আবি আহমেদ আলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আবি আহমেদ আলি
ዐቢይ አህመድ አሊ

২০১৮ চনত আবি আহমেদ
ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২ এপ্ৰিল ২০১৮
ৰাষ্ট্ৰপতি মুলাটো তিছোম
সাহলে-ৱৰ্ক জুডি
সহকাৰী ডিমেক মিকোনেন
পূৰ্বসূৰী হাইলমাৰিয়াম ডিছালজেন
ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্টৰ ৩য় অধ্যক্ষ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৭ মাৰ্চ ২০১৮
সহকাৰী ডিমেক মিকোনেন
পূৰ্বসূৰী হাইলিমাৰিয়াম ডিছালজেন
অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ নেতা
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২২ ফেব্ৰুৱাৰী ২০১৮
সহকাৰী লিমা মেগাৰচা
পূৰ্বসূৰী লেমা মেগাৰচা
ইথিঅ'পিয়াৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী
কাৰ্যকাল
৬ অক্টোবৰ ২০১৫ – ১ নৱেম্বৰ ২০১৬
প্ৰধানমন্ত্ৰী হাইলিমাৰিয়াম ডিছালজেন
পূৰ্বসূৰী দিমুতো হামবিচিটু
তথ্য জাল আৰু আন্তঃজাল সুৰক্ষা প্ৰতিষ্ঠানৰ পৰিচালক
ভাৰপ্ৰাপ্ত
কাৰ্যকাল
২০০৮ – ২০১৫
পূৰ্বসূৰী টেকলিবাৰগান ৱল্ড ডিয়াৰগে
ব্যক্তিগত তথ্য
জন্ম ১৫ আগষ্ট, ১৯৭৬ (৪৭ বছৰ)
বিশাসা, জিমা অঞ্চল, ছ'চিয়েলিষ্ট ইথিঅ'পিয়া
ৰাজনৈতিক দল অৰুমু ডেম'ক্ৰেটিক পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট
দাম্পত্যসঙ্গী জিনাছ তায়াচিউ[1]
সন্তান তিনিগৰাকী কন্যা আৰু এজন তুলনীয়া পুত্ৰ
শিক্ষা মাইক্ৰ'লিংক তথ্য প্ৰযুক্তি মহাবিদ্যালয় (বি.এ)
গ্ৰীনিছ বিশ্ববিদ্যালয় (এম.এ)
এশ্বলেণ্ড বিশ্ববিদ্যালয় (এম.বি.এ)
এডিছ আবাবা বিশ্ববিদ্যালয় (পিএইচডি)
পুৰস্কাৰ শান্তিৰ নোবেল বঁটা (২০১৯)
ৱেবছাইট চৰকাৰী ৱেবচাইট
সামৰিক সেৱা
আনুগত্য  ইথিঅ'পিয়া
সেৱা/শাখা ইথিঅ'পিয়ান সেনা
চাকৰিৰ কাৰ্যকাল ১৯৯১-২০১০
ৰেঙ্ক লেফটেনেন্ট কৰ্ণেল
ইউনিট আৰ্মী চিগনেল কৰ্পছ
কামাণ্ড তথ্য জাল আৰু আন্তঃজাল সুৰক্ষা প্ৰতিষ্ঠান
যুদ্ধ ইথিঅ'পিয়াৰ গৃহযুদ্ধ
ৰাৱাণ্ডা গণহত্যাৰ পিছত ৰাৱাণ্ডা মিছনত যোগ
ইৰিথ্ৰীয়া-ইথিঅ'পিয়া যুদ্ধ

আবি আহমেদ আলি (সংক্ষেপে আবি আহমেদ অথবা আবি;জন্ম ১৫ আগষ্ট ১৯৭৬) এগৰাকী ইথিঅ'পিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅ'পিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে।[2][3]

তেওঁ ইথিঅ'পিয়ান পিপল'ছ ৰেভুল্যছনেৰী ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেম'ক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল।[4][5] তদুপৰি তেওঁ ইথিঅ'পিয়াৰ সাংসদ আৰু অডিপি আৰু ইপিআৰডিএফ ৰ কাৰ্যবাহী কমিটিলৈ নিৰ্বাচিত হৈছিল।

