সমললৈ যাওক

ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম (IRNSS)
প্ৰকাৰ চেটেলাইট নেভিগেচন চিষ্টেম
দেশ ভাৰত
শুদ্ধতা ভাৰত মহাসাগৰত ২০ মিটাৰতকৈ অধিক
ভাৰতৰ মূল ভূ-খণ্ডৰ ভিতৰত ১০ মিটাৰতকৈ অধিক
পৰিসৰ ১৫,০০০ কিমি
কাৰ্যক্ষম হ’ব ২০১৬ৰ পৰা
মুঠ খৰচ ১৬ শ কোটি টকা

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)-ৰ দ্বাৰা বিকশিত আৰু ভাৰত চৰকাৰৰ দ্বাৰা সম্পূৰ্ণভাৱে নিয়ন্ত্ৰিত ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেম (IRNSS) হৈছে এক স্বয়ংক্ৰিয় কৃত্ৰিম উপগ্ৰহ ভিত্তিক নেভিগেচন চিষ্টেম।[1] যুদ্ধকালীন পৰিস্থিতিত বিদেশৰ পৰা নিয়ন্ত্ৰিত নেভিগেচন চিষ্টেমৰ সুবিধা ব্যাহত হৈ পৰিব পাৰে, IRNSSক বিকাশ কৰাৰ ই এক প্ৰধান কাৰণ। IRNSSএ মূলতঃ দুই প্ৰকাৰৰ সেৱা আগবঢ়াব, তাৰে প্ৰথম প্ৰকাৰৰ নেভিগেচন চিষ্টেমৰ সেৱা সাধাৰণ জনসাধাৰণৰ বাবে মুকলি থাকিব, দ্বিতীয় প্ৰকাৰ সেৱা বিশেষ এনক্ৰিপচন চিষ্টেমৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব, এই সেৱা সেনাবাহিনীৰ কাৰ্যত ব্যৱহাৰ কৰা হ’ব।

এই প্ৰকল্পৰ অধীনত, ২০১৩ চনৰ ২৮ মে’ত বেংগালুৰু স্থিত ISROৰ ডিপ স্পেচ নেটৱৰ্ক (DSN)ৰ চৌহদৰ ভিতৰতে ISROএ এটা নতুন চেটেলাইট নেভিগেচন চেণ্টাৰ মুকলি কৰে।[2] ভৱিষ্যতে সমগ্ৰ দেশত বিস্তৃত হৈ থকা মুঠ ২১টা ৰেনজিং কেন্দ্ৰ‍ই উপগ্ৰহ সমূহৰ কক্ষ নিৰ্ধাৰণৰ বাবে প্ৰয়োজনীয় তথ্য যোগান ধৰিব আৰু নেভিগেচন চিগনেল সমূহৰ নিৰীক্ষণ কৰিব।

সম্পূৰ্ণ ভাৱে ভাৰতৰ নিয়ন্ত্ৰণত থাকিব লগা এই প্ৰকল্পত, ব্যৱহাৰ হ’বলগা উপগ্ৰহ, ভূ-ভাগৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ যন্ত্ৰপাতি আৰু সাধাৰণ ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰিব লগা গ্ৰাহক যন্ত্ৰ সকলোবোৰ ভাৰতত থলুৱা ভাৱে নিৰ্মিত হ’ব। নিম্নতম-ঢাল (low-inclination)ৰ উপগ্ৰহ সমূহৰ সহায়ত নিম্ন-অক্ষাংক্ষৰ স্থান সমূহত সেৱা প্ৰদান কৰা হ’ব। এই প্ৰকপ্লত মুঠ ৭টা কৃত্ৰিম উপগ্ৰহ থাকিব, তাৰে তিনিটা উপগ্ৰহ ভাৰত মহাসাগৰৰ ওপৰত ভুস্থৈতিক কক্ষপথত থাকিব। মিচাইল প্ৰক্ষেপণত এই সেৱাই ভাৰতীয় সেনানাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব।[3]

