সদৌ অসম ছাত্ৰ সন্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আছুৰ পৰা পুনঃনিৰ্দেশিত)
সদৌ অসম ছাত্ৰ সন্থা
চমু  নাম AASU
নীতিবাক্য জয় আই অসম
প্ৰতিষ্ঠা ৮ আগষ্ট ১৯৬৭ (1967-08-08) (৫৬ বছৰ পূৰ্বে)
ধৰণ ছাত্ৰ সংগঠন
প্ৰধান  কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়
সেৱা  ক্ষেত্ৰ অসম
সভাপতি উৎপল শৰ্মা
পূৰ্বৰ  নাম সদৌ অসম ছাত্ৰ সংগঠন

সদৌ অসম ছাত্ৰ সন্থা (ইংৰাজী: All Assam Student's Union) চমুকৈ "ছাত্ৰ সন্থা" বা "আছু" বা "AASU" হৈছে - অসমৰ এটি সৰ্ববৃহৎ ছাত্ৰ সংগঠন।[1] সদৌ অসম ছাত্ৰ সন্থা নিজা সংবিধানৰ নীতি নিয়ম অনুসৰি পৰিচালিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ত অৱস্থিত। সদৌ অসম ছাত্ৰ সন্থাৰ এটা নিদিৰ্ষ্ট প্ৰতীক চিহ্ন আছে আৰু এখন নিৰ্দিষ্ট পতাকা আছে। সদৌ অসম ছাত্ৰ সন্থা‌ই মুখ্য শ্লোগান হিচাপে 'জয় আই অসম" ব্যৱহাৰ কৰে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতীক চিহ্নত "জয় আই অসম" আৰু "সদৌ অসম ছাত্ৰ সন্থা" বগা ৰঙেৰে লিখা আছে‌‌। সদৌ অসম ছাত্ৰ সন্থাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে — স্বদেশ আৰু জনগণৰ প্ৰতি শ্ৰদ্ধা উদ্বুদ্ধ কৰা আৰু গভীৰতা কৰা। বাংলাদেশৰ পৰা অসমলৈ হোৱা অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে ছবছৰীয়া অসম আন্দোলনৰ নেতৃত্ব সদৌ অসম ছাত্ৰ সন্থাই বহন কৰিছিল। ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই অসম গণ পৰিষদ দল গঠন কৰিছিল। অসম গণ পৰিষদ দলে ১৯৮৫ চনৰ পৰা ১৯৮৯ চনলৈ আৰু ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ দুবাৰকৈ অসমত চৰকাৰ গঠন কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমান কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিখন জিলা, প্ৰতিখন মহকুমাৰ আৰু আঞ্চলিক পৰ্যায়ত সমিতি আছে। অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত ছাত্ৰ সন্থাৰ গোট আছে। অসমৰ বিভিন্ন ঠাইৰ আঞ্চলিক, মহকুমা আৰু জিলা সমিতিৰ হাজাৰ হাজাৰ প্ৰতিনিধিৰ দ্বাৰা গণতান্ত্ৰিক পদ্ধতিৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক গঠন কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন হিচাপে অসম উন্নতি সভা আৰু অসম সেনা আছে। সদৌ অসম ছাত্ৰ সন্থা‌‌ কা (CAA) আন্দোলনৰ নেতৃত্ব লোৱা এক অন্যতম সংগঠন।

ইতিহাস[সম্পাদনা কৰক]

