সমললৈ যাওক

উৎপল দত্ত (লেখক)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উৎপল দত্ত
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
মাতৃশিক্ষায়তন গুৱাহাটী বিশ্ববিদ্যালয়
উল্লেখযোগ্য বঁটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০০৬[1]
দাম্পত্যসংগী নম্ৰতা দত্ত
সন্তান ৰাগমালা ৰাহি দত্ত

উৎপল দত্ত এগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় চলচ্চিত্ৰ সমালোচক। তেওঁ বিনোদনধৰ্মী মাহেকীয়া আলোচনী 'বিস্ময়' আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম চলচ্চিত্ৰজগত বিষয়ক সাংস্কৃতিক আলোচনী 'ৰূপকাৰ'ৰ সৈতে চলচ্চিত্ৰ সাংবাদিক আৰু সমালোচক হিচাপে জড়িত আছিল। পাছলৈ তেওঁ আকাশবাণী গুৱাহাটীত যোগদান কৰে। তেওঁৰ এখন গ্ৰন্থ '২৪ ফ্ৰেমছ' (২০০৮) আকাশবাণী গুৱাহাটীত অনুষ্ঠান হিচাপে প্ৰচাৰিত হৈছিল।[2] তেওঁৰ কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তেওঁ আঠবছৰ কাল ধাৰাবাহিক ভাবে চলচ্চিত্ৰম গোষ্ঠীৰ অধ্যক্ষ আৰু চলচ্চিত্ৰম নেচনেল ফিল্ম ফেষ্টিভেলৰ সঞ্চালক আছিল ৷

উৎপল দত্তই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল পাছলৈ তেওঁ মাৰ্কেটিং মেনেজমেণ্টত পোষ্ট গ্ৰেজুৱেট ডিপ্লোমা লাভ কৰিছিল।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

তেওঁ 'নতুন অসমীয়া' সাপ্তাহিক বাতৰি-কাকতত সাংবাদিকতাৰে কৰ্মজীৱনৰ পাতনি মেলিছিল। পাছলৈ তেওঁ 'ৰূপকাৰ' আলোচনীত আলোকচিত্ৰ শিল্পী আৰু সাংবাদিক হিচাপে যোগদান কৰে। তাৰ পাছত তেওঁ 'বিস্ময়' আলোচনীৰ উপ সম্পাদক হিচাপে যোগদান কৰে। তেওঁ বিস্ময় প্ৰকাশনৰ মাহেকীয়া সাংস্কৃতিক আলোচনী 'ৰংঘৰ'ৰ সহযোগী সম্পাদক আছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

কিছু বছৰ তেওঁ চিনেমা ইণ্ডিয়া ইণ্টাৰনেচনেলৰ বিশেষ সংবাদদাতা হিচাপে অসমক প্ৰতিনিধিত্ব কৰিছিল। আকাশবাণী ৰাঁচীৰ কেন্দ্ৰ অনুষ্ঠান বিভাগৰ মুৰব্বী হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰে। ইয়াৰ আগতে তেওঁ আকাশবাণীৰ অন্যান্য কেন্দ্ৰ যেনে: ডিব্ৰুগড়, নগাঁও, উইলিয়াম নগৰ, হাফলং, গুৱাহাটী আৰু ৰাঁচীৰ লগত জড়িত আছিল। অৱসৰৰ পাছত তেওঁ 'নীতিশাস্ত্ৰ গ্লোবেল চাৰভিচেজ'ত কিছুদিনৰ বাবে ’ৰাজনৈতিক উপদেষ্টা’ হিচাপে কাম কৰে। বৰ্তমান তেওঁ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা শাখাৰ ডীন (অবৈতনিক) ৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে তেওঁক পৰিবেশ্য কলা শাখাৰ ‘প্ৰফেচৰ অব প্ৰেক্টিচ’ হিচাপে মনোনীত কৰে ৷ বিশ্ববিদ্যালয়খনে আৰম্ভ কৰা চলচ্চিত্ৰ ৰসাস্বাদান পাঠ্যক্ৰমটি তেৱেই পৰিচালনা কৰে ৷ অসমৰ বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অকল অসম ডাউন টাউন বিশ্ববিদ্যালয়েহে চলচ্চিত্ৰ ৰসাস্বাদান বিষয়ৰ পাঠ্যক্ৰম আগবঢ়াইছে৷  