সেনাৰ ইণ্টেলিজেন্টছৰ লগত জড়িত আবি আহমেদ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত ৰাজনীতি আৰু অৰ্থনৈতিক পুনৰগঠনত অহোপুৰুষাৰ্থ কৰিছিল।[6][7][8] ২০১৯ চনত আবি আহমেদৰ প্ৰচেষ্টাৰ ফলতে ইৰিথ্ৰীয়াৰ সৈতে ইথিঅ'পিয়াৰ পুৰণি যুদ্ধৰ অৱসান ঘটিল। ১৯৯৮ চনত আৰম্ভ হোৱা সীমান্তৰ যুদ্ধত দুই দেশৰ প্ৰায় ৭০ হাজাৰ মানুহ নিহত হৈছিল। ২০০০ চনত সিহঁতৰ মাজত শান্তিচুক্তি স্বাক্ষৰিত হয় যদিও উত্তেজনা মুঠেও কমা নাছিল। শান্তি আৰু আন্তৰ্জাতিক সহযোগিতা আৰু ইথিঅ'পিয়া আৰু ইৰিথ্ৰীয়াৰ দীৰ্ঘ ২০ বছৰৰ সমস্যাৰ নিবাৰণৰ বাবে তেওঁক ২০১৯ চনৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছে।[9]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৭৬ চনৰ ১৫ আগষ্ট[10] তাৰিখে ইথিঅ'পিয়াৰ অৰোমিয়া অঞ্চলৰ ঐতিহাসিক কাফ্ফা প্ৰদেশৰ (বৰ্তমান জিমা অঞ্চল) বিশাসাত তেওঁৰ জন্ম হৈছিল।[11][12] তেওঁৰ পিতৃ আহমেদ আলি অৰুমু সম্প্ৰদায়ৰ মুছলমান লোক আছিল।[13][14] তেওঁৰ চাৰিগৰাকী পত্নীৰ ভিতৰত আবিৰ মাক তিজিটা ৱল্ডে অৰ্থডক্স খ্ৰীষ্টান আমহাৰা সম্প্ৰদায়ৰ আছিল।[15][16][17][18] আবি তেওঁৰ পিতৃৰ ১৩তম সন্তান আৰু মাতৃৰ ৬ষ্ঠ আৰু কণিষ্ঠ সন্তান।[10][17] শৈশৱত তেওঁৰ নাম আবিয়ত অৰ্থাৎ "বিপ্লৱ" আছিল। তেওঁৰ নাম ১৯৭৪ চনত সংঘটিত ইথিঅ'পিয়াৰ ডাৰ্গ বিপ্লৱৰ পৰা লোৱা হৈছিল।[10] আবিয়ে স্থানীয় প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক আৰু পিছলৈ আগাৰু নামৰ উপচহৰৰ এখন বিদ্যালয়ত মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। সৰুৰে পৰা তেওঁ পঢ়াৰ প্ৰতি বেছ আগ্ৰহী আছিল।[10]

শিক্ষা[সম্পাদনা কৰক]

তেওঁ ইথিঅ'পিয়ান ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীত কৰ্মৰত অৱস্থাত ২০০১ চনত ৰাজধানী এডিছ আবাবাৰ মাইক্ৰ'লিংক তথ্য প্ৰযুক্তি মহাবিদ্যালয়ত কম্পিউটাৰ অভিযান্ত্ৰিকতাৰ স্নাতক ডিগ্ৰী লাভ কৰে।[19]

তাৰপিছত তেওঁ লণ্ডনৰ গ্ৰীনিছ বিশ্ববিদ্যালয়ৰ পৰা পৰিৱৰ্তনশীল নেতৃত্ব বিভাগৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[19] তদুপৰি তেওঁ ২০১৩ চনত এডিছ আবাবাৰ এশ্বলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনৰ লেডষ্টাৰ কলেজ অফ মেনেজমেণ্ট এণ্ড লিডাৰশ্বিপৰ পৰা এমবিএ সম্পন্ন কৰে।[19]

আবি ২০১৭ চনত এডিছ আবাবা বিশ্ববিদ্যালয়ৰ শান্তি আৰু সুৰক্ষা অধ্যয়নৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰে।[20][21]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

