আনন্দ বজাৰ (বাক্সা)
আনন্দ বজাৰ | |
|---|---|
| দেশ | |
| ৰাজ্য | অসম |
| District | বাক্সা, বিটিআৰ(BTR) |
| চৰকাৰ | |
| • ধৰণ | বজাৰ কমিটি |
| • পৰিচালনা | বজাৰ উন্নয়ন কমিটি |
আনন্দ বজাৰ (ইংৰাজী: Ananda Bazar), অসমৰ বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদBTCৰ অন্তৰ্গত বাক্সা জিলাৰ পশ্চিম প্ৰান্তত শালবাৰী মহকুমাৰ অন্তৰ্ভুক্ত এখন অঞ্চল। আনন্দ বজাৰ অঞ্চলটো বিশেষকৈ সাপ্তাহিক বজাৰ, শিক্ষা আৰু আন আন দিশৰ বাবে বিখ্যাত। বাক্সা জিলাৰ (সদৰ) পৰা ইয়াৰ দূৰত্ব প্ৰায় ৩৬ কিলোমিটাৰ। নামনি অসমৰ মধ্যত ইয়াৰ অৱস্থিতি।[1]
চাৰিসীমা
[সম্পাদনা কৰক]আনন্দ বজাৰৰ পূবে সাউদৰভিটা, পশ্চিমে গোবৰ্ধনা, উত্তৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু দক্ষিণে সৰুপেটা অৱস্থিত।
যাতায়াত
[সম্পাদনা কৰক]পথেৰে: আনন্দ বজাৰখন গুৱাহাটীৰ পৰা ১১৯ কিলোমিটাৰ( ৩ ঘণ্টা), কোকৰাঝাৰৰ পৰা ১১৫ কিলোমিটাৰ (৩.২০ ঘণ্টা) দূৰত্বত গাড়ী বা বাছেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উপস্থিত হব পাৰি। ৰেলযোগে: নিকটতম ৰেল ষ্টেচন হৈছে বৰপেটা ৰোড (BPRD)। বৰপেটাৰোডৰ পৰা বহুকেইখন লোকেল আৰু মেইল ৰেলগাড়ী দৈনিক অসম তথা আন আন ৰাজ্যলৈ যাতায়াত কৰে। বৰপেটাৰোড ৰেল ষ্টেচনখন ১৮ কিলোমিটাৰ (আনন্দ বজাৰৰ পৰা ৪০ মিনিট যাত্ৰা)
শৈক্ষিক প্ৰতিষ্ঠান
[সম্পাদনা কৰক]- দক্ষিণ বিজনী মহাবিদ্যালয়(জ্যেষ্ঠ মাধ্যমিক) আনন্দ বজাৰ
- দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়[2] আনন্দ বজাৰ
- ৰাজেন্দ্ৰ অকাডেমী, (ইংৰাজী মাধ্যম)
- শঙ্কৰদেৱ শিশু নিকেতন, আনন্দ বজাৰ
- গীৰিশ বিদ্যাপীঠ (বিশেষ) উচ্চ মাধ্যমিক বিদ্যালয়,
- গড়আলী ভোলানাথ উচ্চ মাধ্যমিক বিদ্যালয়
- ইউ কেন অকাডেমী (ইংৰাজী মাধ্যম)
বেংক
[সম্পাদনা কৰক]- অসম গ্ৰামীণ বিকাশ বেংক, আনন্দ বজাৰ শাখা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Baksa district". http://baksa.gov.in/district_administration.html.
- ↑ "College". dbdcollege.mydurable.com. https://dbdcollege.mydurable.com/। আহৰণ কৰা হৈছে: 18 September 2024.