প্ৰকল্পটোৰ মুঠ ব্যয় প্ৰায় ১,৪২০ কোটি (১৯৯ মিলিয়ন ডলাৰ) মান হ’ব বুলি অনুমান কৰা হৈছে, তাৰে ভূভাগত থকা অংশৰ খৰচ প্ৰায় ৩০০ কোটি (৪২ মিলিয়ন মাৰ্কিন ডলাৰ) আৰু প্ৰতিটো উপগ্ৰহৰ খৰচ প্ৰায় ১২৫ কোটি (১৮ মিলিয়ন মাৰ্কিন ডলাৰ) .[4][5]

সময় ৰেখা

[সম্পাদনা কৰক]

২০১০ চনত ভাৰতৰ দ্বাৰা এই প্ৰকল্পৰ কথা প্ৰস্তাৱ কৰা হয়, সেইমতে ২০১১ চনৰ শেষ ভাগৰ পৰা প্ৰতি ছমাহৰ অন্তৰে অন্তৰে একোটাকৈ উপগ্ৰহ উত্‍ক্ষেপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰকল্পটো এই পৰিকল্পনা মতে  ২০১৫ চনৰ ভিতৰত কাৰ্যক্ষম হ'ল হেতেন  [6] যদিও ২০১৩ চনৰ পৰাহে উপগ্ৰহৰ উত্‍ক্ষেপন কাৰ্য আৰম্ভ হয়।

প্ৰকল্পটোৰ মহাকাশস্থিত অৰ্ধাংশ মুঠ ৭টা উপগ্ৰহৰে গঠিত হব, যিবোৰ্ৰ প্ৰাৰম্ভিক নাম IRNSS-1। ২০১৩ চনৰ ১ জুলাইত এই শৃংখলাৰ প্ৰথম উপগ্ৰহ IRNSS-1A সফল ভাৱে উত্‍ক্ষেপন কৰা হয়।[7][8] ২০১৪ চনৰ ৪ এপ্ৰিল ভাৰতীয় মান সময় মতে ১৭:১৪ত PSLV-C24 ৰকেটৰ সহায়ত দ্বিতীয় উপগ্ৰহ IRNSS-1Bক উত্‍ক্ষেপন কৰা হয়।[9]

১৫ অক্টোবৰ ২০১৪ত তৃতীয় উপগ্ৰহ IRNSS-1C উত্‍ক্ষেপন কৰা হয়, ২০১৪ চনৰ শেষলৈ চতুৰ্থটো উপগ্ৰহো উত্‍ক্ষেপন কৰা হ’ব। বাকী থকা তিনিটা উপগ্ৰহ ২০১৫ চনৰ প্ৰথমভাগত আৰু মধ্যভাগত উত্‍ক্ষেপিত হ’ব, আৰু ভাৰতীয় নেভিগেচন চিষ্টেমটো এই বছৰতে সম্পূৰ্ণ ৰূপে কাৰ্যক্ষম হৈ উঠিব। [10]

প্ৰস্তাবিত নেভিগেচন চিষ্টেমটোত মুঠ ৭টা উপগ্ৰহৰ মণ্ডল আৰু এটা ভূস্থিত কেন্দ্ৰ থাকিব। উপগ্ৰহ-মণ্ডলৰ তিনিটা উপগ্ৰহ ৩২.৫° পূৱ, ৮৩° পূৱ আৰু ১৩১.৫° পূৱ দ্ৰাঘিমাংশত ভূ-স্থৈতিক কক্ষপথত স্থাপন কৰা হ’ব। দুটা ভূ-স্থৈতিক কক্ষপথে নিৰক্ষ-ৰেখাক ৫৫ পূৱ আৰু ১১১.৭৫ পূৱ্ত চেদ কৰিব।[11] এনে এক সজ্জাৰ পৰিপ্ৰেক্ষিতত আতাইকেইটা উপগ্ৰহ ভাৰতীয় নিয়ন্ত্ৰণ কেন্দ্ৰ সমূহৰ পৰা অনৰবৰতে দৃশ্যমান হৈ থাকিব। উপগ্ৰহ সমূহহ্ত আণৱিক ঘড়ী, আৰু নেভিগেচন সংকেত উত্‌পাদন কৰিব পৰাকৈ বৈদ্যুতিক সৰঞ্জাম ৰখা হৈছে।

