সমললৈ যাওক

আজমেৰ-মেৰৱাৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আজমেৰ-মেৰৱাৰা প্ৰদেশ
আজমেৰ-মেৰৱাৰা
ব্ৰিটিছ ভাৰতৰ প্ৰেচিডেঞ্চি আৰু প্ৰদেশ
১৮১৮–১৯৪৭
Flag of আজমেৰ মেৰৱাৰা

Rajputana Agency and Ajmer-Merwara province, 1909
Population 
• ১৮৮১
৪৬০,৭২২
History 
• ব্ৰিটিছক সমৰ্পন
১৮১৮
• কেন্দ্ৰীয় প্ৰদেশ আৰু বেৰাৰ প্ৰদেশৰ সৈতে একত্ৰীকৰণ
১৯৪৭
পূৰ্ববৰ্তী
পৰৱৰ্তী
মাৰাঠা সাম্ৰাজ্য
আজমেৰ ৰাজ্য

আজমেৰ-মেৰৱাৰা (আজমীৰ প্ৰদেশ[1] আৰু আজমেৰ-মেৰৱাৰা-কেকৰী বুলিও জনা যায়) ঐতিহাসিক আজমেৰ অঞ্চলৰ ব্ৰিটিছ ভাৰতৰ এখন পূৰ্বৰ প্ৰদেশ আছিল। ১৮১৮ চনৰ ২৫ জুনত দৌলত ৰাও সিন্ধিয়াই এই ভূখণ্ড ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। ১৮৬১ চনত উত্তৰ-পশ্চিম প্ৰদেশৰ অংশ হৈ পৰাৰ আগলৈকে ই বেংগল প্ৰেচিডেঞ্চিৰ অধীনত আছিল আৰু ।[2] শেষত ১৮৭১ চনৰ ১ এপ্ৰিলত ই আজমেৰ-মেৰৱাৰা-কেকৰী নামেৰে এখন সুকীয়া প্ৰদেশত পৰিণত হৈছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ইংৰাজে ভাৰত এৰি যোৱাৰ সময়ত ই স্বাধীন ভাৰতৰ অংশ হৈ পৰে।[3]

এই প্ৰদেশখনত আজমেৰ আৰু মেৰৱাৰ জিলা অন্তৰ্ভূক্ত হৈ আছিল, যি ব্ৰিটিছ ভাৰতৰ বাকী অংশৰ পৰা ভৌতিকভাবে পৃথক আছিল আৰু ৰাজপুতনাৰ বহু কেইখন দেশীয় ৰাজ্যৰ মাজত এটা পৰিক্ষেত্ৰ বা এনক্লেভ গঠন কৰিছিল। ব্ৰিটিছৰ আধিপত্য স্বীকাৰ কৰা স্থানীয় সম্ভ্ৰান্ত লোকসকলে শাসন কৰা এই ৰাজ্যসমূহৰ বিপৰীতে আজমেৰ-মেৰৱাৰা প্ৰত্যক্ষভাৱে ব্ৰিটিছৰ দ্বাৰা পৰিচালিত হৈছিল।

১৮৪২ চনত জিলা দুখন ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ হৈ ৰাজপুতনা এজেঞ্চিৰএজেণ্ট, এজন আয়ুক্তৰ অধীনত আছিল আৰু তাৰ পিছত ১৮৫৬ চনত পৃথক হৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা প্ৰশাসিত হৈছিল। অৱশেষত ১৮৫৮ চনৰ পিছত এজন মুখ্য আয়ুক্তৰ অধীনস্থ হৈছিল।

ব্ৰিটিছ শাসন

[সম্পাদনা কৰক]

১৮২৩ চনত ১৮১৮ চনৰ ২৫ জুন তাৰিখৰ সন্ধিমতে গোৱালিয়ৰৰ দৌলত ৰাও সিন্ধিয়াই মেৰৱাৰা (মেৱাৰ) অংশ ব্ৰিটিছৰ হাতত অৰ্পণ কৰে। পাছলৈ আজমেৰ-মেৰৱাৰা পোনপটীয়াকৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ আহিল। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিছত ১৮৫৮ চনত কোম্পানীৰ ক্ষমতা ব্ৰিটিছ মুকুট আৰু ভাৰতৰ গৱৰ্ণৰ জেনেৰেলৰ হাতলৈ হস্তান্তৰ কৰা হয়। আজমেৰ-মেৰৱাৰাৰ প্ৰশাসন এজন মুখ্য আয়ুক্তৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল, যি ৰাজপুতনা এজেন্সিৰ ব্ৰিটিছ এজেণ্টৰ অধীনস্থ আছিল।[4]

স্বাধীনোত্তৰ কাল

[সম্পাদনা কৰক]

১৯৪৭ চনত বিভাজন আৰু স্বাধীনতাৰ দিনৰ পৰা ১৯৫০ চনলৈকে আজমেৰ-মেৰৱাৰা নকৈ গঠিত ভাৰত ডমিনিয়নৰ প্ৰদেশ হৈ থাকিল। ১৯৫০ চনত ই আজমেৰ ৰাজ্য হয় আৰু ১৯৫৬ চনৰ ১ নৱেম্বৰত আজমেৰক ৰাজস্থান ৰাজ্যত একত্ৰিত কৰা হয়।

ৰাজস্থানৰ ভূমি সংস্কাৰ আৰু জাগীৰ পুনৰ আৰম্ভ আইন, ১৯৫২ ৰাজস্থানৰ ভূমি সংস্কাৰৰ আইনী ইতিহাসৰ মাইলৰ খুটি আছিল, পৰৱৰ্তী সময়ত ৰাজস্থান ভাড়াতীয়া আইন, ১৯৫৫ সমগ্ৰ ৰাজস্থানৰ বাবে প্ৰযোজ্য হৈ পৰিছিল। এই আইনখনৰ অতিক্ৰমণীয় প্ৰভাৱে বৰ্তমানৰ ভাড়াতীয়াসকলক সকাহ দিছিল আৰু সেই অনুসৰি ভাড়াতীয়াসকলক সেই অনুসাৰে অধিকাৰসমূহ প্ৰদান কৰিছিল। এতিয়া জাটসকল অঞ্চলটোৰ প্ৰধান ভূস্বামী।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Geography of India
  2. The Imperial Gazetteer of India, Oxford, Clarendon Press, 1908-1931
  3. "Provinces of British India". http://www.worldstatesmen.org/India_BrProvinces.htm। আহৰণ কৰা হৈছে: 15 July 2014. 
  4. Ajmer Merwara The Imperial Gazetteer of India, 1909, v. 5, p. 137-146.