আব্দুছ ছালাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
আব্দুছ ছালাম

১৯৮৭ চনত আব্দুছ ছালাম
জন্ম ২৯ জানুৱাৰী, ১৯২৬
ঝাং, পঞ্জাব, ব্ৰিটিছ ভাৰত (বৰ্তমানৰ পঞ্জাব, পাকিস্তান)
মৃত্যু ২১ নৱেম্বৰ, ১৯৯৬ (৭০ বছৰ)
অক্সফ'ৰ্ড, ইংলেণ্ড, যুক্তৰাজ্য
জাতীয়তা পাকিস্তানী
ক্ষেত্ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞানী
কৰ্মস্থান
শিক্ষানুষ্ঠান গ'ৱৰ্ণমেণ্ট কলেজ ইউনিভাৰ্ছিটি, লাহোৰ (BA)
পঞ্জাৱ ইউনিভাৰ্ছিটি (MA)
ছেইণ্ট জ'নছ কলেজ, কেমব্ৰিজ (PhD)
ডক্তৰেল পৰামৰ্শদাতা নিক'লাছ কেমাৰ
আন শৈক্ষিক পৰামৰ্শদাতা প'ল মেথিউছ
ডক্তৰেল বিদ্যাৰ্থী
  • মাইকেল ডাফ
  • আলী চামচেদ্দিন
  • ৰবাৰ্ট ডে'লব'ৰ্গ'
  • ৱাল্টাৰ গিলবাৰ্ট
  • জন ম'ফাট
  • য়ুভাল নীমান
  • জন প'ল্কিংহৰ্ন্
  • ৰে' ষ্ট্ৰীটাৰ
  • ৰিয়াজুদ্দিন
  • ফায়াজুদ্দিন
  • মাছুড আহমদ
  • পাৰ্থ ঘোষ
  • কমলুদ্দিন আহমেড
  • জন টেইলৰ
  • গোলাম মোৰ্টাজা
  • খ্ৰীষ্ট'ফাৰ ইছাম[1]
  • মুনীৰ আহমদ ৰশ্বিড
  • পীটাৰ ৱেষ্ট
আন উল্লেখযোগ্য বিদ্যাৰ্থী
  • জনাথন এছম'ৰ[2]
  • ফাহিম হুছেইন
  • পাৰ্ভেজ হুডভয়
  • আব্দুল হামীদ নায়াৰ
  • গোলাম ডষ্টগীৰ আলম
জনা যায়
প্ৰভাৱ পল ডিৰাক[3]
উল্লেখনীয় বঁটা স্মিথছ প্ৰাইজ (১৯৫০)
আডামছ প্ৰাইজ (১৯৫৮)
চিতাৰা-ই-পাকিস্তান (১৯৫৯)
হিউজ মেডেল (১৯৬৪)
এটমছ্ ফৰ পীচ প্ৰাইজ (১৯৬৮)
ৰ'য়েল মেডেল (১৯৭৮)
Matteucci Medal (১৯৭৮)
পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা (১৯৭৯)
নিচান-ই-ইমতিয়াজ (১৯৭৯)
লমনছ'ভ গল্ড মেডেল (১৯৮৩)
কপ্লে' মেডেল (১৯৯০)
দাম্পত্যসঙ্গী
আমটুল হাফিজ বেগম (বি. ১৯৪৯৯৬)

লুইছ জনছন (বি. ১৯৬৮৯৬)

সতি-সন্ততি
স্বাক্ষৰ

আব্দুছ ছালাম (ইংৰাজী: Abdus Salam; জন্ম: ২৯ জানুৱাৰী, ১৯২৬ – মৃত্যু: ২১ নৱেম্বৰ, ১৯৯৬) আছিল এগৰাকী পদাৰ্থবিজ্ঞানী। তেওঁ ইটালীৰ ট্ৰিয়েষ্টিত থকা "ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ থিয়ৰেটিকেল ফিজিক্স" অৰ্থাৎ "তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ"ৰ প্ৰতিষ্ঠাপক বিজ্ঞানী আছিল।[4] এই কেন্দ্ৰ স্থাপনৰ মুখ্য উদ্দেশ্য আছিল বিশেষভাৱে উন্নয়নশীল দেশৰ বিজ্ঞানীসকলক অন্যান্য দেশৰ বিজ্ঞানীৰ সংস্পৰ্শলৈ আহি আলোচনা আৰু গৱেষণাৰ চিন্তা কৰাৰ সুযোগ দিয়া। বিদ্যুৎচুম্বকীয় আৰু দুৰ্বল নিউক্লীয় শক্তিৰ একাকীকৰণ (unification) বিষয়ত কৰা গৱেষণাৰ বাবে ১৯৭৯ চনত আব্দুছ ছালামে ছেলদন গ্লেছ আৰু ষ্টিফেন্ ৱেইনবাৰ্গৰ সৈতে একেলগে পদাৰ্থ বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[4]