IRNSSৰ সংকেতত স্থান নিৰূপনকাৰী (পজিচনিং) সেৱা আৰু শুদ্ধতা নিৰ্ণয়কাৰী সেৱা (প্ৰেচিচন চাৰ্ভিচ) থাকিব। L5 (১১৭৬.৪৫ মেগাহাৰ্টজ) আৰু S বেণ্ড (২৪৯২.০২৮ মেগাহাৰ্টজ)ত এই দুয়োবিধ সেৱা যোগান ধৰা হ’ব। SPS সংকেতসমূহ ১ মেগাহাৰ্টজ BPSK সংকেতেৰে মডুলেট কৰা হ’ব। শুদ্ধতা নিৰ্ণয়কাৰী সেৱাই BOC(5,2) ব্যৱহাৰ কৰিব। নেভিগেচন সংকেত সমূহ ২ৰ পৰা ৪ গিগাহাৰ্টজৰ S-বেণ্ডত বিতৰণ কৰা হ’ব, কিছুমান দশা নিয়ণ্ট্ৰণকাৰী (ফেজ এৰে) এণ্টিনাৰ সহায়ত এই সংকেত সমূহৰ প্ৰাবল্য আৰু সেৱা প্ৰদান কৰিব লগা ক্ষেত্ৰসমূহত সংকেতৰ বিতৰণ নিশ্ছিত কৰিব। উপগ্ৰহ সমূহৰ একোটাৰ ওজন প্ৰায় ১,৩৩ও কেজি হ’ব আৰু ইয়াত সংযোগ থকা সৌৰশক্তি উত্‍পাদনক্ষম পাতসমূহে ১,৪০০ ৱাট বিদ্যুত উত্‍পাদন কৰিব। তন্ত্ৰটোৱে ভাৰতীয় ভূ-ভাগত ১০মিটাৰতকৈ অধিক শুদ্ধতাৰে স্থান নিৰূপন কৰিব পাৰিব, আনহাতেদি ভাৰতৰ চাৰিসীমাৰ বাহিৰৰ ১,৫০০ কিমি পৰ্যন্ত জল-স্থল ক্ষেত্ৰত ই ২০ মিটাৰতকৈ অধিক শুদ্ধতাৰে সেৱা প্ৰদান কৰিব পাৰিব।[12]

IRNSS উপগ্ৰহতন্ত্ৰৰ সহায়ক হিচাপে ভূ-ভাগত এটা মুখ্য নিয়ন্ত্ৰণ কেন্দ্ৰ (মাষ্টাৰ কন্ত্ৰ’ল চেণ্টাৰ, MCC), উপগ্ৰহ সমূহক লক্ষ্য কৰা, ইহঁতৰ কক্ষ নিৰ্ধাৰণ কৰা, আৰু সমুদায় তন্ত্ৰটোৰ অখণ্ডতা নিশ্ছিত কৰাৰ বাবে কেইবাটাও ভূস্থিত-কেন্দ্ৰ (IRIM) আৰু উপগ্ৰহ সমূহৰ স্বাস্থ্য আৰু ইহঁতৰ ৰেডিঅ’ সংকেত প্ৰেৰণ কৰাৰ সক্ষমতা পৰ্যবেক্ষণ কৰিবৰ বাবে কিছুমান অতিৰিক্ত ভূস্থিত-কেন্দ্ৰ (TT&C কেন্দ্ৰ) থাকিব।

উপগ্ৰহ সমূহ

[সম্পাদনা কৰক]

ভূসমকালিক (Geosynchronous) কক্ষপথত স্থাপিত IRNSS-1A ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ প্ৰথম উপগ্ৰহ[13][14], ১২৫ কোটি (১৮ মিলিয়ন ডলাৰ) মুঠ খৰচেৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ বেংগালুৰুত থকা উপগ্ৰহ কেন্দ্ৰত ইয়াক নিৰ্মাণ কৰা হয়।[4][5][15][16] IRNSS-1Aৰ ওজন ১৩৮০ কেজি, নেভিগেচন সা-সৰঞ্জাম, L৫-বেণ্ড (১১৭৬.৪৫ মেগাহাৰ্টজ) আৰু S-বেণ্ড (২৪৯২.০২৮ মেগাহাৰ্টজ)ত কাৰ্যক্ষম এটা C-বেণ্ড ৰেন্‌জিং ট্ৰেন্স্‌প’ণ্ডাৰ ইয়াৰ ভিতৰত স্থাপন কৰা হৈছে।[17] ১জুলাই ২০১৩ত শতীস ধৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C22ৰে ইয়াক উত্‍ক্ষেপন আৰু কক্ষত স্থাপন কৰা হয়, ২০১৬ চনৰ মাৰ্চ মাহৰ ভিৰতৰ সকলোবোৰ উপগ্ৰহ কক্ষত স্থাপন কৰা সম্পূৰ্ণ হ’ব।[15][18][19][14]

IRNSS-1B ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ দ্বিতীয় উপগ্ৰহ। ২০১৪ৰ ৪ এপ্ৰিলত PSLV-C24 ৰেকেটৰ সহায়ত ইয়াক সফলভাৱে কক্ষপথত স্থাপন কৰা হয়।[20][14]

IRNSS-1C ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ সাতটা উপগ্ৰহৰ তৃতীয় উপগ্ৰহ। ২০১৪ৰ ১০ অক্টোবৰত ইয়াক উত্‍ক্ষেপন কৰাৰ কথা আছিল, পাছত এইসময় পিছুৱাই দিয়া হয় আৰু ১৬ অক্টোবৰৰ নিশা ১ বাজি ৩২ মিনিটত শতীস ধৱন মহাকাশ কেন্দ্ৰৰ পৰা PSLV-C26ৰে ইয়াক উত্‍ক্ষেপন আৰু কক্ষত স্থাপন কৰা হয়। [21][22][23][14]

IRNSS-1D ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ চতুৰ্থ উপগ্ৰহ। ২০১৫চনৰ ২৮মাৰ্চৰ সন্ধিয়া ৫বাজি ১৯ মিনিটত PSLV-C27ৰে ইয়াক উত্‍ক্ষেপন আৰু কক্ষপথত স্থাপন কৰা হ্য়।[14][24]

IRNSS-1E ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ পঞ্চম উপগ্ৰহ। ২০১৫ চনৰ আগষ্ট মাহত ইয়াক উত্‍ক্ষেপন কৰা হ’ব।[14]

IRNSS-1F ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ ষষ্ঠ উপগ্ৰহ। ২০১৫ চনৰ ডিচেম্বৰ মাহত ইয়াক উত্‍ক্ষেপন কৰা হ’ব।[14]

IRNSS-1G ইণ্ডিয়ান ৰিজিয়নেল নেভিগেচন চেটেলাইট চিষ্টেমৰ সপ্তম তথা অন্তিমটো উপগ্ৰহ। ২০১৬ চনৰ মাৰ্চ মাহত ইয়াক উত্‍ক্ষেপন কৰা হ’ব।[14]

লগতে পঢ়ক

[সম্পাদনা কৰক]

