সমললৈ যাওক

সতীশ ধৱন মহাকাশ কেন্দ্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Satish Dhawan Space Centreৰ পৰা পুনঃনিৰ্দেশিত)

স্থানাংক: 13°43′11.78″N 80°13′49.53″E / 13.7199389°N 80.230425°E / 13.7199389; 80.230425

সতীশ ধৱন মহাকাশ কেন্দ্ৰ
Satish Dhawan Space Centre (SDSC)
সংস্থাৰ ৰূপৰেখা
গঠন ১ অক্টোবৰ ১৯৭১ (1971-10-01) (৫৩ বছৰ পূৰ্বে)
ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় ভাৰত শ্ৰীহৰিকোটা, নেল্লোৰ, অন্ধ্ৰ প্ৰদেশ, ভাৰত
13°43′12″N 80°13′49″E / 13.72°N 80.23028°E / 13.72; 80.23028
সংস্থাৰ কাৰ্যবাহী এ. ৰাজাৰাজন, সঞ্চালক
পিতৃ সংস্থা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

সতীশ ধৱন মহাকাশ কেন্দ্ৰ (ইংৰাজী: Satish Dhawan Space Centre, সংক্ষেপে SDSC) বা শ্ৰীহৰিকোটা ৰেঞ্জ (ইংৰাজী: Sriharikota Range, সংক্ষেপে SHAR)[1] ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা পৰিচালিত এটা ৰকেট উৎক্ষেপণ কেন্দ্ৰ। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত এই কেন্দ্ৰটো অৱস্থিত। ২০০২ বৰ্ষত শ্ৰীহৰিকোটা ৰেঞ্জ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভূতপূৰ্ব অধ্যক্ষ সতীশ ধৱনৰ নামেৰে পুনৰ্নামকৰণ কৰা হয়। বৰ্তমান সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ সঞ্চালক আৰুমুগম ৰাজাৰাজন।

১৯৬৯ চনত উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰ হিচাপে শ্ৰীহৰিকোটা দ্বীপ বাচনি কৰা হৈছিল। ১৯৭১ চনত শ্ৰীহৰিকোটাৰ পৰা এখন ‘RH - 125’ ছাউণ্ডিং ৰকেট উৎক্ষেপণ কৰা হয় আৰু তেতিয়াৰ পৰাই কেন্দ্ৰটো ব্যৱহাৰোপযোগী হয়।[2] ১৯৭৯ চনৰ ১০ আগষ্টত ৰোহিণী ১এ নামৰ এটা কক্ষীয় উপগ্ৰহ প্ৰথমবাৰৰ বাবে প্ৰক্ষেপ কৰা হৈছিল যদিও ৰকেটখনৰ দ্বিতীয় স্তৰৰ থ্ৰাষ্ট্ ভেক্টৰিঙত হোৱা এক ব্যৰ্থতাৰ কাৰণে ১৯৭৯ চনৰ ১৯ আগষ্টত উপগ্ৰহটোৰ কক্ষপথ ধ্বংসপ্ৰাপ্তি হয়।[3] ২০০২ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ ভূতপূৰ্ব অধ্যক্ষ সতীশ ধৱনৰ স্মৃতিত শ্ৰীহৰিকোটা ৰেঞ্জ (SHAR) নামটো সতীশ ধৱন মহাকাশ কেন্দ্ৰ SHAR লৈ (SDSC) পুনৰ্নামকৰণ কৰা হয়।