তেওঁ গোণ্ডাৰ "জিনাছ তায়াচিউ" নামৰ অামহাৰা মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ। তেওঁলোক দুয়ো ইথিঅ'পিয়াৰ সুৰক্ষা বাহিনীত কৰ্মৰত আছিল।[10][17][22] তেওঁলোকৰ তিনিগৰাকী কন্যা সন্তান আৰু বৰ্তমান এজন তুলনীয়া পুত্ৰ আছে।[22] আবি আহমেদ এগৰাকী বহুভাষী। তেওঁ ইংৰাজী, আফান অৰুমু, আমহাৰিক আৰু টিগ্ৰীনিয়া ভাষা সলসলীয়াকৈ কব পাৰে।[23][22] আবি যীশুৰ বাণী আৰু গছফেল বিশ্বাসী খ্ৰীষ্টান।[24]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "First Lady". FDRE Office of the Prime Minister. https://pmo.gov.et/first_lady/. 
  2. "Prime Minister". The Federal Democratic Republic of Ethiopia’s Office of the Prime Minister. https://pmo.gov.et/pm/। আহৰণ কৰা হৈছে: 6 June 2019. "H.E. Abiy Ahmed Ali (PhD) is the fourth Prime Minister of the Federal Democratic Republic of Ethiopia" 
  3. "Dr Abiy Ahmed sworn in as Prime Minister of Ethiopia". 2018-04-01. http://fanabc.com/english/index.php/news/item/11721-dr-abiy-ahmed-sworn-in-as-prime-minister-of-ethiopia. 
  4. "EPRDF elects Abiy Ahmed chair". The Reporter. 2018-03-27. https://www.thereporterethiopia.com/index.php/article/eprdf-elects-abiy-ahmed-chair। আহৰণ কৰা হৈছে: 2018-03-28. 
  5. "Ethiopia's ODP picks new chairman in bid to produce next Prime Minister". Africa News. 22 February 2018. http://www.africanews.com/2018/02/22/ethiopia-s-opdo-picks-new-chairman-in-bid-to-produce-next-prime-minister/। আহৰণ কৰা হৈছে: 2018-02-22. 
  6. Keane, Fergal (3 January 2019). "Ethiopia's Abiy Ahmed: The leader promising to heal a nation". BBC News. https://www.bbc.com/news/world-africa-46735703। আহৰণ কৰা হৈছে: 22 March 2019. "Ethiopia's Prime Minister Abiy Ahmed has been widely praised for introducing sweeping reforms aimed at ending political repression." 
  7. "Ethiopian ethnic rivalries threaten Abiy Ahmed’s reform agenda". Financial Times. 27 March 2019. https://www.ft.com/content/1cbaac04-457f-11e9-a965-23d669740bfb। আহৰণ কৰা হৈছে: 11 April 2019. "... To the region’s people, Mr Abiy’s shake-up of the Ethiopian state, which has targeted Tigrayans in top positions, is widely seen as biased and vindictive. Even his rousing talk of national unity is viewed as an attack on the federal constitution, which devolves significant powers to nine ethnically defined territories, including Tigray." 
  8. "Ethiopia's Tigray region plans 'Respect the Constitution' rally". Africa News. 7 December 2018. https://www.africanews.com/2018/12/07/ethiopia-s-tigray-region-plans-respect-the-constitution-rally/। আহৰণ কৰা হৈছে: 11 April 2019. "A rally has been planned for Ethiopia’s northern Tigray regional state’s capital, Mekelle, on Saturday. Dubbed ‘Respect the Constitution,’ it will be the second such in a space of three weeks." 
  9. Busby, Mattha (2019-10-11). "Ethiopian prime minister Abiy Ahmed wins 2019 Nobel peace prize – live news" (en-GB ভাষাত). The Guardian. ISSN 0261-3077. https://www.theguardian.com/world/live/2019/oct/11/nobel-peace-prize-greta-thunberg-abiy-ahmed-jacinda-ardern-among-those-tipped-win-live-news. 
  10. 10.0 10.1 10.2 10.3 10.4 Endeshaw, Dawit (2018-03-31). "The rise of Abiy 'Abiyot' Ahmed". The Reporter. https://www.thereporterethiopia.com/article/rise-abiy-abiyot-ahmed। আহৰণ কৰা হৈছে: 2018-03-31. 
  11. "Abiy Ahmed Ali" (sw ভাষাত). DW.com. 28 March 2018. http://www.dw.com/sw/abiy-ahmed-ali/t-43173273. "Abiy Ahmed alizaliwa August 15, 1976 nchini Ethiopia (Abiy Ahmed was born on August 15, 1976 in Ethiopia)" 
  12. Girma, Zelalem (31 March 2015). "Ethiopia in democratic, transformational leadership". Ethiopian Herald. Archived from the original on 6 May 2018. https://web.archive.org/web/20180506104159/http://www.ethpress.gov.et/herald/index.php/society/item/11415-ethiopia-in-democratic-transformational-leadership. 