তেওঁ চলচ্চিত্ৰ সাংবাদিক পৱিত্ৰ কুমাৰ ডেকাৰ জীৱনৰ আধাৰত এখনি চুটিছবি 'বাই-লেন২' নিৰ্মাণ কৰিছিল। এই ছবিখন দেশ-বিদেশৰ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হোৱাৰ লগতে ২০১৩ চনত ইণ্ডিয়ান পেন'ৰমাটো নিৰ্বাচিত হৈছিল।[3][4] তেওঁৰ দ্বিতীয় ছবি 'থ্ৰো ট্ৰাষ্ট এণ্ড ফিয়াৰ' সাহিত্যিক নিৰুপমা বৰগোহাঞিৰ জীৱন-দৰ্শনৰ সম্পৰ্কত নিৰ্মিত। তেওঁৰ তৃতীয় ছবি 'বৰগীত - এটি দ্ৰুপদী ৰত্ন' অসমৰ বৰগীতৰ সম্পৰ্কত নিৰ্মিত। বহুবৃত্ত তেওঁৰ শেহতীয়া ছবি। ছবিখন ভাৰতৰ ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলকে ধৰি বিভিন্ন দেশী-বিদেশী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল ৷ ৰাজস্থান চলচ্চিত্ৰ মহোৎসৱত ছবিখনে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল ৷ অসমৰ প্ৰখ্যাত লেখক, সম্পাদক আৰু প্ৰকাশক হৰিনাৰায়ণ দত্তবৰুৱাৰ কৰ্মৰাজিক লৈ নিৰ্মাণ কৰা ‘হৰিনাৰায়ণ’তেওঁৰ শেহতীয়া ছবি ৷  ‘বাই লেন টু’ আৰু ‘বহুবৃত্ত’ ছবিৰ বাবে তেওঁ ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত ‘বহুবৃত্ত’ ছবিখন অন্তৰ্ভূক্ত হৈছে ৷

তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি 'যি গল্পৰ শেষ নাই' প্ৰদ্যুৎ কুমাৰ ডেকা আৰু প্ৰশান্ত শইকীয়াৰ সৈতে পৰিচালনা কৰিছিল।[5]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

তেওঁ লেখিকা নম্ৰতা দত্তৰ সৈতে ১৯৯৫ চনত বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকে কন্যা ৰাগমালা দত্তৰ সৈতে গুৱাহাটীত বাস কৰে।

প্ৰকাশিত গ্ৰন্থৰাজি

[সম্পাদনা কৰক]
  • আমি কেনে আছোঁ (নাটক)
  • অপৰূপা আন্দামান (ভ্ৰমণ কাহিনী)
  • নৈশযাত্ৰী (উপন্যাস)
  • ম’জাৰ্টৰ স্বৰলিপি (উপন্যাস)
  • চলচ্চিত্ৰ (প্ৰবন্ধ সংকলন)
  • কি নাম এই প্ৰেমৰ (উপন্যাস)
  • ২৪ ফ্ৰেমছ
  • মৰমৰ নেহা (উপন্যাস) বড়ো ভাষালৈ অনুদিত
  • মন্ত্ৰমুগ্ধা (উপন্যাস)
  • চিনে কুইজ (চলচ্চিত্ৰ বিষয়ক কুইজ)
  • চলচ্চিত্ৰৰ ৰসস্বাদন (প্ৰবন্ধ সংকলন) ৰাজ্যিক চলচ্চিত্ৰৰ প্ৰতিযোগিতাত চলচ্চিত্ৰৰ বিষয়ক শ্ৰেষ্ঠ কিতাপৰ বঁটা লাভ
  • Mantramugdha (translated from Assamese)
  • Fim Appreciation (Translated from Assamese by Dr Dipsikha Bhagabati)
  • The Last Signature of Mozart (Translated from Assamese by Prodyut Kumar Deka)
  • Decoding Films (to be released on 31st July 2025)