শ্ৰীহৰিকোটা ৰেঞ্জ বৰ্তমান দুখনকৈ নিক্ষেপণ মঞ্চৰে (Launch Pad) গঠিত। ইয়াৰে দ্বিতীয়খন নিক্ষেপণ মঞ্চ ২০০৫ চনত নিৰ্মাণ কৰা হয়। দ্বিতীয়খন নিক্ষেপণ মঞ্চ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ব্যৱহাৰ কৰা গোটেইবোৰ উৎক্ষেপণ যানৰ উপযোগী এখন সাৰ্বজনীন নিক্ষেপণ মঞ্চ। প্ৰথমাৱস্থাত শ্ৰীহৰিকোটাৰ পৰা খুব কম সংখ্যক ৰকেটহে উৎক্ষেপণ কৰিব পৰা গৈছিল। কিন্তু দ্বিতীয়খন নিক্ষেপণ মঞ্চ নিৰ্মাণৰ পাছৰে পৰা একেটা বছৰতে দুয়োখন নিক্ষেপণ মঞ্চৰ পৰা বহু সংখ্যক ৰকেট উৎক্ষেপণ কৰিব পৰাটো সম্ভৱ হৈছে। উল্লেখযোগ্য যে ২০০৮ চনৰ ২২ অক্টোবৰত ভাৰতীয় মান সময় অনুসৰি পুৱা ৬:২২ বজাত শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ প্ৰথম চান্দ্ৰ কক্ষক (Lunar Orbiter) ‘চন্দ্ৰযান-১চন্দ্ৰলৈ প্ৰক্ষেপ কৰা হয়। ২০১৩ চনৰ ৫ নৱেম্বৰত শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ প্ৰথম মঙল কক্ষক (Mars Orbiter) ‘মঙ্গলযানমঙ্গল গ্ৰহলৈ প্ৰক্ষেপ কৰা হয় আৰু ২০১৪ চনৰ ২৪ ছেপ্টেম্বৰত মঙ্গল গ্ৰহৰ কক্ষপথত সফলতাৰে স্থাপন কৰা হৈছিল।

উল্লেখযোগ্য যে ভাৰতীয় মানৱ মহাকাশ-যাত্ৰা কাৰ্য্যক্ৰমৰ মূল ঘাটি হ’ব শ্ৰীহৰিকোটা ৰেঞ্জ। মানৱযুক্ত মহাকাশ অভিযানৰ লক্ষ্যক সম্পূৰ্ণ কৰাৰ অৰ্থে এখন তৃতীয় নিক্ষেপণ মঞ্চ বিশেষভাৱে নিৰ্মাণ কৰা হ'ব।[4]

অৱস্থিতি

[সম্পাদনা কৰক]

সতীশ ধৱন মহাকাশ কেন্দ্ৰ অন্ধ্ৰ প্ৰদেশশ্ৰীহৰিকোটা নামৰ এটা দ্বীপত অৱস্থিত। বিভিন্ন অভিযানৰ বাবে এটা ভাল দিগংশ কৰিডৰৰ (Azimuth Corridor) দৰে বৈশিষ্ট্য, বিষুৱ ৰেখাৰ সমীপৱৰ্তী (পূব দিশে উৎক্ষেপণৰ বাবে লাভজনক) আৰু সুৰক্ষা ক্ষেত্ৰৰ বাবে বৃহৎ এলেকা আদি সুবিধাৰ বাবে সতীশ ধৱন মহাকাশ কেন্দ্ৰ এটা নিখুঁত উৎক্ষেপণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।

শ্ৰীহৰিকোটা ৰেঞ্জে উপকূলীয় দৈৰ্ঘ্য ২৭ কিলোমিটাৰ (১৭ মাইল) সহ মুঠ ১৪৫ বৰ্গ কিলোমিটাৰ (৫৬ বৰ্গ মাইল) ঠাই আৱৰি আছে। দক্ষিণ-পশ্চিমীয়া আৰু উত্তৰ-পূৱীয় দুয়োটা মৌচুমী বতাহে এই দ্বীপটোত প্ৰভাৱ পেলায় যদিও কেৱল অক্টোবৰ আৰু নৱেম্বৰ মাহতহে ইয়াত প্ৰচণ্ড বৰষুণ হয়। সেয়েহে বাহিৰৰ পৰীক্ষাসমূহ আৰু উৎক্ষেপণসমূহৰ বাবে বহুতো ফৰকাল দিন সহজলভ্য।

উৎক্ষেপণ ইতিহাস

[সম্পাদনা কৰক]

প্ৰথমাৱস্থাত কেন্দ্ৰটোৰ নাম শ্ৰীহৰিকোটা ৰেঞ্জ (SHAR) আছিল যদিও পাছলৈ কেন্দ্ৰটো সতীশ ধৱনৰ নামেৰে পুনৰ্নামকৰণ কৰা হয়। ১৯৭১ চনৰ ৯ অক্টোবৰত শ্ৰীহৰিকোটাৰ পৰা প্ৰথমখন পৰীক্ষামূলক ছাউণ্ডিং ৰকেট ‘ৰোহিণী-১২৫’ উৎক্ষেপণ কৰা হৈছিল আৰু এয়াই আছিল শ্ৰীহৰিকোটা ৰেঞ্জৰ পৰা প্ৰথম মহাকাশ উৰণ।