১৯৪০ চনত অসম ছাত্ৰ সন্মিলনী (ইংৰাজী: Assam Students' Association) নামৰ এটা ছাত্ৰ সংগঠন বিভাজিত হৈ সদৌ অসম ছাত্ৰ ফেডাৰেছন (ইংৰাজী: All Assam Students' Federation) আৰু সদৌ অসম ছাত্ৰ কংগ্ৰেছ (ইংৰাজী: Assam Students' Congress) দুটা সংগঠন গঠিত হৈছিল। এক দশকৰ পিছত এই দুয়োটা সংগঠন একত্ৰিত হৈ সদৌ অসম ছাত্ৰ সংগঠন (ইংৰাজী: All Assam Student' Association) গঠন কৰে। ১৯৬৭ চনৰ জানুৱাৰীত এই ছাত্ৰ সংগঠনটো সদৌ অসম ছাত্ৰ সন্থা নামেৰে পুনঃনামকৰণ কৰা হয়।[1][2] ১৯৬৭ চনৰ আগষ্ট মাহত, সংগঠনটোৱে ইয়াৰ সংবিধান গ্ৰহণৰ দ্বাৰা আনুস্থানিক সংগঠন হিচাপে প্ৰতিষ্ঠা কৰে।[2]

অসম আন্দোলন[সম্পাদনা কৰক]

সদৌ অসম ছাত্ৰ সন্থাই ক্ৰমে সমাজৰ সকলো শ্ৰেণীৰ জনগণৰ অংশগ্ৰহণৰ দ্বাৰা আন্দোলনৰ কাৰ্যসূচী ত্বৰিত কৰি তুলিছিল। ১৯৭৯ চনৰ আগষ্ট মাহত সদৌ অসম ছাত্ৰ সন্থাই অসম সাহিত্য সভা আৰু পূৰ্বাঞ্চলীয় লোক পৰিষদৰ প্ৰতিনিধিৰে সদৌ অসম গণ সংগ্ৰাম পৰিষদ গঠন কৰিছিল। জাতীয়তাবাদী দল, অসম যুৱক সমাজ আৰু যুৱ অধিবক্তা ফ'ৰাম নামৰ সংগঠন কেইটাইও পিছত গণ সংগ্ৰাম পৰিষদত যোগদান কৰিছিল। সেই সময়ত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে, মুখ্য নিৰ্বাচনী আয়ুক্তই অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক পূৰ্বৰ ভোটাৰ তালিকাত থকা সকলো লোকৰ নাম খচৰা ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে। সদৌ অসম ছাত্ৰ সন্থাই ৰাজনৈতিক দল সমূহক দাবী অনুসৰি অসমৰ ভোটাৰ তালিকাৰ সংশোধন নকৰা পৰ্যন্ত নিৰ্বাচনত অংশ গ্ৰহণ নকৰিবলৈ আহ্বান জনায়। সদৌ অসম ছাত্ৰ সন্থা ভাৰতৰ স্বাধীনতা আন্দোলনৰ অনুৰূপে বৃহৎ সত্যাগ্ৰহৰ কাৰ্যসূচী আৰম্ভ কৰিলে। দৈনিক হাজাৰ হাজাৰ লোকে কাৰাবৰণ কৰে। তেতিয়াৰ পৰা পৰৱৰ্তী ছয় বছৰ ধৰি এই আন্দোলন অব্যাহত থাকে। এই বৃহৎ আন্দোলনৰ কোনো কোনো পৰ্যায়ত এই আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল। এই আন্দোলনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ দিশ আছিল যে, চৰকাৰ আৰু অনুপ্ৰবেশকাৰী বাংলাদেশীৰ প্ৰতি সহানুভূতিশীল কিছু অংশৰ বাহিৰে সমাজৰ সকলো শ্ৰেণীয়ে এই আন্দোলনৰ প্ৰতি বহুল সমৰ্থন লাভ কৰিছিল। আন্দোলনৰ বিভিন্ন সময়ত সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট কৰি দিছিল যে, এই আন্দোলন ধৰ্ম নিৰ্বিশেষে সকলো বিদেশী অনুপ্ৰবেশৰ বিৰুদ্ধে কৰা হৈছিল, নেপালৰ পৰা হোৱা অনুপ্ৰবেশকাৰীৰ বিৰূদ্ধেও সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিছিল। সদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰ আৰু পোনপটীয়াকৈ প্ৰধান মন্ত্ৰীক বাংলাদেশ আৰু নেপালৰ পৰা হৈ থকা অনুপ্ৰবেশে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই অনা সম্পৰ্কে নীৰৱছিন্নভাৱে জনাই আহিছিল। অসম আন্দোলনৰ পৰিসমাপ্তিত ১৯৮৫ চনৰ ১৫ আগষ্ট'ৰ নিশা অসম চুক্তি (সমাধানৰ ষ্মাৰক পত্ৰ) স্বাক্ষৰিত হয়। অসম আন্দোলন আছিল অসমীয়া জাতীয় জীৱনৰ এক ডাঙৰ সংগ্ৰাম। এই সংগ্ৰামে অসমৰ বহু মাতৃৰ বুকু শূন্য কৰিছিল, ৮৬০ গৰাকী তেজস্বী অসমীয়া যুৱকে অস্তিত্ব ৰক্ষাৰ বাবে আত্ম বলিদান দি শ্বহীদ বৰণ কৰিছিল।