সম্পাদনা

[সম্পাদনা কৰক]
  • চলচ্চিত্ৰ কথা
  • এখন স্বচ্ছ মুখেৰে (নৱকান্ত বৰুৱাৰ কবিতা সংকলন)
  • নৱকান্ত বৰুৱাৰ উপন্যাস সমগ্ৰ
  • শতিকাৰ শ্ৰেষ্ঠ প্ৰেমৰ গল্প
  • ছয় দশকৰ গদ্য
  • সম্পাদকৰ কোঠালিত (ভবেন্দ্ৰনাথ শইকীয়াৰ ব্যংগমূলক ৰচনা)
  • নোবেল বঁটা বিজয়ী লেখকৰ গল্প
  • আমাৰ চিনাকি তচদ্দুক
  • অনিৰ্বাণ (চিত্ৰনাট্য)
  • কালসন্ধ্যা (চিত্ৰনাট্য)
  • অগ্নিস্নান (চিত্ৰনাট্য)
  • কোলাহল (চিত্ৰনাট্য)
  • আৱৰ্তন (চিত্ৰনাট্য)
  • ইতিহাস (চিত্ৰনাট্য)
  • সন্ধ্যাৰাগ (চিত্ৰনাট্য)
  • গাঞ্জে ফাৰিষ্টে
  • চলচ্চিত্ৰ - সময় - সমাজ - নন্দনতত্ত্ব
  • টুগলক এণ্ড নাগমণ্ডল - গিৰীশ কাৰ্নাডৰ নাটক
  • মাত্ৰ এটা স্পৰ্শতেই বৰষুণ দিয়া মেঘ - কে সচ্চিদানন্দনৰ কবিতাৰ অনুবাদ
  • দা আৰ্ট অফ ৱাৰ
  • দুৰ্যোধন
  • হেৰাই যোৱা বস্তুবোৰ - কে সচ্চিদানন্দনৰ সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কাব্যগ্ৰন্থৰ অনুবাদ
  • আইলৈ চিঠি৷ নৰেন্দ্ৰ মোডীৰ কাব্যগ্ৰন্থৰ অনুবাদ

অন্যান্য

[সম্পাদনা কৰক]
  • গডমাদাৰ - হেঙুল থিয়েটাৰৰ দ্বাৰা মঞ্চস্থ হৈছিল
  • কাঞ্চন - হেঙুল থিয়েটাৰৰ দ্বাৰা মঞ্চস্থ হৈছিল আৰু একে লেথাৰিয়ে দুবছৰ মঞ্চস্থ হৈছিল
  • নাইট অফ ১৬ জানুৱাৰী- ঐকতান গোষ্ঠীৰ দ্বাৰা সঞ্জীব হাজৰিকাৰ পৰিচালনাত ৰবীন্দ্ৰ ভৱনত একে লেথাৰিয়ে পাঁচটা সন্ধ্যাত মঞ্চস্থ হৈছিল|পাচত বিশ্ব নাট্য দিবসত দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰাও নাটখন প্ৰচাৰ কৰা হৈছিল

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]
  • ৰেডিঅ' প্ৰডাকচনৰ বাবে ৰাপা (RAPA) বঁটা
  • সাংস্কৃতিক সাংবাদিকতাৰ বাবে মুনলাইট মিডিয়া বঁটা
  • চলচ্চিত্ৰ সমালোচনাৰ বাবে জ্যোতিৰূপা বঁটা
  • চলচ্চিত্ৰ সমালোচনাৰ বাবে জ্যোতিৰূপা নিৰোদ চৌধুৰী বঁটা
  • ৰেডিঅ' প্ৰডাক্টচনৰ বাবে লাডলী মেডিয়া বঁটা
  • বাইলেন টু ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ
  • বহুবৃত্ত ছবিৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ
  • চলচ্চিত্ৰৰ ৰসাস্বাদান গ্ৰন্থৰ বাবে ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ সন্মান লাভ

তথ্য উৎস

[সম্পাদনা কৰক]