তথ্য-সূত্ৰ

[সম্পাদনা কৰক]
  1. K. Raghu (2007-09-05). "India to build a constellation of 7 navigation satellites by 2012". Livemint.com. http://www.livemint.com/2007/09/05002237/India-to-build-a-constellation.html আহৰণ কৰা হৈছে: 18 May 2013.
  2. "ISRO opens navigation centre for satellite system". Zeenews.com. 2013-05-28. http://zeenews.india.com/news/space/isro-opens-navigation-centre-for-satellite-system_851487.html আহৰণ কৰা হৈছে: 30 June 2013.
  3. "India Making Strides in Satellite Technology". Defence News. Archived from the original on 6 June 2013. https://web.archive.org/web/20130606194638/http://www.defencenews.in/defence-news-internal.asp?get=old&id=239 আহৰণ কৰা হৈছে: 26 July 2012.
  4. 1 2 "India's first ever dedicated navigation satellite launched". DNA India. 2 July 2013. http://www.dnaindia.com/scitech/1855830/report-india-s-first-ever-dedicated-navigation-satellite-launched আহৰণ কৰা হৈছে: 24 July 2013.
  5. 1 2 "India's first dedicated navigation satellite placed in orbit". NDTV. 2 July 2013. http://www.ndtv.com/article/india/india-s-first-dedicated-navigation-satellite-placed-in-orbit-386649 আহৰণ কৰা হৈছে: 24 July 2013.
  6. S. Anandan (10 April 2010). "Launch of first satellite for Indian Regional Navigation Satellite system next year". Beta.thehindu.com. http://www.thehindu.com/sci-tech/article393892.ece আহৰণ কৰা হৈছে: 2010-12-30.
  7. "ISRO's Future programme". ISRO. http://www.isro.org/scripts/futureprogramme.aspx#Satellite আহৰণ কৰা হৈছে: 18 May 2013.
  8. "Countdown begins for PSLV-C22 launch". thehindubusinessline.com. http://www.thehindubusinessline.com/news/countdown-begins-for-pslvc22-launch/article4863108.ece আহৰণ কৰা হৈছে: 2013-06-29.
  9. "Isro successfully launches navigation satellite IRNSS-1B". Times Of India. http://timesofindia.indiatimes.com/india/Isro-successfully-launches-navigation-satellite-IRNSS-1B/articleshow/33240651.cms আহৰণ কৰা হৈছে: 4 April 2014.
  10. "ISRO puts India’s Navigation satellite IRNSS 1B into orbit". IANS. news.biharprabha.com. http://news.biharprabha.com/2014/04/isro-puts-second-irnss-navigation-satellite-into-orbit/ আহৰণ কৰা হৈছে: 4 April 2014.
  11. "First IRNSS satellite by December". Magazine article. Asian Surveying and Mapping. 5 May 2009. http://www.asmmag.com/news/first-irnss-satellite-by-december- আহৰণ কৰা হৈছে: 2009-05-05. [সংযোগবিহীন উৎস]
  12. A. Bhaskaranarayana Director SCP/FMO & Scientific Secretary Indian Space Research Organisation – Indian IRNSS and GAGAN
  13. "IRNSS-1A". n2yo. http://www.n2yo.com/satellite/?s=39199 আহৰণ কৰা হৈছে: 26 July 2013.
  14. 1 2 3 4 5 6 7 8 "IRNSS". space.skyrocket.de. http://space.skyrocket.de/doc_sdat/irnss.htm আহৰণ কৰা হৈছে: 2012-04-08.
  15. 1 2 "ISRO's Future programme". ISRO. http://www.isro.org/scripts/futureprogramme.aspx#Satellite আহৰণ কৰা হৈছে: 18 May 2013.
  16. "ISRO Forthcoming Satellite launches". ISRO. http://www.isro.org/scripts/futureprogramme.aspx#Forth আহৰণ কৰা হৈছে: 24 September 2011.
  17. "IRNSS-1A". ISRO. 1 July 2013. http://www.isro.org/satellites/irnss-1a.aspx আহৰণ কৰা হৈছে: 2 August 2013.
  18. "Countdown begins for PSLV-C22 launch". thehindubusinessline.com. http://www.thehindubusinessline.com/news/countdown-begins-for-pslvc22-launch/article4863108.ece আহৰণ কৰা হৈছে: 2013-06-29.
  19. "Indian PSLV successfully launches IRNSS-1A navigation satellite". Zee News. 2 July 2013. http://zeenews.india.com/news/space/indian-pslv-successfully-launches-irnss-1a-navigation-satellite_859281.html আহৰণ কৰা হৈছে: 1 July 2013.
  20. "India launches second navigation satellite IRNSS 1B". Business Standard. http://www.business-standard.com/article/pti-stories/india-launches-second-navigation-satellite-irnss-1b-114040400946_1.html আহৰণ কৰা হৈছে: 4 April 2014.
  21. http://gadgets.ndtv.com/science/news/isro-to-launch-indias-third-navigation-satellite-on-october-16-604832
  22. "ISRO getting ready for IRNSS 1C launch next month". Economic Times. http://economictimes.indiatimes.com/news/science/isro-getting-ready-for-irnss-1c-launch-next-month/articleshow/43550303.cms.
  23. "ISRO to launch IRNSS 1C on October 10". IBN Live. Archived from the original on 3 October 2014. https://web.archive.org/web/20141003141832/http://ibnlive.in.com/news/isro-to-launch-irnss-1c-on-october-10/503570-11.html আহৰণ কৰা হৈছে: 3 October 2014.
  24. http://timesofindia.indiatimes.com/india/Countdown-begins-for-launch-of-IRNSS-1D/articleshow/46697869.cms