উপগ্ৰহ উৎক্ষেপণ যান

[সম্পাদনা কৰক]

১৯৭১ চনৰ ৯ আৰু ১০ অক্টোবৰত শ্ৰীহৰিকোটাৰ পৰা তিনিখনকৈ ‘ৰোহিণী-১২৫’ ছাউণ্ডিং ৰকেট উৎক্ষেপণ কৰা হৈছিল আৰু তেতিয়াৰ পৰাই শ্ৰীহৰিকোটা ৰেঞ্জ ব্যৱহাৰোপযোগী হয়। ইয়াৰ আগতে ভাৰতত ছাউণ্ডিং ৰকেট উৎক্ষেপণৰ বাবে তিৰুৱনন্তপুৰমত অৱস্থিত থুম্বা বিষুৱীয় ৰকেট উৎক্ষেপণ কেন্দ্ৰ (TERLS) ব্যৱহাৰ কৰা হৈছিল। ১৯৭৯ চনৰ আগষ্ট মাহত পূৰ্ণাংগ এছ এল ভি-৩ ৰ প্ৰথম পৰীক্ষণমূলক উৎক্ষেপণ কৰা হৈছিল যদিও ৰকেটখনৰ দ্বিতীয় পৰ্যায়ৰ দিগ্ দৰ্শন পদ্ধতিত হোৱা যান্ত্ৰিক বিজুতিৰ বাবে আংশিকভাৱেহে অভিযান সফল হয়। ১৯৮০ চনৰ ১৮ জুলাইত শ্ৰীহৰিকোটাৰ পৰা এছ এল ভি-৩ ৰ দ্বিতীয় পৰীক্ষণমূলক উৎক্ষেপণ কৰা হয়। উল্লেখযোগ্য যে এইখন এছ এল ভি-৩ য়ে লগত কঢ়িয়াই নিয়ে ভাৰতৰ তৃতীয়টো কৃত্ৰিম উপগ্ৰহ আৰু সফলতাৰে উপগ্ৰহটো কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হয়। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা চাৰিখন উপগ্ৰহ উৎক্ষেপণ যানৰ ভিতৰত দুখনহে সফল হৈছিল।

বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান

[সম্পাদনা কৰক]

ধ্ৰৱীয় উপগ্ৰহ উৎক্ষেপণ যান

[সম্পাদনা কৰক]

সুবিধাসমূহ

[সম্পাদনা কৰক]

সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ দুখনকৈ ব্যৱহাৰোপযোগী কক্ষীয় নিক্ষেপণ মঞ্চ আছে। শ্ৰীহৰিকোটা ৰেঞ্জ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ উপগ্ৰহ উৎক্ষেপণৰ মূল ঘাটি আৰু অতিৰিক্তভাৱে ই ৰোহিণী ছাউণ্ডিং ৰকেট সমূহৰ বাবে সম্পূৰ্ণ পৰিসৰৰ উৎক্ষেপণ সুবিধাসমূহ যোগান ধৰে। কঠিন মটৰবোৰ নিৰ্মাণ আৰু পৰীক্ষাৰ বাবে শ্ৰীহৰিকোটা ৰেঞ্জত দ্য ভেহিকল এছেমব্লি, ষ্টেটিক টেষ্ট এণ্ড ইভেলিউশ্বন কমপ্লেক্স (VAST, পূৰ্বতে STEX) আৰু দ্য ছলিড প্ৰ’পেলেন্ট স্পেচ বুষ্টাৰ প্লান্ট (SPROB) অৱস্থিত। ইয়াৰোপৰি শ্ৰীহৰিকোটা ৰেঞ্জত টেলিমেট্ৰি, ট্ৰেকিং, ৰেঞ্জ ইনষ্ট্ৰুমেন্টেশ্বন, ৰেঞ্জ অপাৰেশ্যনৰ (RO) বাবে নিয়ন্ত্ৰণ কেন্দ্ৰ, লিকুইড প্ৰ'পেলেন্ট ষ্ট'ৰেজ এণ্ড ছাৰ্ভিছিং ফেচিলিটিজ (LSSF), ব্যৱস্থাপনা সেৱা কেন্দ্ৰ আৰু শ্ৰীহৰিকোটাৰ সাধাৰণ সুবিধাসমূহ উপলব্ধ।

