ত খেল
বিজয়ী ফলাফল বিজেতা (ৰাণাৰ্চ আপ)
২০০৭
বিতং
দক্ষিণ আফ্ৰিকা
দক্ষিণ আফ্ৰিকা
ৱান্দাৰেৰচ ষ্টেডিয়াম, জোহান্সবাৰ্গ  ভাৰত
১৫৭/৫ (২০ অভাৰ)
ভাৰত ৫ ৰাণত বিজয়ী
স্ক’ৰ তালিকা
 পাকিস্তান
১৫২ (১৯.৩ অ’ভাৰ)
২০০৯
বিতং
ইংলেণ্ড
ইংলেণ্ড
লৰ্ডচ, লণ্ডন  পাকিস্তান
১৩৯/২ (১৮.৪ অ’ভাৰ)
পাকিস্তান ৮ ৱিকেটত বিজয়ী
স্ক’ৰ তালিকা
 শ্ৰীলংকা
১৩৮/৬ (২০ অ;ভাৰ)
২০১০
বিতং
ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ড
ৱেষ্ট ইণ্ডিজ
কিংগচষ্ট’ন অভেল, বাৰাবাড’চ  ইংলেণ্ড
১৪৮/৩ (১৭ অভাৰ)
ইংলেণ্ড ৭ ৱিকেটত বিজয়ী
স্ক’ৰ তালিকা
 অষ্ট্ৰেলিয়া
১৪৭/৬ (২০ অভাৰ)
২০১২
বিতং
শ্ৰীলংকা
শ্ৰী লংকা
আৰ. প্ৰেমদাসা ষ্টেডিয়াম, কলম্বো  ৱেষ্ট ইণ্ডিজ
১৩৭/৬ (২০ অভাৰ)
ৱেষ্ট ইণ্ডিজ ৩৬ ৰাণত বিজয়ী
স্ক’ৰ তালিকা Archived 2012-11-03 at the Wayback Machine
 শ্ৰীলংকা
১০১/১০ (১৮.৪ অভাৰ)
২০১৪
বিতং
বাংলাদেশ
বাংলাদেশ
শ্বেৰ-ই-বঙালী ক্ৰিকেট ষ্টেডিয়াম, ঢাকা  শ্ৰীলংকা
১৩৪/৪ (১৭.৫ অ’ভাৰ)
শ্ৰী লংকা ৬ ৱিকেটত বিজয়ী  ভাৰত
১৩০/৪ (২০ অ’ভাৰ)
16
2016 India Eden Gardens, Kolkata  ৱেষ্ট ইণ্ডিজ
161/6 (19.4 overs)
 ইংলেণ্ড
155/9 (20 overs)
4 wickets
Scorecard
16
2021 Dubai International Stadium  অষ্ট্ৰেলিয়া
173/2 (18.5 overs)
 নিউজিলেণ্ড
172/4 (20 overs)

8 wickets
Scorecard

16
2022 Australia Melbourne Cricket Ground  ইংলেণ্ড
138/5 (19 overs)
 পাকিস্তান
137/8 (20 overs)