জন্ম পৰিচয়[সম্পাদনা কৰক]

বৃটিছ ৰাজত্বত ভাৰতৰ আৰু বৰ্তমান পাকিস্তানৰ অন্তৰ্ভুক্ত ঝাং প্ৰদেশৰ এখন সৰু চহৰ মফচলত ১৯২৬ চনৰ ২৯ জানুৱাৰীত আব্দুছ ছালামৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল এজন শিক্ষক আৰু শিক্ষা বিভাগৰ বিষয়া, মাতৃ সম্পূৰ্ণ গৃৃহিনী। তেওঁৰ মুঠ ছজন ভাই-ককাই (তেওঁকে ধৰি) আৰু এজনী ভনী আছি।[4] পৰিয়ালৰ অৱস্থা অকণো সচ্ছল নাছিল। তেখেতৰ পিতৃয়ে পঢ়া-শুনাত গুৰুত্ব আৰোপ কৰিছিল। পুতেক আব্দুছক লৈ পিতৃৰ সপোনৰ শেষ নাছিল।

শিক্ষাজীৱন[সম্পাদনা কৰক]

পিতৃয়ে আব্দুছৰ পঢ়া-শুনাত গুৰুত্ব দিছিল। আব্দুছে প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় অসামৰিক সেৱাত যোগ দিয়াৰ কথা ভাবিছিল। কিন্তু তেখেতৰ ধাউতি বিজ্ঞানৰ ফালে ঢাল খালে।

বিদ্যালয়ত পঢ়ি থকা সময়ৰ কথা। তেতিয়া তেখেতৰ বয়স প্ৰায় দহবছৰমান। এদিন এজন শিক্ষকে প্ৰকৃতিৰ মৌলিক বল সম্পৰ্কে ব্যাখ্যা কৰিছিল। প্ৰথমে মহাকৰ্ষণ শক্তিৰ পিছতে বিদ্যুৎ শক্তিৰ কথা কৈছিল। বিদ্যুৎ শক্তিৰ কথা কওঁতে সেই শক্তি তেওঁলোকৰ ঠাইৰ পৰা এশ মাইল নিলগৰ লাহোৰতহে থকাৰ কথা উল্লেখ কৰিছিল। নিউক্লীয়েৰ শক্তিৰ বিষয়ে কওঁতেও সেই শক্তি ইউৰোপতহে আছে বুলি কৈছিল। এনেধৰণৰ শিক্ষাদান আছিল উন্নয়নশীল দেশৰ।

বিদ্যালয়ত পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি বহুত নম্বৰ পাই আব্দাছে এটা বৃত্তি পাইছিল। তেওঁ সেই বৃত্তি লৈ চৈধ্যবছৰ বয়সত লাহোৰৰ চৰকাৰী কলেজত পঢ়িবলৈ যায়।[4] লাহোৰৰ পৰা চাইকেল চলাই ঘৰলৈ যাওঁতে সৰু মফচল চহৰখনৰ প্ৰায় গোটেইবোৰ মানুহে আহি আথেবেথে বেঢ়ি ধৰিছিল।[4]

১৯৪৬ চনত তেওঁ জাহাজেৰে গৈ কেমব্ৰিজ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।[4] সেইবছৰ যুদ্ধৰ বাবে অসামৰিক পৰীক্ষা বাতিল কৰা হৈছিল। যুদ্ধৰ বাবে খৰচ কৰিবলগীয়া ধনৰ ৰাহি হোৱা অংশ পঞ্জাৱৰ প্ৰধানমন্ত্ৰীৰ পুঁজিত সংৰক্ষিত আছিল। সেই ধনেৰেই বিদেশলৈ অধ্যয়নৰ বাবে যাব খোজা পাঁচজন ছাত্ৰক বৃত্তি দিয়াৰ ব্যৱস্থা কৰা হৈছিল। সেই ছাত্ৰকেইজনৰ এজন আছিল আব্দুছ ছালাম।

