ইস্থাৰ ডাফ্লো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইস্থাৰ ডাফ্লো

২০০৯ চনত ইস্থাৰ ডাফ্লো
জন্ম ২৫ অক্টোবৰ, ১৯৭২ (৫০ বছৰ)
পেৰিছ, ফ্ৰান্স
জাতীয়তা ফ্ৰেন্স, আমেৰিকান[1]
ক্ষেত্ৰ সামাজিক অৰ্থনীতি
উন্নয়ন অৰ্থনীতি
কৰ্মস্থান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান ইকল নৰ্মেল চুপেৰিয়ৰ, পেৰিছ (বিএ)
স্কুল অফ এডভান্স ষ্টেডিজ ইন দা ছ'চিয়েল চাইন্স (ডিইএ)
মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (পিএইছডি)
ডক্তৰেল পৰামৰ্শদাতা অভিজিৎ বেনাৰ্জী[2]
জছোৱা এংৰিষ্ট[2]
ডক্তৰেল বিদ্যাৰ্থী ডিন কাৰ্লন[3]
উল্লেখনীয় বঁটা জন বেটছ ক্লাৰ্ক পদক (২০১০)
কালভ' আৰ্মেনগল আন্তৰ্জাতিক পুৰস্কাৰ (২০১০)
ডেন ডেভিদ বঁটা (২০১৩)
অৰ্থনীতিৰ নোবেল বঁটা (২০১৯)
দাম্পত্যসঙ্গী অভিজিৎ বেনাৰ্জী (২০১৫–বৰ্তমানলৈ)

ইস্থাৰ ডাফ্লো, (ফৰাচী: [dyflo]; জন্ম ২৫ ১৯৭২) এগৰাকী ফ্ৰেন্স-আমেৰিকান অৰ্থনীতিবিদ।[4] তেওঁ বৰ্তমান মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত দৰিদ্ৰতা নিৰ্মূল আৰু উন্নয়ন অৰ্থনীতিৰ আব্দুল লতিফ জামেল আসনৰ অধ্যাপক। তেওঁ আব্দুল লতিফ জামেল পভাৰ্টি এক্সন লেবৰ সহ প্ৰতিষ্ঠাপক আৰু সহনিৰ্দেশক।

তেওঁ এনবিইআৰৰ সহযোগী গৱেষক, অৰ্থনৈতিক বিশ্লেষণ গৱেষণা ব্যুৰ'ৰ সদস্য আৰু উন্নয়ন অৰ্থনীতি পৰিকল্পনাৰ অৰ্থনীত আৰু আঁচনি গৱেষণা কেন্দ্ৰৰ নিৰ্দেশক। তেওঁ, তেওঁৰ স্বামী অভিজিৎ বেনাৰ্জী আৰু মাইকেল ক্ৰেমাৰৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০১৯ চনৰ অৰ্থনীতিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।[5][6] অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো ন'বেল বঁটা লাভ কৰা ষষ্ঠ বিবাহিত দম্পতী। ইয়াৰ লগতে তেওঁ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা দ্বিতীয় মহিলা আৰু কনিষ্ঠতম ব্যক্তি।

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]