জন বেনিষ্টাৰ গুডএনাফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জন বেনিষ্টাৰ গুডএনাফ
জন্ম ২৫ জুলাই, ১৯২২ (১০১ বছৰ)
জেনা, জাৰ্মানী
ক্ষেত্ৰ পদাৰ্থ বিজ্ঞান
কৰ্মস্থান মেছাচুছেটছ ইনষ্টিটিউট অফ টেকন'লজি
অক্সফোৰ্ড বিশ্ববিদ্যালয়
টেক্সাছ বিশ্ববিদ্যালয়, অষ্টিন
শিক্ষানুষ্ঠান য়েল বিশ্ববিদ্যালয় (বি.এছ)
চিকাগো বিশ্ববিদ্যালয় (এম.এছ, পিএইছডি)
ডক্তৰেল পৰামৰ্শদাতা ক্লাৰেন্স জেনাৰ
উল্লেখযোগ্য বিদ্যাৰ্থী বিল ডেভিদ[1]
জনা যায় লিথিয়াম আয়ন বেটেৰী, গুডএনাফ-কানামৰি নীতি
উল্লেখনীয় বঁটা জাপান প্ৰাইজ (২০০১)
এনৰিক' ফাৰ্মি এৱাৰ্ড (২০০৯)
ৰাষ্ট্ৰীয় বিজ্ঞান পদক (২০১১)
পৰিৱেশ আৰু সতৰ্কতা প্ৰযুক্তিৰ আই.ই.ই.ই. পদক (২০১২)
চাৰ্লছ ষ্টাৰ্ক ড্ৰেপাৰ প্ৰাইজ (২০১৪)
ৱেলছ এৱাৰ্ড (২০১৭)
কোপ্লে পদক (২০১৯)
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা (২০১৯)

জন বেনিষ্টাৰ গুডএনাফ (জন্ম: ২৫ জুলাই ১৯২২) এগৰাকী আমেৰিকান অধ্যাপক আৰু কঠিন অৱস্থা পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান অষ্টিনৰ টেক্সাছ বিশ্ববিদ্যালয়ত যান্ত্ৰিক অভিযান্ত্ৰিক আৰু মেটেৰীয়েল চাইন্সৰ অধ্যাপনা কৰি আছে। তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে বিশেষ ভাবে জনাজাত। ইয়াৰ লগতে তেওঁ পদাৰ্থৰ চুপাৰএক্সচেঞ্জ নিৰ্ণয় কৰিবলৈ গুডএনাফ-কানামৰি নীতি আৱিষ্কাৰ কৰিছিল। ২০১৪ তেওঁ লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে চাৰ্লছ ষ্টাৰ্ক ড্ৰেপাৰ প্ৰাইজ লাভ কৰিছিল।[2] তেওঁ এম. ষ্টেনলী হুইটটিনগাম আৰু আকিৰা য়শ্বিন'ৰ সৈতে "লিথিয়াম আয়ন বেটেৰীৰ উন্নতি সাধনৰ বাবে" ২০১৯ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3] ইয়াৰ লগে-লগে তেওঁ নোবেল বঁটা লাভ কৰা আটাইতকৈ বৃদ্ধ ব্যক্তিত পৰিগণিত হয়।[3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Thackeray, M. M.; David, W. I. F.; Bruce, P. G.; Goodenough, J. B. (1983). "Lithium insertion into manganese spinels". Materials Research Bulletin খণ্ড 18 (4): 461–472. doi:10.1016/0025-5408(83)90138-1. 
  2. Charles Stark Draper Prize News, National Academy of Engineering. Retrieved March 1, 2015.
  3. 3.0 3.1 Specia, Megan (9 October 2019). "Nobel Prize in Chemistry Honors Work on Lithium-Ion Batteries - John B. Goodenough, M. Stanley Whittingham and Akira Yoshino were recognized for research that has “laid the foundation of a wireless, fossil fuel-free society.”". The New York Times. https://www.nytimes.com/2019/10/09/science/nobel-prize-chemistry.html। আহৰণ কৰা হৈছে: 9 October 2019. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]