সমললৈ যাওক

আৰবী বৰ্ণমালা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


আৰবী বৰ্ণমালা (আৰবী আবজাদ; الأَبْجَدِيَّة العَرَبِيَّة আল্-আব্জাদীয়াহ্ আল্-ʻআৰবীয়াহ্ বা الحُرُوف العَرَبِيَّة আল্-হুৰুফ্ আল্-ʻআৰবীয়াহ্) হ'ল আৰবী আৰু কুৰ্দিচ ভাষা লিখাৰ বাবে বিশেষভাৱে সংহিতাকৃত আৰবী লিপি। ইয়াক সোঁফালৰ পৰা বাওঁফালে কাৰ্চিভ শৈলীত লিখা হয়, আৰু ইয়াত ২৮টা আখৰ অন্তৰ্ভুক্ত কৰা হৈছে। আৰবী বৰ্ণমালাক আবজাদ বুলি গণ্য কৰা হয়, আৰবী ভাষা লিখিবলৈ কেৱল ব্যঞ্জনবৰ্ণৰ প্ৰয়োজন হয়; স্বৰবৰ্ণৰ টোকাবলৈ ইয়াৰ বৈকল্পিক ব্যৱহাৰৰ বাবে ইয়াক অশুদ্ধ আবজাদ বুলি গণ্য কৰা হয়।[1] আৰবী বৰ্ণমালাৰ এটা পৰিৱৰ্তিত সংস্কৰণ হ'ল পাৰ্চী লিপি। পাৰ্চী, উৰ্দু, পাস্তো, কিৰ্গিজ, উইঘুৰ, বালুচি, কাশ্মিৰী, পশ্চিম পঞ্জাবী, সিন্ধী আৰু ডোগ্ৰী ভাষা লিখিবলৈ এই লিপি ব্যৱহাৰ কৰা হয়। ছোমালি আৰু মালাগাছি ভাষা লিখিবলৈ কেতিয়াবা কেতিয়াবা আৰবী লিপি ব্যৱহাৰ কৰা হয়।

আৰবী বৰ্ণমালা

বৰ্ণমালা

[সম্পাদনা কৰক]
غ ظ ض ذ خ ث ت ش ر ق ص ف ع س ن م ل ك ي ط ح ز و ه د ج ب ا
গাইন (গ্) জোৱা (য্/জ্/জ্ব) দোৱাদ (দ্/দ্ব) যাল (য্) খা' (খ্) সা' (স্/ছ্) তা' (ত্) শীন (শ্) ৰা' (ৰ্) কফ (ক্/ক্ব/ক) ছোৱাদ (ছ্,স্) ফা' (ফ্) ‘আইন (‘আ, ‘ই, ‘উ) সীন (স্) নুন (ন্) মিম (ম্) লাম (ল্) কাফ (ক্) ইয়া (য়্) তোৱা (ত্/ত্ব/ত) হা' (হ্) যা' (য্) ৱাৱ (ৱ্) হা (হ্) দাল (দ্/দ্ব্) জিম (জ্/জ্ব্) বা' (ব্) আলিফ (আ, ই, উ)
২৮ ২৭ ২৬ ২৫ ২৪ ২৩ ২২ ২১ ২০ ১৯ ১৮ ১৭ ১৬ ১৫ ১৪ ১৩ ১২ ১১ ১০
অসমীয়া সংখ্যা
(অসমীয়া আৰু বাংলাত ব্যৱহৃত)
আৰবী সংখ্যা
(পৃথিৱীৰ বিভিন্ন ভাষাত ব্যৱহৃত)
পূৰ্ব আৰবী সংখ্যা
(আৰবীত ব্যৱহৃত)
পৰিবৰ্তিত পূৰ্ব আৰবী সংখ্যা
(পাৰ্চী আৰু উৰ্দুত ব্যৱহৃত)
0 ٠ ۰ ۰
1 ١ ۱ ۱
2 ٢ ۲ ۲
3 ٣ ۳ ۳
4 ٤ ۴
5 ٥ ۵ ۵
6 ٦ ۶
7 ٧ ۷
8 ٨ ۸ ۸
9 ٩ ۹ ۹
১০ 10 ١٠ ۱۰ ۱۰

কি বোৰ্ড

[সম্পাদনা কৰক]
Arabic Mac keyboard layout
Arabic PC keyboard layout
Intellark imposed on a QWERTY keyboard layout

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Zitouni, Imed (2014). Natural Language Processing of Semitic Languages. Springer Science & Business. পৃষ্ঠা. 15. ISBN 978-3642453588.