কেমব্ৰিজত গণিতৰ স্নাতকৰ অনাৰ্ছৰ পৰীক্ষাত প্ৰথম হৈ পাছ কৰে। সেই সময়ত তেখেতৰ হাতত আৰু এবছৰৰ বৃত্তি জমা আছিল। উচ্চ ডিগ্ৰী গণিতত লয়নে পদাৰ্থবিজ্ঞানত লয় সেই বিষয়ে গুণা-গঁথা কৰোঁতে তেওঁৰ ফ্ৰেড হয়ল নামৰ শিক্ষকজনে ক'লে, "তুমি পদাৰ্থবিদ হ'ব খুজিলে আনকি তাত্ত্বিক পদাৰ্থবিজ্ঞান অধ্যয়ন কৰিলেও, কেভেণ্ডিছত তুমি পৰীক্ষামূলক কাম-কাজ কৰিব লাগিব। অন্যথা তুমি পৰীক্ষামূলক পদাৰ্থবিদৰ চকুলৈ চাব নোৱাৰিবা। "[4] তেতিয়া তেওঁ কেভেণ্ডিছ গৱেষণাগাৰত সোমায় য'ত ৰাদাৰফৰ্ডে পৰমাণু গঠনৰ বিখ্যাত পৰীক্ষাসমূহ কৰি আছিল।

গৱেষণা[সম্পাদনা কৰক]

ষোল্লবছৰ বয়সত আব্দুছে প্ৰথমখন গৱেষণা পত্ৰ লিখি উলিয়ায়।[4]এখন গণিত পত্ৰিকাত সেইখন প্ৰকাশিত হৈছিল।

ন'বেল বঁটা লাভ কৰাত বিদ্যুৎচুম্বকীয় আৰু দুৰ্বল নিউক্লীয় শক্তিৰ একাকীকৰণ গৱেষণাৰ বিষয় আছিল। এই তত্ত্বক ইলেকট্ৰউইক তত্ত্ব ৰূপে জনা যায়। নামটো আব্দুছেই দিছিল।[4]

আমোদজনক ঘটনা[সম্পাদনা কৰক]

কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক হৈ তেওঁ কেভেণ্ডিছত পদাৰ্থবিজ্ঞানত সোমায়। তাত তেওঁৰ প্ৰথম পৰীক্ষাটো আছিল ছডিয়ামৰ মুখ্য বৰ্ণালী ৰেখা-দুডালৰ তৰংগ দৈৰ্ঘ্যৰ পাৰ্থক্য জুখি উলিওৱা। তেওঁৰ ধাৰণা আছিল এখন লেখ কাগজত যদি এডাল সৰলৰেখা টনা হয়, ইয়াৰ ছেদাংশই তেওঁ জুখিব খোজা পৰিমাণটো দিব। গাণিতিকভাৱে এডাল সৰলৰেখা দুটা বিন্দুৰে ব্যাখ্যা কৰিব পাৰি। আৰু এটা বিন্দু হ'লে একেবাৰে নিশ্চিন্ত। তৃতীয় বিন্দুটো সৰল ৰেখাত পৰি থাকিলে ব্যাখ্যা সুনিশ্চিত হ'ব। পৰীক্ষাটোৰ যন্ত্ৰপাতিবোৰ ঠিককৈ সজাই লওঁতে তেওঁৰ তিনিদিন লাগিল। পৰীক্ষা কৰি তিনিটা সংকেত লৈ পৰীক্ষা বহীৰ টোকাত নম্বৰ দিবৰ বাবে তত্ত্বাৱধায়কৰ ওচৰলৈ লৈ গ'ল। তেওঁ যিজন তত্ত্বাৱধায়কৰ ওচৰলৈ গৈছিল তেওঁৰ নাম আছিল ছাৰ ডেনিছ উইলকিনছন। তেওঁ আব্দুছৰ দ্বাৰা অংকিত সৰল ৰেখাডাল চাই কৈছিল, "অ', মই ঠিক ধৰিছিলো, তুমি নিশ্চয় জানা যে তিনিটা বিন্দুৰ সলনি এহেজাৰমান বিন্দু লৈয়ো সৰল ৰেখাডাল আঁকিব পাৰিলাহেতেঁন।" ইতিমধ্যেই আব্দাছে যন্ত্ৰপাতিবোৰ খুলি মেলি থ'লে বাবে আকৌ কৰিব নুখুজিলে আৰু বছৰটোৰ বাকীখিনি সময় ডেনিছ উইলকিনছনৰ পৰা আঁতৰি থাকিল। সেই সময়ত শ্ৰেণীত কৰা পৰীক্ষামূলক কাম-কাজৰ নম্বৰ চূড়ান্ত পৰীক্ষাতো গণনা কৰা হয়। ১৯৪৯ চনত ঘোষণা কৰা ফলাফল চাই থাকোঁতে আব্দুছৰ পাছফালে থিয় হৈ উইলকিনছনে সুধিলে,"তুমি কোন শ্ৰেণী পালা?" আব্দাছে বিনয়েৰে উত্তৰ দিলে, "প্ৰথম শ্ৰেণী পাইছোঁ।" গোৰোহাটোত ভৰ দি ৩৬০ ডিগ্ৰী কোণত এপাক ঘূৰি তেওঁ ক'লে, "তুমি প্ৰমাণ পালা যে মানুহৰ বিষয়ে কিমান ধাৰণা হ'ব পাৰে।"