5 wickets
Scorecard

16
বৰ্ষ আয়োজক দেশ(সমূহ) চূড়ান্ত খেলৰ স্থান চূড়ান্ত খেল
বিজয়ী ফলাফল বিজেতা (ৰাণাৰ্চ আপ)
২০০৯
বিতং
ইংলেণ্ড
ইংলেণ্ড
লৰ্ডচ, লণ্ডন  ইংলেণ্ড
৮৬/৪ (১৭ অ’ভাৰ)
ইংলেণ্ড ৬ ৱিকেটত বিজয়ী  নিউজিলেণ্ড
৮৫ (২০ অ’ভাৰ)
২০১০
বিতং
ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ড
ৱেষ্ট ইণ্ডিজ
কিংগচষ্ট’ন অ’ভেল, বাৰাবাড’চ  অষ্ট্ৰেলিয়া
১০৬/৮ (২০ অ’ভাৰ)
অষ্ট্ৰেলিয়া ৩ ৰাণত বিজয়ী  নিউজিলেণ্ড
১০৩/৬ (২০ অ’ভাৰ)
২০১২
বিতং
শ্ৰীলংকা
শ্ৰী লংকা
আৰ. প্ৰেমদাসা ষ্টেডিয়াম, কলম্বো  অষ্ট্ৰেলিয়া
১৪২/৪ (২০ অ’ভাৰ)
অষ্ট্ৰেলিয়া ৪ ৰাণত বিজয়ী  ইংলেণ্ড
১৩৮/৯ (২০ অ’ভাৰ)
দল প্ৰতিদ্বন্দ্ব্বিতা সৰ্বশ্ৰেষ্ঠ ফলাফল পৰিসংখ্যা
মুঠ প্ৰথম বাৰ শেষ বাৰ মুঠ খেল জয় পৰাজয় টাই অমীমাংসিত জয়%
 ভাৰত ২০০৭২০১২চেম্পিয়ন (২০০৭)২২১২১(১)৫৬.৮২
 পাকিস্তান ২০০৭২০১২চেম্পিয়ন (২০০৯)২৬১৬১(০)৬৩.৪৬
 ইংলেণ্ড ২০০৭২০১২চেম্পিয়ন (২০১০)২২১০১১৪৫.৪৫
 ৱেষ্ট ইণ্ডিজ ২০০৭২০১২চেম্পিয়ন (২০১২)২০১(১)৪৭.৫০
 শ্ৰীলংকা ২০০৭২০১২ৰাণাৰ্চ-আপ (২০১২,২০০৯)২৫১৬১(১)৬৬.০০
 অষ্ট্ৰেলিয়া ২০০৭২০১২ৰাণাৰ্চ-আপ (২০১০)২১১৩৬১.৯০
 দক্ষিণ আফ্ৰিকা ২০০৭২০১২চেমি-ফাইনেল (২০০৯)২১১৩৬১.৯০
 নিউজিলেণ্ড ২০০৭২০১২চেমি-ফাইনেল (২০০৭)২১১০২(০)৪৭.৬২
 আয়াৰলেণ্ড ২০০৯২০১২চুপাৰ এইট (২০০৯)১১.১১
 বাংলাদেশ ২০০৭২০১২চুপাৰ এইট (২০০৭)১১১০৯.০৯
 নেডাৰলেণ্ডচ ২০০৯২০০৯প্ৰথম ৰাউণ্ড৫০.০০
 জিম্বাৱৱে ২০০৭২০১২প্ৰথম ৰাউণ্ড১৬.৫৫
 স্কটলেণ্ড ২০০৭২০০৯প্ৰথম ৰাউণ্ড০.০০
 আফগানিস্তান ২০১০২০১২প্ৰথম ৰাউণ্ড০.০০
 কেনিয়া ২০০৭২০০৭প্ৰথম ৰাউণ্ড০.০০
দল প্ৰতিদ্বন্দ্ব্বিতা সৰ্বশ্ৰেষ্ঠ ফলাফল পৰিসংখ্যা
মুঠ প্ৰথম বাৰ শেষ বাৰ মুঠ খেল জয় পৰাজয় টাই অমীমাংসিত জয়%
 অষ্ট্ৰেলিয়া ২০০৯২০১২চেম্পিয়ন (২০১০,২০১২)৭৭.৭৭
 ইংলেণ্ড ২০০৯২০১২চেম্পিয়ন (২০০৯)৬৬.৬৬
 নিউজিলেণ্ড ২০০৯২০১২ৰাণাৰ্চ আপ (২০০৯, ২০১০)১০৮০.০০
 ভাৰত ২০০৯২০১২ছেমি ফাইনেল (২০০৯, ২০১০)৫০.০০
 ৱেষ্ট ইণ্ডিজ ২০০৯২০১২ছেমি ফাইনেল (২০১০,২০১২)৪২.৮৫
 শ্ৰীলংকা ২০০৯২০১২গ্ৰুপ প্ৰৰ্যায়২৮.৫৭
 দক্ষিণ আফ্ৰিকা ২০০৯২০১২গ্ৰুপ প্ৰৰ্যায়১৪.২৯
 পাকিস্তান ২০০৯২০১২গ্ৰুপ প্ৰৰ্যায়১১.১১