নাগৰিকত্ব সংশোধনী বিধেয়ক[সম্পাদনা কৰক]

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা অন্যতম সংগঠন হৈছে সদৌ অসম ছাত্ৰ সন্থা। সদৌ অসম ছাত্ৰ সন্থাই নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিৰোধিতা কৰি কয় যে ই অসাংবিধানিক।[3] ছাত্ৰ সন্থাই অসম চুক্তি নসাৎ কৰাৰ এই বিধেয়ক অৰ্থাৎ কেৱ (CAB)ৰ বিৰোধিতাৰে আন্দোলন আৰম্ভ কৰে। এই আন্দোলন পিছলৈ ছাত্ৰ সমাজ,শিল্পী সমাজ আৰু বিভিন্ন দল সংগঠনৰ নেতৃত্বত ঠায়ে ঠায়ে আৰম্ভ হ'বলৈ ধৰে কিন্তু এটা পৰ্যায়ত এই আন্দোলনে হিংসাত্মক কাৰ্যকালাপৰ সৃষ্টি কৰে। অসমৰ বিভিন্ন দল সংগঠন,ছাত্ৰ সমাজ আৰু মানুহৰ প্ৰতিবাদ নেওচি ২০১৯ চনৰ ডিচেম্বৰ মাহত বিজেপি শাসিত কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখনক লোকসভা আৰু ৰাজ্যসভাত গৃহীত কৰি নাগৰিকত্ব সংশোধনী আইনলৈ ৰূপান্তৰ কৰিলে। এইদৰে কেব (CAB) গৈ কা (CAA) হ'ল ইয়াৰ পিছত কা আন্দোলনে গা কৰি উঠিল কিন্তু বিভিন্ন কাৰণ এই আন্দোলন স্তিমিত হ'ল। কা আন্দোলনত পাঁচ গৰাকী যুৱকৰ মৃত্যু হয়। চৰকাৰীভাৱে তেওঁলোকক শ্বহীদ বুলি ঘোষণা কৰা নাই কিন্তু ছাত্ৰ সন্থাকে আদি কৰি বিভিন্ন সংগঠনে তেওঁলোকক কা আন্দোলনৰ পঞ্চ শ্বহীদ বুলি ঘোষণা কৰিছে। নাগৰিকত্ব (সংশোধনী)বিধেয়ক-২০১৯ লোকসভাত ৩১১টা সপক্ষে আৰু ৮০টা বিপক্ষে প্ৰদান কৰা ভোটত গৃহীত হয়। ৰাজ্যসভাই ১১ ডিচেম্বৰ ২০১৯ তাৰিখে নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৯ ১২৫টা সপক্ষে আৰু ৯৯টা বিপক্ষ ভোটত গৃহীত কৰে। বিধেয়কখন গৃহীত হোৱাৰ পিছত ইয়াৰ বিৰুদ্ধে আলোড়নৰ ফলস্বৰূপে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ (AJYCP) একত্ৰিত হৈ ২০২০ চনৰ ছেপ্টেম্বৰ মাহত এটা নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰম্ভ কৰি ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে।[4]

অধিক চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]