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৫১ চনত লাহোৰ বিশ্ববিদ্যালয়ত শিক্ষকতা কৰে।[4]

১৯৫৪ চনত ছেইণ্ট জ'নছ্ কলেজৰ ফেল' আৰু প্ৰবক্তা হিচাপে যোগদান কৰে।[4]

১৯৫৭ চনত লণ্ডনৰ ইম্পেৰিয়েল কলেজত অধ্যাপকৰূপে যোগদান কৰে।[4] তাত তেওঁ তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ দল এটা গঢ়ি তোলে, যিটো দল এই বিষয়ত পৃথিৱীৰ উৎকৃষ্ট দলৰ এটা বুলি পৰিগণিত হয়।

বৈবাহিক জীৱন[সম্পাদনা কৰক]

১৯৪৯ চনত তেখেতে বিবাহ কৰায়। তেখেতৰ প্ৰথমা পত্নীৰ নাম আমটুল হাফিজ বেগম। ১৯৬৮ চনত দ্বিতীয় বিবাহ কৰে লুইছ জনছনৰ সৈতে।

তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ[সম্পাদনা কৰক]

১৯৫১ চনত আব্দুছ ছালাম লাহোৰলৈ ঘূৰি আহি বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিবলৈ লৈ পদাৰ্থবিদ হিচাপে অকলশৰীয়া অনুভৱ কৰিলে। এই বিষয়ৰ উন্নত মানৰ কিতাপ-পত্ৰিকা, আলোচনীৰ অভাৱ অনুভৱ কৰি তেওঁ উপলব্ধি কৰিলে পদাৰ্থবিদ হৈ থাকিবলৈ হ'লে দেশ এৰি বাহিৰলৈ যাব লাগিব। এনেদৰে আন বিজ্ঞানীসকলৰ লগত সংস্পৰ্শ হেৰুৱাই পেলায় উন্নয়নশীল দেশৰ বিজ্ঞানীসমাজে। সেয়ে বহুতৰে লগত আলোচনা কৰি বিশেষভাৱে উন্নয়নশীল দেশৰ বিজ্ঞানীসকলক অন্যান্য দেশৰ বিজ্ঞানীৰ সংস্পৰ্শলৈ আহি আলোচনা আৰু গৱেষণাৰ চিন্তা কৰাৰ সুযোগ দিব পৰাকৈ ১৯৬৪ চনত ট্ৰিয়েষ্টিত প্ৰতিষ্ঠা কৰে তাত্ত্বিক পদাৰ্থবিজ্ঞানৰ আন্তৰ্জাতিক কেন্দ্ৰ।[4] কেন্দ্ৰটোৱে বিজ্ঞানীসকলে বেছিভাগ সময়নিজৰ দেশতে থাকি কেইমাহমানৰ কাৰণে এই কেন্দ্ৰতে গৱেষণাৰ কাম কৰিব পৰাৰ সুবিধা দিয়ে।

বঁটা সন্মান[সম্পাদনা কৰক]

১৯৭৯ চনত ছেলদন গ্লেছ' আৰু ষ্টিফেন ৱেইনবাৰ্গৰ সৈতে একেলগে পদাৰ্থবিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে আব্দুছ ছালামে।

মৃত্যু[সম্পাদনা কৰক]

১৯৯৬ চনৰ ২১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭০ বছৰ।

তথ্যউৎস[সম্পাদনা কৰক]

  1. Gordon Fraser, Cosmic Anger: Abdus Salam – The First Muslim Nobel Scientist, Oxford University Press, 2008, p. 119.
  2. Ashmore, Jonathan Felix (2016). "Paul Fatt. 13 January 1924 – 28 September 2014". Biographical Memoirs of Fellows of the Royal Society (London) খণ্ড 62: 167–186. doi:10.1098/rsbm.2016.0005. ISSN 0080-4606. 
  3. Fraser 2008, পৃষ্ঠা 280
  4. 4.00 4.01 4.02 4.03 4.04 4.05 4.06 4.07 4.08 4.09 4.10 4.11 4.12 জয়ন্তী চুতীয়া, ed (ডিচেম্বৰ ২০০৯). বিজ্ঞানী হোৱাৰ সপক্ষে এশটা যুক্তি.