  13. Sengupta, Somini (2018-09-17). "Can Ethiopia's New Leader, a Political Insider, Change It From the Inside Out?". The New York Times. https://www.nytimes.com/2018/09/17/world/africa/ethiopia-abiy-ahmed.html। আহৰণ কৰা হৈছে: 2018-09-18. 
  14. Endeshaw, Dawit (31 March 2018). "The rise of Abiy "Abiyot" Ahmed". The Reporter. https://www.thereporterethiopia.com/article/rise-abiy-abiyot-ahmed। আহৰণ কৰা হৈছে: 25 March 2019. "Coming from a very a well-known and extended family, Abiy is the 13th child for his father, who had four wives. He is the son of Ahmed Ali a.k.a Aba Dabes, Aba Fita. Ahmed, a respected elder in his small town, has contributed to the community by giving his own plot of land so that services giving centers such as clinics and telecom offices would be built. "Aba Dabes, Aba Fita has done a lot for this town," Berhanu, who said that he has known the octogenarian Ahmed for the past half century, told The Reporter." 
  15. Endeshaw, Dawit (13 March 2018). "The rise of Abiy "Abiyot" Ahmed". The Reporter. https://www.thereporterethiopia.com/article/rise-abiy-abiyot-ahmed। আহৰণ কৰা হৈছে: 14 April 2019. "Abiy's mother, Tezeta Wolde, a converted Christian from Burayu, Finfine Special Zone, Oromia Regional State, was the fourth wife for Ahmed. Together they have six children with Abiy being the youngest." 
  16. Boko, Hermann (30 July 2018). "Abiy Ahmed: Ethiopia's first Oromo PM spreads hope of reform" (English, translated from the original French ভাষাত). FRANCE 24. https://www.france24.com/en/20180730-abiy-ahmed-spreads-hope-reform-ethiopia। আহৰণ কৰা হৈছে: 14 April 2019. "...and an Amhara Christian Orthodox mother, he was 15 when the guerilla group the Tigrayan People’s Liberation Front led by Meles Zenawi toppled dictator Mengistu Haile Mariam. Abiy was educated in the US and Great Britain, and joined the army at 15..." 
  17. 17.0 17.1 17.2 "Dr. Abiy Ahmed's diversity portfolio". Satenaw News. 2018-04-01. https://www.satenaw.com/dr-abiy-ahmeds-diversity-portfolio/। আহৰণ কৰা হৈছে: 2019-03-29. 
  18. "The Guardian view on Ethiopia: change is welcome, but must be secured". The Guardian. 2019-01-07. ISSN 0261-3077. https://www.theguardian.com/commentisfree/2019/jan/07/the-guardian-view-on-ethiopia-change-is-welcome-but-must-be-secured. 
  19. 19.0 19.1 19.2 "আৰ্কাইভ কপি" (am ভাষাত). FanaBC. Archived from the original on 2018-02-20. https://web.archive.org/web/20180220033155/http://www.fanabc.com/index.php/component/k2/item/19618.html। আহৰণ কৰা হৈছে: 2018-02-18. 
  20. "IPSS Student named to Ethiopia's Cabinet". IPSS Addis. 2015-10-12. Archived from the original on 2016-06-09. https://web.archive.org/web/20160609215326/http://www.ipss-addis.org/new-ipss/news-events/ipss_student_named_to_ethiopia-s_cabinet_/। আহৰণ কৰা হৈছে: 2018-04-01. 
  21. Ahmed, Abiy (2017-08-01). "Countering Violent Extremism through Social Capital: Anecdote from Jimma, Ethiopia". Horn of Africa Bulletin খণ্ড 29 (4): 12–17. ISSN 2002-1666. https://www.africaportal.org/publications/horn-africa-bulletin-july-august-2017-vol-29-no-4/. 
  22. 22.0 22.1 22.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; :0 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  23. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; prelude নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  24. "God wants Ethiopians to prosper: The prime minister and many of his closest allies follow a fast-growing strain of Christianity". The Economist. 24 November 2018. https://www.economist.com/middle-east-and-africa/2018/11/24/god-wants-ethiopians-to-prosper. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]