জিম পিবলছ্

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জিম পিবলছ্

জন্ম ফিলিপ জেমছ্ এডৱিন পিবলছ্
২৫ এপ্ৰিল, ১৯৩৫ (৮৮ বছৰ)
ৱিনিপেগ, কানাডা
ক্ষেত্ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞান
ভৌতিক জ্যোতিৰ্বিজ্ঞান
কৰ্মস্থান প্ৰিন্সটন বিশ্ববিদ্যালয়
উচ্চতৰ অধ্যয়নৰ প্ৰতিষ্ঠান (Institute for Advanced Study)
জনা যায় মহাজাগতিক সূক্ষ্মতৰংগ পশ্চাদভূমি বিকিৰণ (Cosmic microwave background radiation)
উল্লেখনীয় বঁটা এডিংটন পদক(১৯৮১)
হেইনমেন বঁটা (১৯৮২)
ব্ৰুছ পদক (১৯৯৫)
ৰয়েল জ্যোতিৰ্বিজ্ঞান সমাজৰ পৰা সোণৰ পদক (১৯৯৮)
গ্ৰুবাৰ বঁটা (২০০০)
হাৰ্ভে বঁটা (২০০১)
শ্বাউ বঁটা (২০০৪)
ক্ৰেফুৰ্ড বঁটা (২০০৫)
ডিৰাক পদক (২০১৩)
পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা (২০১৯)

ফিলিপ জেমছ্ এডৱিন পিবলছ্ OM FRS (ইংৰাজী: Philip James "Jim" Edwin Peebles; জন্ম-এপ্ৰিল ২৫, ১৯৩৫) হৈছে এগৰাকী কানাডিয়ান-আমেৰিকান জ্যোতিপদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিদ আৰু এজন তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ। তেওঁ বৰ্তমান প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ এলবাৰ্ট আইনষ্টাইন প্ৰফেছাৰ এমিৰেটাচ পদত অধিষ্ঠিত।[1][2]১৯৭০চনৰ পাছৰপৰা বিশ্বৰ এগৰাকী শীৰ্ষস্থানীয় তাত্ত্বিক ব্ৰহ্মাণ্ডতত্ত্ববিদ হিচাপে তেওঁ জনাজাত হৈ পৰে। তেওঁ গুৰুত্বপূৰ্ণ তাত্ত্বিক অৱদানসমূহে আদিম নিউক্লিয়চিন্থেছিছ, কৃষ্ণ পদাৰ্থ, মহাজাগতিক সূক্ষ্মতৰংগ পশ্বাদভূমি আৰু আকৃতি গঠনক সমৃদ্ধ কৰিছে।

ভৌতিক ব্ৰহ্মাণ্ডতত্ত্বলৈ আগবঢ়োৱা তাত্ত্বিক আৱিষ্কাৰৰ বাবে ২০১৯ চনত তেওঁক সন্মানীয় ন'বেল বঁটা প্ৰদান কৰা হয়। আন দুজন বিজ্ঞানী মিশ্বেল মেয়ৰ আৰু ডিডিয়াৰ কুয়েলজৰ সৈতে তেওঁ এই বঁটা ভগাই লয়। সূৰ্যসদৃশ নক্ষত্ৰৰ চাৰিওকাষে প্ৰদক্ষিণ কৰি থকা এটা বহিঃগ্ৰহৰ আৱিষ্কাৰৰ বাবে তেওঁলোকক এই বঁটা প্ৰদান কৰা হৈছে।[3][4]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

কানাডাস্থিত ৱিনিপেগৰ ছেইণ্ট বনিফেচত ১৯৩৫ চনৰ ২৫ এপ্ৰিলত জিম পিবলছ্‌ৰ জন্ম হয়। মেনিট'বা বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ১৯৫৮ চনৰ শৰৎ কালত তেওঁ মেনিট'বা ত্যাগ কৰে আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। সেইখন বিশ্ববিদ্যালয়ত তেওঁ ডক্টৰেট শিক্ষা সম্পূৰ্ণ কৰে। তেওঁৰ তত্ত্বাবধায়ক আছিল ৰবাৰ্ট ডিকে।[5] পিবলছে সমগ্ৰ কেৰিয়াৰটো সেইখন বিশ্ববিদ্যালয়তে অতিবাহিত কৰে। ১৯৭৭-৭৮ শৈক্ষিক বৰ্ষত পিবলছ্উচ্চতৰ অধ্যয়নৰ প্ৰতিষ্ঠানৰ প্ৰাকৃতিক বিজ্ঞান বিদ্যালয়ৰ এজন সদস্য আছিল। ১৯৯০-৯১ আৰু ১৯৯৮-৯৯ চনত তেওঁ সেই শিক্ষানুষ্ঠান দৰ্শন কৰিছিল। [6]