দলীয় প্ৰদৰ্শন

[সম্পাদনা কৰক]

আই চি চি বিশ্ব টুৱেণ্টি২০ত সকলোৰে দলীয় প্ৰদৰ্শনৰ ভিত্তিত তলৰ তালিকাখন প্ৰস্তুত কৰা হৈছে।

দল ২০০৭ ২০০৯ ২০১০ ২০১২ ২০১৪
 পাকিস্তান F W SF SF
 ভাৰত W S8 S8 S8 F
 শ্ৰীলংকা S8 F SF F W
 ইংলেণ্ড S8 S8 W S8
 ৱেষ্ট ইণ্ডিজ GS SF S8 W
 অষ্ট্ৰেলিয়া SF GS F SF
 নিউজিলেণ্ড SF S8 S8 S8
 দক্ষিণ আফ্ৰিকা S8 SF S8 S8
 বাংলাদেশ S8 GS GS GS
 জিম্বাৱৱে GS প্ৰযোজ্য নহয় GS GS
 আয়াৰলেণ্ড প্ৰযোজ্য নহয় S8 GS GS
 স্কটলেণ্ড GS GS প্ৰযোজ্য নহয় প্ৰযোজ্য নহয়
 আফগানিস্তান প্ৰযোজ্য নহয় প্ৰযোজ্য নহয় GS GS
 নেডাৰলেণ্ডচ প্ৰযোজ্য নহয় GS প্ৰযোজ্য নহয় প্ৰযোজ্য নহয়
 কেনিয়া GS প্ৰযোজ্য নহয় প্ৰযোজ্য নহয় প্ৰযোজ্য নহয়
দল ২০০৯ ২০১০ ২০১২ ২০১৪
 অষ্ট্ৰেলিয়া SF W W
 ইংলেণ্ড W GS F
 ভাৰত SF SF GS
 পাকিস্তান GS GS GS
 শ্ৰীলংকা GS GS GS
 নিউজিলেণ্ড F F SF
 দক্ষিণ আফ্ৰিকা GS GS GS
 ৱেষ্ট ইণ্ডিজ GS SF SF
  • W = বিজয়ী; F = চূড়ান্ত খেল; SF = চেমি-ফাইনেল; S8 = চুপাৰ এইট; GS = গ্ৰুপ ষ্টেজ


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ICC announces expansion of global events". ICC. https://www.icc-cricket.com/media-releases/2164062 আহৰণ কৰা হৈছে: 2 June 2021.
  2. Miller, Andrew (4 June 2009). "Bringing the monster back home". CricInfo. ESPN. http://www.cricinfo.com/magazine/content/current/story/407459.html আহৰণ কৰা হৈছে: 5 June 2009.
  3. Ahmed, Waqas (4 June 2012). "Malinga Hattrick". T20Cric. Waqas. http://t20cricket2012.blogspot.com/2012/07/lasith-malinga-hat-trick-vs-australia.html আহৰণ কৰা হৈছে: 5 June 2012.
  4. Playing conditions Archived 2008-07-20 at the Wayback Machine, আই চি চি বিশ্ব টুৱেণ্টি২০, সংগ্ৰহ ১২ চেপ্তেম্বৰ ২০০৮
  5. Final WorldTwenty20 Playing conditions Archived 2008-09-11 at the Wayback Machine, আই চি চি বিশ্ব টুৱেণ্টি২০, সংগ্ৰহ ১২ ছেপ্তেম্বৰ ২০০৮
  6. "ICC events". Cricinfo. http://content-usa.cricinfo.com/ci/content/current/story/245789.html#Sambit আহৰণ কৰা হৈছে: 2006.
  7. Bangladesh to host World Twenty20 2014 Cricinfo, সংগ্ৰহ জুলাই ১, ২০১০
  8. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; india নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  1. The hosting rights were owned by India, but matches were played in UAE and Oman.
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল