উমাজী নায়ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উমাজী নায়ক

পুনাত থকা তেওঁৰ সমাধিত নায়কৰ আৱক্ষ মূৰ্তি
জন্ম ৭ ছেপ্টেম্বৰ, ১৭৯১
ভিবাডি, পুৰন্দৰ তালুক, পুনা, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ৩ ফেব্ৰুৱাৰী, ১৮৩২ (৪০ বছৰ)
পুনা, ভাৰত
মৃত্যুৰ কাৰণ ফাঁচী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জনা যায় ভাৰতৰ স্বাধীনতা আন্দোলন

উমাজী নায়ক (ইংৰাজী: Umaji Naik; ৭ ছেপ্টেম্বৰ ১৭৯১ – ৩ ফেব্ৰুৱাৰী ১৮৩২) এজন ভাৰতীয় বিপ্লৱী আছিল। তেওঁ ১৮২৬ চনৰ পৰা ১৮৩২ চনলৈ ভাৰতত ব্ৰিটিছ শাসনক প্ৰত্যাহ্বান জনাইছিল। তেওঁ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কোম্পানীৰ শাসনৰ বিৰুদ্ধে যুঁজ দিছিল।

মাৰাঠা সাম্ৰাজ্যৰ পতনৰ পাছতে উমাজী নায়কে সৰু সৈন্যবাহিনীৰ দল এটি লৈ ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। তেওঁক ধৰিবলৈ ব্ৰিটিছ চৰকাৰে ১০,০০০ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। শেষত একে সম্প্ৰদায়ৰ নানা ৰঘু চৱনৰ বিশ্বাসঘাতকতাৰ বলি হৈ উমাজী ব্ৰিটিছৰ হাতত বন্দী হয় আৰু ১৮৩৪ চনৰ ৩ ফেব্ৰুৱাৰীৰ দিনা তেওঁক ফাঁচী দিয়া হয়।[1]

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৭৯১ চনৰ ৭ ছেপ্টেম্বৰত ৰামোশি সম্প্ৰদায়ত উমাজী নায়কৰ জন্ম হৈছিল।[2] উমাজীৰ ভাতৃৰ নাম আছিল কৃষ্ণাজী নায়ক।[3] মাৰাঠাসকলৰ ৰাজত্বকালত ৰামোশি সম্প্ৰদায়টো তেলেংগানাৰপৰা আহি মহাৰাষ্ট্ৰত বসবাস কৰিবলৈ আৰম্ভ কৰিছিল; কিন্তু বিট্ৰিছৰ শাসনকালত তেওঁলোকৰ সম্প্ৰদায়টোক চোৰ আখ্যা দিয়া হৈছিল।[4]

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুদ্ধ[সম্পাদনা কৰক]

ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতলৈ অহাৰ আগতে ৰামোশিসকলে মাৰাঠাসকলৰ বাবে কাম কৰিছিল। মাৰাঠাসকলৰ শাসনৰ সময়ত মাৰাঠা ৰাজ্য তদাৰকী আৰু মাৰাঠা দূৰ্গবোৰৰ সুৰক্ষাৰ দায়িত্ব ৰামোশিসকলৰ ওপৰত আছিল। নিশাৰ তহলদাৰী আৰু আৰক্ষীৰ কাম ৰামোশিসকলে কৰিছিল। এই কামৰ কাৰণে তেওঁলোকৰ কেইখনমান নিৰ্দিষ্ট গাওঁৰ পৰা কৰ লোৱাৰ অধিকাৰ আছিল। কিন্তু ব্ৰিটিছৰ দ্বাৰা মাৰাঠা ৰাজ্যৰ পৰাজয়ৰ পিছত, ৰামোশিসকল এই অধিকাৰৰ পৰা বঞ্চিত হয় আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।[4]

মাৰাঠাসকলৰ পতনৰ পাছতে উমাজী নায়কে এটি সৰু সৈন্যবাহিনীৰ দল গঠন কৰি নিজকে ৰজা বুলি ঘোষণা কৰে। ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ সময়ত উমাজী সতাৰা, কুৰুদ, মণ্ড দেৱী কালবাইৰ পৰ্বত, খোপলি খাণ্ডালা আৰু বৰঘাট আদি পাহাৰীয়া ঠাইত আছিল আৰু নিজৰ নামত এটি ষ্টাম্প প্ৰচলন কৰিছিল; য’ত লিখা আছিল- ‘নায়ক উমাজী, পৰ্বতত থাকে’ ( উমাজীৰাজে নায়ক, মুক্কাম দুংগাৰ Umajiraje Naik, Mukkam Dongar" )।

নায়কে জেজুৰিৰ আৰক্ষী মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰি আৰক্ষীৰ লোকক হত্যা কৰিছিল। ব্ৰিটিছ আৰু ব্ৰিটিছ ৰাজ্যৰ প্ৰতি আনুগত্য প্ৰকাশ কৰা লোকক ৰামোশিৰ সৈন্যই শাস্তি দিছিল আৰু ব্ৰিটিছ চৰকাৰ আৰু মহাজনসকলৰ ধন সোণ লুট কৰিছিল।

