চন্দ্ৰযান-১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চন্দ্ৰযান ১
CY1 2007 (cropped).jpg
নিয়ন্ত্ৰক ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
COSPAR ID 2008-052A
SATCAT no. 33405
ৱেবছাইট www.isro.gov.in/Chandrayaan/htmls/home.htm
অভিযানৰ সময় Planned: 2 years
Achieved: 312 days
Spacecraft properties
উত্‍ক্ষেপিত ভৰ ১,৩৮০ কিলোগ্ৰাম (৩,০০০ পাউণ্ড)
Start of mission
উৎক্ষেপণৰ তাৰিখ 22 October 2008, 00:52 (2008-10-22UTC00:52Z) UTC
ৰকেট PSLV-XL
উৎক্ষেপণ স্থলী Satish Dhawan SLP
Contractor ISRO
End of mission
অন্তিম যোগাযোগ 28 August 2009, 20:00 (2009-08-28UTC21Z) UTC
Orbital parameters
প্ৰসংগ  প্ৰণালী Selenocentric
Periselene altitude ২০০ kilometre (120 মাইল)
Aposelene altitude ২০০ kilometre (120 মাইল)
Epoch 19 May 2009
Lunar orbiter
Orbital insertion 8 November 2008
Orbits 3,400 at EOM
 

চন্দ্ৰযান ১ (সংস্কৃত: चन्द्रयान-१, lit: Moon vehicle[1][2] এই শব্দটোৰ বিষয়ে pronunciation ) ভাৰতৰ প্ৰথম মানৱবিহীন চন্দ্ৰযান। ২০০৮ চনৰ অক্টোবৰ মাহত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইয়াক উৎক্ষেপন কৰে আৰু ২০০৯ চনৰ আগষ্ট মাহলৈ চলাই ৰাখে। ভাৰতৰ মহাকাশ কৰ্মসূচীত এই অভিযান এক বৃহৎ পদক্ষেপ। ইয়াৰ ফলত চন্দ্ৰাভিযানত ভাৰত বৰ্তমান এচিয়াৰ চীন আৰু জাপানৰ প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰ হিচাপ পৰিগণিত হৈছে।[3] ২০০৮ চনৰ ৮ নৱেম্বৰত সফলভাবে এই মহাকাশযান চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰে।[4]

২০০৮ চনৰ ১৪ নৱেম্বৰ ২০:০৬ মিনিটত মুন ইমপেক্ট প্ৰ'ব চন্দ্ৰৰ কক্ষপথত ভ্ৰাম্যমান চন্দ্ৰযানৰ পৰা পৃথক হৈ যায় আৰু চন্দ্ৰৰ দক্ষিণ মেৰুত সফল আৰু সুনিয়ন্ত্ৰিতভাবে অবতৰণ কৰে। চন্দ্ৰৰ মাটিত বিশ্বৰ চতুৰ্থখন ৰাষ্ট্ৰৰ জাতীয় পতাকা উৰে।[5] সেই দিনা ২০:৩১ মিনিটত চন্দ্ৰৰ দক্ষিণ মেৰুস্থ আগ্নেয়গিৰি ছেকলটনমুন ইমপেক্ট প্ৰ'ব অবতৰণ কৰে। উপ-উপৰিস্থলস্থ এই সঁজুলি চন্দ্ৰৰ মাটিত পানীৰ উপস্থিতি পৰীক্ষা কৰে চাবৰ বাবে মুক্ত কৰি দিয়া হয়।[6]

প্ৰকল্পটোত মুঠ ৩৮৬ কোটি টকা ব্যয় হয়।[7]

এই দূৰৱৰ্তী সংবেদন চন্দ্ৰ উপগ্ৰহটোৰ উৎক্ষেপণ মুহুৰ্তত ওজন আছিল ১৩৮০ কিলোগ্ৰাম আৰু চন্দ্ৰৰ কক্ষপথত প্ৰবেশকালত ইয়াৰ ওজন হয় ৬৭৫ কিলোগ্ৰাম।[8] এই যানত দৃশ্য, অৱলোহিত, পাতল আৰু কঠিন ৰঞ্জন ৰশ্মি স্পন্দনৰ বাবে ব্যৱহৃত উচ্চ ক্ষমতাসম্পন্ন দূৰৱৰ্তী সংবেদন যন্ত্ৰপাতি লৈ যোৱা হয়। এই যানখনৰ বাবে দু-বছৰৰ কাৰ্যকালৰ লক্ষ্যমাত্ৰা ধাৰ্য কৰা হৈছে। এই সময়ৰ ভিতৰত চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক চৰিত্ৰ সংবলিত ই সম্পূৰ্ণ মানচিত্ৰ ই তৃতীয়মাত্ৰিক টপ'গ্ৰাফি অঙ্কণৰ কাৰ্যত হাত দিয়া হৈছে। মেৰু অঞ্চলক বিশেষ গুৰুত্ব দিয়া হৈছে, কাৰণ ইয়াত বৰফ পোৱাৰ সম্ভাবনা আছে।.[9] এই অভিযানত পাঁচটা ইছৰোৰ পেলোড আৰু নাছা, ইউএছএ, বুলগেৰিয়ান স্পেছ এজেন্সি প্ৰভৃতি আন্তৰ্জাতিক সংস্থাৰ ছয়টা পেলোড বিনামূল্যে বহন কৰি নিয়া হৈছে।[10]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]