শৈক্ষিক কেৰিয়াৰ[সম্পাদনা কৰক]

জিম পিবলছে মহানাদ আৰ্হিলৈ(Big Bang Model) উল্লেখনীয় বৰঙনি আগবঢ়াইছে। ইয়াৰোপৰিও মহানাদ নিউক্লিয়'ছিন্থেছিছ, কৃষ্ণ পদাৰ্থ আৰু কৃষ্ণ শক্তিলৈ তেওঁৰ বৰঙনি স্মৰণীয়। ১৯৭০ চনত মহাজাগতিক আকৃতি গঠন(Structure Formation)তত্ত্বত তেওঁক এজন পথ-প্ৰদৰ্শক হিচাপে গণ্য কৰা হৈছিল। ভৌতিক ব্ৰহ্মাণ্ডতত্ত্ব বিষয়টোক পদাৰ্থ বিজ্ঞানত বিশেষ শ্ৰেণীৰ মান্যতা দিয়াৰ পূৰ্বতেই পিবলছে এই বিষয়ে অধ্যয়ন কৰি আছিল আৰু বিষয়টোৰ গুৰুত্ব বঢ়োৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। [7]

কিছুমান বিষয়ে প্ৰাথমিক ধাৰণা উদ্ভাৱন কৰাত পিবলছৰ বিশেষ খ্যাতি আছে, যিবোৰ ধাৰণা পৰৱৰ্তী পৰ্যায়তহে বিজ্ঞানীসকলে গভীৰভাৱে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে। উদাহৰণস্বৰূপে, ব্ৰহ্মাণ্ডৰ প্ৰাৰম্ভিক পৰ্যায়ৰ বিকাশৰ বাবে ১৯৮৭ চনত তেওঁ আদিম সমবক্ৰতা বেৰিয়ন আৰ্হিটো উত্থাপন কৰিছিল। [8] একেধৰণে ১৯৭০ চনৰ প্ৰাৰম্ভিক সময়ত পিবলছে কৃষ্ণ পদাৰ্থ গঠনপ্ৰক্ৰিয়াৰ সমস্যালৈও অৱদান আগবঢ়াইছিল। [9]

তেওঁ লিখা তিনিখন গ্ৰন্থ হৈছে ফিজিকেল কছম'ল'জি(১৯৭১), লাৰ্জ স্কেল ষ্ট্ৰাকছাৰ অৱ দা ইউনিভাৰ্ছ(১৯৮০) আৰু প্ৰিন্সিপালছ আৱ ফিজিকেল কচম'ল'জি(১৯৯৩)। এইক্ষেত্ৰত অধ্যয়নৰ বাবে এইকেইখন কিতাপক মানসম্পন্ন প্ৰসংগপুথি হিচাপে বিবেচিত কৰা হয়। প্ৰিন্সিপালছ আৱ ফিজিকেল কচম'ল'জি[10] গ্ৰন্থখনত তেওঁ ব্ৰহ্মাণ্ডৰ যিকোনো ঠাইৰ দ্ৰুতিৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত এক প্ৰাসংগিক কাঠামোৰ কথা উল্লেখ কৰে; যিটো সমগুণী মহাজাগতিক পশ্চাদভূমি বিকিৰণৰ ওপৰত ভিত্তি কৰা গঠন কৰা হৈছিল। আৰু পূৰ্বৰ আৰ্হিবোৰৰ লগত ইয়াৰ পাৰ্থক্য আছিল। কিন্তু পিবলছৰ মতে-সেইটো আৰ্হিয়ে আপেক্ষিকতাবাদৰ নীতি উলংঘন কৰা নাছিল। ভিক্টৰ ৱেইছকফয়েও তেওঁৰ গ্ৰন্থ দা প্ৰিভিলেজ অৱ বিংগ এ ফিজিচিষ্টত একেই মত দাঙি ধৰিছে।[11]

২০১৯ চনত তেওঁক পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা প্ৰদান কৰা হয়। [12]

সন্মান[সম্পাদনা কৰক]