নিক্ষেপণ মঞ্চ

[সম্পাদনা কৰক]

এছ এল ভি নিক্ষেপণ মঞ্চ

[সম্পাদনা কৰক]

বৰ্তমানৰ উৎক্ষেপণ স্থলীৰ দক্ষিণ ফালে অৱস্থিত এই নিক্ষেপণ মঞ্চখন এছ এল ভি আৰু এ এছ এল ভিৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান এই মঞ্চখন আনুষ্ঠানিকভাৱে সেৱাৰ পৰা বাতিল কৰা হৈছে। প্ৰথমাৱস্থাত এছ এল ভি-৩ উৎক্ষেপণ কৰাৰ অৰ্থে এই নিক্ষেপণ মঞ্চখন নিৰ্মাণ কৰা হৈছিল যদিও পাছলৈ এ এছ এল ভি উৎক্ষেপণ কৰিবলৈ মঞ্চখনৰ বিকাশ সাধন কৰা হয়।

প্ৰথম নিক্ষেপণ মঞ্চ

[সম্পাদনা কৰক]

১৯৯০ দশকৰ আগৰ সময়ছোৱাত ধ্ৰুৱীয় উপগ্ৰহ উৎক্ষেপণ যানৰ বাবে আধুনিকভাবে প্ৰথম নিক্ষেপণ মঞ্চ নিৰ্মাণ কৰা হৈছিল। উল্লেখযোগ্য যে ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যানৰ বাবেও এইখন নিক্ষেপণ মঞ্চ ব্যৱহাৰ কৰা হৈছে।

দ্বিতীয় নিক্ষেপণ মঞ্চ

[সম্পাদনা কৰক]

২০০৫ চনত দ্বিতীয় নিক্ষেপণ মঞ্চ ব্যৱহাৰোপযোগী হয়। ইছৰোপি এছ এল ভি, জি এছ এল ভি আৰু জি এছ এল ভি এম কে ৩ উৎক্ষেপণৰ বাবে উপযোগী হোৱাকৈ এইখন নিক্ষেপণ মঞ্চ নিৰ্মাণ কৰা হৈছে।

তৃতীয় নিক্ষেপণ মঞ্চ

[সম্পাদনা কৰক]

₹৬ বিলিয়ন মূল্যৰ এখন তৃতীয় নিক্ষেপণ মঞ্চ নিৰ্মাণ কৰাৰ পৰিকল্পনা ইতিমধ্যে হাতত লোৱা হৈছে। উল্লেখযোগ্য যে এই নিক্ষেপণ মঞ্চখন মানৱ যুক্ত মহাকাশ অভিযানৰ বাবে ব্যৱহাৰোপযোগী হ’ব।

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Rao, P. V. Manoranjan, ed (2015). "4.1 The Spaceport of ISRO - K. Narayana" (English ভাষাত). From Fishing Hamlet to Red Planet: India's Space Journey. প্ৰকাশক India: Harper Collins. পৃষ্ঠা. 328. ISBN 9789351776901. Archived from the original on 2022-03-08. https://web.archive.org/web/20220308184429/https://www.isro.gov.in/pslv-c25-mars-orbiter-mission/fishing-hamlet-to-red-planet-download-e-book। আহৰণ কৰা হৈছে: 2018-12-25. "This centre was originally named SHAR (an acronym for Sriharikota Range – mistakenly referred to as Sriharikota High Altitude Range by some people) by Sarabhai. SHAR in Sanskrit also means arrow, symbolic of the nature of activity and that seems to be the significance of the acronym." 
  2. "RH-125". Encyclopedia Astronautica. http://www.astronautix.com/lvs/rh125.htm. 
  3. "SLV". Encyclopedia Astronautica. http://www.astronautix.com/lvs/slv.htm. 
  4. Zee News (21 October 2008). "India to build a new launch-pad and an astronaut training centre". Zee News. http://www.zeenews.com/articles.asp?aid=477793&sid=ENV&ssid=27। আহৰণ কৰা হৈছে: 21 October 2008. 

বাহ্যিক লিংক

[সম্পাদনা কৰক]