১৮২৮ চনত, ব্ৰিটিছ আৰু নায়কৰ মাজত এক চুক্তি হয়, য’ত নাইকক ১২০ বিঘা মাটি আৰু ৰামোশিসকলক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হয়। এই চুক্তিৰ পিছত, কিছুদিনলৈ ৰামোশিসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ বন্ধ কৰে যদিও এই শান্তি বেছি দিন স্থায়ী নহ’ল আৰু নায়কে পুনৰ বিদ্ৰোহ আৰম্ভ কৰে।[5]

গ্ৰেপ্তাৰ[সম্পাদনা কৰক]

নায়কক বন্দী কৰিবলৈ, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিষয়া মাকচিনটছক নিযুক্তি দিছিল।[6] মাকচিনটছৰ অধীনত কেপ্টেইন ৱাইড, লিভিংষ্টন, লুকানৰ দৰে ডাঙৰ ব্ৰিটিছ আৰক্ষী বিষয়াসকলে নাইকক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা কৰিছিল আৰু অভিযান আৰম্ভ কৰিছিল। তথাপিও তেওঁ বন্দী হোৱা নাছিল। মাকচিনটছে নায়কৰ ভগ্নী জিজাইক চাৰিখন গাওঁৰ মালিকীস্বত্ব দি উৎকোচ প্ৰদানেৰে নায়কক গ্ৰেপ্তাৰ কৰিছিল। সেইসময়ৰ বোম্বাই প্ৰেচিডেন্সিৰ অন্তৰ্গত সাতাৰা জিলাৰ ৰাজপত্ৰত (গেজেটিয়াৰ)[7] উল্লেখ কৰা মতে, ১৮৩১ চনত নানা ৰঘু চৱন নামৰ এজন ৰামোশিয়ে নায়কক গ্ৰেপ্তাৰৰ বাবদ চৰকাৰৰ পৰা ১০,০০০ টকা অনুগ্ৰহ পুৰস্কাৰ লাভ কৰিছিল। ১৮৫৭ চনৰ ১০ জুনত জিলা দণ্ডাধীশ শ্ৰীযুত ৰোজৰ কাৰ্যালয়ত এই তথ্য লিপিবদ্ধ কৰা হৈছিল।[8] উমাজীক গ্ৰেপ্তাৰ কৰি পুনাৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল আৰু তাতে ১৮৩২ চনৰ ৩ ফেব্ৰুৱাৰীত ব্ৰিটিছ চৰকাৰৰ মহকুমা কাৰ্যালয়ত তেওঁক ফাঁচী দিয়া হৈছিল।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "mulnivasi nayak dailly on 6 June 2016"Diamond Maharashtra Sankritikosh (মাৰাঠী: डायमंड महाराष्ट्र संस्कृतीकोश), Durga Dixit, Pune, India, Diamond Publications, 2009, আই.এচ.বি.এন. 978-81-8483-080-4.
  2. Yershov, Danila (9 August 2017). "Ramoshi stir ends in success, with govt. assurance" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/cities/mumbai/ramoshi-stir-ends-in-success-with-govt-assurance/article19453269.ece. 
  3. Guha, Sumit (November 2019). History and Collective Memory in South Asia, 1200–2000. প্ৰকাশক Washington DC, USA: University of Washington. পৃষ্ঠা. 96. ISBN 9780295746234. https://books.google.com/books?id=KHa7DwAAQBAJ&q=Umaji+Ramoshi+capture&pg=PA95. 
  4. 4.0 4.1 4.2 Hebbar, Prajakta (7 April 2013). "Forgotten freedom fighter". The Indian Express. http://archive.indianexpress.com/news/the-forgotten-freedom-fighter/1098685/. 
  5. Kathare, Anil (2015). Kathare, Anil. ed (mr ভাষাত). Adhunik Bharatacha Itihas. প্ৰকাশক Jalgaon: Prashant Publication. পৃষ্ঠা. 250–251. ISBN 9789385021503. 
  6. Dossal, Maloni; Mariam, Ruby (1999). State Intervention and Popular Response: Western India in the Nineteenth Century. Popular publication. পৃষ্ঠা. 60. 
  7. "Gazetteer of the Bombay Presidency: Sátára". ব্ৰিটিছ চৰকাৰ. ১৯৮৯. https://gazetteers.maharashtra.gov.in/cultural.maharashtra.gov.in/english/gazetteer/Satara%20District/preface.html। আহৰণ কৰা হৈছে: ৬ অক্টোবৰ, ২০২৩. 
  8. M. Campbell, James (1885). Gazetteer of Bombay presidency : Satara . chapter 7- history - The British 1848- 1884.. প্ৰকাশক Bombay: British Government of India.. পৃষ্ঠা. 1. https://books.google.com/books?id=Y7YBAAAAYAAJ&q=Umaji+Ramoshi&pg=PA316.