পুৰস্কাৰ

তেওঁৰ নামেৰে

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Davis, M.; Peebles, P. J. E. (1983). "A survey of galaxy redshifts. V – The two-point position and velocity correlations". Astrophys. J. খণ্ড 267: 465. doi:10.1086/160884. 
  • Dicke, R. H.; Peebles, P. J. E.; Roll, P. G.; Wilkinson, D. T. (1965). "Cosmic Black-Body Radiation". Astrophys. J. খণ্ড 142: 414. doi:10.1086/148306. 
  • Fukugita, M.; Hogan, C. J.; Peebles, P. J. E. (1998). "The cosmic baryon budget". Astrophys. J. খণ্ড 503 (2): 518. doi:10.1086/306025. 
  • Groth, E. J.; Peebles, P. J. E. (1977). "Statistical Analysis Of Catalogs Of Extragalactic Objects. 7. Two And Three Point Correlation Functions For The High-Resolution Shane-Wirtanen Catalog Of Galaxies". Astrophys. J. খণ্ড 217: 385. doi:10.1086/155588. 
  • Ostriker, J. P.; Peebles, P. J. E. (1973). "A Numerical Study of the Stability of Flattened Galaxies: or, can Cold Galaxies Survive?". Astrophys. J. খণ্ড 186: 467. doi:10.1086/152513. 
  • Peebles, P. J. E. (1966). "Primordial Helium Abundance and the Primordial Fireball. I". Phys. Rev. Lett. খণ্ড 16 (10): 410. doi:10.1103/PhysRevLett.16.410. 
  • Peebles, P. J. E. (1966). "Primordial Helium Abundance and the Primordial Fireball. II". Astrophys. J. খণ্ড 146: 542. doi:10.1086/148918. 
  • Peebles, P. J. E.; Dicke, R. H. (1968). "Origin of the Globular Star Clusters". Astrophys. J. খণ্ড 154: 891. doi:10.1086/149811. 
  • Peebles, P. J. E. (1969). "Origin of the Angular Momentum of Galaxies". Astrophys. J. খণ্ড 155: 393. doi:10.1086/149876. 
  • Peebles, P. J. E.; Yu, J. T. (1970). "Primeval adiabatic perturbation in an expanding universe". Astrophys. J. খণ্ড 162: 815. doi:10.1086/150713. 
  • Peebles, P. J. E. (1971). Physical Cosmology. প্ৰকাশক Princeton: Princeton University Press. 
  • Peebles, P. J. E. (1980). The large-scale structure of the universe. প্ৰকাশক Princeton: Princeton University Press. 
  • Peebles, P. J. E. (1982). "Large-scale background temperature and mass fluctuations due to scale-invariant primeval perturbations". Astrophys. J. খণ্ড 263: L1. doi:10.1086/183911. 
  • Peebles, P. J. E. (1993). Principles of Physical Cosmology. প্ৰকাশক Princeton: Princeton University Press. 
  • Ratra, B.; Peebles, P. J. E. (1988). "Cosmology with a time-variable cosmological 'constant'". Astrophys. J. খণ্ড 325: L17. doi:10.1086/185100. 
  • Ratra, B.; Peebles, P. J. E. (1988). "Cosmological consequences of a rolling homogeneous scalar field". Phys. Rev. D খণ্ড 37 (12): 3406. doi:10.1103/physrevd.37.3406. 
  • Ratra, B.; Peebles, P. J. E. (2003). "The cosmological constant and dark energy". Rev. Mod. Phys. খণ্ড 75 (2): 559–606. doi:10.1103/RevModPhys.75.559. 

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Princeton University Physics Department". https://www.princeton.edu/physics/about-us/history/memorable-members/john-wheeler/. 
  2. "Princeton University News". https://www.princeton.edu/main/news/archive/A94/84/71G20/index.xml. 
  3. "The Nobel Prize in Physics 2019". Nobel Media AB. https://www.nobelprize.org/prizes/physics/2019/summary/। আহৰণ কৰা হৈছে: 8 October 2019. 
  4. Chang, Kenneth; Specia, Megan (8 October 2019). "Nobel Prize in Physics Awarded for Cosmic Discoveries - The cosmologist James Peebles split the prize with the astrophysicists Michel Mayor and Didier Queloz, for work the Nobel judges said “transformed our ideas about the cosmos.”". The New York Times. https://www.nytimes.com/2019/10/08/science/nobel-prize-physics.html। আহৰণ কৰা হৈছে: 8 October 2019. 
  5. Seeing Cosmology Grow
  6. "Phillip James E. Peebles" (en ভাষাত). Institute for Advanced Study. https://www.ias.edu/scholars/phillip-james-e-peebles। আহৰণ কৰা হৈছে: 2019-10-08. 
  7. "General Relativity’s Influence and Mysteries" (en ভাষাত). Institute for Advanced Study. https://www.ias.edu/ideas/2015/thomas-general-relativity। আহৰণ কৰা হৈছে: 2019-10-08. 
  8. Hu (1994-06-28)
  9. de Swart, J. G.; Bertone, G.; van Dongen, J. (2017). "How dark matter came to matter". Nature Astronomy খণ্ড 1 (59): 0059. doi:10.1038/s41550-017-0059. 
  10. Principles of Physical Cosmology, Princeton University Press, Princeton NJ, 1993, Page 151.
  11. The Privilege of Being a Physicist, Freeman, New York, 1989. Page 143.
  12. http://www.princeton.edu/news/2019/10/08/princetons-james-peebles-receives-nobel-prize-physics
  13. 13.0 13.1 Weintraub, David A. (2011) (en ভাষাত). How Old Is the Universe?. Princeton University Press. পৃষ্ঠা. 317. ISBN 9780691147314. https://books.google.co.uk/books?id=oWmGcsV7N6sC। আহৰণ কৰা হৈছে: 8 October 2019. 
  14. "Dannie Heineman Prize for Astrophysics | American Astronomical Society". aas.org. https://aas.org/grants-and-prizes/dannie-heineman-prize-astrophysics। আহৰণ কৰা হৈছে: 8 October 2019. 
  15. "Phillip Peebles biography". Royal Society. https://royalsociety.org/people/phillip-peebles-12070/। আহৰণ কৰা হৈছে: 24 January 2017. 
  16. "The Bruce Medalists". www.phys-astro.sonoma.edu. http://www.phys-astro.sonoma.edu/brucemedalists/। আহৰণ কৰা হৈছে: 8 October 2019. 
  17. "Earlier Lectures - Oskar Klein Centre". www.okc.albanova.se. Archived from the original on 4 November 2020. https://web.archive.org/web/20201104135719/http://www.okc.albanova.se/research/memorial-lecture/earlier-lectures। আহৰণ কৰা হৈছে: 8 October 2019. 
  18. Williams, D. A. (1 June 1999). "Prof. P J E Peebles: 1998 Gold Medal" (en ভাষাত). Astronomy & Geophysics. পৃষ্ঠাসমূহ: 3.6–3.6. doi:10.1093/astrog/40.3.3.6-a. https://academic.oup.com/astrogeo/article/40/3/3.6/197418/। আহৰণ কৰা হৈছে: 8 October 2019. 
  19. "2000 Gruber Cosmology Prize | Gruber Foundation". gruber.yale.edu. https://gruber.yale.edu/prize/2000-gruber-cosmology-prize। আহৰণ কৰা হৈছে: 8 October 2019. 
  20. "Princeton Announcements, June 2001 - Archived". www.princeton.edu. http://www.princeton.edu/webannounce/Princeton_Announcements/Archived/2001/JUN_Text.html। আহৰণ কৰা হৈছে: 8 October 2019. 
  21. "The Shaw Prize - Top prizes for astronomy, life science and mathematics". www.shawprize.org. Archived from the original on 5 April 2018. https://web.archive.org/web/20180405041510/http://www.shawprize.org/en/shaw.php?tmp=3&twoid=53। আহৰণ কৰা হৈছে: 8 October 2019. 
  22. "The Crafoord Prize 2005". www.crafoordprize.se. https://www.crafoordprize.se/press_release/the-crafoord-prize-2005। আহৰণ কৰা হৈছে: 8 October 2019. 
  23. "Charles M. and Martha Hitchcock Lectures | Series | Berkeley Graduate Lectures". gradlectures.berkeley.edu. https://gradlectures.berkeley.edu/series/hitchcock/। আহৰণ কৰা হৈছে: 8 October 2019. 
  24. "FACULTY AWARD: Peebles awarded 2013 Dirac Medal for work in theoretical physics" (en ভাষাত). Princeton University. https://www.princeton.edu/news/2013/08/14/faculty-award-peebles-awarded-2013-dirac-medal-work-theoretical-physics। আহৰণ কৰা হৈছে: 8 October 2019. 
  25. "12 Manitobans to receive province's highest honour this summer". CBC.ca. 12 May 2017. https://www.cbc.ca/news/canada/manitoba/order-of-manitoba-recipients-1.4111916। আহৰণ কৰা হৈছে: 8 October 2019. 
  26. "The Nobel Prize in Physics 2019". Nobel Media AB. https://www.nobelprize.org/prizes/physics/2019/summary/। আহৰণ কৰা হৈছে: 8 October 2019. 

গ্ৰন্থসূচী[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]